PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 15 OCT 2020 6:13PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

Image

 

ভাৰতৰ অভূতপূৰ্ব অভিলেখ সৃষ্টি, ডাবলিং টাইম প্ৰায় ৭৩ দিন, সক্ৰিয় ঘটনাৰ সংখ্যাৰ দ্ৰুত হ্ৰাস, এতিয়া ইয়াৰ হাৰ মুঠ ঘটনাৰ প্ৰায় ১১%

ভাৰতত লক্ষ্যণীয়ভাৱে আৰোগ্য লাভৰ হাৰ বৃদ্ধি পাইছে আৰু বিপৰীতভাৱে সক্ৰিয় ঘটনাৰ শতাংশ হ্ৰাস পাইছে। ইয়াৰ ফলশ্ৰুতিত, সংক্ৰমণৰ দুগুণ সময় তীব্ৰভাৱে উন্নত হৈছে। এতিয়া ই প্ৰায় ৭৩ দিন (৭২.৮ দিন)। ইয়ে ইয়াকে সূচিত কৰিছে যে দৈনিক নতুন ঘটনাৰ যথেষ্ট পতন আৰু মুঠ ঘটনাৰ দুগুণ হ’বলৈ লগা সময় অনুযায়ী বৃদ্ধি। ভাৰতে আগষ্টৰ মাজভাগৰেপৰা ২৫.৫ দিনৰ দ্বিগুণ হাৰেৰে আগুৱাই আহিছে আৰু এতিয়া প্ৰায় ৭৩ দিনত দ্বিগুণ হাৰ হৈছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰদ্বাৰা গ্ৰহণ কৰা সন্মিলিত প্ৰচেষ্টাৰ ফলশ্ৰুতিতে এই ফল লাভ কৰা হৈছে। বিস্তৃত আৰু অধিক ৰাষ্ট্ৰজুৰি টেষ্টিং, ক্ষীপ্ৰ আৰু ফলপ্ৰসূ নিৰীক্ষণ আৰু ট্ৰেকিং, শীঘ্ৰেই চিকিৎসালয়ত ভৰ্তিৰ কেন্দ্ৰীয় কৌশল অৱলম্বন আৰু কেন্দ্ৰীয় চৰকাৰখনৰদ্বাৰা জাৰি কৰা ষ্টেণ্ডাৰ্ড ট্ৰিটমেন্ট প্ৰট’কলৰ কাৰ্যকৰী ৰূপায়ণৰ জৰিয়তেই এই ফলাফল লাভ কৰা যায়। ই তদুপৰি চিকিৎসক, পেৰামেডিক্স, ফ্ৰন্টলাইন কৰ্মী আৰু আন-আন ক’ভিড-১৯ যোদ্ধাসকলৰ সন্মিলিত নিস্বাৰ্থ সেৱা আৰু আত্মোৎসৰ্গাৰ ফলাফল। ক’ভিডৰ যথোপযুক্ত আচৰণ সন্দৰ্ভত দেশজোৰা বৰ্ধিত সজাগতায়ো সংক্ৰমণ প্ৰতিৰোধ কৰাত অৰিহণা যোগাই আৰু সময়োচিত চিকিৎসাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হয়। যোৱা ২৪ ঘন্টাত নতুনকৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হ’ল ৮১,৫১৪। ইয়াৰ জৰিয়তে, আৰোগ্য লাভৰ মুঠ সংখ্যাটো হৈছে প্ৰায় ৬৪ লাখ (৬৩,৮৩,৪৪১)। এদিনত আৰোগ্য লাভৰ অধিক সংখ্যায়ো ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰৰ অবিৰত বৃদ্ধিক সূচিত কৰে, যিয়ে ৮৭% অতিক্ৰম কৰিছে আৰু এতিয়া হৈছে ৮৭.৩৬% নতুনকৈ আৰোগ্য লাভৰ ঘটনাসমূহৰ ৭৯% হৈছে ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। মহাৰাষ্ট্ৰত এদিনতে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১৯,০০০ ৰোধিক। ইয়াৰ পাছতেই থকা কৰ্ণাটকৰ এই সংখ্যা হৈছে ৮,০০০ ৰোধিক। বৰ্তমানে সক্ৰিয় ঘটনাৰ হাৰ হৈছে দেশখনৰ মুঠ পজিটিভ ঘটনাৰ ১১.১২%যাৰ পৰিমাণ হৈছে ৮,১২,৩৯০। এই সংখ্যাও এতিয়া এসপ্তাহ ধৰি ৯ লাখৰ সীমাৰ তলতেই আছে। দেশখনত যোৱা ২৪ ঘন্টাত ৬৭,৭০৮ নতুন নিশ্চিত ঘটনা চিনাক্ত কৰা হৈছে। নতুন নিশ্চিত ঘটনাৰ ৭৭% হৈছে ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ১০,০০০ ৰোধিকৰে মহাৰাষ্ট্ৰৰ এই সংখ্যা সৰ্বাধিক। দ্বিতীয় স্থানত থকা কৰ্ণাটকৰ এই সংখ্যা হৈছে ৯,০০০ ৰ অধিক। যোৱা ২৪ ঘন্টাত ৬৮০ আক্ৰান্ত মৃত্যুমুখত পৰিছে। যোৱা ১২ দিন ধৰি এই সংখ্যা ১০০০ সীমাৰ তলতে আছে। ইয়াৰ ভিতৰত, প্ৰায় ৮০% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। শেহতীয়াকৈ মৃত্যু হোৱাসকলৰ ভিতৰত ২৩% হৈছে মহাৰাষ্ট্ৰৰ। ইয়াত শেহতীয়াভাৱে মৃত্যুমুখত পৰা লোকৰ সংখ্যা হৈছে ১৫৮ জন।

