PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 20 JUN 2020 7:00PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আগবঢ়োলা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্যঃ ২,১৩,৮৩০ জন লোকে ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে; আৰোগ্যৰ হাৰ হ’ল ৫৪.১৩%

বিগত ২৪ ঘণ্টাত মুঠ ৯১২০ জন ক’ভিড-১৯ৰ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত মুঠ ২,১৩,৮৩০ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৫৪.১৩%৷ বৰ্তমানে ১,৬৮,২৬৯ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ ফলত গাঁৱলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ জীৱিকাৰ সুবিধাৰ্থে ২০ জুন ২০২০ তাৰিখে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে গৰিব কল্যাণ ৰোজগাৰ অভিযান 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘গৰিব কল্যাণ ৰোজগাৰ অভিযান’ শীৰ্ষক এক নিয়োজন সম্পৰ্কীয় আঁচনি মুকলি কৰে৷ ইয়াৰ জৰিয়তে ক’ভিড-১৯ৰ ফলত গাঁৱলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকসকলৰ জীৱিকাৰ বাবে এই আঁচনি মুকলি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

নিজৰ গাঁৱলৈ ঘূৰি অহা প্ৰব্ৰজিত শ্ৰমিকসকলক জীৱিকাৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে অভিযানভিত্তিত পদক্ষেপ গ্ৰহণ কৰিছেঃ শ্ৰী নৰেন্দ্ৰ সিং টোমৰ

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বই ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে আজি মুকলি কৰা গৰিব কল্যাণ ৰোজগাৰ অভিযানৰ দ্বাৰা সমস্যাৰ সন্মুখীন হোৱা গাঁওবাসী, দৰিদ্ৰ লোক, কৃষকসকল উপকৃত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীৰ গৰিব কল্যাণ পেকেজ- এই পৰ্যন্ত হোৱা বিকাশসমূহ

৪২ কোটিতকৈও অধিক লোকে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ পেকেজৰ অধীনত ৬৫,৪৫৪ কোটি টকাৰ বিত্তীয় সাহায্য লাভ কৰিছে৷ জন ধন একাউণ্ট থকা ২০.৬৫ কোটি মহিলা হিতাধিকাৰীসকলে প্ৰথমটো কিস্তি হিচাপে ১০,৩২৫ কোটি টকা, ১০,৩১৫ কোটি টকা দ্বিতীয় কিস্তি হিচাপে আৰু ১০,৩১২ কোটি টকা তৃতীয় কিস্তি হিচাপে লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

কাৰ্যকৰী গৃহ আইচ’লেচনৰ বাবে ৰাজ্যসমূহক নিৰ্দেশাৱলী পালনৰ বাবে কেন্দ্ৰৰ আহ্বান

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১০ মে’ ২০২০ তাৰিখে গৃহ আইচ’লেচন সম্পৰ্কীয় নিৰ্দেশনাৱলী মুকলি কৰিছে৷ এই নিৰ্দেশনাৱলীমতে অতিশয় কম বা সামান্য লক্ষণযুক্ত ক’ভিড-১৯ৰ ৰোগীয়ে ঘৰতে নিজকে আচুতীয়াকৈ ৰাখিব পাৰে৷

অধিক বিৱৰণৰ বাবে

চৰকাৰী গভীৰভাৱে বেংকিং খণ্ডৰ ৰেপ’ ৰেটৰ সংবহন লক্ষ্য কৰি আছে আৰু ভাৰতৰ বিকাশৰ গতিত সম্পদৰ সৃষ্টি কৰাসকলৰ প্ৰয়াসক চিনাক্ত কৰিছেঃ বিত্ত মন্ত্ৰী

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰী নিৰ্মলা সীতাৰমণে কয় যে চৰকাৰে সদায়েই সম্পদ সৃষ্টিকাৰীসকলৰ প্ৰয়াসক চিনাক্ত কৰি আহিছে৷  তেওঁ কয় যে ক’ভিড-১৯ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা উদ্যোগ খণ্ডলৈ ৩ লাখ কোটি টকাৰ জৰিমণাবিহীন ঋণৰ ব্যৱস্থা কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভাৰত চৰকাৰ আৰু এআইআইবিয়ে ক’ভিড-১৯ৰ সাহায্যৰ বাবে ৭৫০ মিলিয়ন ডলাৰৰ এক চুক্তিত স্বাক্ষৰ কৰে

ভাৰত চৰকাৰ আৰু এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক(এআইআইবি)এ আজি ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা বিৰূপ প্ৰভাৱৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় কৰিবলৈ ৭৫০ মিলিয়ন ডলাৰৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এআইআইবিৰ পৰা ভাৰতক আগবঢ়োৱা এয়া হ’ল প্ৰথমটো বাজেটীয় সাহায্য।

ভাৰত চৰকাৰৰ হৈ অৰ্থনৈতিক পৰিক্ৰমা বিভাগ আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী সমীৰ কুমাৰ খাড়ে আৰু এআইআইবিৰ হৈ সাধাৰণ সঞ্চালক(ভাৰপ্ৰাপ্ত) শ্ৰী ৰজত মিশ্ৰই চুক্তিত স্বাক্ষৰ কৰে।

অধিক বিৱৰণৰ বাবে

 

