PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 12 JUN 2020 6:39PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য; আৰোগ্যৰ হাৰ ৪৯.৪৭%লৈ বৃদ্ধি হৈছে; মুঠ ১,৪৭,১৯৪ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে

ক’ভিড-১৯ৰ ৰোগৰ পৰা শেহতীয়াকৈ আৰোগ্যৰ হাৰ হ’ল ৪৯.৪৭%৷ মুঠ ১,৪৭,১৯৪ জন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ লগতে ১,৪১,৮৪২ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷ বিগত ২৪ ঘণ্টাত ৬,১৬৬ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ লকডাউনৰ আৰম্ভণিতে দ্বিগুণ সময় ৩.৪ দিনৰ পৰা উত্তৰণ হৈ বৰ্তমানে ১৭.৪ দিন হৈছে৷

অধিক বিৱৰণৰ বাবে

নগৰাঞ্চলত পৰিবহণ সেৱা আগবঢ়োৱাৰ বাবে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশ/মহানগৰ/মেট্ৰ’ ৰে’ল উদ্যোগসমূহে

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য, কেন্দ্ৰীয়শাসিত প্ৰদেশ, মহানগৰ আৰু মেট্ৰ’ ৰে’ল উদ্যোগসমূহলৈ এক পৰামৰ্শৱলী জাৰি কৰি নগৰাঞ্চলত পৰিবহণৰ বাবে পৰ্যায়ভিত্তিক এক কৌশল যুগুত কৰিবলৈ নিৰ্দেশ দিছে৷

অধিক বিৱৰণৰ বাবে

আইন আৰু পদ্ধতি সম্পৰ্কীয় জিএছটি আয়োগৰ পৰামৰ্শৱলীসমূহ

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত ৪০তম জিএছটি আয়োগৰ আজি এক ভিডিঅ’ কনফাৰেন্সযোগে বৈঠক অনুষ্ঠিত হয়৷  এই বৈঠকত আইন আৰু পদ্ধতি সম্পৰ্কীয় কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

অধিক বিৱৰণৰ বাবে

শ্ৰী পীয়ুষ গোৱেলে ভাৰতীয় গুণগতমান আয়োগৰ পুনৰীক্ষণ কৰে; তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰতৰ গুণগতমানৰ সামগ্ৰী আৰু সেৱাৰ ভিত্তিত উত্তৰণ হ’ব

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কয় যে গুণগতমানে ভাৰতৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব৷ ভাৰতীয় গুণগতমান আয়োগৰ কাৰ্যাৱলী পুনৰীক্ষণ কৰি শ্ৰী গোৱেলে কয় যে আত্মনিৰ্ভৰ ভাৰতৰ ভেটি হ’ল গুণগতমানৰ থলুৱা সামগ্ৰী আৰু সেৱা৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা প্ৰস্তুতকৰ্তাসকলৰ মূলধন অধিগ্ৰহণ বিতৰণ চাৰি মাহলৈ সম্প্ৰসাৰণ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ

ক’ভিড-১৯ মহামাৰীৰ বাবে যোগান শৃংখল বিঘ্নিত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বণিকগোষ্ঠীৰে থকা সকলোবোৰ মূলধন অধিগ্ৰহণ (capital acquisition) ঠিকাৰ কাৰণে হস্তান্তৰৰ ম্যাদ চাৰি মাহলৈ বৃদ্ধি কৰিছে প্ৰতিৰক্ষা মন্ত্ৰণালয় (MoD)এ।

মন্ত্ৰণালয়টোৰ অধিগ্ৰহণ শাখাৰদ্বাৰা আজি এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাটোত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে অনুমোদন জনাইছে। ইয়াত উল্লেখ, “চাৰি মাহ সময়ৰ কাৰণে যথা ২৫ মাৰ্চ, ২০২০ ৰপৰা ২৪ জুলাই, ২০২০ লৈ ফ’ৰ্চ মেজিউৰ প্ৰযোজ্য হ’ব।”

নিৰ্দেশনাটোত আৰু উল্লেখ, “চুক্তিবদ্ধ সৰঞ্জাম/সেৱাৰ হস্তান্তৰ আৰু লিকুইডেটেড ডেমেজেছ চাৰ্জ আৰোপত পলম হ’লে এই ফ’ৰ্চ মেজিউৰৰ ম্যাদ অগ্ৰাহ্য কৰা হ’ব।”

এই ব্যৱস্থাই ক’ভিড-১৯ পৰিস্থিতিয়ে উৎপাদন প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলোৱা ঘৰুৱা প্ৰতিৰক্ষা উদ্যোগটোক বৃহৎ সকাহ প্ৰদান কৰিব।

অধিক বিৱৰণৰ বাবে

ৰাজ্যসমূহৰ চাহিদা অনুসৰি ভাৰতীয় ৰে’লৱেয়ে ব্যৱস্থা কৰিব শ্ৰমিম বিশেষ ৰে’লৰ

ৰাজ্যসমূহৰ চাহিদা অনুসৰি প্ৰব্ৰজিত শ্ৰমিকসকলৰ সুৰক্ষিত স্থানান্তৰণৰ বাবে ভাৰতীয় ৰে’লৱেয়ে পৰ্যাপ্ত পৰিমাণে শ্ৰমিক বিশেষ ৰে’ল যোগান ধৰিবলৈ প্ৰতিশ্ৰুতিৱদ্ধ৷ এই পৰ্যন্ত বিভিন্ন ৰাজ্যই ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষলৈ ৬৩ খন অধিক শ্ৰমিক বিশেষ ৰে’ল চলাচল কৰোৱাৰ বাবে অনুৰোধ লাভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত ৪৫.৬২ লাখ হিতাধিকাৰীলৈ মে’ আৰু জুন মাহত ২২,৮১২ মেট্ৰিকটন খাদ্যান্ন বিতৰণ কৰা হৈছে, ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে ২,০৯২ মেট্ৰিকটন দাইলো বিতৰণ কৰিছে

