PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 01 DEC 2020 5:33PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪.৩৫ লাখ; দৈনিক নতুন আৰোগ্যৰ সংখ্যা বৃদ্ধি পাইছে

ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা আজি ৪,৩৫,৬০৩ জন হৈছে৷ মুঠ পজিটিভ ৰোগীৰ ক্ষেত্ৰত সক্ৰিয় ৰোগী ৪.৬০% লৈ হ্ৰাস পাইছে৷ বিগত ২৪ ঘণ্টাত ৩১,১১৮ জন ৰোগী নতুনকৈ আক্ৰান্ত হৈছে৷ মুঠ আৰোগ্যৰ সংখ্যা হ’ল ৮৮,৮৯,৫৮৫ জন আৰু আৰোগ্যৰ হাৰ হ’ল ৯৩.৯৪%৷ আৰোগ্য আৰু সক্ৰিয় ৰোগীৰ ব্যৱধান হ’ল ৮৪,৫৩,৯৮২ জন৷

অধিক বিৱৰণৰ বাবে  

 

ডাঃ হৰ্ষ ৱৰ্ধনে পুৰণি দিল্লী ৰে’লৱে ষ্টেচনত ইণ্ডিয়ান ৰে’ড ক্ৰ’ছ ছ’চাইটী (আইআৰচিএছ)ৰ সৈতে মাস্ক আৰু চাবোন বিতৰণ কৰে

কেন্দ্ৰী. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ইণ্ডিয়ান ৰে’ড ক্ৰ’চ ছ’চাইটীৰ সৈতে দেওবাৰে পুৰণি দিল্লী ৰে’লৱে ষ্টেচনত চাবোন আৰু মাস্ক বিতৰণ কৰে৷ মাস্ক পৰিধান আৰু হাত ধোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ডাঃ হৰ্ষ ৱৰ্ধনে কয় যে আমি অতি শীঘ্ৰেই ক’ভিডৰ বিৰুদ্ধে যুঁজত এঘাৰ মাহ সম্পূৰ্ণ কৰিম৷

অধিক বিৱৰণৰ বাবে

 

ডাঃ হৰ্ষ ৱৰ্ধনে ইণ্ডিয়ান ইনষ্টিটিউট অব্ মাছ কমিউনিকেচনৰ শিক্ষাৰ্থীসকলৰ সৈতে ডিজিটেলী বাৰ্তালাপ কৰে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে শুকুৰবাৰে ইণ্ডিয়ান ইনষ্টিটিউট অব্ মাছ কমিউনিকেচনৰ শিক্ষাৰ্থীসকলৰ সৈতে ডিজিটেলী বাৰ্তালাপ কৰে৷ ভাষণ প্ৰসংগত ডাঃ ৱৰ্ধনে গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ প্ৰতিষেধক বিকশিত কৰাৰ অভিযানৰে জড়িত তিনিটা গোটৰে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

ক’ভিড-১৯ৰ প্ৰতিষেধক বিকশিত কৰা অভিযানৰে জড়িত থকা তিনিটা গোটৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে এক বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অনুষ্ঠিত বাৰ্তালাপত অংশগ্ৰহণ কৰা গোট তিনিটা হ’ল ‘জেন্নোৱা বায়’ফাৰ্মাচিউটিকেল লিমিটেড, পুনে’, ‘বায়’ল’জিকেল ই লিমিটেড, হায়দৰাবাদ’ আৰু ‘ড০ ৰেড্ডী’জ লেবৰেটৰী লিমিটেড, হায়দৰাবাদ’। ক’ভিড-১৯ চম্ভালিব পৰাকৈ প্ৰতিষেধক বিকশিত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰখাৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠানকেইটাৰ বিজ্ঞানীসকলৰ শলাগ লয়। আজিৰ বাৰ্তালাপত বিভিন্ন মঞ্চৰ প্ৰতিষেধক প্ৰস্তুত সম্পৰ্কীয় সম্ভাৱনীয়তা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। আলোচনাকালত প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় নিয়ামক প্ৰক্ৰিয়া সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰিবলৈও প্ৰতিষ্ঠানসমূহক আহ্বান জনায়। তেওঁ সৰ্ব সাধাৰণ ৰাইজে সহজে বুজিব পৰাকৈ সৰল ভাষাৰে প্ৰতিষেধকৰ বিষয়ে আৰু ইয়াৰ আনুষংগিক প্ৰসংগসমূহৰ তথ্য-পাতি অৱগত কৰোৱাৰ ব্যৱস্থা কৰিবলৈ অতিৰিক্ত ভাবে প্ৰয়াস কৰাৰ বাবেও সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক পৰামৰ্শ আগবঢ়ায়। প্ৰতিষেধকৰ বিতৰণ, পৰিবহণ আৰু অন্যান্য যাৱতীয় বিষয়সমূহৰ সন্দৰ্ভতো আলোচনা কৰা হয়। প্ৰতিষেধকৰ প্ৰস্তুতিৰে জড়িত কেউটা প্ৰতিষ্ঠানে ব্যৱহাৰিক পৰীক্ষণৰ বিভিন্ন পৰ্যায়ত থকা প্ৰতিষেধকৰ বিষয়ে প্ৰধানমন্ত্ৰীক বিস্তৃত তথ্য প্ৰকাশ কৰাৰ লগতে আগন্তুক বৰ্ষৰ প্ৰথম ভাগতে সুফল লাভ কৰিব পৰা যাব বুলি অভিমত প্ৰকাশ কৰে। প্ৰতিষেধকৰ বিকাশক-উত্পাদকসকলৰে জড়িত সকলো বিভাগকে সহযোগিতাৰে কাম কৰি দেশৰ লগতে পৃথিৱীৰ সমগ্ৰ মানৱ জাতিক সেৱা আগবঢ়াব পৰাকৈ প্ৰতিষেধক উত্পাদনত অৰিহণা আগবঢ়াবলৈ পৰামৰ্শ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে।

