PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 25 JUN 2020 6:25PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ৰ শেহতীয়া তথ্যসমূহঃ এই পৰ্যন্ত মুঠ ৭৫ লাখটা পৰীক্ষণ সম্পন্ন হৈছে; আৰোগ্যৰ হাৰ হ’ল ৫৭.৪৩%

ভাৰতত বৰ্তমানে ১০০৭ টা ক’ভিড-১৯ৰ পৰীক্ষণ কেন্দ্ৰ মজুত আছে৷ বিগত ২৪ ঘণ্টাত ২,০৭,৮৭১ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ এই পৰ্যন্ত ৭৫,৬০,৭৮২ টা মুঠ পৰীক্ষণ সম্পন্ন হৈছে৷ বিগত  ২৪ ঘণ্টাত ১৩,০১২ জন ক’ভিড-১৯ৰ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত ২,৭১,৬৯৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বৰ্তমানে ১,৮৬,৫১৪ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷

অধিক বিৱৰণৰ বাবে

ডাঃ হৰ্ষ ৱৰ্ধনে মুকলি কৰিলে ইণ্ডিয়ান ৰে’ড ক্ৰ’ছ ছ’চাইটীৰ ‘ই-ব্লাছ ছাৰ্ভিচেছ’ ম’বাইল এপ

এই এপ্লিকেচনটো নিৰ্মাণ কৰিছে চিডেকৰ ই-ৰক্তকোষ দলে৷ মন্ত্ৰীগৰাকীয়ে কয় , ‘‘বহু লোকক ৰক্ত সম্পন্ধীয় সেৱা নিয়মীয়াভিত্তিত প্ৰয়োজন হয়৷ এই এপৰ জৰিয়তে ৰক্তৰ চাৰিটা ইউনিট একেটা সময়তে অধিগ্ৰহণ কৰিব পাৰি আৰু ব্যক্তিজনে সংগ্ৰহ নকৰা পৰ্যন্ত ব্লাড বেংকে ১২ ঘণ্টালৈ অপেক্ষা কৰিব পাৰে৷’’

অধিক বিৱৰণৰ বাবে

 

ক’ভিডৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধঃ মুম্বাইৰ উত্তৰাংশত ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ বিএমচিয়ে প্ৰযোজ্য কৰিছে ‘ধাৰাভি মডেল’

বৃহনমুম্বাই মিউনিচিপাল কৰ্প’ৰেচন চমুকৈ বিএমচিয়ে এতিয়া মুম্বাইৰ উত্তৰাংশত ক’ভিড-১৯ক ৰুধিবলৈ দ্ৰুত কাৰ্যকৰী পৰিকল্পনা প্ৰণয়ন কৰিছে৷ এই পৰিকল্পনাৰ অংশ হিচাপে বিএমচিয়ে অঞ্চলটোত এম্বুলেঞ্চত ৫০খন ম’বাইল ফিভাৰ ক্লিনিক সেৱাৰ ব্যৱস্থা কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

২৬ জুন তাৰিখে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ‘আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান’

ক’ভিড-১৯ মহামাৰীয়ে জনসাধাৰণৰ জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷ বৃহৎ সংখ্যক প্ৰব্ৰজক শ্ৰমিক বিভিন্ন ৰাজ্যলৈ উভতি গৈছে৷ ফলত তেওঁলোকৰ জীৱিকাতো প্ৰভাৱ পৰিছে৷ এই সমস্যা লাঘৱৰ বাবে প্ৰধানমন্ত্ৰীয়ে ২৬ জুন ২০২০ তাৰিখে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সযোগে উত্তৰ প্ৰদেশত ‘আত্মনিৰ্ভৰ উত্তৰ প্ৰদেশ ৰোজগাৰ অভিযান’ মুকলি কৰিব৷

অধিক বিৱৰণৰ বাবে

প্ৰত্যক্ষ কৰ আৰু বেনামী আইনৰ অধীনত বিভিন্ন সময়সীমা সম্প্ৰসাৰিত কৰা হৈছে

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত কৰদাতাসকলে সন্মুখীন হোৱা সমস্যাক লাঘৱ কৰিবলৈ চৰকাৰে ৩১ মাৰ্চ ২০২০ তাৰিখে টেক্সেচন এণ্ড আডাৰ ল’ অধ্যাদেশ ২০২০ প্ৰণয়ন কৰিছিল৷ ক্ষুদ্ৰ আৰু মধ্যবৰ্গৰ কৰদাতাসকলক সকাহ দিয়া উদ্দেশ্যে ৩০ নৱেম্বৰ ২০২০ তাৰিখ পৰ্যন্ত স্ব-প্ৰত্যয়িত কৰৰ বাবে পৰিশোধৰ তাৰিখ সম্প্ৰসাৰিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ), স্মাৰ্ট চিটী মিছন আৰু নৱজীৱন আৰু নগৰ ৰূপান্তৰণৰ অটল মিছন শীৰ্ষক নগৰ অভিযানসমূহৰ পঞ্চম বৰ্ষপূৰ্তি

