প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰীয় ঘাইপথ-১৯ৰ বাৰাণসী-প্ৰয়াগৰাজ অংশৰ ছয়লেনলৈ সম্প্ৰসাৰণ প্ৰকল্পৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

Posted On: 30 NOV 2020 6:40PM by PIB Guwahati

হৰ হৰ মহাদেৱ!

মোৰ কাশীৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল,

আপোনালোক সকলোলৈ মোৰ প্ৰণাম,

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্য জী, সংসদৰ মোৰ সহযোগী ৰমেশ চান্দজী আৰু বিশাল সংখ্যাত উপস্থিত মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল৷

দেৱ দীপাৱলী আৰু গুৰু নানকদেৱজীৰ প্ৰকাশোৎসৱত আজি কাশীয়ে আধুনিক আন্তঃগাঁথনিৰ আন এক উপহাৰ লাভ কৰিছে৷ ইয়াৰ লাভ কাশীৰ সৈতে প্ৰয়াগৰাজৰ লোকসকলেও লাভ কৰিব৷ আপোনালোক সকলোলৈ অশেষ অভিনন্দন থাকিল৷

মোৰ মনত আছে, ২০১৩ চনত যেতিয়া মই প্ৰথমখন জনসভা এই স্থানত কৰিছিলো আৰু তাৰ বিষয়বস্তু আছিল চাৰিলেনৰ ৰাষ্ট্ৰীয় ঘাইপথ৷  আজি বাবা বিশ্বনাথৰ আশীৰ্বাদত এই ঘাইপথ ছয় লেনৰ হৈছে৷ প্ৰথমে যিসকলে ভাৰতৰ পৰা ৰাজাতালাবলৈ অহা-যোৱা কৰিছিল তেওঁলোকে জানে যে ঘাইপথত কিমান সমস্যাৰ সৃষ্টি হৈছিল৷ ঠায়ে ঠায়ে ট্ৰেফিক জাম, দিল্লী আৰু অন্য চহৰৰ পৰা যিসকল লোক এই পথেৰে আহিছিল, তেওঁলোক চিন্তিত হৈ পৰিছিল৷ এতিয়া ৭০ কিলোমিটাৰতকৈও অধিক যাত্ৰা আৰামেৰে হ, দ্ৰুত গতিত হব৷ এই ঘাইপথৰ ফলত এতিয়া কাশী আৰু প্ৰয়াগৰ মাজৰ ভ্ৰমণ সহজ হৈ পৰিল৷ কাৱড় যাত্ৰাৰ সময়তো কাৱড়িয়া আৰু এই অঞ্চলৰ লোকে যি সমস্যাৰ সন্মুখীন হৈছিল এতিয়া সেয়া শেষ হৈছে৷ এয়াই নহয়, ইয়াৰ লাভ কুম্ভৰ সময়তো পোৱা যাব৷

