বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ভাৰতীয় ক’ভিড-১৯ ভেকচিন প্ৰস্তুতিত গতি প্ৰদানৰ অৰ্থে মিছন ক’ভিড সুৰক্ষা শুভাৰম্ভ চৰকাৰৰ

Posted On: 29 NOV 2020 5:45PM by PIB Guwahati

ভাৰত চৰকাৰ (GOI) এ মিছন কভিড সুৰক্ষা- ভাৰতীয় কভিড-১৯ ভেকচিন প্ৰস্তুত অভিযান ৰ অৰ্থে ৯০০ কোটি টকাৰ তৃতীয় প্ৰোৎসাহন পেকেজ ঘোষণা কৰিছে। এই অনুদান ভাৰতীয় কভিড-১৯ ভেকচিনৰ গৱেষণা ও উন্নয়নৰ অৰ্থে বাঅটেকনলজি বিভাগলৈ (DBT)লৈ আগবঢ়োৱা হব।

ই প্ৰায় ৫-৬ ভেকচিন কেণ্ডিডেট প্ৰস্তুতিত গতি প্ৰদানত সহায় কৰিব।

এই পুঁজিৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছেঃ প্ৰি-ক্লিনিকেল ও ক্লিনিকেল ডেভলপমেন্টক গতি প্ৰদান কৰা; সম্প্ৰতি ক্লিনিকেল স্তৰত থকা ক’ভিড-১৯ ভেকচিন কেণ্ডিডেটৰ লাইচেন্সাৰ বা ডেভলপমেন্টৰ ক্লিনিকেল স্তৰত প্ৰৱেশ কৰিবলৈ সাজু হোৱাসমূহৰ লাইচেন্সাৰ, ক্লিনিকেল ট্ৰায়েল ছাইটৰ প্ৰতিষ্ঠাকৰণ আৰু বৰ্তমানে থকা ইম্মিউন’এচ্চে লেবৰেটৰী, চেন্ট্ৰেল লেবৰেটৰীসমূহক সুদৃঢ় কৰা আৰু এনিমেল ষ্টাডীজৰ অৰ্থে সুবিধাজনক ব্যৱস্থাৰ উন্নয়ন সাধন কৰা, ক’ভিড-১৯ ভেকচিন প্ৰস্তুতত সহায় আগবঢ়াবলৈ প্ৰডাকশ্যন ব্যৱস্থা আৰু আন টেষ্টিং ব্যৱস্থা উন্নত কৰা। আন গুৰুত্বপূৰ্ণ উদ্দেশ্যসমূহৰ ভিতৰত আছেঃ সাধাৰণ সামঞ্জস্যপূৰ্ণ প্ৰট’কল, ট্ৰেইনিং, ডাটা ব্যৱস্থাপনা প্ৰণালী, ৰেগুলেটৰী চাবমিশ্যন, অভ্যন্তৰীণ আৰু বাহ্যিক কোৱালিটি মেনেজমেন্ট চিষ্টেম আৰু এক্ৰিডিটেশ্যনৰ প্ৰস্তুতিত সহায় আগবঢ়োৱা। এই অভিযানৰ অধীনত তদুপৰি প্ৰচেছ ডেভলপমেন্ট, চেল লাইন ডেভলপমেন্টৰ অৰ্থে সামৰ্থ্য নিৰ্মাণ আৰু এনিমেল টক্সিক’ল’জি ষ্টাডী আৰু ক্লিনিকেল ট্ৰায়েলৰ অৰ্থে জিএমপি বেটচৰ নিৰ্মাণত সহায় আগবঢ়োৱা যাব। সুবিধাজনক টাৰ্গেট প্ৰডাক্ট প্ৰফাইলৰ এটা মূল উপাদান যুগুত কৰি উলিওৱা হ’ব যাৰ সহায়ত এই অভিযানৰ জৰিয়তে প্ৰস্তুত হোৱা ভেকচিনসমূহ ভাৰতৰ বাবে প্ৰযোজ্য পচ্ছন্দৰ বৈশিষ্ট্যৰে সমৃদ্ধ হ’ব।

নেশ্যনেল বাঅ’ ফাৰ্মা মিছন (NBM) আৰু ইণ্ড-চিইপিআই মিছনৰ অধীনত বাঅ’টেকনল’জি বিভাগৰ নেতৃত্বাধীন আৰু বাঅ’টেকনল’জি ইণ্ডাষ্ট্ৰী ৰিচাৰ্ছ এছিচটেন্স কাউন্সিল (BIRAC)ৰ সমৰ্পিত মিছন ইমপ্লিমেনটেশ্যন ইউনিটে বৰ্তমানে ৰূপায়ণ কৰি থকা কাম-কাজে এই অভিযানক পৰিপূৰক শক্তি যোগাব।

ক’ভিড সুৰক্ষা মিছনৰ পৰ্যায়-I এ ১২ সময়ৰ বাবে ৯০০ কোটি টকা আবন্টন দিছে।

আজিৰ তাৰিখত মুঠ ১০ টা ভেকচিন কেণ্ডিডেটক বাঅ’টেকনল’জি বিভাগে একাডেমিয়া আৰু ইণ্ডাষ্ট্ৰী উভয়তে সাহাৰ্য্য আগবঢ়াইছে। ৰাছিয়াৰ ভেকচিন স্পুটনিক-V কে ধৰি ৫ ভেকচিন কেণ্ডিডেট মানৱ ট্ৰায়েলৰ অৱস্থাত আছে আৰু ৩ টা শীঘ্ৰেই মানৱ ট্ৰায়েলত প্ৰৱেশ কৰিবলৈ অগ্ৰিম প্ৰিক্লিনিকেল স্তৰত আছে।

বিজ্ঞান ও প্ৰযুক্তি মন্ত্ৰালয়ৰ বাঅ’টেকনল’জি বিভাগৰ সচিব আৰু বিআইআৰএচিৰ অধ্যক্ষ ডঃ ৰেণু স্বৰুপে কয়, “মিছন ক’ভিড সুৰক্ষা হৈছে আমাৰ দেশখনৰ বাবে থলুৱা, ব্য়য়সাধ্য আৰু সুগম ভেকচিন প্ৰস্তুতৰ নিৰ্ধাৰিত প্ৰচেষ্টা আৰু ই আত্মনিৰ্ভৰ ভাৰতৰ ৰাষ্ট্ৰীয় অভিযানক সমৃদ্ধ কৰি তুলিব।” “ভাৰতে ভেকচিন প্ৰস্তুতত অসামান্য শক্তি প্ৰদৰ্শন কৰিছে আৰু এই ৰাষ্ট্ৰীয় ক’ভিড ভেকচিন মিছনৰ জৰিয়তে, আমি বিশ্বাসী যে আমাৰ ভেকচিনৰ প্ৰস্তুতকাৰীসকলে কেৱল ভাৰতৰ বাবেই নহয়, বিশ্বখনৰ বাবে সাশ্ৰয়ী আৰু সুগম ভেকচিন প্ৰস্তুত কৰি উলিয়াব”, তেওঁ লগতে কয়।

******



(Release ID: 1677115) Visitor Counter : 259