PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 20 APR 2020 6:25PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

দেশত এই পৰ্যন্ত মুঠ নিশ্চিত পৰিঘটনা হ’ল ১৭,২৬৫টা৷ ইয়াৰে ২৫৪৭জন ৰোগী অৰ্থাৎ ১৪.৭৫% আৰোগ্য হৈছে৷ মুঠ ৫৪৩জন লোকৰ মৃত্যু হৈছে৷বিগত ৭টা দিনৰ ক’ভিড-১০ৰ ডাবলিং হাৰৰ উত্তৰণ গণনা কৰি এয়া পৰিলক্ষিত হৈছে যে ভাৰতৰ লকডাউনৰ পূৰ্বে ডাবলিং হাৰ আছিল ৩.৫ আৰু এতিয়া ১৯ এপ্ৰিল ২০২০ তাৰিখত এয়া ৭.৫লৈ উত্তৰণ হৈছে৷ (বিগত ৭টা দিনৰ বাবে)

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ সময়ত  জীৱন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লিংকডইনত যুৱ প্ৰজন্ম আৰু কৰ্মক্ষেত্ৰৰ সৈতে জড়িত লোকসকলক উদগনি যোগাব পৰাকৈ কিছু কথা বিনিময় কৰিছে৷ তেওঁ কয়, ‘‘আজি আমাৰ বিশ্বই নতুন ব্যৱসায়িক মডেলৰ দিশলৈ অগ্ৰসৰ হৈছে৷ ভাৰত এখন যুৱ দেশ আৰু এই দেশ উদ্ভাৱনী শক্তিৰ বাবে জনাজাত যিয়ে এক নতুন কৰ্ম সংস্কৃতিত নেতৃত্ব প্ৰদান কৰিব পাৰে৷’’ প্ৰধানমন্ত্ৰীয়ে ‘এডাপ্টিবিলিটী’, ‘এফিচিয়েন্সী’, ইনক্লুছিভিটী’, ‘অপৰ্চুনিটী’ আৰু ‘ইউনিভাৰ্ছেলিজম’ শীৰ্ষক পাঁচটা ‘ভাৱেল’ৰ দ্বাৰা নতুন ব্যৱসায় আৰু কৰ্ম সংস্কৃতি সংজ্ঞায়িত হৈছে বুলি উল্লেখ কৰে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে যুদ্ধ কৰিবলৈ ৰাজ্যসমূহৰ পৰিস্থিতি আৰু প্ৰয়াসৰ মূল্যায়নৰ বাবে কেন্দ্ৰই গঠন কৰিছে ৬টা আন্তঃমন্ত্ৰালয় দল

ক’ভিড-১৯ৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে যুদ্ধ কৰিবলৈ পশ্চিম বংগত আৰু মহাৰাষ্ট্ৰত দুটাকৈ আৰু মধ্য প্ৰদেশ তথা ৰাজস্থানত এটাকৈ আন্তঃমন্ত্ৰালয়ৰ দল গঠন কৰিছে কেন্দ্ৰই৷

অধিক বিৱৰণৰ বাবে

ৰাজ্যসমূহে -বাণিজ্যকে ধৰি অন্যান্য আৱশ্যকীয় সামগ্ৰীৰ যোগান শৃংখল সুচলভাৱে চলা সুনিশ্চিত কৰিব লাগে

ভিড-১৯ বিৰুদ্ধে যুঁজিবলৈ সমগ্ৰ দেশতে লকডাউন ঘোষণাৰ সময়ত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সংশোধিত নিৰ্দেশনাৰ অধীনত সকলো মন্ত্ৰালয়/বিভাগকে নিৰ্দিষ্ট কিছুমান কাৰ্যকলাপৰ ক্ষেত্ৰত ৰেহাই দিবলৈ জাননী জাৰি কৰিছে। আজি জাৰি কৰা সংহত সংশোধিত নিৰ্দেশনাৰ জাননী মতে -বাণিজ্যৰ লগত জড়িত সংস্থাসমূহক ৰেহাই দিয়া হৈছে। লগতে এইটোও উল্লেখ কৰা হৈছে যে অত্যাৱশ্যকীয় সামগ্ৰী নহলে তাৰ পৰিৱহণৰ বাবে -বাণিজ্যৰ ক্ষেত্ৰতো অনুমতি দিয়া নহয়৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ক নিয়ন্ত্ৰণ আৰু মোকাবিলা কৰাৰ বাবে গুৰুত্বপূৰ্ণ মানৱ সম্পদসমূহৰ অনলাইন ডাটা পুল মুকলি কৰিলে চৰকাৰে