ভাতৃ আৰু ভগ্নীসকল,

আস্থাৰ সৈতে জড়িত হওক অথবা কোনো বিশেষ কামৰ বাবে, মানুহে কোনো স্থানলৈ অহা-যোৱা কৰাৰ পূৰ্বে সদায়েই তালৈ ভ্ৰমণ কিমান সূচল সেয়া লক্ষ্য কৰে৷ এই প্ৰকাৰ সুবিধাসমূহে দেশী-বিদেশী, সকলো ধৰণৰ পৰ্যটকক আকৰ্ষিত কৰে৷ বিগত বৰ্ষসমূহত কাশীৰ সৌন্দৰ্যবৰ্ধনৰ সৈতে ইয়াত যোগাযোগৰ যিবোৰ কাম হৈছে তাৰ লাভ এতিয়া সকলোৱে প্ৰত্যক্ষ কৰিছে৷ নতুন ঘাইপথ নিৰ্মাণেই হওক, পুল-ফ্লাইঅভাৰেই হওক, ট্ৰেফিক জাম হ্ৰাস কৰিবলৈ পথসমূহৰ সম্প্ৰসাৰণেই হওক, যিমান কাম বাৰাণসী আৰু ইয়াৰ নিকটৱৰ্তী এলেকাসমূহত এতিয়া হৈছে, সেয়া স্বাধীনতাৰ পিছত কেতিয়াও হোৱা নাছিল৷ বাৰাণসীৰ সেৱক হোৱাৰ পৰিপ্ৰেক্ষিতত মোৰ প্ৰয়াস এয়াই যে বাৰাণসীৰ লোকসকলৰ সমস্যা কম হওক, তেওঁলোকৰ জীৱন সুচল হওক৷ বিগত ছবছৰত বাৰাণসীত হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম দ্ৰুত গতিত সম্পন্ন কৰা হৈছে আৰু বহু প্ৰকল্পৰ কাম চলিবলৈ ধৰিছে৷ বিমানবন্দৰৰ পৰা চহৰলৈ সংযোজিত পথ আজি বাৰাণসৰীৰ বিকাশৰ কাৰ্যৰ পৰিচয় হিচাপে বিবেচিত হৈছে৷ ৰেলৱে ষ্টেচনৰ সংযোগো উন্নত হৈছে৷ ইয়াৰ পৰা সামান্য দূৰৈত ৰিং-ৰোডৰ দ্বিতীয় পৰ্যায়ৰ কামো দ্ৰুত গতিত চলিবলৈ ধৰিছে৷ ই সম্পূৰ্ণ হোৱাৰ পিছত চুলতানপুৰ, আজমগড় আৰু গাজীপুৰৰ পৰা অহা-যোৱা কৰা গধূৰ বাহন চহৰলৈ প্ৰৱেশ নকৰাকৈয়ে পোনে পোনে ছয়লেনযুক্ত ঘাইপথেৰে যাব পাৰিব৷ আনবোৰ ঘাইপথৰ কামো অতি শীঘ্ৰেই সমাপ্ত কৰাৰ প্ৰয়াস কৰা হৈছে৷ এই ঘাইপথ নিৰ্মাণ হোৱাৰ পিছত বাৰাণসী, লক্ষ্ণৌ, আজমগড় আৰু গোৰখপুৰৰ যাত্ৰা সহজ হৈ পৰিব৷

ভাতৃ আৰু ভগ্নীসকল,

সুন্দৰ পথ, সুন্দৰ ৰেলপথ, সুন্দৰ আৰু কম ব্যয়ৰ বিমান সুবিধাই সমাজৰ প্ৰতিটো শ্ৰেণীকে উপকৃত কৰে৷ বিশেষকৈ দৰিদ্ৰ, ক্ষুদ্ৰ উদ্যমী, মধ্যবিত্তসকলে অধিক সুবিধা লাভ কৰে৷ যেতিয়া নিৰ্মাণ কাৰ্য চলে তেতিয়া অনেক লোকে ৰোজগাৰ লাভ কৰে৷ যেতিয়া এটা প্ৰকল্প সম্পূৰ্ণ হয় তেতিয়া সময় ৰাহি হয়, ব্যয় কম হয় আৰু চিন্তাও কম হয়৷ কৰোনাৰ এই সময়ছোৱাতো শ্ৰমিক সতীৰ্থসকলৰ বাবে ৰোজগাৰৰ সুবিধা হোৱাকৈ এই বৃহৎ বৃহৎ আন্তঃগাঁথনিৰ প্ৰকল্প প্ৰস্তুত কৰা হৈছে৷

