PIB Headquarters
ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
17 JUN 2020 6:45PM by PIB Guwahati
(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা শেহতীয়া তথ্যসমূহঃ আৰোগ্যৰ হাৰ বৃদ্ধি হৈছে ৫২.৮০%লৈ
বিগত ২৪ ঘণ্টাত ৬৯২২ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত মুঠ ১,৮৬,৯৩৪ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ ৫২.৮০%লৈ বৃদ্ধি পাইছে৷ শেহতীয়াকৈ ১,৫৫,২২৭ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷ বিগত ২৪ ঘণ্টাত ১,৬৩,১৮৭ টা নমুনা পৰীক্ষা কৰা হৈছে৷ মুঠ ৬০,৮৪,২৫৬টা নমুনা পৰীক্ষা কৰা হৈছে৷
অধিক বিৱৰণৰ বাবে
আনলক ১.০ৰ পিছৰ পৰ্যায়ৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিতীয় পৰ্যায়ৰ বৈঠক
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়াৰ বৈঠকৰ দ্বিতীয়টো ভাগত অংশগ্ৰহণ কৰে৷ ভিডিঅ’ কনফাৰেন্সযোগে হোৱা এই বৈঠকত আনলক ১.০ৰ পিছৰ পৰ্যায়ৰ পৰিকল্পনা আৰু ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰা হয়৷
অধিক বিৱৰণৰ বাবে
মুখ্যমন্ত্ৰীসকলৰ সৈতে অনুষ্ঠিত হোৱা ভাৰ্চুৱেল সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
অধিক বিৱৰণৰ বাবে
কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত দিল্লীৰ সকলো চিকিৎসালয়ে ক’ভিড-১৯ত মৃত্যু হোৱা ব্যক্তিসকলৰ অন্ত্যেষ্টিক্ৰিয়া শীঘ্ৰে সম্পন্ন কৰাৰ দিশত অগ্ৰসৰ হৈছে
কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত দিল্লীৰ কেন্দ্ৰীয়, ৰাজ্যিক আৰু ব্যক্তিগত খণ্ডকে ধৰি সকলো চিকিৎসালয়ে ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱাৰ লোকৰ অন্ত্যেষ্টিক্ৰিয়া দ্ৰুত গতিত সম্পন্ন কৰাৰ দিশত অগ্ৰসৰ হৈছে৷
অধিক বিৱৰণৰ বাবে
ভাৰতীয় ৰে’লৱেয়ে ৫ খন ৰাজ্যলৈ ৯৬০ ক’ভিড কেয়াৰ দবা আৱণ্টিত কৰিছে
ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখি ভাৰতীয় ৰে’লেৱেয়ে ৰাজ্য চৰকাৰসমূহৰ স্বাস্থ্য সেৱাখণ্ডৰ সকলো ধৰণৰ প্ৰয়াসত হাত উজান দিছে৷ ভাৰতীয় ৰে’লৱেয়ে ৰাজ্যসমূহলৈ ৫২৩১ ক’ভিড কেয়াৰ দবা আৱণ্টিত কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ বৰ্তমানলৈ দিল্লী, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু মধ্য প্ৰদেশকে ধৰি ৫ খন ৰাজ্যলৈ ভাৰতীয় ৰে’লৱেয়ে ৯৬০টা ক’ভিড-১৯ চিকিৎসাৰ বাবে উৎসৰ্গিত দবাৰ যোগান ধৰিছে৷
অধিক বিৱৰণৰ বাবে
চৰকাৰী সংস্থাসমূহে সৰ্বকালৰ সৰ্বাধিক ঘেঁহু ক্ৰয় কৰিছে
১৬.০৬.২০২০ তাৰিখ পৰ্যন্ত চৰকাৰী সংস্থাসমূহে কৃষকসকলৰ পৰা অভিলেখসংখ্যক ঘেঁহু ক্ৰয় কৰিছে৷ চলিত বৰ্ষত মধ্য প্ৰদেশে ১২৯ লাখ মেট্ৰিক টন ঘেঁহু ক্ৰয় কৰিছে আৰু পাঞ্জাৱে ১২৭ লাখ মেট্ৰিক টন ঘেঁহু ক্ৰয় কৰিছে৷
অধিক বিৱৰণৰ বাবে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ মাজত টেলিফোনিক বাৰ্তালাপ
প্ৰধানমন্ত্ৰীয়ে আজি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷
দুয়োগৰাকী নেতাই পৰস্পৰৰ দেশত ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰা সন্দৰ্ভত বাৰ্তালাপ কৰাৰ লগতে স্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ ক্ষেত্ৰত সাম্ভাৱ্য আন্তৰ্জাতিক সহযোগিতাৰ বিষয়েও আলোচনা কৰে৷
দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত ভাৰত-কানাডাৰ মৈত্ৰী সন্দৰ্ভত সহমত প্ৰকাশ কৰে৷
দুয়োগৰাকী নেতাই বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি কেতবোৰ বহুদেশীয় প্ৰতিষ্ঠানসমূহৰ সৱলীকৰণৰ পোষকতা কৰে যিয়ে সমগ্ৰ বিশ্বতে স্বাস্থ্য, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাসমূহৰ সমাধানৰ দিশত অগ্ৰসৰ হৈছে৷
প্ৰধানমন্ত্ৰী মোদীয়ে কানাডা প্ৰশাসনে দেশখনত থকা ভাৰতীয় নাগৰিকলৈ আগবঢ়োৱা সমৰ্থনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে৷ ঠিক সেইদৰে প্ৰধানমন্ত্ৰী ট্ৰুড’য়েও ভাৰতত থকা কানাডাৰ নাগৰিকে পোৱা ভাৰত চৰকাৰৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে৷
অধিক বিৱৰণৰ বাবে
জুলাই ২০২০ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা বাতিল সন্দৰ্ভত প্ৰকাশ হোৱা ভুৱা ৰাজহুৱা জাননী সন্দৰ্ভত এনটিএৰ স্পষ্টীকৰণ প্ৰকাশ
জুলাই ২০২০ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাৰ বাতিল সন্দৰ্ভত ১৫.০৬.২০২০ তাৰিখে প্ৰকাশ হোৱা এক ভুৱা ৰাজহুৱা জাননী সন্দৰ্ভত নেচনেল টেষ্টিং এজেন্সী (এনটিএ)য়ে স্পষ্টীকৰণ প্ৰকাশ কৰিছে৷ সকলো প্ৰাৰ্থী, তেওঁলোকৰ অভিভাৱক তথা জনসাধাৰণক এজেন্সীটোৱে এনে ধৰণৰ কোনো জাননী প্ৰকাশ হোৱা নাই বুলি ষ্পষ্ট কৰি দিছে৷
অধিক বিৱৰণৰ বাবে
জন ঔষধি কেন্দ্ৰত ১ টকাত উপলব্ধ হ’ব ছেনিটেৰী নেপকিন
বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি দেশৰ ৬৩০০তকৈ ও অধিক প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা-পিএমবিজেপি কেন্দ্ৰত ১ টকাত প্ৰতিটো পেড উপলব্ধ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ সাধাৰণ বজাৰত এই একে ধৰণৰ পেডৰ দাম ৩ টকাৰ পৰা ৮ টকাত উপলব্ধ৷
অধিক বিৱৰণৰ বাবে
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- পাঞ্জাৱঃ পাঞ্জাৱৰ ঘৰে ঘৰে নিৰীক্ষণ কৌশল কাৰ্যসূচীৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আনবোৰ ৰাজ্যকে অনুৰূপ ধৰণৰ কৌশল প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায়৷
- হাৰিয়ানাঃ হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে ক’ভিড-১৯ৰ ৰোগীসমূহক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি পিএম-জেএৱাই)ত সামৰি লোৱা হৈছে৷
- হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰীয়ে কয় যে বহিঃ ৰাজ্যৰ পৰা নিজৰ ৰাজ্যলৈ আৱদ্ধ লোকসকলক ঘূৰাই অনাটো তেওঁলোকৰ নৈতিক কৰ্তব্য৷