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাৰাণসীত দেৱ দিপাৱলী মহোৎসৱত অংশ লয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱাৰাণসীত দেৱ দিপাৱলী মহোৎসৱত অংশ লয়। অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ বাবে আজি এক বিশেষ মুহূৰ্ত। কিয়নো, প্ৰায় ১০০ বছৰ পূৰ্বে চুৰি হোৱা মাতা অন্নপূৰ্ণাৰ প্ৰতিমূৰ্তি কাশীবাসীয়ে পুনৰ উভতাই পাইছে। এয়া কাশীৰ বাবে পৰম সৌভাগ্যৰ বিষয়। তেওঁ কয় যে আমাৰ দেৱতা আৰু দেৱীসকলৰ এই প্ৰাচীন প্ৰতিমূৰ্তিসমূহ আমাৰ বিশ্বাস আৰু ঐতিহ্যৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে কয় যে এইধৰণৰ প্ৰচেষ্টা পূৰ্বে গ্ৰহণ কৰা হ’লে দেশে বহুতো প্ৰতিমূৰ্তি উভতাই পালেহেঁতেন। আমাৰ বাবে উত্তৰাধিকাৰৰ অৰ্থ হ’ল দেশৰ ঐতিহ্য আৰু পৰম্পৰাৰক্ষা কৰা। কিন্তু একাংশৰ বাবে দেশৰ ঐতিহ্য হ’ল তেওঁলোকৰ পৰিয়াল আৰু পৰিয়ালৰ সদস্যৰ নাম। তেওঁ পুনৰ কয় যে ঐতিহ্য মানে আমাৰ সংস্কৃতি, আমাৰ বিশ্বাস, আমাৰ মূল্যবোধ। প্ৰধানমন্ত্ৰীয়ে গুৰু নানক দেৱ জীক সমাজ আৰু ব্যৱস্থাৰ সংস্কাৰৰ সৰ্ববৃহৎ প্ৰতীক আখ্যা দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰু নানক দেৱ জীৰ পৰা তেওঁ সমাজ সংস্কাৰৰ বহুতো শিক্ষা লাভ কৰিছে। তেওঁ কয় যে কাশীত যেতিয়া উন্নয়নমূলক কাম-কাজ আৰম্ভ হয়, তেতিয়া প্ৰতিবাদকাৰীয়ে ইয়াত হেঙাৰ সৃষ্টি কৰিবলৈ প্ৰতিবাদত নামে। কাশীয়ে যেতিয়া বাবাৰ দৰবাৰলৈ বিশ্বনাথ ক’ৰিডৰ নিৰ্মাণৰ সিদ্ধান্ত লয়, তাকো প্ৰতিবাদকাৰীয়ে সমালোচনা কৰে। কিন্তু বাবাৰ আশীৰ্বাদত আজি কাশীৰ গৌৰৱ পুনৰ উদ্ধাৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বাবাৰ দৰবাৰ আৰু মা গংগাৰ মাজত শতাব্দী প্ৰাচীন প্ৰত্যক্ষ যোগাযোগ ব্যৱস্থা পুনৰ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি ব্যক্ত কৰে যে ভগৱান কাশী বিশ্বনাথৰ আশীৰ্বাদৰ ফলত তেওঁ কাশীত পোহৰৰ উৎসৱত ভাগ ল’ব পাৰিছে। তেওঁ কাশীৰ গৌৰৱ আৰু ঐতিহ্য পুনৰ স্মৰণ কৰি কয় যে কাশীয়ে বছৰ বছৰ ধৰি বিশ্ববাসীক সঠিক পথৰ সন্ধান দেখুৱাই আহিছে। কৰোনাৰ নীতি-নিৰ্দেশনাৰ বাবে তেওঁ চহৰখনলৈ আহিব পৰা নাছিল যদিও এই সময়ছোৱাত তেওঁ ইয়াৰ জনসাধাৰণ মাজৰ পৰা দূৰত থকা নাছিল। মহামাৰীৰ সময়ছোৱাত তেওঁ কাশীৰ জনসাধাৰণৰ অৱস্থাৰ বুজ লৈ আছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। মহামাৰীৰ সময়ছোৱাত কাশীৰ জনসাধাৰণে দেখুওৱা সাহস আৰু উদ্যমক তেওঁ প্ৰশংসা আগবঢ়ায়।

