গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ঃ বৰ্ষান্ত সমীক্ষা, ২০২৪

Posted On: 30 DEC 2024 7:15PM by PIB Guwahati

দেশবাসীৰ বাবে ন্যায়ৰ সহজ সুবিধা সুনিশ্চিত কৰাৰ বাবে আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা ধৰণে এখন সুৰক্ষিত আৰু নিৰাপদ ভাৰত গঢ়ি তোলাৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আৰম্ভ কৰা ঐতিহাসিক সংস্কাৰৰ বছৰ আছিল ২০২৪ বৰ্ষ। এই দিশত গৃহ মন্ত্ৰালয়ে কেইবাটাও পৰিৱৰ্তনশীল সিদ্ধান্ত গ্ৰহণ কৰিছিল যিয়ে বহু বৈপ্লৱিক সংস্কাৰৰ পথ প্ৰশস্ত কৰিছিল আৰু ভাৰতৰ সংবিধানত সন্নিৱিষ্ট নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা লাভ কৰিছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দাসত্বৰ অৱশিষ্ট শেষ কৰাৰ আহ্বান আগবঢ়াই লৈ গৃহ মন্ত্ৰালয়ে ঔপনিৱেশিক যুগত ব্ৰিটিছ সংসদে প্ৰণয়ন কৰা ভাৰতীয় দণ্ডবিধি, অপৰাধমূলক প্ৰক্ৰিয়া সংহিতা আৰু ভাৰতীয় সাক্ষ্য আইন সংশোধন কৰি ক্ৰমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম প্ৰণয়ন কৰাৰ সিদ্ধান্ত লয়। দেশত প্ৰস্তুত কৰা নতুন অপৰাধমূলক আইনসমূহ প্ৰাচীন ভাৰতীয় ন্যায়িক দৰ্শনৰ পৰা অনুপ্ৰাণিত। এই আইনসমূহৰ জৰিয়তে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে অপৰাধমূলক ন্যায় ব্যৱস্থাৰ কেন্দ্ৰবিন্দুত ‘ন্যায়’ নিশ্চিত কৰা হৈছে। ২০২৪ চনৰ ১ জুলাইৰ পৰা এই নতুন আইন কেইখন কাৰ্যকৰী হয়।

কেৱল ইমানেই নহয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়েও নিৰাপত্তা বৃদ্ধি, মহিলাৰ অধিকাৰ বৃদ্ধি, অসুবিধাগ্ৰস্ত শ্ৰেণীক মূলসুঁতিলৈ অনা আৰু ভাৰতৰ মহানতাৰ নতুন যুগৰ যাত্ৰাক আগুৱাই নিয়াৰ বাবেও এক ধাৰাবাহিক পৰিৱৰ্তনমূলক পদক্ষেপ আৰম্ভ কৰে। এই এবছৰৰ ভিতৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে গ্ৰহণ কৰা নতুন পদক্ষেপসমূহ নিম্নোলিখিত ধৰণৰঃ-

  • ঐতিহাসিক আইনৰ জৰিয়তে নাগৰিকৰ সবলীকৰণ: ন্যায়, নাগৰিকত্ব আৰু সামাজিক সমতা
  • তিনিখন নতুন অপৰাধমূলক আইন (স্বাধীন ভাৰতৰ নতুন আইন)
  • তিনিখন নতুন অপৰাধমূলক আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম—২০২৪ চনৰ ১ জুলাইৰ পৰা বলবৎ হয়। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে সংবাদমেলত নতুন আইনসমূহৰ উপকাৰিতাৰ বিষয়ে বিশদভাৱে কয়।

(01st July, 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2030088)

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় আইনী ব্যৱস্থাৰ পৰা ঔপনিৱেশিকতাৰ সকলো লেখ-জোখ নিৰ্মূল কৰাৰ আহ্বানৰ পিছতে তিনিখন নতুন অপৰাধমূলক আইন প্ৰৱৰ্তন কৰা হয়। এই নতুন আইনসমূহ আমাৰ পৰম্পৰাগত ন্যায়িক দৰ্শনৰ শক্তিশালী স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়ত এই আইনখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰি জনসাধাৰণৰ বাবে উৎসৰ্গা কৰিছিল। ২০২৫ চনৰ ৩১ মাৰ্চৰ পূৰ্বে এই আইনসমূহ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবলৈ  প্ৰতিশ্ৰুতিবদ্ধ হয় হাৰিয়ানা। উত্তৰাখণ্ডকে ধৰি অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও এইবোৰ অতি সোনকালে সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিব।

নতুন আইনসমূহ ন্যায়মুখী আৰু ভুক্তভোগীকেন্দ্ৰিক। এই আইনসমূহত শাস্তি প্ৰদানৰ পৰিৱৰ্তে ন্যায়ক অগ্ৰাধিকাৰ দিয়া হৈছে। এই আইনসমূহে ক্ষিপ্ৰ বিচাৰ আৰু ন্যায় নিশ্চিত কৰে। এই আইনসমূহ অনাগত দিনত বিশ্বৰ অন্যতম বৃহৎ সংস্কাৰ হিচাপে প্ৰমাণিত হ’ব। ইয়াৰ ফলত দেশৰ অপৰাধমূলক ন্যায় ব্যৱস্থা বিশ্বৰ ভিতৰতে অত্যাধুনিক হৈ পৰিব আৰু দোষী সাব্যস্ত হোৱাৰ হাৰ যথেষ্ট বৃদ্ধি পাব।

নতুন আইনসমূহে মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ মোকাবিলাক অগ্ৰাধিকাৰ প্ৰদান কৰে। শিশু আৰু মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত নতুন অধ্যায় সংযোজন কৰি তেওঁলোকক অধিক সংবেদনশীল কৰি তোলা হৈছে।

নতুন আইনসমূহে ভুক্তভোগীৰ অধিকাৰ সুৰক্ষিত কৰাটোও নিশ্চিত কৰে। এই আইনসমূহে কেৱল প্ৰযুক্তিক আঁকোৱালি লোৱাই নহয়, ইয়াক এনেদৰে অন্তৰ্ভুক্ত কৰিছে যে অনাগত ৫০ বছৰলৈ মানৱ জাতিক প্ৰভাৱিত কৰাৰ সম্ভাৱনা থকা প্ৰযুক্তিগত পৰিৱৰ্তনৰ লগত খোজ মিলাব পাৰে।

এই আইনসমূহৰ নিৰৱচ্ছিন্ন ৰূপায়ণ নিশ্চিত কৰিবলৈ গৃহমন্ত্ৰীয়ে চণ্ডীগড়ত ই-প্ৰমাণ, ন্যায় সেতু, ন্যায় শ্ৰুতি আৰু ই-চামন এপ মুকলি কৰে।

 (04th August 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2041322)

  • ই-প্ৰমাণ, ই-চামন, ন্যায় সেতু আৰু ন্যায় শ্ৰুতি এপসমূহে সময়োপযোগী আৰু স্বচ্ছ ন্যায় প্ৰদানৰ ক্ষেত্ৰত আমাৰ অপৰাধমূলক ন্যায় ব্যৱস্থাৰ ফলপ্ৰসূতা বৃদ্ধি কৰিব। ই-এভিডেন্সৰ অধীনত ভিডিঅ’গ্ৰাফী, ফটোগ্ৰাফী আৰু সাক্ষ্য ই-এভিডেন্স চাৰ্ভাৰত সংৰক্ষণ কৰা হ’ব, যিটো আদালততো তৎক্ষণাত উপলব্ধ হ’ব।
  • ই-চামনৰ অধীনত আদালতৰ পৰা ইলেক্ট্ৰনিকভাৱে থানা আৰু সংশ্লিষ্ট ব্যক্তিলৈ চমন প্ৰেৰণ কৰা হ’ব। আৰক্ষী, চিকিৎসা, ফৰেনছিক, বিচাৰ আৰু জেল ন্যায় সেতু ডেচব’ৰ্ডত আন্তঃসংযোগী, যিয়ে তদন্ত সম্পৰ্কীয় সকলো তথ্য আৰক্ষীক এটা ক্লিকতে প্ৰদান কৰিব।
  • ন্যায় শ্ৰুতিৰ অধীনত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সাক্ষীৰ শুনানি নিশ্চিত কৰা হ’ব। ইয়াৰ ফলত সময় আৰু ধন ৰাহি হ’ব আৰু গোচৰবোৰো ক্ষীপ্ৰতাৰে সমাধান হ’ব।

কা (CAA)

  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে আমাৰ সংবিধান নিৰ্মাতাসকলৰ সপোন বাস্তৱায়িত কৰি নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিলে, যাৰ নিয়মসমূহ ২০২৪ চনৰ ১১ মাৰ্চত অধিসূচনা কৰা হয়। নাগৰিকত্ব সংশোধনী আইনখনে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ পৰা নিৰ্যাতিত সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদান কৰে।
  • নাগৰিকত্ব (সংশোধনী) অনিয়ম, ২০২৪ অধিসূচনা, কা অধিনিয়ম, ২০২৪ অধিসূচনাৰ পিছত প্ৰথম পৰ্যায়ৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