গৃহ আৰু নগৰ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) শ্ৰী হৰদ্বীপ সিং পুৰীয়ে এক ৱেবিনাৰত কয় যে  ভাৰতে বিশ্বৰ ভিতৰতে নগৰ পৰিকল্পনাৰ বৃহৎ কাৰ্যসূচীসমূহ প্ৰণয়ন কৰিছে৷ ক’ভিড-১৯ক মোকাবিলা কৰাৰ প্ৰত্যুত্তৰত ৪৭টা কাৰ্যকৰী সংবদ্ধ নিয়ন্ত্ৰণ আৰু কমাণ্ড চেণ্টাৰ (আইচিচিচি)য়ে যুদ্ধকালীন গতিত নামি পৰিছে৷

অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তসমূহক কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ প্ৰশংসা

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহক ‘ঐতিহাসিক’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰে’লৱেয়ে ২৪.০৬.২০২০ তাৰিখ পৰ্যন্ত ১.৯১ পিপিই গাউন, ৬৬.৪ কিলোলিটাৰ ছেনিটাইজাৰ, ৭.৩৩ লাখ মাস্ক উৎপাদন কৰিছে

ভাৰতীয় ৰে’লৱেয়ে অন্যান্য মন্ত্ৰালয় তথা ৰাজ্য চৰকাৰসমূহৰ সহযোগিতাত ক’ভিড-১৯ক মোকাবিলা কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ এই পৰ্যন্ত ভাৰতীয় ৰে’লৱেয়ে ১.৯১ লাখ পিপিই গাউন, ৬৬.৪ কিলোলাখ ছেনিটাইজাৰ, ৭.৩৩ লাখ মাস্ক ইত্যাদি নিৰ্মাণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

অধিক সংখ্যক চাকৰি প্ৰত্যাশীসকলৰ বাবে তথা ভাৰতৰ ব্যৱসায়ৰ স্বত্বাধিকাৰীসকলক নতুন সংসাধন প্ৰদানৰ বাবে এমএছডিই-আইবিএমে মুকলি কৰিলে ‘স্কিল বিল্ড ৰিইনাইট’ শীৰ্ষক বিনামূলীয়া ডিজিটেল লাৰ্ণিং প্লেটফ’ৰ্ম

দক্ষতা বিকাশ তথা উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত ডিজিটিয়ে ‘ডিজিটেল ভাৰত’ৰ বীক্ষণ বাস্তৱায়িত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

মহামাৰীৰ সময়ত অৰ্থনীতিৰ গতি অব্যাহত ৰাখিবলৈ নাবিকসকলে আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰিলে মন্ত্ৰী শ্ৰী মাণ্ডৱ্যই

 

অধিক বিৱৰণৰ বাবে

 

প্ৰস্তাৱিত ঔষধ আৰু চিকিৎসা সামগ্ৰী পাৰ্কৰ বিভিন্ন দিশৰ উত্তৰণৰ খতিয়ান ল’লে শ্ৰী গৌড়াই

ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই ফাৰ্মাচিউটিকেল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰস্তাৱিত ঔষধ আৰু চিকিৎসা সামগ্ৰী পাৰ্কৰ বিভিন্ন পৰ্যায়ৰ খতিয়ান গ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • কেৰালাঃ এই পৰ্যন্ত ৰাজ্যখনত ৩৬০২৩ জন ৰোগী আছে৷
  • তামিলনাডুঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৮৮৩৬ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০১১৮ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৭৯৯ জন৷ মৃত্যু হৈছে ১৬৪ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০,৮৮৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৭৬০ জন, মুকলি হৈছে ৪৯৮৮ জন৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০,৪৪৪ জন৷ ইয়াৰে ৫৮৫৮ জন হ’ল সক্ৰিয় ৰোগী৷
  • অসমঃ অসমৰ  গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহত ৩১টা ক’ভিড কাউন্সেলিং কেন্দ্ৰ স্থাপন কৰা হৈছে৷
  • নাগালেণ্ডঃ মাস্ক নিপিন্ধা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ডিমাপুৰ প্ৰশাসনে৷
  • মণিপুৰঃ ৰাজ্যখনত সাৰৰ অভাৱ হোৱা নাই আৰু কৃষকসকলে ইয়াৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি জনাইছে ৰাজ্য চৰকাৰে৷
  • মিজোৰামঃ মিজোৰামত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১৮ জন আৰু এই পৰ্যন্ত ২৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷

ফেক্ট চেক



(Release ID: 1634368) Visitor Counter : 135