অধিক বিৱৰণৰ বাবে

উত্তৰ প্ৰদেশৰ বাৰাণসীত দেৱ দীপাৱলী মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

অধিক বিৱৰণৰ বাবে

 

১৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-প্রয়াগৰাজ শাখাৰ ছয়লেন সম্প্ৰসাৰণ প্ৰকল্প উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে

বাৰাণসীত আজি ১৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-প্রয়াগৰাজ শাখাৰ ছয়লেন সম্প্ৰসাৰণ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয়, কাশীৰ সংযোগ ব্যৱস্থা উন্নত কৰা আৰু ইয়াৰ সৌন্দর্যবৰ্দ্ধনৰ বাবে বিগত সময়ত কৰা প্ৰয়াসৰ ফলাফল আজি দেখা পোৱা গৈছে। বাৰাণসী আৰু ইয়াৰ চাৰিওফালৰ যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে নতুন ৰাজপথ, ফ্লাইঅভাৰ নিৰ্মাণৰ লগতে পথ সম্প্রসাৰণৰ ক্ষেত্ৰত অভূতপূৰ্ব কাম কৰা হৈছে। প্রধানমন্ত্রীয়ে কয়, আধুনিক যোগাযোগ ব্যৱস্থাৰ ফলত আমাৰ কৃষকসকল ব্যাপকভাৱে উপকৃত হ’ব। তেওঁ কয়, বছৰ বছৰ ধৰি শীতল ভৱন নিৰ্মাণৰ দৰে আন্তঃগাঁথনি উন্নয়ন সাধনৰ লগতে আধুনিক পথ নিৰ্মাণসহ বিভিন্ন ধৰণৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে এক লাখ কোটি টকাৰ এটি পুঁজি গঠন কৰা হৈছে। চৰকাৰী প্ৰচেষ্টা আৰু আধুনিক আন্তঃগাঁথনিৰ ফলত কৃষকসকল কিদৰে উপকৃত হৈছে তাৰ উদাহৰণ দাঙি ধৰে প্রধানমন্ত্রীয়ে। তেওঁ কয়, কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে দুবছৰ আগেয়ে চান্দাউলিত কলা ধানৰ উৎপাদন আৰম্ভ কৰা হৈছিল। যোৱা বছৰ প্রায় ৪০০ গৰাকী কৃষকক লৈ এখন কৃষক কমিটি গঠন কৰা হয় আৰু খাৰিফ ঋতুত ৰোপণৰ বাবে এই ধান প্ৰদান কৰা হয়। কৃষকসকলে য’ত সাধাৰণ চাউল কেজিত ৩৫ৰ পৰা ৪০ টকা দৰত বিক্রী কৰে তেনেক্ষেত্ৰত কলা চাউল কেজিত তিনিশ টকা  দৰত বিক্রী হৈছে। কেৱল সেয়াই নহয়, প্রথমবাৰৰ বাবে এই চাউল ৮০০ টকা কেজি দৰত অস্ট্রেলিয়ালৈ ৰপ্তানি কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

 

 

 

 

ৰাষ্ট্ৰীয় ঘাইপথ-১৯ৰ বাৰাণসী-প্ৰয়াগৰাজ অংশৰ ছয়লেনলৈ সম্প্ৰসাৰণ প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

অধিক বিৱৰণৰ বাবে

 