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত কভিড-১৯ৰ বিৰুদ্ধে গৱেষণা আৰু প্ৰতিষেধক স্থাপনা বাতাবৰণৰ পৰ্যালোচনা সভা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টেষ্টিং প্ৰযুক্তি, কনটেক্ট ট্ৰেচিং, ড্ৰাগছ আৰু চিকিৎসা ইত্যাধিকে ধৰি কভিড-১৯ৰ বিৰুদ্ধে গৱেষণা আৰু প্ৰতিষেধক স্থাপনা বাতাবৰণৰ এখনি পৰ্যালোচনা সভাত পৌৰহিত্য কৰে। এই সভাখনিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী হৰ্ষ বৰ্ধন, নিটি আয়োগৰ সদস্য (স্বাস্থ্য), মুখ্য বিজ্ঞান উপদেষ্টা, জ্যেষ্ঠ বিজ্ঞানী আৰু আন-আন বিষয়া-বৰ্গ উপস্থিত থাকে। কভিড-১৯ৰ প্ৰত্যাহ্বান ৰোধ কৰিবলৈ ভাৰতীয় প্ৰতিষেধকৰ বিকাশ সাধন কৰোতা আৰু প্ৰস্তুতকৰ্তাসকলৰ প্ৰচেষ্টাৰ শলাগ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এনে সকলোবোৰ প্ৰচেষ্টাৰ প্ৰতি চৰকাৰখনক সহায় আৰু সমৰ্থন আগবঢ়াই অহাত যি অংগীকাৰ প্ৰদৰ্শন কৰিছে তাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নিয়ন্ত্ৰণমূলক সংস্কাৰ সাধন হৈছে এটা গতিশীল প্ৰক্ৰিয়া।

অধিক বিৱৰণৰ বাবে

 