(15th May 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2020671)

 

জম্মু-কাশ্মীৰৰ বাবে সামাজিক সমতা

  • জম্মু-কাশ্মীৰত শান্তি প্ৰতিষ্ঠা কৰাটো মোদী চৰকাৰৰ অগ্ৰাধিকাৰ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দৃষ্টিভংগীৰ অধীনত জম্মু-কাশ্মীৰৰ শাসন ব্যৱস্থাকে ধৰি শান্তি, সমতা আৰু ন্যায়ক সমাজৰ বুকুত স্থান দিয়াৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে।
  • এই ব্যাপক পন্থাৰ অধীনত সংসদে সংবিধান (জম্মু-কাশ্মীৰ) অনুসূচিত জনজাতি আদেশ (সংশোধনী) বিধেয়ক, ২০২৪ গৃহীত কৰে, যিটো পাহাৰী জনগোষ্ঠী, পাদাৰী জনজাতি, কুলি আৰু গদ্দা ব্ৰাহ্মণক সবলীকৰণৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ বিধেয়ক।

(11th Feb 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2004918)

  • এই বিধেয়কখনে সংৰক্ষণৰ যোগ্য জনগোষ্ঠীক সংৰক্ষণৰ ব্যৱস্থা কৰি জম্মু-কাশ্মীৰৰ পাহাৰ আৰু উপত্যকাত সামাজিক সমতা নিশ্চিত কৰিছে।
  • এই বিধেয়কখনে জনসাধাৰণৰ মাজত আত্মীয়তা আৰু ঐক্যৰ নতুন আৰম্ভণি আনিছে।

দুৰ্যোগৰ সময়ত নাগৰিক সুৰক্ষাৰ প্ৰসাৰ

  • দুৰ্যোগৰ সময়ত শূন্য ক্ষতি      নিশ্চিত কৰাৰ বাবে এই অভিযানক গতি প্ৰদান কৰি লোকসভাই দুৰ্যোগ ব্যৱস্থাপনা (সংশোধনী) বিধেয়ক গৃহীত কৰে। এই আইনখনে সংশ্লিষ্ট শক্তিসমূহক অধিক ফলপ্ৰসূতাৰে দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ক্ষমতা প্ৰদান কৰে।

(12th Dec 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2083982)

  • বিধেয়কখনে দুৰ্যোগ ব্যৱস্থাপনাৰ দৃষ্টিভংগী প্ৰতিক্ৰিয়াশীলৰ পৰা সক্ৰিয়লৈ সলনি কৰে, প্ৰতিৰোধ, প্ৰশমন আৰু প্ৰস্তুতিৰ ওপৰত নৱীকৃত গুৰুত্ব প্ৰদান কৰে।
  • এই আইনখনে চৰকাৰক সংস্থাসমূহৰ মাজত নিৰৱচ্ছিন্ন সমন্বয়ক প্ৰসাৰিত কৰি সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰে দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাবলৈ সক্ষম কৰিব।
  • এই বিধেয়কখনে এনডিএমএ আৰু এছডিএমএক উন্নত প্ৰস্তুতিৰ সৈতে দ্ৰুত সঁহাৰিৰ প্ৰসাৰৰ বাবে এটা ডাটাবেছ সৃষ্টি কৰিবলৈ ক্ষমতা প্ৰদান কৰে।

শূন্য সন্ত্ৰাস, ১০০% অগ্ৰগতি: অন্তৰ্ভুক্তি, উন্নয়ন আৰু সতৰ্কতাৰ জৰিয়তে জম্মু-কাশ্মীৰক সবলীকৰণ

 

  • মোদী চৰকাৰে বহুমুখী দৃষ্টিভংগীৰে গঢ় দিছে সন্ত্ৰাসমুক্ত জম্মু-কাশ্মীৰ। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সন্ত্ৰাসবাদ আৰু ভাৰত বিৰোধী কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তি আৰু সংগঠনসমূহক নিষিদ্ধ কৰি  সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক যুদ্ধ চলাই থকা নিৰাপত্তা বাহিনীক শক্তিশালী কৰি তুলিছে।
  • বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ অভূতপূৰ্ব অংশগ্ৰহণে গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ পূৰ্ণ বিশ্বাস থকাটো প্ৰমাণ কৰে।
  • ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জম্মু-কাশ্মীৰত ৩৫ বছৰৰ সৰ্বোচ্চ ভোটদানৰ হাৰ ৫৮.৪৬% পঞ্জীয়ন কৰা হৈছিল।
  • ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত জম্মু-কাশ্মীৰত ভোটাৰৰ হাৰ ৬৩.৮৮%।
  • কেন্দ্ৰীয় চৰকাৰৰ নিৰন্তৰ আৰু সমন্বিত প্ৰচেষ্টাৰ বাবে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ পৰিৱেশ ব্যৱস্থা প্ৰায় শেষ হৈ গৈছে।
  • সংসদে সংবিধান (জম্মু-কাশ্মীৰ) অনুসূচিত জনজাতি আদেশ (সংশোধনী) বিধেয়ক, ২০২৪, পাহাৰী জনগোষ্ঠী, পাদাৰী জনজাতি, কুলি আৰু গদ্দা ব্ৰাহ্মণক এই দিশত ক্ষমতা প্ৰদানৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰে।
    • .

(11th Feb 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2004918)

  • জম্মু-কাশ্মীৰৰ অনুসূচিত জনজাতিসমূহৰ তালিকাত এই সম্প্ৰদায়সমূহ অন্তৰ্ভুক্ত কৰিলে বৰ্তমানৰ গুজ্জাৰ আৰু বাকেৰৱালৰ দৰে অনুসূচিত জনজাতি সম্প্ৰদায়ৰ বাবে উপলব্ধ সংৰক্ষণৰ বৰ্তমানৰ স্তৰত কোনো প্ৰভাৱ নপৰে। আগৰ দৰেই তেওঁলোকে সংৰক্ষণৰ সুবিধা লাভ কৰি যাব।
  • কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত নতুন দিল্লীত জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ সন্দৰ্ভতএখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

(16th June 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2025700)

  • কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত নতুন দিল্লীত জম্মু-কাশ্মীৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

(19th December 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2086245)

  • কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতিৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

(2nd January 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=1992514)

  • কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জম্মু সংমণ্ডলত কাশ্মীৰ উপত্যকাত লাভ কৰা সফলতাৰ প্ৰতিলিপি এৰিয়া ডমিনেচন প্লেন আৰু জিৰ’ টেৰ’ৰ প্লেনৰ জৰিয়তে সংস্থাসমূহক নিৰ্দেশ দিয়ে।
  • সন্ত্ৰাসবাদীক অভিনৱ পদ্ধতিৰে দমন কৰি আদৰ্শ দাঙি ধৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰ।
  • সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শূন্য সহনশীলতা নীতি অনুসৰি ‘সন্ত্রাসমুক্ত জম্মু-কাশ্মীৰ’ৰ লক্ষ্য অতি সোনকালে পূৰণ হ’ব৷
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে জম্মুত ই-বাছ সেৱা আৰম্ভ কৰি নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জম্মু-কাশ্মীৰ সংযুক্ত পৰীক্ষা-২০২৪ৰ বাবে এক হাজাৰৰো অধিক নিযুক্তি পত্ৰ আৰু অনুকম্পামুলক নিযুক্তি পত্ৰ বিতৰণ কৰে।
    • .

(25th January 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=1999556).

  • ১০০খন শীততাপ নিয়ন্ত্ৰিত ই-বাছৰ উদ্বোধন কৰা হৈছে, যাৰ ফলত পৰিবহণ ব্যৱস্থা সহজ হোৱাই নহয়, পৰিৱেশ সুৰক্ষাতো সহায়ক হ’ব।
  • কাশ্মীৰত অন্ত পৰিল ছুপাৰিশৰ যুগ; এতিয়া সকলো নিযুক্তি যোগ্যতাৰ ভিত্তিত কৰা হয়।
  • সন্ত্ৰাসবাদ, বোমা বিস্ফোৰণ, গুলীচালনা, শিলগুটি নিক্ষেপ আৰু আক্ৰমণৰ পৰিৱৰ্তে এতিয়া জম্মু-কাশ্মীৰত দেখা গৈছে শিক্ষা, কাৰিকৰী প্ৰতিষ্ঠান, উদ্যোগ আৰু আন্তঃগাঁথনি।

৩১ মাৰ্চ, ২০২৬ৰ পূৰ্বে মাওবাদ সম্পূৰ্ণৰূপে নিৰ্মূল: উন্নয়নৰ দিশত এক নিৰ্ণায়ক যুদ্ধ