কেন্দ্ৰীয় চৰকাৰে আয়ুস চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মী, এনৱাকে, এনচিচি, এনএছছ, পিএমজিকেভিৱাইৰ স্বেচ্ছাসেৱী, প্ৰাক্তন চাকৰিয়াল ইত্যাদিক লৈ https://covidwarriors.gov.in এক অনলাইন ডাটা পুল মুকলি কৰিছে৷ ডেশ্বব’ৰ্ডত এই তথ্য নিয়মীয়াকৈ উন্নীতকৰণ কৰা হ’ব৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ সম্পৰ্কত আলোচনাৰ উদ্দেশ্যেজি-২০ স্বাস্থ্যমন্ত্ৰীসকলৰ বৈঠক

ৰোনা ভাইৰাছ(ভিড-১৯)ৰে মোকাবিলা কৰাৰ বাবে সহযোগিতা আৰু পৰস্পৰৰ প্ৰতি সন্মানজনক আৰু উপযোগী সমভাগিতাৰ পৰিৱেশ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰিছে ডাঃ হৰ্ষবৰ্ধনে৷ জি২০ৰ দেশসমূহৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে হোৱা এক ভিডিঅ’ কনফাৰেন্সত ডাঃ হৰ্ষৱৰ্ধনে বিশ্বজনীন স্বাস্থ্য এজেণ্ডাসমূহৰ প্ৰতি ভাৰতৰ সমৰ্থন দোহাৰি এইদৰে কয়, ‘‘ভাৰতে ক’ভিড-১৯ৰ সমাধানৰ বাবে জি-২০ৰ সদস্যসকলৰ সৈতে কাম কৰাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সাজু৷’’

অধিক বিৱৰণৰ বাবে

ভিড-১৯ লকডাউন সত্ত্বেও কৃষকসকলৰ চাহিদা পূৰণ কৰিবলৈ সক্ৰিয় কৰি ৰখা হৈছে সাৰৰ উৎপাদন আৰু বিতৰণ কাৰ্য

লকডাউনৰ সময়ছোৱাত ১৭ এপ্ৰিল তাৰিখে এদিনতে সৰ্বাধিক ৪১ ৰেক পৰিমাণৰ সাৰ বিভিন্ন কাৰখানা আৰু বন্দৰৰ পৰা অনা-নিয়া কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় খাদ্য নিগম (FCI)- কাৰ্য-কলাপ

ফচিআইয়ে ২৫ দিনৰ লকডাউনৰ সময়ছোৱাত প্ৰায় ,৪২,০০০ মেট্ৰিক টন সামগ্ৰীৰ সৈতে ১৫৮খন ৰেলত উত্তৰ পূৰ্বাঞ্চললৈ খাদ্য-সামগ্ৰী পৰিবহণ কৰিছে যি প্ৰতিমাহে পৰিবহণ কৰা গড়ে প্ৰায় ৮০খন ৰেলৰ দুগুণ৷ উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্গম অঞ্চলসমূহলৈ ৰে'লপথৰ লগতে স্থলপথেৰেও বৃহৎ পৰিমাণত সামগ্ৰীৰ পৰিবহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ লিহৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই উভয়ৰে দেশত ভিড-১৯ৰ শেহতীয়া স্থিতি সম্পৰ্কে পৰস্পৰক অৱগত কৰে৷ ছাৰ্ক দেশসমূহৰ সৈতে স্থাপন হোৱা সমন্বয় সক্ৰিয়ভাৱে প্ৰণয়ন হোৱা হেতুকে দুয়োগৰাকী নেতাই সন্তোষ প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