এফএছএছএআইৰ ‘ভিজন ২০৫০’ অৰ্থে ‘হ’ল অৱ গৰ্ভামেন্ট’ প্ৰচেষ্টাক গতি প্ৰদানৰ অৰ্থে আন্তঃমন্ত্ৰীগোটৰ বৈঠকত পৌৰহিত্য কৰিলে ডাঃ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে আজি এফএছএছএআই আৰু ভিন্ন মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া-বৰ্গৰে এখনি আন্তঃমন্ত্ৰীগোটৰ বৈঠকত পৌৰহিত্য কৰে। এই বৈঠকখনি অনুষ্ঠিত কৰাৰ উদ্দেশ্য আছিল ইট ৰাইট ইণ্ডিয়া ম’ভমেন্টৰ ‘ভিজন ২০৫০’ লক্ষ্যক বাস্তৱায়িত কৰি তুলিবলৈ ‘হ’ল অৱ গৰ্ভামেন্ট’ক অধিক ব্যাপক কৰি তোলা। এই বৈঠকখনিত কেন্দ্ৰীয় মন্ত্ৰীজনে ভাৰতত খাদ্যৰদ্বাৰা সৃষ্ট ৰোগৰ অৰ্থনৈতিক ব্যয়ৰ খতিয়ান লয়। ইয়াৰপৰা লাভ কৰা তথ্য অনুসৰি এই ব্যয়ৰ পৰিমাণ হৈছে $১৫ বিলিয়ন।

অধিক বিৱৰণৰ বাবে

 

এইমছ আৰু কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহৰ মূৰব্বীসকলৰ সৈতে ‘জন আন্দোলন’ আৰু ক’ভিডৰ যথোচিত আচৰণ শীৰ্ষক বৈঠকত ভাগ ল’লে ডাঃ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কালি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ক’ভিডৰ যথোচিত আচৰণ সন্দৰ্ভত ‘জন আন্দোলন’ৰ অধীনত সম্পাদন কৰা কাৰ্য-কলাপৰ পৰ্যালোচনাৰ অৰ্থে এখনি বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকখনিত এইমছ আৰু কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহৰ মূৰব্বীসকলে অংশগ্ৰহণ কৰে। ইয়াত মন্ত্ৰীজনে কয় যে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দেশখনে যুঁজ দি থকাৰ সময়তে আগন্তুক মাহকেইটা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ডাঃ হৰ্ষ বৰ্ধনে কয়, “ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত আমি ইতিমধ্যে দশম মাহত ভৰি দিছো।”

অধিক বিৱৰণৰ বাবে

 

’ভিড-১৯ৰ বিৰুদ্ধে জন আন্দোলনক গতি প্ৰদান আয়ুস খণ্ডৰ, ক’ভিড-১৯ৰ বিৰুদ্ধে সংকল্প গ্ৰহণ প্ৰায় ২০০০ৰ

’ভিড-১৯ৰ বিৰুদ্ধে আয়ুষ মন্ত্ৰালয়ে জন আন্দোলন অভিযান ঘোষণা কৰিছে। এই আন্দোলনক চলিত মাহৰ ৮ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰীয়ে এটা টুইটৰ জৰিয়তে শুভাৰম্ভ কৰে। এই আন্দোলনৰ উদ্দেশ্য হৈছে “ক’ভিড-১৯ৰ প্ৰতি জন স্বাস্থ্যৰ সঁহাৰিঃ যথোচিত ক’ভিড আচৰণৰ অৰ্থে অভিযান”ইয়াৰ জৰিয়তে দেশৰ জনতাক আগন্তুক উৎসৱৰ বতৰ আৰু শীতকালৰ সময়ছোৱাত জনসাধাৰণক ক’ভিড-১৯ৰ বিৰুদ্ধে যথোপযুক্ত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰা হৈছে। সমান্তৰালভাৱে, নিজৰ লগতে আনকো যাতে একে ব্যৱস্থা ল’বলৈ প্ৰতিজন ব্যক্তিয়ে উৎসাহ যোগাই, তাতো গুৰুত্ব আৰোপ কৰা হৈছে এই আন্দোলনৰ জৰিয়তে।

অধিক বিৱৰণৰ বাবে

 

৫ম আয়ুৰ্বেদ দিৱসৰ মূল বিষয় হ’ব ‘ক’ভিড-১৯ৰ বিৰুদ্ধে আয়ুৰ্বেদ’