ভাতৃ আৰু ভগ্নীসকল,

মই সুখী কিয়নো উত্তৰ প্ৰদেশৰ যোগীজী আৰু তেওঁৰ দলটোৱে ইয়াত চৰকাৰ গঠন কৰাৰ পিছত আন্তঃগাঁথনি নিৰ্মাণত ক্ষীপ্ৰতা প্ৰদৰ্শন কৰিছে৷ পূৰ্বে উত্তৰ প্ৰদেশৰ আন্তঃগাঁথনিৰ স্থিতি কি আছিল সেয়া আপোনালোকে ভালদৰেই জানে৷ আজি উত্তৰ প্ৰদেশৰ পৰিচয় এক্সপ্ৰেছ প্ৰদেশ হিচাপে সশক্ত হৈছে৷ উত্তৰ প্ৰদেশত সংযোগৰ হাজাৰ কোটি টকাৰ ৫টা মেগা প্ৰকল্পৰ কাম একে সময়তে সম্পন্ন হবলৈ ধৰিছে৷ আজি পূৰ্বাঞ্চলেই হওক, বুন্দেলখণ্ডেই হওক, পশ্চিম উত্তৰ প্ৰদেশই হওক, প্ৰতিটো প্ৰান্ত এক্সপ্ৰেছৱেৰ সৈতে সংযোজিত হৈছে৷ দেশৰ ২টা বৃহৎ আৰু আধুনিক প্ৰতিৰক্ষা কৰিডৰো আমাৰ উত্তৰ প্ৰদেশতেই নিৰ্মাণ হবলৈ ধৰিছে৷

ভাতৃ আৰু ভগ্নীসকল,

কেৱল পথেই নহয়, বিমান সংযোগৰো সংস্কাৰ সাধন কৰা হৈছে৷ ৩-৪ বছৰ পূৰ্বে ইউপিত কেৱল ২টা বিমানবন্দৰ কাৰ্যকৰী হৈ আছিল৷ আজি প্ৰায় এক ডজন বিমানবন্দৰ ইউপিত সেৱাৰত হৈছে৷ ইয়াৰ বাৰাণসীৰ বিমানবন্দৰৰ সম্প্ৰসাৰণৰ কাম চলি আছে৷ প্ৰয়াৰাজত বিমানবন্দৰ টাৰ্মিনেল যি গতিত নিৰ্মাণ হল সি এক অভিলেখৰ সৃষ্টি কৰিলে৷ ইয়াৰোপৰি কুশীনগৰৰ বিমানবন্দৰকো আন্তৰ্জাতিক বিমানবন্দৰৰ ৰূপত বিকশিত কৰা হৈছে৷ নয়ডাৰজেৱৰত আন্তৰ্জাতিক গ্ৰীণফিল্ড বিমানবন্দৰৰ কামো দ্ৰুত গতিত সম্পন্ন হবলৈ ধৰিছে৷

বন্ধুসকল,

যেতিয়া কোনো ক্ষেত্ৰত আধুনিক সংযোগৰ প্ৰসাৰণ হয় তেতিয়া লাভৰ অধিকাংশ আমাৰ কৃষকসকলে লাভ কৰে, খেতিয়কসকলে লাভ কৰে৷ বিগত বৰ্ষসমূহত নিৰন্তৰে এয়াই প্ৰয়াস হৈছে যে গাঁওসমূহত আধুনিক পথৰ সৈতে শস্য ভাণ্ডাৰ, শীতলীকৃত ভৱনৰো ব্যৱস্থা হওক৷ অলপতে ইয়াৰ বাবে এক লাখ কোটি টকাৰ বিশেষ পুঁজিও কৃষকসকলৰ বাবে গঠন কৰা হৈছে৷ চলিত বৰ্ষতেই দেশৰ ইতিহাসৰ প্ৰথমবাৰলৈ চলন্ত শীতলীকৃত ভৱন অৰ্থাৎ কৃষক ৰেলৰ আৰম্ভণি কৰা হৈছে৷ এই প্ৰয়াসসমূহৰ ফলত কৃষকসকলে নতুন বজাৰ লাভ কৰিছে, তেওঁলোকৰ আয়ো বৃদ্ধি হৈছে৷

বন্ধুসকল,

বাৰাণসীসহিতে পূৰ্বাঞ্চলত যিমানবোৰ উন্নত আন্তঃগাঁথনিৰ সৃষ্টি হৈছে তাৰ অধিকাংশ সুবিধা এই সমগ্ৰ ক্ষেত্ৰই লাভ কৰিছে৷ বাৰাণসীত পেৰিশ্বেবল কাৰ্গচেণ্টাৰ নিৰ্মাণ হোৱাৰ পিছত ইয়াৰ কৃষকসকলে ফল আৰু শাক-পাচলি সঞ্চয় কৰাত আৰু সেইসমূহ সহজে বিক্ৰী কৰাত সুবিধা লাভ কৰিছে৷ এই সঞ্চয় সামৰ্থৰ ফলত প্ৰথমবাৰলৈ ইয়াৰে কৃষকসকলে নিজৰ সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰিব পাৰিছে৷