আইডিৱাই ২০২০ৰ সমৰ্থনৰ বাবে বহুতো বলিউড চেলিব্ৰেটিয়ে শপত গ্ৰহণ কৰিছে

কাইলৈ পালন কৰা হ’ব আন্তৰ্জাতিক যোগ দিৱস ২০২০৷ যিহেতু অধিক সংখ্যাত জনসাধাৰণৰ অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰা হোৱা নাই সেয়ে এইবাৰ  যোগ দিৱস ঘৰৰ ভিতৰতে পালন কৰা হ’ব৷ অক্ষয় কুমাৰ, অনুষ্কা শৰ্মা, মিলিণ্ড সুমন আৰু শিল্পা ছেট্টীয়ে এই যোগ দিৱসলৈ সমৰ্থন আগবঢ়াইছে

অধিক বিৱৰণৰ বাবে

ক’ভিড সম্পৰ্কত দেশৰ ভিন্ন প্ৰান্তৰ ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসকৰ মতামত গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙৰ

কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি দেশৰ ভিন্ন প্ৰান্তত অৱস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত কৰ্মৰত চিকিৎসকসকলৰপৰা ক’ভিড সম্পৰ্কীয় মতামত গ্ৰহণ কৰে।

ডেৰ-ঘন্টাজোৰা ৱেবিনাৰৰ জৰিয়তে, চেন্নাই, নতুন দিল্লী, মুম্বাই, নাগপুৰ, পাটনা, কোটা, এৰোডে আদি ভাৰতৰ ভিন্ন মহানগৰসমূহৰপৰা চিকিৎসা বিজ্ঞানৰ কেইবাটাও শাখাৰ শীৰ্ষস্থানীয় চিকিৎসক আৰু বিশেষজ্ঞই তেওঁলোকৰ ক’বলগীয়াখিনি ব্যক্ত কৰে।

অধিক বিৱৰণৰ বাবে

 

ডিএআৰপিজিৰ সচিব ড কে শিৱাজীয়ে ক’ভিড-১৯ৰ বাবে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালা ইণ্ডিয়ান টেকনিকেল আৰু ইক’ন’মিক কো-অপাৰেচন (আইটিইচি)ত ভাষণ প্ৰদান কৰে

অধিক বিৱৰণৰ বাবে

 

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশঃ ৩২ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
  • মণিপুৰঃ উৰুখুলৰ ৩০ জন, তামেংগলঙৰ ২৯ জন লোকৰ সৈতে মণিপুৰত সৰ্বাধিক লোক এই দুখন জিলাৰ পৰা আক্ৰান্ত হৈছে৷
  • মিজোৰামঃ  ৰাজ্যখনত ১৪০ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩১ জন
  • নাগালেণ্ডঃ মুঠ ৮১৭৪ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ এই পৰ্যন্ত ৬৯৮৯ টা নমুনাৰ ফলাফল লাভ কৰা হৈছে৷
  • ছিক্কিমঃ ছিক্কিমৰ মুখ্যমন্ত্ৰীয়ে আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে জনসাধাৰণক যোগাভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনাইছে৷
  • চণ্ডীগড়ঃ ক’ভিড-১৯ৰ বাবে আন্তৰ্জাতিক যোগ দিৱস এইবাৰ ঘৰে ঘৰে পালন কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে৷
  • পাঞ্জাৱঃ পাঞ্জাৱত ক’ভিড-১৯ৰ ৰোগী সকলৰ ব্যৱস্থাপনাৰ বাবে বিশেষজ্ঞৰ এটা দল গঠন কৰা হৈছে৷
  • হাৰিয়ানাঃ আগন্তুক আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জনসাধাৰণক  ঘৰতে যোগাভ্যাস কৰিবলৈ আহ্বান জনাইছে৷
  • কেৰালাঃ ৰাজ্যখনত ১,৩৮০ জন লোক চিকিৎসকৰ নিৰীক্ষণত থকাৰ লগতে ১,৩২,৫৬৯ জন ৰোগীয়ে বিভিন্ন জিলাত নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৪৪৪৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৩৫০৯ জন, মৃত্যুৰ সংখ্যা হ’ল ৬৬৬ জন৷
  • কৰ্ণাটকঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯৪৩ জন৷ মৃতকৰ সংখ্যা হ’ল ১২৪ জন৷ ৫২১০ জন লোকক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬২৩০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩০৬৯ জন৷ ৩০৬৫ জন লোকে আৰোগ্য লাভ কৰিছে৷ মৃতকৰ সংখ্যা হ’ল ৯৬ জন৷
  • তেলেংগানাঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯৭৬ জন, মৃত্যু হৈছে ১৯৮ জনৰ, আৰোগ্য লাভ কৰিছে ৩৩৫২ জনে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,২৪,৩৩১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৫,৬৫১ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৬,১৯৮ জন৷ বিগত ২৪ ঘণ্টাত ৫৪০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪,৩১৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৮৬০ জন৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১,৫৮২ জন৷ মৃতকৰ সংখ্যা হ’ল ৪৯৫ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২০১৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭০৩ জন৷
  • গোৱাঃ ২০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হ’ল ৭২৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬০৭ জন৷

 



(Release ID: 1633032) Visitor Counter : 138