২০২৪ চনত নিৰাপত্তা বাহিনীয়ে ২৮৭জন নক্সালবাদীক হত্যা কৰি ৯৯২জনক গ্ৰেপ্তাৰ কৰি মাওবাদ ৰোধ কৰাত অভূতপূৰ্ব সফলতা লাভ কৰে। নিহত নক্সালসকলৰ ভিতৰত ১৪জনেই আছিল পলিটব্যুৰোৰ। মাওবাদ প্ৰভাৱিত অঞ্চলত নক্সালবাদী হিংসাৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা চাৰি দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে ১০০ৰ তললৈ নামি আহিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৬ চনৰ ৩১ মাৰ্চৰ পূৰ্বে মাওবাদৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত ছত্তীশগড়ৰ ৰায়পুৰত মাওবাদৰ পৰিস্থিতিৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

 (21st January 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=1998439)

  • কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত ছত্তীশগড় আৰু চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে মাওবাদৰ ওপৰত এখন পৰ্যালোচনা বৈঠক আৰু আন্তঃৰাজ্যিক সমন্বয় বৈঠক অনুষ্ঠিত হয়।

(24th Aug 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2048587)

 

  • কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত ৰায়পুৰত এখন পৰ্যালোচনা বৈঠকত চত্তীশগড়ৰ মাওবাদৰ পৰিস্থিতিৰ মূল্যায়ন কৰা হয়।

(07th October 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2062905)

 

  • মাওবাদ আৰু হিংসাৰ ফলত ক্ষতিগ্ৰস্ত ভৌগোলিক দুয়োটা অঞ্চলতে যথেষ্ট হ্ৰাস পাইছে।
  • ৰাজ্যৰ আৰক্ষীয়ে বাকী থকা নিৰাপত্তাৰ ব্যৱধানসমূহ বন্ধ কৰিব লাগিব, বিস্তৃত তদন্ত নিশ্চিত কৰিব লাগিব, বিচাৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব আৰু নক্সালসকলৰ অৰ্থনৈতিক কাৰ্যকলাপ নাইকিয়া কৰিব লাগিব।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মাওবাদ প্ৰভাৱিত জিলাসমূহত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ অভিসৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
  • গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে তিনিওটা ফ্ৰণ্টতে – উন্নয়ন, বিচাৰ আৰু অভিযান – কৌশলেৰে মাওবাদৰ বিৰুদ্ধে সফল যুদ্ধ চলাই আছে।
  • মাওবাদ প্ৰভাৱিত ৰাজ্যসমূহত নিৰাপত্তাৰ ব্যয় প্ৰায় তিনিগুণ বৃদ্ধি পাই ৩,০০৬ কোটি টকা হৈছে।
  • কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীৰ নিজৰ বাসগৃহত ছত্তীশগড়ৰ পৰা নক্সাল হিংসাৰ বলি হোৱা লোকৰ সৈতে মত বিনিময় কৰে।

(20th September 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2056910)

  • নক্সালবাদ মানৱতা আৰু দেশৰ আভ্যন্তৰীণ নিৰাপত্তা দুয়োটাৰে প্ৰতি ভাবুকি।
  • মাওবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ছত্তীশগড় চৰকাৰে ৩ মাহৰ ভিতৰত এক ব্যাপক আঁচনি আনিব।
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে চত্তীশগড়ৰ জগদালপুৰত অনুষ্ঠিত হোৱা বাষ্টাৰ অলিম্পিকৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

(15th December 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2084648)

 

  • বাষ্টাৰ অলিম্পিক সমগ্ৰ অঞ্চলটোৰ বাবে আশাৰ প্ৰতীক হৈ উন্নয়নৰ এক নতুন অধ্যায়ৰ পথ প্ৰশস্ত কৰাৰ লগতে নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূলৰ বাবে এক শক্তিশালী ভেটি হিচাপে কাম কৰিব। যেতিয়া বাষ্টাৰৰ এগৰাকী ছোৱালীয়ে অলিম্পিকত পদক লাভ কৰিব তেতিয়া সমগ্ৰ বিশ্বলৈ বাৰ্তা যাব যে আগুৱাই যোৱাৰ পথ হিংসা নহয় কেৱল বিকাশহে।
  • বাস্তৰ সলনি হৈ আছে। ২০২৬ চনত যেতিয়া পুনৰ বাষ্টাৰ অলিম্পিকৰ আয়োজন কৰা হ’ব, তেতিয়া এই ক্ষেত্ৰত আচৰিত ধৰণৰ পৰিৱৰ্তন আহিব। এই খেলবোৰে ‘পৰিৱৰ্তন’ৰ পৰা ‘সম্পূৰ্ণ পৰিৱৰ্তন’লৈ পৰিৱৰ্তনৰ সূচনা কৰিছে।
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ জগদলপুৰত অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূলসুঁতিত যোগদান কৰা লোকসকলক সাক্ষাৎ কৰে।

 (15th December 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2084657)

 

  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নক্সাল প্ৰভাৱিত অঞ্চলত ১৫ হাজাৰৰো অধিক ঘৰ নিৰ্মাণত অনুমোদন জনাইছে।
  • নক্সাল প্ৰভাৱিত অঞ্চলত প্ৰতিটো পৰিয়ালক এটাকৈ গৰু বা ম’হ দি দুগ্ধ সমবায় আৰম্ভ কৰা হৈছে।
  • ছত্তীশগড় চৰকাৰে এক উৎকৃষ্ট আত্মসমৰ্পণ নীতি গ্ৰহণ কৰিছে, যিটো সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব আৰু অস্ত্ৰ ত্যাগ কৰা যুৱক-যুৱতীসকলক সমাজত পুনৰ সংস্থাপন কৰা হ’ব।
  • কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ জগদলপুৰৰ শ্বহীদ স্মৰাকত শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে নক্সাল হিংসাৰ বিৰুদ্ধে যুঁজি শ্বহীদ হোৱা জোৱান সকলৰ পৰিয়ালক সাক্ষাৎ কৰে।

(16th December 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2084865)

  • নক্সালবাদী হিংসাত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে বিজাপুৰৰ নিৰাপত্তা বাহিনীৰ ফৰৱাৰ্ড অপাৰেটিং বেছ গুণ্ডাম পৰিদৰ্শন কৰি বাহিনীসমূহৰ কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। ২০২৪ চনত নক্সালবাদৰ বিৰুদ্ধে অভূতপূৰ্ব সফলতা লাভ কৰাৰ বাবে জোৱানসকলক অভিনন্দন জনোৱাৰ লগতে একে উদ্যমেৰে নক্সালবাদৰ বিৰুদ্ধে যুঁজখন অব্যাহত ৰাখিবলৈ উৎসাহিত কৰে।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ছত্তীশগড়ৰ বিজাপুৰৰ নক্সাল প্ৰভাৱিত গুণ্ডাম গাঁৱত উপস্থিত হৈ বিদ্যালয়, উচিত মূল্যৰ দোকান আৰু ৰাজহুৱা চিকিৎসাৰ সুবিধাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰী শ্বাহে তাত বাস কৰা লোকসকলৰ সৈতেও মত বিনিময় কৰে। এসময়ত গুণ্ডাম গাঁওখনক নক্সালবাদীৰ দুৰ্গ বুলি গণ্য কৰা হৈছিল যদিও মোদী চৰকাৰে ইয়াক উন্নয়নৰ মূলসুঁতিত অন্তৰ্ভুক্ত কৰি তাত বিদ্যালয় খুলিলে, য’ত ছাত্ৰ-ছাত্ৰীয়ে গোৱা জাতীয় সংগীতৰ শব্দ শুনা যায়।

 

ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহনশীলতা: নাৰ্কো-টেৰৰ নেক্সাছ উৎখাত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ ড্ৰাগছমুক্ত ভাৰতৰ সপোনক আগুৱাই লৈ গৈ সংস্থাসমূহে দেশৰ ভিতৰতে সৰ্বাধিক ড্ৰাগছ জব্দ কৰাৰ ক্ষেত্ৰত এক বৃহৎ সফলতা লাভ কৰে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ড্ৰাগছ আৰু অপৰাধমূলকতাৰ ভাবুকি দূৰ কৰাৰ অভিযানত সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগীৰে আগবাঢ়িছে।

  • এনচিবি, নৌসেনা আৰু গুজৰাট আৰক্ষীৰ যৌথ অভিযানত ৩,১৩২ কেজি ড্ৰাগছ জব্দ কৰা হৈছে।
  • গুজৰাটত নিৰাপত্তা সংস্থাই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ চক্ৰ এটাক আটক কৰি ৭০০ কিলোগ্ৰামৰো অধিক নিষিদ্ধ মেথামফেটামাইন জব্দ কৰে। নতুন দিল্লীত এনচিবিয়ে জব্দ কৰে ৮২.৫৩ কেজি উচ্চ গ্ৰেডৰ কোকেইন।
  • দিল্লীৰ এটা কুৰিয়াৰ চেণ্টাৰত বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ পিছতে প্ৰায় ৯০০ কোটি টকাৰ এটা বিশাল ড্ৰাগছ চালান ধৰা পেলোৱা হয়।
  • জব্দ কৰা ড্ৰাগছ নিষ্কাশনৰ লক্ষ্য নিৰ্ধাৰণ কৰি ড্ৰাগছ গেঙলৈ তীব্ৰ বাৰ্তা প্ৰেৰণ কৰিছে গৃহ মন্ত্ৰালয়ে। ২০২৪ চনত গৃহ মন্ত্ৰালয়ৰ অধীনস্থ সংস্থাসমূহে ১,১৭,২৮৪ কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য ধ্বংস কৰিছিল।
  • ২০২৪ চনত গভীৰ সাগৰৰ পৰা মুঠ ৪১৩৪ কিলোগ্ৰাম নিচাজাতীয় দ্ৰব্য জব্দ কৰে সংস্থাসমূহে।
  • কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত ৰাষ্ট্ৰীয় মাদক দ্ৰব্য হেল্পলাইন  ‘মানস’ (MANAS) মুকলিকে ধৰি সপ্তম এন চি অ’ ডি উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ প্ৰদান কৰে।
  •  

(18th July 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2034137)

  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰ্চুৱেলি ৰায়পুৰত এনচিবিৰ খণ্ড একক কাৰ্যালয় উদ্বোধন কৰাৰ লগতে ছত্তীশগড়ত নিচাজাতীয় দ্ৰব্যৰ পৰিস্থিতিৰ সন্দৰ্ভতএখন পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে।

(18th July 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2034137)

 

  • ‘মানস’ত থাকিব টোল ফ্ৰী নম্বৰ ১৯৩৩, ৱেব পৰ্টেল, মোবাইল এপ আৰু উমংগ এপ যাতে দেশৰ নাগৰিকে নিজৰ পৰিচয় গোপনীয় কৰি এনচিবিৰ সৈতে ২৪x৭ সংযোগ স্থাপন কৰিব পাৰে আৰু নিচামুক্তকৰণকে ধৰি পুনৰ্বাসনৰ পৰামৰ্শ লাভ কৰিব পাৰে। লগতে আমি ড্ৰাগছ সৰবৰাহৰ তথ্যও শ্বেয়াৰ কৰিব পাৰো।
  • কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগী আৰু গাঁথনিগত, প্ৰতিষ্ঠানিক আৰু তথ্য সংস্কাৰৰ তিনিটা স্তম্ভৰ ভিত্তিত বিগত ৫ বছৰত এই যুদ্ধখন যুঁজিবলৈ চেষ্টা কৰিছে।
  • কেন্দ্রীয় চৰকাৰে প্রতিখন ৰাজ্যতে এনচিবিৰ কার্যালয় স্থাপন কৰি ৰাজ্য চৰকাৰৰ সহযোগত ড্ৰাগছৰ ব্যৱসায় নাইকিয়া কৰিব৷

দুৰ্যোগত শূন্য ক্ষতিঃ দুৰ্যোগ ব্যৱস্থাপনাৰ দিশত এক সক্ৰিয় পদ্ধতি

 

  • দুৰ্যোগত শূন্য ক্ষতিৰ দিশত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আগুৱাই লৈ গৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়াশীল পদ্ধতিৰ পৰিৱৰ্তে সক্ৰিয় পন্থা গ্ৰহণ কৰিছে।
    • লোকসভাত দুৰ্যোগ ব্যৱস্থাপনা (সংশোধনী) বিধেয়ক, ২০২৪ গৃহীত

(12th Dec 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2083982)

    • বিধেয়কখনে দুৰ্যোগ ব্যৱস্থাপনাৰ দৃষ্টিভংগীক প্ৰতিক্ৰিয়াশীলৰ পৰা সক্ৰিয়লৈ স্থানান্তৰিত কৰে আৰু প্ৰতিৰোধ, প্ৰশমন আৰু প্ৰস্তুতিত জোৰ দিয়ে।
    • এই আইনখনে চৰকাৰক সংস্থাসমূহৰ মাজত নিৰৱচ্ছিন্ন সহযোগিতা গঢ়ি তুলি সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগীৰে দুৰ্যোগ সাহসী হ’বলৈ সক্ষম কৰিব।
    • বিধেয়কখনে এনডিএমএ আৰু এছডিএমএক উন্নত প্ৰস্তুতি আৰু দ্ৰুততম সঁহাৰিৰ পোষকতা কৰিবলৈ ডাটাবেছ নিৰ্মাণৰ ক্ষমতা প্ৰদান কৰে।
    • বিধেয়কখনে ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতি আৰু উচ্চ পৰ্যায়ৰ সমিতিক ভয়াৱহ দুৰ্যোগৰ সময়ত সাহায্যৰ বাবে ধন অনুমোদন কৰাৰ ক্ষমতা প্ৰদান কৰে।
    • ২০২৪-২৫ চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে ১৬৫৬৬.০০ কোটি টকা। ইয়াৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ পৰা ১২খন ৰাজ্যলৈ কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে প্ৰদান কৰা হৈছে। এতিয়ালৈকে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা ১৮খন ৰাজ্যলৈ ৪৮০৮.৩২ কোটি টকা প্ৰদান কৰা হৈছে।
    • একেদৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজি (এছডিএমএফ)ৰ পৰা ১২খন ৰাজ্যলৈ কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে ১৬১০.৪৫৪ কোটি টকা আৰু ১২খন ৰাজ্যলৈ ১৬১০.৪৫৪ কোটি টকা প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা এতিয়ালৈকে ০৭খন ৰাজ্যলৈ ৬৪৬.৫৪৬ কোটি টকা প্ৰদান কৰা হৈছে ।
    • উচ্চ পৰ্যায়ৰ সমিতিখনে মুম্বাই, কলকাতা, বেংগালুৰু, হায়দৰাবাদ, আহমেদাবাদ, আৰু পুনেত নগৰীয়া বান ব্যৱস্থাপনাৰ বাবে ২৫১৪.৩৬ কোটি টকাৰ ছটা প্ৰকল্পত অনুমোদন জনায়।

(25th July 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2037164#:~:text=The%20High-Level%20Committee%20in,Bengaluru%2C%20Hyderabad%2C%20Ahmedabad%20andPune)

    • অসম, কৰ্ণাটক, আৰু তামিলনাডুৰ বাবে “ৰাজ্যসমূহত অগ্নিনিৰ্বাপক সেৱাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ”ৰ অধীনত ৮১০.৬৪ কোটি টকাৰ তিনিটা প্ৰকল্পতো সমিতিখনে অনুমোদন জনায়।
    •  বানপীড়িত অসম, মিজোৰাম, কেৰালা, ত্ৰিপুৰা, নাগালেণ্ড, গুজৰাট, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু মণিপুৰত ক্ষতিপূৰণৰ স্থানীয়ভাৱে মূল্যায়নৰ বাবে আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (আইএমচিটি) প্ৰতিনিধি।
    • কেন্দ্ৰীয় চৰকাৰে বানপীড়িত সকলো ৰাজ্যকে প্ৰয়োজনীয় এনডিআৰএফ দল, সেনাবাহিনীৰ দল, আৰু বায়ুসেনাৰ সহায় নিয়োগ কৰাকে ধৰি সকলো লজিষ্টিক সহায় আগবঢ়াইছে।
    • ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ)ৰ পৰা কেন্দ্ৰীয় অংশীদাৰিত্ব আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (এনডিআৰএফ)ৰ পৰা অগ্ৰিম ধন হিচাপে ১৪খন বানপীড়িত ৰাজ্যলৈ এমএইচএই ৫৮৫৮.৬০ কোটি টকা প্ৰদান কৰে।

(01st October 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2060802)

 

  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে ছত্তীশগড়, ওড়িশা আৰু পশ্চিমবংগৰ বাবে ‘ৰাজ্যসমূহত অগ্নি সেৱা সম্প্ৰসাৰণ আৰু আধুনিকীকৰণ’ৰ অধীনত ৭২৫.৬২ কোটি টকাৰ তিনিটা প্ৰকল্পত অনুমোদন জনায়।

(11th November 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2072386)

 

  • কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ কমিটীয়ে বিভিন্ন ৰাজ্যৰ বাবে দুৰ্যোগ প্ৰশমন আৰু সামৰ্থ্য বিকাশ প্ৰকল্পৰ বাবে ১১১৫.৬৭ কোটি টকা অনুমোদন জনায়।

(26th November 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=20772900)

 

  • ১৫খন ৰাজ্যত ১০০০ কোটি টকা ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় ভূমিস্খলনৰ ক্ষতিশংকা প্ৰশমন প্ৰকল্পত অনুমোদন উচ্চস্তৰীয় সমিতিৰ।
  • উত্তৰাখণ্ডৰ বাবে ১৩৯ কোটি, হিমাচল প্ৰদেশৰ বাবে ১৩৯ কোটি, উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বাবে ৩৭৮ কোটি, মহাৰাষ্ট্ৰৰ বাবে ১০০ কোটি, কৰ্ণাটকৰ বাবে ৭২ কোটি, কেৰালাৰ বাবে ৭২ কোটি, তামিলনাডু আৰু পশ্চিমবংগৰ বাবে ৫০ কোটিকৈ টকা অনুমোদন জনাইছে।
  • ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পুঁজিৰ অধীনত ১১৫.৬৭ কোটি টকা ব্যয় সাপেক্ষে প্ৰস্তুতি আৰু সামৰ্থ্য বিকাশৰ অধীনত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অসামৰিক প্ৰতিৰক্ষাৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ প্ৰস্তাৱকো উচ্চ পৰ্যায়ৰ সমিতিখনে অনুমোদন জনায়।
  • গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ‘ফেংগাল’ ঘূৰ্ণীবতাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা কেন্দ্ৰীয় অংশীদাৰিত্ব হিচাপে তামিলনাডু ৰাজ্য চৰকাৰক ৯৪৪.৮০ কোটি টকা মুকলি কৰিবলৈ অনুমোদন জনাইছে।