বন্ধুসকল,

কৃষকসকলক আধুনিক সুবিধা প্ৰদান কৰা, ক্ষুদ্ৰ কৃষকক সংগঠিত কৰি তেওঁলোকক বৃহৎ শক্তিলৈ পৰিৱৰ্তিত কৰা, কৃষকসকলৰ আয় বৃদ্ধিৰ প্ৰয়াস নিৰন্তৰে অব্যাহত আছে৷ বিগত বৰ্ষসমূহত ফচল বীমাই হওক অথবা সিঞ্চন, বীজেই হওক অথবা বজাৰ, প্ৰতিটো স্তৰতে কাম চলিবলৈ ধৰিছে৷ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দ্বাৰা দেশৰ প্ৰায় ৪ কোটি কৃষক পৰিয়ালৰ সহায় হৈছে৷ প্ৰধানমন্ত্ৰী কৃষি যোজনাৰ দ্বাৰা প্ৰায় ৪৭ লাখ হেক্টৰ ভূমি ক্ষুদ্ৰ সিঞ্চনৰ পৰিসৰলৈ আহিছে৷ প্ৰায় ৭৭ হাজাৰ কোটি টকাৰ জলসিঞ্চনৰ প্ৰকল্পৰ কাম দ্ৰুত গতিত চলিবলৈ ধৰিছে৷

বন্ধুসকল,

নতুন কৃষি সংস্কাৰৰ দ্বাৰা কৃষকসকলক নতুন বিকল্প আৰু নতুন আইনী সংৰক্ষণ প্ৰদান কৰা হৈছে৷ পূৰ্বে বজাৰৰ বাহিৰত হোৱা লেনদেনক অবৈধ বিবেচনা কৰা হৈছিল৷ কাৰণ ক্ষুদ্ৰ কৃষকসকল বজাৰলৈ গৈ নাপাইছিলেই৷ এতিয়া এনে নহয়৷ এতিয়া ক্ষুদ্ৰ কৃষকসকলেও বজাৰৰ বাহিৰলৈ গৈ আইনী সুৰক্ষা লাভ কৰিব পাৰে৷  চৰকাৰৰ তৰফৰ পৰা প্ৰকল্প, কৃষকৰ বাবে বিকল্প আৰু দুয়োটাই একেলগে আগবাঢ়ক, তেতিয়াহে দেশৰ কায়াকল্প সৃষ্টি হব পাৰে৷ 