এই বৰ্ষত উদযাপন কৰিবলগীয়া ‘আয়ুৰ্বেদ দিৱস’ৰ মূল বিষয়বস্তু হ’ব ক’ভিড-১৯ মহামাৰীৰ ব্যৱস্থাপনাত আয়ুৰ্বেদৰ সম্ভাৱ্য ভূমিকা। ২০১৬ চনৰপৰা ধ্বনন্তৰী জয়ন্তীত প্ৰতিবছৰে আয়ুৰ্বেদ দিৱস পালন কৰি অহা হৈছে। চলিত বৰ্ষৰ ১৩ নৱেম্বৰত এই আয়ুৰ্বেদ দিৱস পালন কৰা হ’ব। এইবাৰ এই দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিতব্য আলোচনা সত্ৰত আয়ুৰ্বেদৰ সামৰ্থ্য আৰু ইয়াৰ অনন্য চিকিৎসা তত্ত্ব সন্দৰ্ভত বিস্তৃতভাৱে অৱলোকন কৰা হ’ব।

অধিক বিৱৰণৰ বাবে

 

ভাৰত হৈছে সমগ্ৰ বিশ্বৰ অন্যতম সৰ্ববৃহৎ জেনেৰিক ঔষধৰ প্ৰস্তুতকৰ্তা আৰু ৰপ্তানিকাৰীঃ শ্ৰী ডিভি সদানন্দ গৌড়া

ভাৰত হৈছে সমগ্ৰ বিশ্বৰ অন্যতম সৰ্ববৃহৎ জেনেৰিক ঔষধৰ প্ৰস্তুতকৰ্তা আৰু ৰপ্তানিকাৰী। এই মত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডিভি সদানন্দ গৌড়াৰ। তেওঁ কয় যে প্ৰাৰম্ভিক পৰ্যায়ত, ক’ভিড-১৯ত আক্ৰান্ত জৰুৰীকালীন ঘটনাসমূহৰ চিকিৎসাৰ অৰ্থে এইচচিকিউ ব্যৱহাৰ কৰা হৈছিল। কেৱল ভাৰতে ইয়াৰ ব্যৱহাৰ কৰাই নহয়, বিশ্বৰ ১২০ খনৰো অধিক ৰাষ্ট্ৰলৈ ইয়াৰ ৰপ্তানিও কৰিছিল। ইয়াৰ জৰিয়তে ভাৰতে ঔষধৰ বিশ্বস্ত যোগানধাৰীৰ খ্যাতি অৰ্জন কৰি বিশ্বত সমাদৰ বুটলিবলৈ সক্ষম হয়।

অধিক বিৱৰণৰ বাবে

 

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জি২০ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৰ্ভণৰৰ বৈঠকত অংশগ্ৰহণ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ

কালি কেন্দ্ৰীয় বিত্ত ও কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে জি২০ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৰ্ভণৰৰ বৈঠকত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰে। ইয়াত জি২০ ৰাষ্ট্ৰসমূহৰ বিত্তমন্ত্ৰী আৰু গৰ্ভণৰসকলে বিশ্বৰ সাম্প্ৰতিক অৰ্থনৈতিক পৰিস্থিতিৰ অৱলোকন কৰে আৰু ক’ভিজ-১৯ ৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক স্খলনৰ ঘাটি কিদৰে পূৰণ কৰিব পৰা যাব, তাৰ অৰ্থে পৰিকল্পনা যুগুত কৰে। সমান্তৰালভাৱে চলিত বৰ্ষটোত জি২০ ৰাষ্ট্ৰসমূহৰ বাবে উমৈহতীয়া অগ্ৰাধিকাৰ কি হ’ব, সেই প্ৰসংগয়ো উক্ত আলোচনাত স্থান লাভ কৰে। চলিত বৰ্ষৰ ১৫ এপ্ৰিলত এই বিত্তমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় বেংকৰ গৰ্ভণৰসকলে আগবঢ়োৱা জি২০ এক্সন প্লেন কিদৰে ৰূপায়ণ কৰা হৈছে তাৰ বিৱৰণ দাঙি ধৰে বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে।