 

(6th December 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2081611)

 

উত্তৰ-পূবৰ মতানৈক্য সমাধানৰ বাবে চুক্তি স্বাক্ষৰিত

 

• মোদী চৰকাৰে অভূতপূৰ্ব সফলতাৰে উত্তৰ-পূৰ্বাঞ্চলত ঐক্যৰ দলং নিৰ্মাণৰ পথ গ্ৰহণ কৰি শান্তিৰ যুগৰ সূচনা কৰিছে।

 

• গৃহমন্ত্ৰীৰ উপস্থিতিত ভাৰত চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু খিলঞ্জীয়া প্ৰগতিশীল আঞ্চলিক মিত্ৰজোঁট/টিপ্ৰা আৰু অন্যান্য অংশীদাৰসকলৰ মাজত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়।

(2nd March 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2010880)

 

  • ভাৰত চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, এনএলএফটি আৰু এ টি টি এফৰ মাজত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

(4th Sep 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2051900)

 

    • মোদী চৰকাৰে বিভিন্ন গোটৰ সৈতে চুক্তি স্বাক্ষৰ কৰি শান্তিপূৰ্ণ উত্তৰ-পূব গঢ় দিছে।
  • শ্বিলঙৰত উত্তৰ-পূব পৰিষদৰ ৭১সংখ্যক পূৰ্ণাংগ বৈঠকত কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ।.

(19th Jan 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=1997838)

 

  • যিবোৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছে, সেইবোৰে দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সংঘাতৰ অন্ত পেলাব।
  • বিভিন্ন গোটৰ সৈতে চুক্তি স্বাক্ষৰ কৰি শান্তিপূৰ্ণ উত্তৰ-পূৰ্বাঞ্চল গঢ়ি তুলিছে মোদী চৰকাৰে।
  • ত্ৰিপুৰাৰ আগৰতলাত উত্তৰ-পূব পৰিষদৰ ৭২সংখ্যক বৈঠকত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰে।
  • দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ম্যানমাৰৰ সীমান্তৱৰ্তী ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জনগাঁথনি অক্ষুণ্ণ ৰাখিবলৈ ভাৰত আৰু ম্যানমাৰৰ মাজত মুক্ত সংঘাতৰ অন্ত পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে।

(8th Feb 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2003884#:~:text=Ministry%20of%20Home%20Affairs%20)

  • ত্ৰিপুৰাৰ আগৰতলাত উত্তৰ-পূব পৰিষদৰ ৭২সংখ্যক পূৰ্ণাংগ বৈঠকত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰে।

(21st Dec 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2086818)

 

  • মোদী চৰকাৰে ‘এক্ট ইষ্ট, এক্ট ফাষ্ট এণ্ড এক্ট ফাৰ্ষ্ট’ মন্ত্ৰক পালন কৰি আছে।
  • উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে আৰক্ষীৰ পন্থা, প্ৰশিক্ষণ আৰু মনোযোগ সলনি কৰাৰ, পুলিচিঙৰ সংস্কৃতি আৰু দিশ সলনি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।
  • উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিজন নাগৰিকে সাংবিধানিক অধিকাৰ, মৰ্যাদা আৰু নিৰাপত্তাৰ অধিকাৰ লাভ কৰাৰ সময় আহি পৰিছে, যি তিনিখন নতুন অপৰাধ আইনত সন্নিৱিষ্ট হৈ আছে।
  • উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ মোদী চৰকাৰে বিনিয়োগকাৰীক আকৰ্ষণ কৰি অঞ্চলটোৰ বাবে বিশ্বব্যাপী বজাৰ মুকলি কৰিছে।
  • কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ সভাপতিত্বত ত্ৰিপুৰাৰ আগৰতলাত উত্তৰ পূৰ্বাঞ্চল মহাকাশ প্ৰয়োগ কেন্দ্ৰ চমুকৈ নেছাক ছ’চাইটিৰ দ্বাদশ বৈঠক অনুষ্ঠিত হয়।

(21st Dec 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2086875)

 

  • উত্তৰ-পূবৰ ৰাজ্যসমূহত নেছাক ছ’চাইটিয়ে নিজৰ কামৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিব লাগে।
  • নেছাক ছ’চাইটিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ পৰা ১০০জনকৈ বিজ্ঞানৰ পটভূমি থকা ছাত্ৰ-ছাত্ৰীক ইছৰোৰ মুখ্য কাৰ্যালয়লৈ ভ্ৰমণলৈ লৈ যাব লাগে।
  • নেছাকৰ সহায়ত ২০টা জলপথ নিৰ্মাণ কৰা হৈছে আৰু ছ’চাইটিয়ে অধিক জলপথ নিৰ্মাণৰ সম্ভাৱনা অন্বেষণ কৰা উচিত।
  • উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ খনিজ, তেল আৰু কয়লাৰ মজুতসমূহৰ বিস্তৃত মেপিঙৰ প্ৰয়োজনীয়তা আহি পৰিছে, যিয়ে এই খনিজসমূহৰ বাবে লাভ কৰা ৰয়েল্টিৰ পৰা অৰ্থনৈতিকভাৱে লাভৱান হ’ব।
  • ভাৰত-ম্যানমাৰ সীমান্তত বিশেষকৈ নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ লোকৰ জনগাঁথনিগত তথ্য মেপিং কৰি সীমান্ত বেৰ দিয়া আৰু অনুপ্ৰৱেশ ৰোধ কৰাত সহায়ক হ’ব লাগে।
  • নেছাক ছ’চাইটিৰ কেন্দ্ৰবিন্দু মহাকাশ বিজ্ঞান ব্যৱহাৰ কৰি বনাঞ্চল উন্নয়ন হ’ব লাগে।
  • উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত মহাকাশ প্ৰযুক্তি সম্পৰ্কীয় নতুন পাঠ্যক্ৰম আৰম্ভ কৰিব লাগে।
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ব্ৰু-ৰিয়াং শৰণাৰ্থীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ ঘৰ পৰিদৰ্শন কৰি তেওঁলোকৰ বাবে নিৰ্মিত স্বাস্থ্য আৰু শিক্ষাৰ সুবিধাসমূহ পৰিদৰ্শন কৰে।

 

  • (22nd Dec 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2087010#:~:text=Shri%20Amit%20Shah%20interacted%20with,Chief%20Minister%20of%20Tripura%2C%20Prof)
  • জাতিগত সংঘাতৰ মাজতে দশক দশক ধৰি নিৰ্দয় হিংসাৰ বলি হৈ আহিছে ব্ৰু-ৰিয়াং সম্প্ৰদায়। শ্ৰী অমিত শ্বাহৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ে ২০২০ চনত শান্তি চুক্তি স্বাক্ষৰ কৰি হিংসাত্মক পৰিস্থিতিৰ অন্ত পেলাবলৈ স্বাক্ষৰ কৰি ৩৮,০০০ ব্ৰু-ৰিয়াং শৰণাৰ্থীক ১১টা কলনীত সুস্থ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধাৰে সজ্জিত কৰি সংস্থাপন কৰে।
  • সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিয়ে সফলতা প্ৰদান কৰিছে
  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে এখন সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তোলা। শ্ৰী অমিত শ্বাহৰ নেতৃত্বত গৃহ মন্ত্ৰালয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দৃষ্টিভংগীৰে এই লক্ষ্যত উপনীত হোৱাৰ দিশত আগবাঢ়িছে।
  • এই পন্থাৰ অংশ হিচাপে গৃহ মন্ত্ৰালয়ে হিজ-বুত তাহৰিৰক ইউএপিএৰ অধীনত সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰে। লগতে গোল্ডি ব্ৰাৰ আৰু কাছিম গুজ্জাৰক সন্ত্ৰাসবাদী ঘোষণা কৰা হয়।
  • ৯টা সংগঠনক অবৈধ সংগঠন বুলি ঘোষণা কৰা হয়।
  • ইলেক্ট্ৰনিকছ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেড, পাৰমাণৱিক শক্তি বিভাগ আৰু ডি আৰ ডি অ’ৰ দ্বাৰা থলুৱাভাৱে নিৰ্মিত দুটা ভিন্ন ৰেঞ্জৰ বিস্ফোৰক ডিটেক্টৰ ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাই নিৰাপত্তা বাহিনীৰ বাবে সঞ্চালক আই বিক গতাই দিয়ে।
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত নিৰাপত্তা আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ বিভিন্ন মুৰব্বীৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি দেশৰ নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বাবে দায়বদ্ধ আই বিৰ মাল্টি এজেন্সী চেণ্টাৰ (এমএচি)ৰ কাম-কাজ পৰ্যালোচনা কৰে।