বন্ধুসকল,

চৰকাৰে নীতি প্ৰণয়ন কৰে, আইন সৃষ্টি কৰে৷ নীতি আৰু আইনে সমৰ্থন লাভ কৰিলেও কিছুমান প্ৰশ্নৰ সন্মুখীন হোৱাটো স্বাভাৱিক৷ এয়া গণতন্ত্ৰৰ অংশ আৰু ভাৰতত এয়া এক জীৱন্ত পৰম্পৰা হিচাপে বিবেচিত হৈ আহিছে৷ কিন্তু বিগত কিছু সময়ৰ পৰা এক ভিন্ন ট্ৰেণ্ড দেশত দেখিবলৈ পোৱাহৈছে৷ কাশীৰ আপোনালোক সজাগ সতীৰ্থই এয়া নিশ্চয়কৈ অনুভৱ কৰিছে৷ পূৰ্বে চৰকাৰৰ সিদ্ধান্ত পচন্দ নহলে ইয়াৰ বিৰোধিতা কৰা হৈছিল৷ কিন্তু বিগত কিছু সময়ৰ পৰা আমি এক নতুন ট্ৰেণ্ড দেখিবলৈ পাইছো যে চৰকাৰৰ কোনো সিদ্ধান্ত বিৰোধিতাৰে নহয় বৰঞ্চ ভ্ৰম বিয়পাই, আশংকা বিয়পাই কৰা হৈছে৷  অপপ্ৰচাৰ চলোৱা হৈছে যে সিদ্ধান্ত ঠিকেই আছে কিন্তু গম পোৱা নাই যে ইয়াৰ পৰা আগলৈ কি কি হব পাৰে৷ যি এতিয়া হোৱা নাই, যি কেতিয়াও নহবও, তাক লৈ সমাজত ভ্ৰম বিয়পোৱা হৈছে৷ ঐতিহাসিক কৃষি সংস্কাৰৰ ক্ষেত্ৰতো জ্ঞতাসাৰে এই খেল খেলা হৈছে৷ আমি মনত ৰাখিব লাগিব যে এইসকল তেওঁলোকেই যিয়ে দশকজুৰি কৃষকসকলৰ সৈতে নিৰন্তৰে চল কৰি আহিছে৷ বৰ্ষজুৰি এমএছপিক লৈ চল কৰি অহা হৈছে৷ যোজনাসমূহৰ নামত চল কৰি অহা হৈছে৷ কৃষকৰ নামত সাৰৰ বাবে বৃহৎ সাহায্যৰ ঘোষণা কৰা হৈছিল৷ কিন্তু এই সাৰ খেতিতকৈ অধিক কলা বজাৰলৈ গৈছিল৷ অৰ্থাৎ ইউৰিয়াৰ নামতো চল৷ কৃষকসকলক উৎপাদন বৃদ্ধি কৰিবলৈ কোৱা হল কিন্তু লাভৰ অংশ অন্যৰ বাবে নিৰ্ধাৰণ কৰা হল৷ প্ৰথমে ভোটৰ বাবে প্ৰতিশ্ৰুতি আৰু পিছত চল, এই খেল দেশত দীৰ্ঘদিন ধৰি চলি আহিছিল৷

বন্ধুসকল,

ইতিহাসেই যেতিয়া চলনাময়ী হয় তেতিয়া দুটা কথা অতিশয় স্বাভাৱিক হয়৷ প্ৰথম কথাটো হল কৃষক যদি চৰকাৰৰ কথাত আশংকিত হয় ইয়াৰ অৰ্থ হল ইয়াৰ অন্তৰালত দীঘলীয়া চলনাৰ ইতিহাস আছে আৰু দ্বিতীয়তে যিসকলে প্ৰতিজ্ঞা ভংগ কৰিলে, চল কৰিলে, তেওঁলোকৰ বাবে এই ভ্ৰম বিয়পোৱা এক অভ্যাসৰ দৰে হৈ পৰে৷  কিন্তু যেতিয়া এই চৰকাৰৰ প্ৰতিবেদন আপোনালোকে প্ৰত্যক্ষ কৰিব সত্য আপোনালোকৰ সন্মুখত ওলাই পৰিব৷ আমি কৈছিলো যে আমি ইউৰিয়াৰ কলা বজাৰ ৰোধ কৰিম আৰু কৃষকসকলক পৰ্যাপ্ত ইউৰিয়া প্ৰদান কৰিম৷ বিগত ছবছৰত ইউৰিয়াৰ অভাৱ হবলৈ নিদিলো৷ কৰোনাৰ সময়ছোৱাতো আমি ইউৰিয়াৰ অভাৱ অনুভূত হবলৈ নিদিলো৷

ভাতৃ আৰু ভগ্নীসকল,

আপোনালোকে মনত ৰাখিব লাগিব যে এইসকল লোকেই পিএম কিষাণ সন্মান নিধিক লৈ প্ৰতিটো গলি-চুবুৰীত, সংবাদ মাধ্যমত, প্ৰতিটো টুইটাৰত প্ৰশ্নৰ উত্থাপন কৰিছিল৷ এইসকল লোকে ভ্ৰান্তি বিয়পাইছিল যে নিৰ্বাচনৰ বাবে মোদীয়ে কিষাণ সন্মান নিধি প্ৰণয়ন কৰিছে৷