তিনি স্থানত প্ৰতিষেধকৰ বিকাশ আৰু উৎপাদন প্ৰক্ৰিয়াৰ বুজ ল’লে প্রধানমন্ত্রীয়ে

প্ৰতিষেধকৰ বিকাশ আৰু নিৰ্মাণ প্ৰক্ৰিয়াৰ ওপৰত বিতং পৰ্যালোচনা কৰাৰ বাবে  প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি তিনিখন চহৰ ভ্ৰমণ কৰে। তেওঁ আহমেদাবাদৰ জিদাছ বায়োটেক পাৰ্ক, হায়দৰাবাদৰ ভাৰত বায়োটেক আৰু পুনেৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া পৰিদৰ্শন কৰে। প্ৰতিষেধক বিকাশ যাত্ৰাৰ এই সংকটপূৰ্ণ পৰিস্থিতিত তেওঁলোকৰ মনোভাৱ বৃদ্ধি কৰিবলৈ আৰু প্ৰচেষ্টা ত্বৰান্বিত কৰাত সহায় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ মুখামুখি হোৱাত বিজ্ঞানীসকলে সন্তোষ প্ৰকাশ কৰে। ভাৰতৰ দেশীয় প্ৰতিষেধক বিকাশ প্ৰক্ৰিয়া এতিয়ালৈকে দ্ৰুত গতিত আগবঢ়া বিষয়ত প্ৰধানমন্ত্ৰীয়ে গৌৰৱ প্ৰকাশ কৰে। প্ৰতিষেধক বিকাশৰ সমগ্ৰ যাত্ৰাত ভাৰতে কিদৰে বিজ্ঞানৰ নিৰ্ভৰযোগ্য নীতি অনুসৰণ কৰি আছে সেই সন্দৰ্ভত তেওঁ মন্তব্য কৰাৰ লগতে প্ৰতিষেধক বিতৰণ প্ৰক্ৰিয়াটো উন্নত কৰাৰ বাবে পৰামৰ্শ বিচাৰে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰতে প্ৰতিষেধকসমূহ কেৱল সু-স্বাস্থ্যৰ বাবেই গুৰুত্বপূৰ্ণ বুলি নহয়, বিশ্বজুৰি ভালৰ বাবে বিবেচনা কৰে আৰু ভাইৰাছবিধৰ বিৰুদ্ধে সমূহীয়া যুঁজত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰসহ আন দেশসমূহক সহায় কৰাটো ভাৰতৰ কৰ্তব্য। দেশখনে ইয়াৰ নিয়ামক প্ৰক্ৰিয়াটো কিদৰে আৰু উন্নত কৰিব পাৰে তাৰ বাবে বিজ্ঞানীসকলক মুক্তভাৱে আৰু খোলাকৈ মত প্ৰকাশৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিজ্ঞানীসকলেও কভিড-১৯ৰ সৈতে ভালদৰে যুঁজ দিবলৈ তেওঁলোকে কিদৰে বিভিন্ন নতুন আৰু পুনৰ্নিমাণ কৰা ঔষধ বিকশিত কৰি আছে তাৰ এক অৱলোকন প্ৰদৰ্শন কৰে।

অধিক বিৱৰণৰ বাবে

২৯.১১.২০২০ তাৰিখে প্ৰধানমন্ত্ৰীয়ে ‘মন কী বাত ২.০’ৰ ১৮তম খণ্ডত প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

 