(19th July 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2034467)

 

  • এমএচিৰ কাঠামোৰ প্ৰসাৰ আৰু প্ৰভাৱ বৃদ্ধিৰ বাবে এক বৃহৎ প্ৰযুক্তিগত আৰু কাৰ্য্যকৰী সংস্কাৰ কৰা হ’ব।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দেশখনে সন্মুখীন হোৱা উদীয়মান নিৰাপত্তাজনিত ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ সন্ত্ৰাসবাদী নেটৱৰ্ক আৰু ইয়াৰ সহায়ক পৰিৱেশ ব্যৱস্থা ভাঙি পেলোৱাৰ বাবে সকলো সংস্থাৰ মাজত অধিক সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত দুদিনীয়া সপ্তম ৰাষ্ট্ৰীয় সুৰক্ষা কৌশল সন্মিলন ২০২৪ উদ্বোধন কৰে।

(13th September 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2054743)

  • প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বাৰ্ষিক ডিজিপি/আইজিপি সন্মিলনৰ সময়ত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিবলৈ এনচিআৰবিয়ে প্ৰস্তুত কৰা ডিজিপি/আইজিএছপি সন্মিলনৰ পৰামৰ্শ ডেচব’ৰ্ড উন্মোচন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে।
  • ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ ‘ডিজিটেল ক্রিমিনেল কেছ মেনেজমেণ্ট চিষ্টেম (চি চি এম এছ)’ প্লেটফৰ্ম মুকলি কৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে।

 (14th March 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2014738)

 

  • নতুনকৈ নিৰ্মাণ কৰা চিচিএমএছৰ জৰিয়তে সন্ত্ৰাসবাদ আৰু সংগঠিত অপৰাধৰ গোচৰৰ বিৰুদ্ধে এনআইএক শক্তিশালী কৰা হ’ব।
  • চিচিএমএছে এনআইএৰ কাৰ্য্যকলাপত সমন্বয় উন্নত কৰিব, যাৰ ফলত ন্যায় ব্যৱস্থাৰ উন্নতি হ’ব।
  • তদুপৰি গৃহ মন্ত্ৰালয়ে ‘সংকলন’ নামৰ এটা মোবাইল এপ মুকলি কৰে, যিটো এনচিআৰবিৰ নতুন অপৰাধমূলক আইনসমূহৰ সংক্ষিপ্ত ৰূপ। ‘সংকলন’ হৈছে এনে এক গাইড যিয়ে পুৰণি আৰু নতুন আইনী বিধানসমূহৰ বিতংভাৱে তুলনা কৰিবলৈ সক্ষম কৰে।
  • নতুন দিল্লীত দুদিনীয়া ‘সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৪’ৰ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাষণ দিয়ে।

(07th November 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2071564)

 

  • ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা’ নীতি সমগ্ৰ বিশ্বই গ্ৰহণ কৰিছে।
  • সন্ত্ৰাসবাদৰ সমগ্ৰ ‘পৰিস্থিতিতন্ত্ৰ’ৰ বিৰুদ্ধে যুঁজিবলৈ গৃহ মন্ত্ৰালয়ে শীঘ্ৰে ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু কৌশল প্ৰণয়ন কৰিব।
  • সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক শক্তিশালী পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলা আৰু ইয়াক নিৰ্মূল কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
  • সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য ৰোধৰ বাবে ২৫ পইণ্টৰ সংহত পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল; জেহাদী সন্ত্ৰাসবাদৰ পৰা আৰম্ভ কৰি উত্তৰ-পূৰ্বাঞ্চলত হিংসা, মাওবাদ, নকল মুদ্ৰা আৰু নিচাজাতীয় দ্ৰব্য আদি বিষয়ত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে।
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধীনগৰত ‘৫০তম সৰ্বভাৰতীয় আৰক্ষী বিজ্ঞান সন্মিলন’ত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে।

 

(19th November 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2074684)

 

  • বিভিন্ন উপলব্ধ তথ্য ফলাফলমুখী আৰু অধিক ফলপ্ৰসূ কৰিবলৈ আৰক্ষী বিজ্ঞান সন্মিলনে এআই ব্যৱহাৰ কৰাটো প্ৰয়োজন।
  • আইন প্ৰয়োগকাৰী সংস্থাসমূহে পাঁচটা ক্ষেত্ৰত অপৰাধীতকৈ বহু আগবাঢ়ি থাকিব লাগিব – চাইবাৰ অপৰাধ, অনুপ্ৰৱেশ, অবৈধ ড্ৰ’ন প্ৰতিৰোধ, নিচাযুক্ত দ্ৰব্য আৰু ডাৰ্ক ৱেবৰ অপব্যৱহাৰ।
  • কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ওড়িশাৰ ভুৱনেশ্বৰত ৫৯ সংখ্যক ডিজিপি/আইজিপি সন্মিলন ২০২৪ উদ্বোধন কৰে।

 

(29th November 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2079248)

 

  • কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পূব সীমান্তত উদীয়মান নিৰাপত্তাজনিত প্ৰত্যাহ্বান, আন্দোলন আৰু নগৰীয়া পুলিচিঙৰ ধাৰাসমূহৰ ওপৰত গুৰুত্ব দিয়া উচিত।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে শূন্য সহনশীলতা নীতি ৰূপায়ণৰ বাবে শূন্য সহনশীলতা কৌশল আৰু শূন্য সহনশীলতা কাৰ্যৰ দিশত উদ্যোগ লোৱাৰ আহ্বান জনায়।
  • গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হোৱা চতুৰ্দশ সৰ্বভাৰতীয় গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সন্মিলনত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰে।

 (22nd October 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2067195)

 

  • মোদী চৰকাৰে কেইবাটাও নতুন পদক্ষেপকে ধৰি সময়োপযোগী পৰিৱৰ্তন সাধন কৰি গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা চনদক অধিক প্ৰাসংগিক আৰু উপযোগী কৰি তুলিব।
  • ভাৰতৰ নিৰাপত্তাঃ ডিজিটেল প্ৰতিৰক্ষা শক্তিশালী কৰা আৰু ফৰেনছিক বিশেষজ্ঞসকলক সবল কৰা
  • মোদী চৰকাৰে প্ৰযুক্তিৰ শক্তিৰে আইনী আৰু তদন্ত যন্ত্ৰৰ শক্তি বৃদ্ধি কৰি ভাৰত আৰু ইয়াৰ নাগৰিকক সুৰক্ষিত কৰি তুলিছে।
  • কেবিনেটে কেন্দ্ৰীয় আঁচনি “ৰাষ্ট্ৰীয় ফৰেনছিক আন্তঃগাঁথনি বৃদ্ধি আঁচনি” (N.F.l.E.S)ত অনুমোদন জনায়।

 (19th June 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2026705)

 

  • কেম্পাছ, পৰীক্ষাগাৰ আৰু আন্তঃগাঁথনি বৃদ্ধিৰ বাবে ২২৫৪.৪৩ কোটি টকাৰ আৰ্থিক ব্যয়।
  • ভাৰত চৰকাৰে প্ৰমাণৰ বৈজ্ঞানিক আৰু ফৰেনছিক পৰীক্ষাৰ ভিত্তিত এক ফলপ্ৰসূ আৰু কাৰ্যক্ষম অপৰাধমূলক ন্যায় ব্যৱস্থা স্থাপনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
  • দেশত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ চৌহদ স্থাপন।
  • দেশত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ স্থাপন।
  • এনএফএছইউৰ দিল্লী কেম্পাছৰ বৰ্তমানৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ।
  • এই আঁচনিখনে এক কাৰ্যক্ষম অপৰাধমূলক ন্যায় প্ৰক্ৰিয়াৰ বাবে প্ৰমাণৰ সময়মতে আৰু বৈজ্ঞানিক পৰীক্ষাত উচ্চমানৰ প্ৰশিক্ষিত ফৰেনছিক পেছাদাৰীসকলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। লগতে প্ৰযুক্তিৰ জৰিয়তে অপৰাধৰ ধাৰা আৰু পদ্ধতি বুজিবলৈ পদ্ধতি বিকশিত কৰে।
    • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাৰ্চুৱেলি উন্মোচন কৰে এন আই এৰ ডিজিটেল ক্রিমিনেল কেছ মেনেজমেণ্ট চিষ্টেম (চি চি এম এছ) প্লেটফৰ্ম।

(14th March 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2014738)

  • কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে চাইবাৰ জালিয়াতি প্ৰশমন কেন্দ্ৰ (চিএফএমচি)ৰ লগতে সমন্বয় প্লেটফৰ্ম (যৌথ চাইবাৰ অপৰাধ অনুসন্ধান সুবিধা ব্যৱস্থা), ‘চাইবাৰ কমাণ্ডো’ কাৰ্যসূচী আৰু সন্দেহযুক্ত পঞ্জীয়নৰো শুভাৰম্ভ কৰে।