অধিক বিৱৰণৰ বাবে

 

ভাৰতৰ ৰাষ্ট্ৰপতি আৰু তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ

আজি (১৫ অক্টোবৰ, ২০২০) ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দই তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰপতি মহামান্য গাৰ্বেংগুলী বেৰ্ডিমুহামেডভৰপৰা এটা ফোন কল লাভ কৰে। উক্ত বাৰ্তালাপৰ সময়ত ৰাষ্ট্ৰ দুখনৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ প্ৰসংগই স্থান লাভ কৰে। তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰপতিজনে এই সম্পৰ্কক ঐতিহাসিক বুলি পুনৰবাৰ দোহাৰে। অনাগত সময়ছোৱাতো বাণিজ্য আৰু অৰ্থনীতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰ দুখনে দ্বিপাক্ষিক সম্পৰ্ক আগত ৰাখি কাম কৰি যাব বুলি দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে কয়।

অধিক বিৱৰণৰ বাবে

 

পেৰা-আৰ্চাৰ অংকিত আক্ৰান্ত ক’ভিড-১৯ পজিটিভত, চিকিৎসালয়ত ভৰ্তি কৰালে এছএআই কৰ্তৃপক্ষই

পেৰা-আৰ্চাৰ অংকিত ক’ভিড-১৯ পজিটিভত আক্ৰান্ত হৈছে। শনিপাটত এটা ৰাষ্ট্ৰীয় শিৱিৰত অংশগ্ৰহণ কৰি থকা সময়তে তেওঁৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। তেওঁৰ যথোপযুক্ত চিকিৎসা লাভ নিশ্চিত কৰিবলৈ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ কৰ্তৃপক্ষই তেওঁক বুধবাৰে ইয়াৰে ভগৱান দাস হাস্পতালত ভৰ্তি কৰায়। যোৱা ৫ অক্টোবৰৰপৰা পেৰা-আৰ্চাৰজনে উক্ত শিৱিৰটোত আছিল।