ভাৰতীয় খাদ্য নিগমৰ হাতত বৰ্তমানে ২৭০.৮৯ লাখ মেট্ৰিকটন চাউল আৰু ৫৪০.৮০ লাখ মেট্ৰিকটন গম মজুত আছে৷ তেওঁলোকৰ হাতত মুঠ ৮১১.৬৯ লাখ মেট্ৰিকটন খাদ্যান্ন মজুত আছে৷

অধিক বিৱৰণৰ বাবে

ৰামাগুণ্ডাম সাৰ উদ্যোগে ২০২০ চনৰ ভিতৰত উৎপাদন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, আনহাতে গোৰখপুৰ, বাৰাউনি আৰু সিন্ধ্ৰীয়ে ২০২১ৰ মে’ মাহৰ ভিতৰত উৎপাদন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে

অধিক বিৱৰণৰ বাবে

এনচিআৰ অঞ্চলত কম্পনঃ ‘‘বিতত হোৱাৰ কোনো প্ৰয়োজন নাই’’, ছিছম’লজীৰ ৰাষ্ট্ৰীয় কেন্দ্ৰৰ মুৰব্বীয়ে এইদৰে কয়

ছিছম’ল’জীৰ ৰাষ্ট্ৰীয় কেন্দ্ৰৰ সঞ্চালক ড বি কে বাঞ্চালে দিল্লী-এনচিআৰ অঞ্চলত শেহতীয়াকৈ হোৱা কম্পনৰ ঘটনাৰ পৰা ভয় খাবলগীয়া কোনো কথা নাই বুলি প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

শ্ৰী নৰেন্দ্ৰ সিং টোমৰে মুকলি কৰিলে ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ এক আঁচনি সহকাৰ মিত্ৰ

আঁচনিখন মুকলি কৰি শ্ৰী টোমৰে কয় যে এই সহকাৰ মিত্ৰ আঁচনিয়ে সমবায় সংস্থাসমূহক নতুন আৰু উদ্ভাৱনী চিন্তাধাৰা বিকশিত কৰাত সহায় কৰিব৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ ৰাজ্যখন মুঠ ৰোগীৰ সংখ্যা হৈছে ৯৭,৬৪৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৭,৯৬৮ জন আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৫২ জন৷
  • গুজৰাটঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হৈছে ২২,০৩২ জন৷ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ১৫,১০৯ জন৷
  • ৰাজস্থানঃ মুঠ ১১,৯৩০ জন ৰোগীৰ ভিতৰত ৮৮৪৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত ৰোগীৰ সংখ্যা হ’ল ১০,২৪১ জন৷
  • চট্টিশগড়ঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩৯৮ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৪৫ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪১৭ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৫০ জন৷
  • কেৰালাঃ মুঠ ১২৫৮ জন ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৮৭১৬ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭৬৫৯ জন৷ মৃত্যু হৈছে ৩৪৯ জনৰ৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৬২৪৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১৯৫ জন৷ মৃত্যু হৈছে ৭২ জনৰ৷ আৰোগ্য লাভ কৰিছে ২৯৭৬ জনে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা ৪৪০২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭২৩ জন৷ আৰোগ্য লাভ কৰিছে ২৫৯৯ জনে৷ মৃত্যু হৈছে ৮০ জনৰ৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৩২০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২১৬২ জন৷
  • অৰুণাচল প্ৰদেশঃ ৰাজ্যখনত এই পৰ্যন্ত ১৩,৭৪৯ জন ৰোগীৰ পৰীক্ষণ সম্পন্ন হৈছে৷  মুঠ ৰোগীৰ সংখ্যা হ’ল ৬৭ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬৩ জন৷
  • মণিপুৰঃ  কামজং আৰু ননী জিলাৰ বাবে স্বাস্থ্য মন্ত্ৰীয়ে দুখন এম্বুলেঞ্চ প্ৰদান কৰে৷
  • মিজোৰামঃ মিজোৰামৰ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে চেন্নাইৰ পৰা উভটি অহা সকলো যাত্ৰীৰ ক’ভিড-১৯ৰ পৰীক্ষণ সম্পন্ন কৰা হ’ব৷
  • নাগালেণ্ডঃ গুৱাহাটী উচ্চ ন্যায়ালৰ ক’হিমা বেঞ্চে নাগালেণ্ড চৰকাৰক পেট্ৰ’লিয়াম সামগ্ৰীৰ ওপৰত ক’ভিড-১৯ৰ কৰ আৰোপ কৰাৰ বিৰুদ্ধে দাখিল কৰা ৰাজহুৱা অভিযোগনামাৰ উত্তৰ দিবলৈ ৩ সপ্তাহৰ সময় প্ৰদান কৰিছে৷
  • ত্ৰিপুৰাঃ ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ঊৰ্ধতন বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়৷


(Release ID: 1631259) Visitor Counter : 210