(10th Sept 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2053438)

 

  • ডিজিটেল অপৰাধমূলক গোচৰ ব্যৱস্থাপনা ব্যৱস্থা (চিচিএমএছ)ত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰধান বেংক, বিত্তীয় মধ্যস্থতাকাৰী, পেমেণ্ট এগ্ৰিগেটৰ, টেলিকম সেৱা প্ৰদানকাৰী, আইটি মধ্যস্থতাকাৰী আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতিনিধি থাকে। এই সকলো অংশীদাৰে অনলাইন বিত্তীয় অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ তাৎক্ষণিক ব্যৱস্থা আৰু নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে একেলগে কাম কৰিব।
  • সমনৱে হৈছে এটা ডাটা ৰিপজিটৰী প্লেটফৰ্ম যিয়ে ডাটা শ্বেয়াৰিং আৰু বিশ্লেষণ সক্ষম কৰে।
  • দেশৰ চাইবাৰ নিৰাপত্তাৰ পৰিৱেশৰ প্ৰতি ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থা (চিপিঅ’)ত ৫ হাজাৰ ‘চাইবাৰ কমাণ্ডো’ৰ সেনাবাহিনী গঠন কৰা হ’ব।
  • বিত্তীয় পৰিস্থিতিতন্ত্ৰৰ জালিয়াতিৰ ক্ষতিশংকা ব্যৱস্থাপনা ক্ষমতা শক্তিশালী কৰাৰ বাবে বেংক আৰু বিত্তীয় মধ্যস্থতাকাৰীৰ সহযোগত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেল (এনচিআৰপি)ৰ ভিত্তিত বিভিন্ন চিনাক্তকৰ্তাৰ সন্দেহযুক্ত পঞ্জীয়ন গঠন কৰা হৈছে।
  • মন কী বাতৰ জৰিয়তে দেশৰ আগত দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মানুহক ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ ভাবুকি দি প্ৰৱঞ্চনাৰ বিপদৰ বিষয়ে সমাজখনক সজাগ কৰি তুলিছিল।
  • (27th Oct 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2068698)
  • এই প্ৰৱঞ্চকসকলৰ মোডাছ অপাৰেণ্ডি হৈছে আৰক্ষী, চিবিআই, নিচাযুক্ত দ্ৰব্য বিৰোধী বা আৰবিআইৰ বিষয়াৰ ৰূপ লৈ ভিডিঅ’ কলৰ জৰিয়তে নিৰীহ নাগৰিকক ভাবুকি দিয়া।
  • মোদীজীয়ে এনে প্ৰৱঞ্চনা ৰোধৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে নাগৰিকসকলক অৱগত কৰি কোনো চৰকাৰী সংস্থাই ফোন বা ভিডিঅ’ কলৰ জৰিয়তে তদন্ত নকৰে বুলি সোঁৱৰাই দিয়ে।
  • এই প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ মোদী জীয়ে ‘ৰ’বা, চিন্তা কৰা আৰু কাম কৰা’ মন্ত্ৰ দি তৎক্ষণাত ১৯৩০নম্বৰ হেল্পলাইন বা https://cybercrime.gov.in ত কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনায়। মোদী চৰকাৰে চাইবাৰ নিৰাপদ ভাৰত গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
  • গুজৰাটৰ গান্ধীনগৰত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ (এনএফএছইউ) পঞ্চম আন্তঃৰাষ্ট্ৰীয় আৰু ৪৪সংখ্যক সৰ্বভাৰতীয় অপৰাধ বিজ্ঞান সন্মিলনত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভাষণ প্ৰদান কৰে।
  • (23rd January 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=1998860)
  •  
  • যোৱা ১০ বছৰত চৰকাৰে ৫০টাতকৈও অধিক পথ প্ৰদৰ্শক কাম হাতত লৈছে।
  • নতুন আইনত প্ৰযুক্তিৰ ব্যৱহাৰৰ লগে লগে এতিয়া ন্যায় উপলব্ধ, সহজ আৰু সুলভ হ’ব।
  • আগন্তুক বছৰত সমগ্ৰ দেশতে আৰু ৯টা এন এফ এছ ইউ কেম্পাছ মুকলি কৰা হ’ব।

বিকাশ ভী বিৰাছত ভী

  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক এক অনন্য শাসন আৰ্হি প্ৰদান কৰিছে, য’ত উন্নয়ন আৰু দেশৰ গৌৰৱময় ঐতিহ্যৰ ভৱিষ্যৎ একেলগে আগবাঢ়িছে। উন্নয়ন আৰু ঐতিহ্যক সমান অগ্ৰাধিকাৰ দি এই দৃষ্টিভংগীক আগুৱাই নিয়াত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখযোগ্য কাম কৰিছে।
  • এই দিশত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী প’ৰ্ট ব্লেয়াৰৰ নাম “শ্ৰী বিজয়াপুৰম” বুলি ঐতিহাসিক সিদ্ধান্ত ঘোষণা কৰে।

(13th Sept 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2054647)

 

  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০সংখ্যক জয়ন্তী উপলক্ষে ২০২৪ চনৰ পৰা ২০২৬ চনলৈ দেশজোৰা দুবছৰীয়া উদযাপনৰ আয়োজন কৰিছে। চৰ্দাৰ পেটেলৰ অপৰিসীম অৱদানক সন্মান জনোৱাৰ লগতে তেওঁৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

(23rd Oct 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2067316)

 

  • প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবল (জি ডি) নিযুক্তিৰ পৰীক্ষা হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হয়।
  • (11th Feb 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2004935)

মহিলা সবলীকৰণ: সুৰক্ষা, সন্মান আৰু মৰ্যাদা

  • মোদী চৰকাৰে মহিলাৰ সুৰক্ষাক অগ্ৰাধিকাৰৰ শীৰ্ষত ৰাখিছে। চৰকাৰৰ দৃঢ় বিশ্বাস যে মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাটো কেৱল ভাৰতৰ সভ্যতামূলক দায়বদ্ধতা নহয়, ই এক প্ৰগতিৰ পথো।
  • এই নীতিৰ অধীনত মোদী চৰকাৰে চিআইএছএফৰ প্ৰথমটো সৰ্বমহিলা বেটেলিয়ন প্ৰতিষ্ঠা কৰিবলৈ অনুমোদন জনায়।

13th Nov 2024 https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2072993)

 

  • ‘মহিলাৰ সুৰক্ষা’ৰ সৈতে জড়িত আম্পেলা আঁচনিৰ ৰূপায়ণ অব্যাহত ৰখাৰ বাবে গৃহ মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। ২০২১-২২ চনৰ পৰা ২০২৫-২৬ চনৰ ভিতৰত এই আঁচনিৰ বাবে মুঠ ১,১৭৯.৭২ কোটি টকা ব্যয় কৰা হ’ব।
  • (21st Feb 2024, https://pib.gov.in/PressReleaseIframePage.aspx?PRID=2007872)

 

মুঠ ১১৭৯.৭২ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ ভিতৰত ৮৮৫.৪৯ কোটি টকা কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বাজেটৰ পৰা প্ৰদান কৰাৰ বিপৰীতে ২৯৪.২৩ কোটি টকা নিৰ্ভয়া পুঁজিৰ পৰা প্ৰদান কৰিব।

নিৰাপদ সীমান্ত, সুৰক্ষিত ভাৰত

  • মোদী চৰকাৰৰ পথ প্ৰদৰ্শক নীতি হ’ল নিৰাপদ সীমা নিৰাপদ দেশৰ বাবে প্ৰথম চৰ্ত।
  • গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰত আৰু ম্যানমাৰৰ মাজত চলি থকা মুক্ত সংঘাতৰ অন্ত পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে ম্যানমাৰৰ সীমান্তৱৰ্তী উত্তৰ-পূবৰ ৰাজ্যসমূহৰ জনগাঁথনি অটুট ৰখাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পশ্চিমবংগৰ পেট্ৰাপোলত ভাৰতীয় ভূমি বন্দৰ কৰ্তৃপক্ষই ৪৮৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা যাত্ৰী টাৰ্মিনেল ভৱন আৰু মৈত্ৰী দ্বাৰ উদ্বোধন কৰে।

(27th October 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2068695)

 

  • কেন্দ্রীয় চৰকাৰে কেৱল সীমান্ত নিৰাপত্তাৰ কাম কৰাই নহয় উন্নয়নৰ লগত সংযোগ কৰিবলৈও চেষ্টা কৰিছে৷