ব্ৰিটেইনৰ প্রধানমন্ত্রী শ্ৰীযুত বৰিছ জনছনৰ সৈতে প্রধানমন্ত্রীৰ বাৰ্তালাপ

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি টেলিফোনযোগে ব্ৰিটেইনৰ প্রধানমন্ত্রী শ্ৰীযুত বৰিছ জনছনৰ সৈতে টেলিফোনযোগে কথা পাতে৷ ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা সংকটক লৈ দুয়োগৰাকী নেতাই মত বিনিময় কৰে৷ ভেকচিন উদ্ভাৱন আৰু উৎপাদনক লৈ ভাৰত আৰু ব্ৰিটেইনৰ মাজত সম্ভাৱ্য সহযোগিতাৰ বিষয় সন্দৰ্ভত তেওঁলোকে আলোচনা কৰে৷ ক’ভিডৰ লগতে ব্ৰেক্সিটৰ পৰৱৰ্তী সময়ত ভাৰত-ব্ৰিটেইনৰ অংশীদাৰিত্বক আৰু ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বিষয়ত দুয়োগৰাকী নেতাই প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ব্যৱসায়-বাণিজ্য, বিনিয়োগ, বৈজ্ঞানিক গৱেষণা, ছাত্র-ছাত্রী আৰু বৃত্তিধাৰকসকলৰ অহা-যোৱা, প্রতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ যি বিপুল সম্ভাৱনা আছে, সেই বিষয়ত দুয়োগৰাকী নেতাই সহমত পোষণ কৰে৷ জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজত ভাৰত আৰু ব্ৰিটেইনে যাতে একেলগে কাম কৰে সেই দিশতো জোৰ দিয়ে৷ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী আৰু দুৰ্যোগ ব্যৱস্থাপনা আন্তঃগাঁথনিৰ জোঁটৰ দৰে বিভিন্ন মঞ্চত দুয়োখন দেশে সহযোগিতা অব্যাহত ৰাখিব৷ ভাৰত-ব্ৰিটেইনৰ অংশীদাৰিত্বত দীর্ঘম্যাদী উচ্চাকাংক্ষী পৰিকল্পনা দ্রুতগতিত বাস্তবায়িত কৰিবলৈ দুয়োখন দেশৰ বিষয়াসকলক একেলগে কাম কৰাৰ বিষয়েও তেওঁলোকে সহমত প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

 

 

 

 

নৱেম্বৰ ২০২০ত মুঠ ১,০৪,৯৬৩ কোটি টকাৰ জিএছটি ৰাজহ সংগ্ৰহ হৈছে

নৱেম্বৰ ২০২০ত মুঠ ১,০৪,৯৬৩ কোটি টকাৰ জিএছটি ৰাজহ সংগ্ৰহ হৈছে, য’ত চিজিএছটি হ’ল ১৯,১৮৯ কোটি টকা, এছজিএছটি ২৫,৫৪০ কোটি টকা আৰু আইজিএছটি হ’ল ৫১,৯৯২ কোটি টকা৷

অধিক বিৱৰণৰ বাবে

 

 

ভাৰতীয় ক’ভিড-১৯ ভেকচিন প্ৰস্তুতিত গতি প্ৰদানৰ অৰ্থে মিছন ক’ভিড সুৰক্ষা শুভাৰম্ভ চৰকাৰৰ