- মহাৰাষ্ট্ৰঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হৈছে ১,১৩,৪৪৫ জন৷ ইয়াৰে ৫০,০৪৪ জন হ’ল সক্ৰিয় ৰোগী৷ আৰোগ্য লোকৰ সংখ্যা হৈছে ৫৭,৮৫১ জন৷
- গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ২৪,৬২৮ জন৷ আৰোগ্য লোকৰ সংখ্যা হ’ল ১৭,০৯০ জন৷
- ৰাজস্থানঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হৈছে ১৩,৩৩৮ জন৷ ইয়াৰে ১০,১২৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
- মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১,০৬৯ জন৷
- চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭৮৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৪২ জন৷
- গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬২৯ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৪৪ জন৷
- অৰুণাচল প্ৰদেশঃ ইটানগৰস্থিত ছাংগ ৰিজ’ৰ্টত ক’ভিড-১৯ৰ বাবে কৰ্মৰত আৰক্ষীসকললৈ খাদ্য আৰু আশ্ৰয়ৰ ব্যয়ত ৰেহাই প্ৰদান কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷
- অসমঃ গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পাৰ্কিং লটত আজিৰে পৰা আছাম টাৰ্গেটেড ছাৰ্ভেইলেন্স প্ৰগ্ৰাম (এটিএছপি) আৰম্ভ কৰা হৈছে৷ উক্ত কাৰ্যসূচীৰ অধীনত মহানগৰখনত মুঠ ৫০,০০০ পৰীক্ষণ সম্পন্ন কৰা হ’ব, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে এই তথ্য সদৰী কৰে৷
- মণিপুৰঃ ৰাজ্যিক ক’ভিড -১৯ প্ৰশিক্ষণ দলে মুঠ ৫২২ জন স্বাস্থ্য বিষয়াস ৯০৭ গৰাকী নাৰ্চ আৰু ২৫০০ত কৈও অধিক কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰিছে৷
- মিজোৰামঃ আইজলৰ কলাছিবৰ এক স্বেচ্ছাসেৱী গোটে ৬৪ টা পিপিই আৰু ২৫০ খন মাস্ক কলাছিবৰ মুখ্য স্বাস্থ্য বিষয়াৰ হাতত অৰ্পণ কৰে৷
- নাগালেণ্ডঃ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ মোককচাং বেটেলিয়নৰ অসম ৰাইফলে ১৫০০ মাস্ক স্বাস্থ্যকৰ্মীসকলক বিতৰণ কৰে৷
- কেৰালাঃ মুঠ ১,২২,১৪৩ জন লোক ৰাজ্যখনৰ বিভিন্ন জিলাত চিকিৎসকৰ নিৰীক্ষণত আছে৷
- তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৬৫০৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২০৬৭৮ জন৷ ৪৭৯ জনৰ মৃত্যু হৈছে৷ আৰোগ্য লাভ কৰিছে ২৪৫৪৭ জনে৷
- কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭২১৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯৮৭ জন৷ মৃত্যু হৈছে ৮৮ জনৰ৷ মুকলি কৰি দিয়া হৈছে ৪১৩৫ জনক৷
- অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৫৫৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৫৫৯ জন৷ আৰোগ্য লাভ কৰিছে ২৯০৬ জনে৷ মৃত্যু হৈছে ৯০ জনৰ৷
- তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৪০৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২১৮৮ জন৷ আৰোগ্য লাভ কৰিছে ৩০২৭ জনে৷
ফেক্ট চেক
(Release ID: 1632205)
Visitor Counter : 221
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam