PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 16 JUN 2020 6:22PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

No photo description available.

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্যসমূহঃ আৰোগ্যৰ হাৰ হ’ল ৫২.৪৭%;

বিগত ২৪ ঘণ্টাত ১০,২১৫ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মুঠ ১,৮০,০১২ জন ৰোগীয়ে এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে৷ আৰোগ্য হাৰ হ’ল ৫২.৪৭%৷  বৰ্তমানে ১,৫৩,১৭৮ জন ৰোগীয়ে চিকিৎসকৰ তত্বৱধানত চিকিৎসা লাভ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

 

পৰীক্ষণৰ সামৰ্থ বৃদ্ধিৰ জৰিয়তে ই প্ৰতিদিনে ৩ লাখৰ সীমা স্পৰ্শ কৰিছে

দেশত ন’ভেল ক’ৰোনা ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ পৰীক্ষণৰ সামৰ্থ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ বৰ্তমানে দেশত প্ৰতিদিনে ৩ লাখ নমুনাৰ পৰীক্ষা কৰা হয়৷ এই পৰ্যন্ত ৫৯,২১,০৬৯টা নমুনা পৰীক্ষণ কৰা হৈছে৷ বিগত ২৪ ঘণ্টাত ১,৫৪,৯৩৫ টা নমুনা পৰীক্ষা কৰা হৈছে৷ দেশত মুঠ ৯০৭টা ক’ভিড-১৯ পৰীক্ষণৰ গৱেষণাগাৰ আছে৷ ইয়াৰে ৬৫৯টা হ’ল চৰকাৰী খণ্ডৰ আৰু ২৪৮টা হ’ল ব্যক্তিগত খণ্ডৰ৷

অধিক বিৱৰণৰ বাবে

আনলক ১.০ৰ পিছত সৃষ্টি হ’ব পৰা পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিল প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং যোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহে৷ বৈঠকখনত আনলক ১.০ৰ পিছত সৃষ্টি হ’ব পৰিস্থিতি সন্দৰ্ভত পৰিকল্পনা যুগুতোৱাৰ বিষয়ে আলোচনা কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সময়মতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবেই দেশত মহামাৰীৰ ব্যাপক প্ৰাদুৰ্ভাৱ ৰোধ কৰাত সহায়ক হৈছে৷  বৈঠকখনত কৃষিখণ্ড, উদ্যান শস্য, ফিছাৰী, এমএছএমই খণ্ডত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও  প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ

অধিক বিৱৰণৰ বাবে

ৰাজ্যসমূহক স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ উত্তৰণৰ বাবে ব্যক্তিগত খণ্ডৰ সৈতে যোগাযোগ কৰিবলৈ  তথা যুক্তিসংগত মূল্যত গুৰুত্বপূৰ্ণ সেৱাসমূহ আগবঢ়োৱাৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক ব্যক্তিগত খণ্ডৰ স্বাস্থ্য সেৱা প্ৰদানকাৰী সংস্থাসমূহক জড়িত কৰি গুৰুত্বপূৰ্ণ স্বাস্থ্য সেৱাসমূহ আগবঢ়োৱাৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷ ৰোগীসকলে যাতে উন্নত গুণগতমানৰ তথা ব্যয়সাধ্য মূল্যত স্বাস্থ্য সেৱা লাভ কৰিব পাৰে তাৰ বাবে নিশ্চিতি প্ৰদান কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিয়া হয়৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত খতিয়ান ল’বলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে লোকনায়ক জয় প্ৰকাশ নাৰায়ণ চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি এলএনজেপিএন চিকিৎসালয়ত আকস্মিক পৰিদৰ্শন কৰি চিকিৎসালয়খনে ক’ভিড-১৯ সন্দৰ্ভত গ্ৰহণ কৰা ব্যৱস্থাপনাসমূহৰ খতিয়ান গ্ৰহণ কৰে৷ শ্ৰী অমিত শ্বাহে দিল্লীৰ মুখ্য সচিবক প্ৰতিখন ক’ৰোনা চিকিৎসালয়ৰ ক’ৰোনা ৱাৰ্ডত চিচিটিভি কেমেৰা স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে৷

অধিক বিৱৰণৰ বাবে

পিএম বন ধন যোজনাৰ দ্বাৰা বৰ্তমানৰ ১৮,০০০ আত্মসহায়ক গোটৰ পৰা ৫০,০০০ বন ঝন আত্মসহায়ক গোট আঁচনি সামৰি লোৱা, জনজাতীয় সংগ্ৰহকৰ্তাৰ তিনিগুন বৃদ্ধি কৰি ১০ লাখলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ

প্ৰকৃতিৰ অভূতপূৰ্ব সংকট দূৰ কৰা আৰু ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে পৃথক তথা নতুন দৃষ্টিকোণৰ আৱশ্যক৷ এই সময়ছোৱাত আটাইটতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ ভিতৰত জনজাতিসকল অন্যতম৷ ইয়াৰ পৰিপ্ৰেক্ষিতত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ট্ৰাইফেডৰ দ্বাৰা আৰম্ভ কৰা কেতবোৰ যোজনাৰ অধীনত স্থাপন কৰা বন ধন ষ্টাৰ্ট-আপ জনজাতীয় সংগ্ৰহকৰ্তা, অঘৰী আৰু ঘৰত থকা শ্ৰমিক আৰু কাৰিকৰসকলৰ বাবে সংস্থাপন সৃষ্টিৰ এক উৎসত পৰিণত হৈছে৷

ট্ৰাইফেডে আজি এক ৱেবিনাৰ আয়োজন কৰে যাতে এক অভিনৱ দৃষ্টিকোণ আৰু বন ধন ষ্টাৰ্ট-আপৰ প্ৰগতিৰ জৰিয়তে পৰিচিত কৰি তেওঁলোকে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰে৷ ট্ৰাইফেডৰ অধ্যক্ষ প্ৰবীৰ কৃষ্ণই অধ্যক্ষতা কৰা ‘বন ধনঃ ট্ৰাইবেল ষ্ট্ৰাট-আপ ব্লুম ইন ইণ্ডিয়া’ শীৰ্ষক এই ৱেবিনাৰত ৪০গৰাকীতকৈ অধিক লোকে অংশগ্ৰহণ কৰে৷  ৱেবিনাৰত পিআইবিৰ এডিজি, শ্ৰীমতী নানু ভাছিন আৰু মাইগভৰ চিইঅ’ অভিষেক সিঙো উপস্থিত থাকে৷ টাইফেডৰ হৈ সকলো বিভাগীয় মুৰব্বী আৰু জ্যেষ্ঠ বিষয়াসকলে প্ৰতিনিধিত্ব কৰে৷

অধিক বিৱৰণৰ বাবে

‘‘য়োগা এট হোম, য়োগা উইথ ফেমিলি’ শিবিৰৰ সৈতে ২০২০ বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱস পালনৰ দিশত অগ্ৰসৰ আয়ুষ মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীয়ে জনসাধাৰণৰ জীৱন স্তব্ধ কৰি তুলিছে৷ এই পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱস পালন কৰিবলৈ আয়ুষ মন্ত্ৰালয়ে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে৷  ২১ জুন ২০২০ তাৰিখে পুৱা ৬.৩০ বজাত আয়ুষ মন্ত্ৰালয়ে দূৰদৰ্শনৰ জৰিয়তে এই কাৰ্যসূচী প্ৰচাৰ কৰিব৷

চলিত বৰ্ষৰ যোগ দিৱসত আয়ুষ মন্ত্ৰালয়ে ‘‘য়োগা এট হোম, য়োগা উইথ ফেমিলি’ শীৰ্ষক এক কাৰ্যসূচীৰ আয়োজন কৰিছে৷ বিগত বৰ্ষসমূহত বিশ্বৰ জনসাধাৰণে যোগ দিৱস পালনৰ জৰিয়তে ভাৰতৰ সংস্কৃতি তথা পৰম্পৰা উদযাপিত কৰিছিল৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে স্বাস্থ্য বিষয়াসকলক বহিঃৰাজ্য ফেৰৎ লোকসকলৰ ওপৰত সম্পূৰ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে৷
  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক ৮০,৮৪৫ কোটি টকাৰ বিত্তীয় সাহায্যৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে৷
  • হাৰিয়ানাঃ মুখ্যমন্ত্ৰীয়ে এক পুনৰীক্ষণ বৈঠকত বিষয়াসকলক মানৱীয় দৃষ্টিৰে সেৱা আগবঢ়াবলৈ তথা জনসাধাৰণক নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰিবলৈ আহ্বান জনায়৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১০,৭৪৪ জন৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫০,৫৫৪ জন৷
  • গুজৰাটঃ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৮৮৬ জন আৰু মুঠ সংক্ৰমিত ৰোগীৰ সংখ্যা হ’ল ২৪,০৫৫ জন৷
  • ৰাজস্থানঃ ৰাজ্যখনত মুঠ ১৩,০৯৬ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ৯৭৯৪ জন লোকে আৰোগ্য লাভ কৰিছে৷ ৩০২ জনৰ লোকৰ ৰোগত মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ  মুঠ ৰোগীৰ সংখ্যা হ’ল ১০,৯৩৫ জন৷ বিগত ২৪ ঘণ্টাত ১৩৩ জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷
  • চট্টিশগড়ঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১৭১৫ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৭৫ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৯২ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫০৭ জন৷
  • অৰুণাচল প্ৰদেশঃ অসমৰ ধেমাজি জিলাৰ পৰা পূব ছিয়াঙলৈ ট্ৰাকেৰে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা হৈছে৷
  • অসমঃ ১০ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ জৰিয়তে অসমত ক’ভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৩১৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২১০৩ জন৷ আৰোগ্য লাভ কৰিছে ২২০৫ জনে আৰু মৃত্যু হৈছে ৮ জনৰ৷
  • মণিপুৰঃ মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা খণ্ডৰ বেংকসমূহক ইমাকেইথেলৰ শতাধিক পদপথৰ ব্যৱসায়ীক আত্মভাৰত অভিযানৰ অধীনত ঋণৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে৷
  • মিজোৰামঃ মিজোৰামত বৰ্তমানে ৮৮৮৪ জন লোক কোৱাৰেণ্টিনত আছে৷ এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে৷
  • নাগালেণ্ডঃ  ডিমাপুৰে লকডাউনৰ নিৰ্দেশনাৱলীৰ সংশোধিত সংস্কৰণ মুকলি কৰিছে৷ ৩০ জুনলৈ বন্ধ থাকিব যাত্ৰীবাহী বাহন৷
  • কেৰালাঃ বৰ্তমানে ১৩৪৮ জন লোকে চিকিৎসা গ্ৰহণ কৰি আছে আৰু ১,২০,৭২৭ জন লোক বিভিন্ন জিলাত নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৬৫০৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২০৬৭৮ জন৷ মৃত্যু হৈছে ৪৭৯ জনৰ৷ মুকলি কৰি দিয়া হৈছে ২৪৫৪৭ জন৷ চেন্নাইত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫৩৮৫ জন৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৭২১৩ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯৮৭ জন৷ মৃত্যু হৈছে ৮৮ জনৰ৷  মুকলি কৰি দিয়া হৈছে ৪১৩৫ জনক৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ৫২৮০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা ২৩৪১ জন৷ আৰোগ্য লাভ কৰিছে ২৮৫১ জনে৷ মৃত্যু হৈছে ৮৮ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হৈছে ৫১৯৩ জন৷ আৰোগ্য লাভ কৰিছে ২৭৬৬ জনে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২৪০ জন আৰু মৃত্যু হৈছে ১৮৭ জনৰ৷

ফেক্ট চেক

 



(Release ID: 1631974) Visitor Counter : 172