ক্ষমতাশালী লাডাখঃ নতুন জিলা সৃষ্টি, শাসন ব্যৱস্থা শক্তিশালী কৰা

  • গৃহ মন্ত্ৰালয়ে লাডাখক সমৃদ্ধিশালী আৰু উন্নত কৰি তোলাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক মনত ৰাখি কেন্দ্ৰীয় শাসিত অঞ্চলত ৫খন নতুন জিলা প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • জানস্কাৰ, দ্ৰাছ, ছাম, নুব্ৰা আৰু চাংথাং আদি নতুন জিলাই জনসাধাৰণৰ উপকাৰৰ বাবে চুক-কোণে শাসন ব্যৱস্থা শক্তিশালী কৰিব, উন্নয়নৰ প্ৰত্যক্ষ প্ৰৱেশ সুনিশ্চিত কৰিব।
  • এতিয়া লেহ আৰু কাৰ্গিলকে ধৰি লাডাখৰ মুঠ ৭খন জিলা হ’ব। অত্যন্ত কঠিন ভূখণ্ডৰ বাবে জিলা প্ৰশাসন বৰ্তমান ভূমিস্তৰত উপনীত হোৱাৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হৈছে।
  • এই জিলাসমূহ গঠন হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰ আৰু লাডাখ প্ৰশাসনৰ সকলো জনকল্যাণমূলক আঁচনি ৰাইজৰ কাষ চাপিব পাৰিব আৰু অধিক সংখ্যক লোকে এই আঁচনিৰ সুবিধা ল’ব পাৰিব।
  • চিএপিএফএছঃ নিৰাপত্তা বাহিনীৰ আন্তঃগাঁথনিক অগ্ৰাধিকাৰ দিয়া হৈছে
  • মোদী চৰকাৰে চিআইএছএফৰ প্ৰথমটো সৰ্বমহিলা বেটেলিয়ন স্থাপনৰ বাবে অনুমোদন জনায়।
  • কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (CAPFIMS)ক অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ), নতুন দিল্লীৰ চৌহদ হিচাপে পৰিচালনাৰ বাবে CAPFIMS আৰু AIIMSৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়।
  • ২০২৪ চনৰ ১৫ নৱেম্বৰৰ ভিতৰত চিএপিএফৰ জোৱানসকলে ৬ কোটিতকৈ অধিক গছপুলি ৰোপণ কৰিছে।
  • প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবল নিযুক্তিৰ বাবে কনিষ্টবল (জিডি) পৰীক্ষা হিন্দী আৰু ইংৰাজীৰ উপৰিও ১৩টা আঞ্চলিক ভাষাত অনুষ্ঠিত হয়।

(11th February 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2004935)

  • ২০২৪ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চৰ ভিতৰত দেশৰ ১২৮খন চহৰত প্ৰায় ৪৮ লাখ পৰীক্ষাৰ্থীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হৈছিল।
  • ২০৯১ কোটি টকা ব্যয়ৰে প্ৰতিষ্ঠিত CAPFIMS হৈছে ৯৭০ বিছনাযুক্ত ৰেফাৰেল এণ্ড ৰিচাৰ্চ হাস্পতাল, ৫০০ বিছনাযুক্ত জেনেৰেল হাস্পতাল, ৩০০ বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু ১৭০ আইচিইউ/ ক্ৰিটিকেল কেয়াৰ বেড।
  • কল্যাণমূলক ব্যৱস্থা হিচাপে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কেন্দ্ৰীয় আৰক্ষী কল্যাণ ষ্ট’ৰৰ পৰা ক্ৰয়ৰ ক্ষেত্ৰত জি এছ টিৰ ৫০% আৰ্থিক সহায় আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিটো ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।

(13th march 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2014368)

 

  • এই সিদ্ধান্ত চিএপিএফ, কেন্দ্ৰীয় আৰক্ষী সংগঠন, ৰাজ্যিক আৰক্ষী বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ সেৱাত থকা আৰু অৱসৰপ্ৰাপ্ত কৰ্মীসকলৰ উপকাৰৰ বাবে গ্ৰহণ কৰা হৈছে।

অন্যান্য গুৰুত্বপূৰ্ণ পদক্ষেপ

  • দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-৩ত ‘ফাষ্ট ট্ৰেক ইমিগ্ৰেচন – ট্ৰাষ্টেড ট্ৰেভেলাৰ প্ৰগ্ৰেম’ উদ্বোধন কৰে কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে।
  • (22nd June 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2027936)
  • ট্ৰাষ্টেড ট্ৰেভেলাৰ প্ৰগ্ৰেম (এফটিআই-টিটিপি) ভাৰত চৰকাৰৰ এক দূৰদৰ্শী পদক্ষেপ, যিয়ে ভাৰতীয় নাগৰিক আৰু অন্য দেশৰ পৰা অহা অ’চিআই ভ্ৰমণকাৰীসকলক অধিক সুবিধা প্ৰদান কৰিব।
  • এফটিআই-টিটিপিৰ পদক্ষেপে ভ্ৰমণৰ সুবিধা আৰু দক্ষতা বৃদ্ধিৰ দিশত কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
  • দেশৰ ২১টা ডাঙৰ বিমানবন্দৰত মুকলি কৰা হ’ব এফটিআই-টিটিপি। প্ৰথম পৰ্যায়ত ইয়াক দিল্লী বিমানবন্দৰৰ লগতে মুম্বাই, চেন্নাই, কলকাতা, বেংগালুৰু, হায়দৰাবাদ, কোচি আৰু আহমেদাবাদৰ দৰে ৭টা ডাঙৰ বিমানবন্দৰত কাৰ্যকৰী কৰা হ’ব।
  • প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে প্ৰতি বছৰে ২৫ জুন তাৰিখক ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে।

(12th July 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2032795)

 

  • ‘সংবিধান হত্যা দিৱস’ৰ লক্ষ্য হৈছে গণতন্ত্ৰক ৰক্ষা কৰা আৰু প্ৰতিজন ভাৰতীয়ৰ মাজত ব্যক্তিগত স্বাধীনতাৰ শিখা জীয়াই ৰখা।
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহক সৰ্বসন্মতিক্ৰমে পুনৰ সংসদৰ চৰকাৰী ভাষা সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়।

(9th September 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2053252)

 

  • কোনো ভাৰতীয় ভাষাৰ লগত প্ৰতিদ্বন্দ্বিতা নকৰাকৈ আমি হিন্দীৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰা উচিত।
  • কেন্দ্ৰীয় চৰকাৰে হিন্দীত বিভিন্ন ভাষাৰ শব্দ সন্নিৱিষ্ট কৰি ইয়াক অধিক চহকী আৰু অধিক নমনীয় কৰি তুলিছে।
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে হিন্দীক চৰকাৰী ভাষা হিচাপে হীৰক জয়ন্তী উদযাপন আৰু নতুন দিল্লীত অনুষ্ঠিত চতুৰ্থ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলনত ভাষণ দিয়ে।

(14th September 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2054956)

  • হিন্দী দিৱসৰ লক্ষ্য হৈছে চৰকাৰী ভাষাক যোগাযোগ, মানুহ আৰু প্ৰযুক্তিৰ ভাষা হিচাপে গঢ়ি তোলা আৰু ইয়াক আন্তঃৰাষ্ট্ৰীয় ভাষা হিচাপে প্ৰচাৰ কৰা।
  • নতুন শিক্ষা নীতিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাতৃভাষাৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
  • অনাগত বছৰবোৰত ভাৰতীয় ভাষা শাখাই সকলো ভাৰতীয় ভাষা সংৰক্ষণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।
  • সকলো ভাৰতীয় ভাষাক শক্তিশালী কৰি হিন্দীৰ লগত ইয়াৰ পাৰস্পৰিক সামঞ্জস্যতা প্ৰতিষ্ঠা নকৰাকৈ চৰকাৰী ভাষাক প্ৰচাৰ কৰিব নোৱাৰি।
  • কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীৰ লোকপিয়ল ভৱনত চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে নাগৰিক পঞ্জীয়ন ব্যৱস্থা (চি আৰ এছ) মোবাইল এপ মুকলি কৰে।

(29th October 2024, https://pib.gov.in/PressReleasePage.aspx?PRID=2069328)

 

  • জাতীয় স্বাৰ্থৰ বাবে সংগ্ৰাম আৰু ত্যাগৰ প্ৰতীক চৰ্দাৰ পেটেলৰ এই প্ৰতিমূৰ্তিই দেশত গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰাৰ প্ৰতি তেওঁৰ অদম্য নিষ্ঠাৰ সাক্ষ্য হিচাপে সকলোকে অনুপ্ৰাণিত কৰি যাব।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়া দৃষ্টিভংগীৰ অধীনত নাগৰিক পঞ্জীয়ন ব্যৱস্থা (চি আৰ এছ) মোবাইল এপ্লিকেচন মুকলি কৰাটো শাসন ব্যৱস্থাৰ সৈতে প্ৰযুক্তিক একত্ৰিত কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ।
  • এই আবেদনৰ জৰিয়তে নাগৰিকে যিকোনো ঠাইৰ পৰাই নিজৰ ৰাজ্যৰ চৰকাৰী ভাষাত জন্ম-মৃত্যুৰ পঞ্জীয়ন কৰিব পাৰিব, যাৰ ফলত পঞ্জীয়নৰ বাবে লোৱা সময় বহু পৰিমাণে হ্ৰাস পাব।

 

*****

RK/VV/ASH/RR/PR/PS/DB


(Release ID: 2090370) Visitor Counter : 7