ভাৰত চৰকাৰ (GOI) এ মিছন ক’ভিড সুৰক্ষা- ভাৰতীয় ক’ভিড-১৯ ভেকচিন প্ৰস্তুত অভিযান ৰ অৰ্থে ৯০০ কোটি টকাৰ তৃতীয় প্ৰোৎসাহন পেকেজ ঘোষণা কৰিছে। এই অনুদান ভাৰতীয় ক’ভিড-১৯ ভেকচিনৰ গৱেষণা ও উন্নয়নৰ অৰ্থে বাঅ’টেকনল’জি বিভাগলৈ (DBT)লৈ আগবঢ়োৱা হ’ব। ই প্ৰায় ৫-৬ ভেকচিন কেণ্ডিডেট প্ৰস্তুতিত গতি প্ৰদানত সহায় কৰিব। এই পুঁজিৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছেঃ প্ৰি-ক্লিনিকেল ও ক্লিনিকেল ডেভলপমেন্টক গতি প্ৰদান কৰা; সম্প্ৰতি ক্লিনিকেল স্তৰত থকা ক’ভিড-১৯ ভেকচিন কেণ্ডিডেটৰ লাইচেন্সাৰ বা ডেভলপমেন্টৰ ক্লিনিকেল স্তৰত প্ৰৱেশ কৰিবলৈ সাজু হোৱাসমূহৰ লাইচেন্সাৰ, ক্লিনিকেল ট্ৰায়েল ছাইটৰ প্ৰতিষ্ঠাকৰণ আৰু বৰ্তমানে থকা ইম্মিউন’এচ্চে লেবৰেটৰী, চেন্ট্ৰেল লেবৰেটৰীসমূহক সুদৃঢ় কৰা আৰু এনিমেল ষ্টাডীজৰ অৰ্থে সুবিধাজনক ব্যৱস্থাৰ উন্নয়ন সাধন কৰা, ক’ভিড-১৯ ভেকচিন প্ৰস্তুতত সহায় আগবঢ়াবলৈ প্ৰডাকশ্যন ব্যৱস্থা আৰু আন টেষ্টিং ব্যৱস্থা উন্নত কৰা। আন গুৰুত্বপূৰ্ণ উদ্দেশ্যসমূহৰ ভিতৰত আছেঃ সাধাৰণ সামঞ্জস্যপূৰ্ণ প্ৰট’কল, ট্ৰেইনিং, ডাটা ব্যৱস্থাপনা প্ৰণালী, ৰেগুলেটৰী চাবমিশ্যন, অভ্যন্তৰীণ আৰু বাহ্যিক কোৱালিটি মেনেজমেন্ট চিষ্টেম আৰু এক্ৰিডিটেশ্যনৰ প্ৰস্তুতিত সহায় আগবঢ়োৱা। এই অভিযানৰ অধীনত তদুপৰি প্ৰচেছ ডেভলপমেন্ট, চেল লাইন ডেভলপমেন্টৰ অৰ্থে সামৰ্থ্য নিৰ্মাণ আৰু এনিমেল টক্সিক’ল’জি ষ্টাডী আৰু ক্লিনিকেল ট্ৰায়েলৰ অৰ্থে জিএমপি বেটচৰ নিৰ্মাণত সহায় আগবঢ়োৱা যাব। সুবিধাজনক টাৰ্গেট প্ৰডাক্ট প্ৰফাইলৰ এটা মূল উপাদান যুগুত কৰি উলিওৱা হ’ব যাৰ সহায়ত এই অভিযানৰ জৰিয়তে প্ৰস্তুত হোৱা ভেকচিনসমূহ ভাৰতৰ বাবে প্ৰযোজ্য পচ্ছন্দৰ বৈশিষ্ট্যৰে সমৃদ্ধ হ’ব। নেশ্যনেল বাঅ’ ফাৰ্মা মিছন (NBM) আৰু ইণ্ড-চিইপিআই মিছনৰ অধীনত বাঅ’টেকনল’জি বিভাগৰ নেতৃত্বাধীন আৰু বাঅ’টেকনল’জি ইণ্ডাষ্ট্ৰী ৰিচাৰ্ছ এছিচটেন্স কাউন্সিল (BIRAC)ৰ সমৰ্পিত মিছন ইমপ্লিমেনটেশ্যন ইউনিটে বৰ্তমানে ৰূপায়ণ কৰি থকা কাম-কাজে এই অভিযানক পৰিপূৰক শক্তি যোগাব। ক’ভিড সুৰক্ষা মিছনৰ পৰ্যায়-I এ ১২ সময়ৰ বাবে ৯০০ কোটি টকা আবন্টন দিছে। আজিৰ তাৰিখত মুঠ ১০ টা ভেকচিন কেণ্ডিডেটক বাঅ’টেকনল’জি বিভাগে একাডেমিয়া আৰু ইণ্ডাষ্ট্ৰী উভয়তে সাহাৰ্য্য আগবঢ়াইছে। ৰাছিয়াৰ ভেকচিন স্পুটনিক-V কে ধৰি ৫ ভেকচিন কেণ্ডিডেট মানৱ ট্ৰায়েলৰ অৱস্থাত আছে আৰু ৩ টা শীঘ্ৰেই মানৱ ট্ৰায়েলত প্ৰৱেশ কৰিবলৈ অগ্ৰিম প্ৰিক্লিনিকেল স্তৰত আছে।

অধিক বিৱৰণৰ বাবে

দিল্লীৰ চৰ্দাৰ বল্লভভাই পেটেল ক’ভিড চিকিৎসালয়ৰ আইচিইউ সামৰ্থৰ সম্প্ৰসাৰণ

ডিআৰডিঅ’ই দিল্লীৰ চৰ্দাৰ বল্লভভাই পেটেল ক’ভিড চিকিৎসালয়ৰ আইচিইউ বিচনাৰ সংখ্যা ৫০০লৈ বৃদ্ধি কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শমৰ্মে তেওঁলোকক এই নিৰ্দেশনা পালন কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে ক’ভিড-১৯ মহামাৰীৰ সময়ত বিদ্যালয় শিক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰ এক সন্বলিত পুস্তিকা মুকলি কৰে

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ ভাৰ্চুৱেলী কভিড-১৯ মহামাৰীৰ সময়ত বিদ্যালয় শিক্ষা বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰ এক সন্বলিত পুস্তিকা মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

 

 

 

 

 

‘জীৱন প্ৰমাণ পত্ৰ’ দিয়াৰ বাবে পেন্সনাৰক ২৮ ফেব্ৰুৱাৰী ২০২১লৈকে সময় সম্প্ৰসাৰিত কৰিলে ‘ইপিএফঅ’-য়ে; ‘ইপিএফঅ’-ৰে জড়িত ৩৫ লাখ পেন্সনাৰ লাভান্বিত হ’ব