বন্ধুসকল,

দেশৰ ১০ কোটিতকৈও অধিক কৃষক পৰিয়ালৰ বেংক একাউণ্টত প্ৰত্যক্ষ লাভ স্থানান্তৰ হৈছে৷ বছৰত তিনিবাৰলৈ এই ধন প্ৰদান কৰা হয় আৰু প্ৰায় ১ লাখ কোটি টকা প্ৰত্যক্ষভাৱে কৃষকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে৷ 

বন্ধুসকল,

আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলো যে কৃষকৰ বাবে পেঞ্চন আঁচনি প্ৰস্তুত কৰিম৷ আজি পিএম কিষাণ মানধন যোজনা লাগু কৰা হৈছে আৰু অতি কম সময়ৰ ভিতৰতে ২১ লাখ কৃষক পৰিয়াল ইয়াত অন্তৰ্ভুক্ত হৈছে৷ 

ভাতৃ আৰু ভগ্নীসকল,

আশংকাৰ আধাৰত ভ্ৰম বিয়পোৱা লোকসকলৰ সত্যতা নিৰন্তৰে দেশে প্ৰত্যক্ষ কৰিছে৷ যেতিয়া এটা বিষয়ৰ ওপৰত মিথ্যা কৃষকে বুজি উঠে তেতিয়া তেওঁলোকে অন্য এটা বিষয়ত মিথ্যা বিয়পোৱাত ব্যস্ত হৈ পৰে৷ ২৪/৭ তেওঁলোকৰ এয়াই কাম৷ দেশৰ কৃষকে এই কথা ভালদৰেই বুজি পায়৷ যিসকল কৃষক পৰিয়াল উদ্বিগ্ন হৈ আছে তেওঁলোকক চৰকাৰে নিৰন্তৰে আশ্বস্ত কৰিছে৷ মা অন্নপূৰ্ণাৰ আশীৰ্বাদত আমাৰ অন্নদাতাসকলে আত্মনিৰ্ভৰ ভাৰতক আগুৱাই নিব৷ মোৰ বিশ্বাস যে আজি যিসকল কৃষকে কৃষি সংস্কাৰৰ ওপৰত শংকা ব্যক্ত কৰিছে তেওঁলোকেও ভৱিষ্যতে কৃষি সংস্কাৰৰ লাভ উঠাই নিজৰ আয় বৃদ্ধি কৰিব পাৰিব, এয়া মোৰ বিশ্বাস৷

শেষত পুনৰবাৰ আপোনালোক সকলোকে এই আধুনিক ঘাইপথৰ বাবে অশেষ অভিনন্দন জনাইছো৷ কাশীৰ ৰূপ আৰু স্বৰূপ এইদৰেই ভব্য হৈ থাকক, তাৰ বাবে আমি নিৰন্তৰে প্ৰয়াস কৰিম৷ এতিয়া বাৰাণসীত মোৰ অন্য কাৰ্যসূচীও আছে, তাতেও বিভিন্ন বিষয়ত বিস্তাৰিতভাৱে আলোচনা কৰিম৷ কৰোনাৰ বাবে এইবাৰ মই ইয়ালৈ অহাত সামান্য বিলম্ব হল কিন্তু আজি আপোনালোকৰ দৰ্শন হ, কাম কৰাৰ নতুন শক্তি লাভ কৰিলো৷ আপোনালোকে এনে বৃহৎ মাত্ৰাত আশীৰ্বাদ প্ৰদান কৰিছে, এয়াই মোৰ শক্তি, এয়াৰ মোৰ আশীৰ্বাদ৷ মই আপোনালোকৰ ওচৰত কৃতজ্ঞ৷ মোৰ সৈতে দুয়োখন হাত মুঠি মাৰি পূৰ্ণ শক্তিৰে কওক, ভাৰত মাতাৰ জয়৷

অশেষ ধন্যবাদ!

 

*****

DS/SH/AV/MANN



(Release ID: 1677309) Visitor Counter : 174