প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ব্ৰিটেইনৰ প্রধানমন্ত্রী শ্ৰীযুত বৰিছ জনছনৰ সৈতে প্রধানমন্ত্রীৰ বাৰ্তালাপ

Posted On: 27 NOV 2020 7:48PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি টেলিফোনযোগে ব্ৰিটেইনৰ প্রধানমন্ত্রী শ্ৰীযুত বৰিছ জনছনৰ সৈতে টেলিফোনযোগে কথা পাতে৷

’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা সংকটক লৈ দুয়োগৰাকী নেতাই মত বিনিময় কৰে৷ ভেকচিন উদ্ভাৱন আৰু উপাদনক লৈ ভাৰত আৰু ব্ৰিটেইনৰ মাজত সম্ভাৱ্য সহযোগিতাৰ বিষয় সন্দৰ্ভত তেওঁলোকে আলোচনা কৰে৷

’ভিডৰ লগতে ব্ৰেক্সিটৰ পৰৱৰ্তী সময়ত ভাৰত-ব্ৰিটেইনৰ অংশীদাৰিত্বক আৰু ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বিষয়ত দুয়োগৰাকী নেতাই প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ব্যৱসায়-বাণিজ্য, বিনিয়োগ, বৈজ্ঞানিক গৱেষণা, ছাত্র-ছাত্রী আৰু বৃত্তিধাৰকসকলৰ অহা-যোৱা, প্রতিৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ যি বিপুল সম্ভাৱনা আছে, সেই বিষয়ত দুয়োগৰাকী নেতাই সহমত পোষণ কৰে৷

জলবায়ু পৰিৱর্তনৰ বিৰুদ্ধে যুঁজত ভাৰত আৰু ব্ৰিটেইনে যাতে একেলগে কাম কৰে সেই দিশতো জোৰ দিয়ে৷ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী আৰু দুৰ্যোগ ব্যৱস্থাপনা আন্তঃগাঁথনিৰ জোঁটৰ দৰে বিভিন্ন মঞ্চত দুয়োখন দেশে সহযোগিতা অব্যাহত ৰাখিব৷

ভাৰত-ব্ৰিটেইনৰ অংশীদাৰিত্বত দীর্ঘম্যাদী উচ্চাকাংক্ষী পৰিকল্পনা দ্রুতগতিত বাস্তবায়িত কৰিবলৈ দুয়োখন দেশৰ বিষয়াসকলক একেলগে কাম কৰাৰ বিষয়েও তেওঁলোকে সহমত প্ৰকাশ কৰে৷

***

DS/SH/DB



(Release ID: 1676906) Visitor Counter : 155