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰু বয়োজ্যেষ্ঠ লোকসকলৰ ক্ষেত্ৰত ক’ৰোনা ভাইৰাছে অধিক বিপদৰ আশংকা কঢ়িওৱাৰ প্ৰতি লক্ষ্য ৰাখি ‘ইপিএফঅ’-য়ে পেন্সনাৰসকলক ‘জীৱন প্ৰমাণ পত্ৰ’(জেপিপি) দিয়াৰ বাবে ২৮ ফেব্ৰুৱাৰী ২০২১লৈকে জীৱন প্ৰমাণ পত্ৰ সম্প্ৰসাৰিত কৰিছে। ১৯৯৫ চনৰ ‘ইপিএছ’ অনুসৰি পেন্সন লাভ কৰা পেন্সনাৰসকলে প্ৰতিবছৰৰ ৩০ নৱেম্বৰ পৰ্যন্ত জেপিপি দাখিল কৰাৰ বিধি প্ৰৱৰ্তিত হৈ আহিছে। প্ৰণিধানযোগ্য যে পেন্সন ঘোষণাৰ দিনৰ পৰা এবছৰৰ বাবে ই প্ৰযোজ্য হয়। এইবেলি সকলো পেন্সনাৰে ২৮ ফেব্ৰুৱাৰী ২০২১ পৰ্যন্ত ‘জেপিপি’ দাখিল কৰিব পাৰিব। এই প্ৰমাণ প্ৰত্ৰ দাখিলৰ বাবে পেন্সনাৰসকলে দেশ ব্যাপী থকা ৩.৬৫ লাখ ‘উমৈহতীয়া সেৱা কেন্দ্ৰ’(চিএছচি), ‘পেন্সন বিতৰণ বেংক’ৰ শাখা হিচাপে চিহ্নিত ১.৩৬ লাখ ডাক কাৰ্যালয়, ডাক বিভাগৰ অধীনস্থ ‘পোষ্টেল নেটৱৰ্ক’ৰ ১.৯০ লাখ ডাকপাল আৰু ‘গ্ৰামীণ সেৱক’ৰ সহায় ল’ব পাৰিব। সমীপৱৰ্তি ‘চিএছচি’-ৰ ঠিকনা বিচৰাৰ বাবে পেন্সনাৰসকলে https://locator.csccloud.in/ ৰ সৈতে সংযুক্ত হোৱাৰ উপৰি ডাৰঘৰসমূহৰ জৰিয়তে ঘৰ অথবা অন্য কোনো স্থানৰ পৰা অনায়াসে ‘জেপিপি’ দাখিলৰ বাবে   http://ccc.cept.gov.in/covid/request.aspx -ৰে সংযুক্ত হ’ব পাৰিব।

অধিক বিৱৰণৰ বাবে

আৰ্চাৰ কপিলৰ দেহত ধৰা পৰিছে ক’ৰোনা ভাইৰাছৰ বীজাণু, বৰ্তমানে তেওঁ সুস্থ আছে

অধিক বিৱৰণৰ বাবে

 

বক্সাৰ দুৰ্যোধন সিং নেগীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভৰ বীজাণু, বৰ্তমানে তেওঁ সুস্থ আছে আৰু নিৰীক্ষণৰ অধীনত আছে

অধিক বিৱৰণৰ বাবে

 

৩০-১১-২০২০ তাৰিখে সমাপ্ত হোৱা বাল্ক ড্ৰাগছ আৰু চিকিৎসা সঁজুলিৰ পিএলআই আঁচনিৰ বাবে ফাৰ্মাচিউটিকেল আৰু চিকিৎসা সঁজুলি উদ্যোগে ইতিবাচক সঁহাৰি প্ৰদৰ্শন কৰিছে

বাল্ক ড্ৰাগছ আৰু চিকিৎসা সঁজুলিৰ পিএলআই আঁচনিৰ বাবে ফাৰ্মাচিউটিকেল আৰু চিকিৎসা সঁজুলি উদ্যোগে ইতিবাচক সঁহাৰি প্ৰদৰ্শন কৰিছে৷ এই আঁচনি ৩০.১১.২০২০ তাৰিখে সমাপ্ত হৈছে৷

অধিক বিৱৰণৰ বাবে

 

এফপিআই, এফডিআই আৰু ক’ৰ্পৰেট বণ্ড বজাৰত হোৱা আন্তঃপ্ৰৱাহে ভাৰতৰ বিকাশৰ গতি প্ৰদৰ্শিত কৰিছে

ক’ভিড-১৯য়ে বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পেলালেও এফপিআই, এফডিআই আৰু ক’ৰ্পৰেট বণ্ড বজাৰত হোৱা আন্তঃপ্ৰৱাহে ভাৰতৰ বিকাশৰ গতি প্ৰদৰ্শিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