অধিক বিৱৰণৰ বাবে

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • মহাৰাষ্ট্ৰঃ ‘মিশ্যন বিগিন এগেইন’ৰ অধীনত মহাৰাষ্ট্ৰ চৰকাৰে আজি পুথিভঁড়াল, পৰীক্ষাগাৰৰ প্ৰয়োজন হোৱা উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহ পুনৰ মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰিছে। সমান্তৰালভাৱে, ৰাজ্যখনত মেট্ৰ’ ৰেল সেৱা, বাণিজ্যিক প্ৰদৰ্শনী আৰু সাপ্তাহিক বজাৰসমূহো পুনৰ আৰম্ভ কৰা হৈছে। 
  • গুজৰাটঃ সম্পূৰ্ণ ছেনিটাইজেশ্যনৰ অৰ্থে ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত দ্বিতীয়বাৰৰ বাবে ১৬ অক্টোবৰৰপৰা ১৯ অক্টোবৰলৈ বন্ধ ৰখা হ’ব গুজৰাট উচ্চ ন্যায়ালয়ৰ সম্পূৰ্ণ চৌহদ। এই সন্দৰ্ভত উচ্চ ন্যায়ালয়খনিৰ পঞ্জীয়ক প্ৰধানে বুধবাৰে এখনি জাননী জাৰি কৰিছে। বুধবাৰে ৰাজ্যখনত ক’ভিড ঘটনাৰ মুঠ সংখ্যাই ১.৫৫ লাখ অতিক্ৰম কৰে।
  • ৰাজস্থানঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ক’ভিড-১৯ কল্যাণ আঁচনিৰ সামাজিক সমীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বে-চৰকাৰী সংস্থাসমূহৰ জৰিয়তে এই সমীক্ষণ চলোৱা হ’ব।
  • মধ্য প্ৰদেশঃ নৱৰাত্ৰি উপলক্ষে মধ্য প্ৰদেশৰ সকলোবোৰ মা দুৰ্গাৰ মন্দিৰৰ দ্বাৰা খোলা ৰখা হ’ব। অৱশ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সমূহ জনতাক ঘৰৰ পৰাই পূজা দিবলৈ আহ্বান জনাইছে।  
  • অসমঃ যোৱা ২৪ ঘন্টাত অসমত ১৩৯,৮৬৮ টা ক’ভিড-১৯ টেষ্ট সম্পন্ন কৰা যায় আৰু ইয়াৰ ভিতৰত পজিটিভ চিনাক্ত ঘটনাৰ সংখ্যা হৈছে ১৪২৭টা। ৰাজ্যখনত মুঠ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১৯৮২১৩।
  • মেঘালয়ঃ আজি ৰাজ্যখনত ১৭৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে। মেঘালয়ত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২৩৩৯টা। ইয়াৰে ভিতৰত ১২২ জন হৈছে বিএছএফ আৰু সশস্ত্ৰ বাহিনীসমূহৰ জোৱান।
  • কেৰালাঃ কালি কেৰালাত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৬,২৪৪ জন। সম্প্ৰতি ৰাজ্যখনত ট্ৰিটমেন্টত থকা ৰোগীৰ সংখ্যা হৈছে ৯৩,৮৩৭ জন। ইফালে নিৰীক্ষণত আছে ২.৭৮ লাখ লোক। ৰাজ্যখনত মৃত্যুৰ হাৰ ১০৬৬ লৈ বৃদ্ধি পাইছে।
  • তামিল নাডুঃ একেৰাহে তৃতীয়টো দিনৰ বাবে তামিল নাডুৰ ক’ভিড ঘটনাৰ সংখ্যা হ্ৰাস পাই আহিছে। বুধবাৰে ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৪,৪৬২ জন। একে সময়তে ৫,০৮৩ জন ৰোগীক ডিচাৰ্জ দিয়া হয় আৰু ৫২ জন লোক মৃত্যুৰ মুখত পৰিছে।
  • কৰ্ণাটকঃ কৰ্ণাটকৰ আগন্তুক উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীয়ে দুদিনৰ মূৰে-মূৰে ক’ভিড টেষ্ট কৰিব লাগিব। ইফালে, আহি থকা দছেৰা আৰু দীপাৱলী উপলক্ষে কৰ্ণাটক চৰকাৰে নীতি-নিৰ্দেশনা যুগুত কৰি উলিয়াইছে। এই নীতি-নিৰ্দশনাত সম্পূৰ্ণ ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিৰোধ ব্যৱস্থাৰ উল্লেখ আছে।
  • অন্ধ্ৰ প্ৰদেশঃ যদিও কেন্দ্ৰীয় চৰকাৰে আনলক ৫.০ৰ অধীনত চিনেমা হল আৰু মাল্টিপ্লেক্সসমূহ পুনৰ মুকলিৰ নিৰ্দেশনা প্ৰদান কৰিছে, তথাপিতো অন্ধ্ৰ প্ৰদেশত এয়া বন্ধ হৈয়ে থাকিব। এই সন্দৰ্ভত ৰাজ্য চৰকাৰখনে ছবিগৃহসমূহ সন্দৰ্ভত কটকটীয়া নিয়ম যুগুত কৰি উলিয়াইছে।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ১৪৩২ জন। আৰোগ্য লাভ কৰিছে ১৯৪৯ জনে আৰু মৃত্যু হৈছে ৮ জনৰ। ৰাজ্যখনত মুঠ ঘটনাৰ সংখ্যা ২,১৭,৬৭০, সক্ৰিয় ঘটনাঃ ২৩,২০৩, মৃত্যুঃ ১২৪৯, ডিচাৰ্জ দিয়া হৈছে ১,৯৩,২১৮ক।

 

ফেক্ট চেক

 

******



(Release ID: 1664962) Visitor Counter : 199