 

 

 

 

 

 

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অসমঃ অসমত অনুষ্ঠিত হোৱা ২২,৬৮৩টা পৰীক্ষণৰ ভিতৰত ১৫৯জন ৰোগী ধৰা পৰিছে৷ পজিটিভিটীৰ হাৰ ০.৭০% আৰু কামৰূপ মহানগৰ জিলাৰ পৰা ৫২ জন লোকৰ দেহত ক’ ভিডৰ বীজাণু ধৰা পৰিছে৷ ১১০ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ মুঠ ৰোগীৰ সংখ্যা ২,১২,৭৭৬ জন৷ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে টুইট কৰে৷
  • নাগালেণ্ডঃ ২৭ জন নতুন ৰোগীৰ সৈতে মুঠ ৰোগীৰ সংখ্যা হৈছে ১১,১৮৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯২৫ জন৷
  • ছিক্কিমঃ ২৬ জন ৰোগীক নতুনকৈ মুকলি কৰি দিয়া হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪৮ জন৷
  • মেঘালয়ঃ বিগত ২৪ ঘণ্টাত এজনো লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱা নাই৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৬৩ জন৷
  • মহাৰাষ্ট্ৰঃ ক’ভিড-১৯ৰ প্ৰতিষেধক সঞ্চয় কৰাৰ বাবে বিএমচিয়ে কাঞ্জুমাৰ্গত ৫০০০ বৰ্গ ফুটৰ এটা ভৱন চিনাক্ত কৰিছে৷ ১৫ ডিচেম্বৰৰ ভিতৰত ই প্ৰস্তুত হৈ উঠিব৷
  • গুজৰাটঃ বিগত ২৪ ঘণ্টাত  ১৫০২ জন লোক আক্ৰান্ত হৈছে৷ আৰোগ্যৰ হাৰ হ’ল ৯০.৯৬%৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৯০,৭৮০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১,৯০,৮২১ জন৷ বিগত ২৪ ঘণ্টাত ১৪০১ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • ৰাজস্থানঃ মুঠ ২৩১২ জন ৰোগীৰ মৃত্যু হৈছে৷ ২৬৭৭ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • মধ্য প্ৰদেশঃ বিগত কেইটামান দিনৰ পৰা ইন্দোৰত ৫০০ আৰু ভূপালত ৩০০তকৈও অধিক লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
  • চট্টিশগড়ঃ সোমবাৰে ১৩২৪ জন নতুন ৰোগী আৰু ২১জন লোক মৃত্যু হোৱাৰ জৰিয়তে মুঠ ৰোগীৰ সংখ্যা হৈছে ২,৩৭,৩২২ জন আৰু মুঠ ২৮৬১ জন ৰোগীৰ মৃত্যু হৈছে৷ আৰোগ্যৰ সংখ্যা হৈছে ২,১৪,৮২৬ জন৷
  • গোৱাঃ চহৰখনত মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰ্যটকসকলৰ ফটোগ্ৰাফ গ্ৰহণ আৰু জৰিমণা আদায়ৰ সিদ্ধান্ত লৈছে গোৱা চৰকাৰে৷
  • কেৰালাঃ এই পৰ্যন্ত ৰাজ্যখনত ২২৪৪ জন লোকে ক’ভিডৰ বাবে প্ৰাণ হেৰুৱাইছে৷
  • তামিলনাডুঃ ৭ ডিচেম্বৰত মহাবিদ্যালয় আৰু ১৪ ডিচেম্বৰত পৰ্যটনৰ স্থানসমূহ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ 
  • কৰ্ণাটকঃ কৰ্ণাটক স্বাস্থ্য বিভাগে সোমবাৰে কয় যে বিভাগটোৱে ক’ভিড-১৯ৰ প্ৰতিষেধক যোগানৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহ আৰম্ভ কৰিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনত ক’ভিড-১৯ৰ মূত্যুৰ হাৰ হ’ল ০.৮১% আৰু ই দেশৰ ভিতৰতে সৰ্বনিম্ন৷ প্ৰতি মিলিয়নত ১.৮১ লক্ষাধিক পৰীক্ষণ  অনুষ্ঠিত হৈছে৷
  • তেলেংগানাঃ তেলেংগানাত ক্ৰমান্বয়ে ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে৷ ৫০২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে তিনিজন লোকৰ মৃত্যু ঘটিছে৷ মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা ২.৭০ লাখতকৈও অধিক হৈছে৷

 

 

ফেক্ট চেক

Image

Image

*******

YB



(Release ID: 1677531) Visitor Counter : 126