নাৰেলা কোৱাৰেণ্টাইন চেণ্টাৰলৈ সহায় সেনাৰ

ভিড-১৯ৰ সন্দেহজনক লোকৰ বাবে ব্যৱস্থাপনা কৰা দিল্লীস্থিত নাৰেলা কোৱাৰেণ্টাইন কেন্দ্ৰ হৈছে দেশৰ ভিতৰতে সৰ্ববৃহৎ কেন্দ্ৰ৷ মাৰ্চ মাহৰ মাজভাগত দিল্লী চৰকাৰে এই কেন্দ্ৰটো স্থাপন কৰে৷১ এপ্ৰিল, ২০২০ৰ পৰা সেনাৰ একাংশ চিকিৎসক আৰু নাৰ্ছে নাৰেলা কোৱাৰেণ্টাইন চেণ্টাৰত অসামৰিক প্ৰশাসনক সহায় কৰি আহিছে৷ ১৬ এপ্ৰিলৰ পৰা পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৮ বজালৈকে সেনাই দায়িত্ব পালন কৰি কেৱল নিশাৰ দায়িত্বহে দিল্লী চৰকাৰৰ চিকিৎসক আৰু নাৰ্ছসকলক প্ৰদান কৰি তেওঁলোকক সকাহ দি আহিছে৷

অধিক বিৱৰণৰ বাবে

ধাবা আৰু ট্ৰাক মেৰামতি দোকানৰ তালিকা সম্বলিত ডেশ্ববোৰ্ড শুভাৰম্ভ কৰিলে পথ পৰিবহণ মন্ত্ৰালয়ে

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে(এমঅআৰটিএইচ) এনএইচএআই, ৰাজ্য আৰু তেল বিপণন কোম্পানীৰ দৰে সংস্থাই দেশৰ বিভিন্ন ঠাইত খুলি ৰখা ধাবা আৰু ট্ৰাক মেৰামতি কৰা দোকানৰ তালিকা সম্বলিত এক ডেশ্ববোৰ্ডৰ শুভাৰম্ভ কৰিছে৷ ভিড-১৯ মহামাৰী ৰোধৰ লক্ষ্যৰে ঘোষণা কৰা লকডাউনৰ ফলত বৰ্তমানৰ প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতি মোকাবিলা কৰিবলৈ দেশৰ বিভিন্ন স্থানলৈ সামগ্ৰী পৰিবহণ কৰা ট্ৰাক আৰু কাৰ্গচালক আৰু সহযোগীসকলক সুবিধা প্ৰদানৰ বাবেই এই ব্যৱস্থা কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ বিৰুদ্ধে যুঁজত বৰঙণি আগবঢ়োৱা বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় বিদ্যালয় সংস্থানে

বৰ্তমানলৈকে ৮০খন কেন্দ্ৰীয় বিদ্যালয় বিভিন্ন কৰ্তৃপক্ষক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ দিয়া হৈছে৷ বিভিন্ন অনলাইন মঞ্চৰ জৰিয়তে ,০৭,৩১২গৰাকী শিক্ষাৰ্থীক ৩২,২৪৭গৰাকী শিক্ষকে অনলাইন পাঠদান আগবঢ়াইছে৷

অধিক বিৱৰণৰ বাবে

দেশত ভিড-১৯ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশৰে বিভিন্ন জিলা প্ৰশাসন আৰু গাওঁ পঞ্চায়তসমূহে গ্ৰহণ কৰিছে বিভিন্ন উল্লেখযোগ্য পদক্ষেপ

পৰামৰ্শদাতা কমিটি গঠন, ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে দেৱাল লিখন, মাস্ক চিলাই আৰু বিতৰণ, দৰিদ্ৰৰ মাজত ৰন্ধা খাদ্য/খাদ্য সামগ্ৰীৰ বিনামূলীয়া বিতৰণ আৰু ৰাজহুৱা স্থান ছেনিটাইজেশ্যনকে ধৰি গ্ৰহণ কৰা হৈছে বিভিন্ন পদক্ষেপ৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি পর্যালোচনা কৰাৰ বাবে ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতাল পৰিদর্শন ড০ হর্ষ বর্ধনৰ

ড০ হর্ষ বর্ধনে ভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি পর্যালোচনা কৰাৰ বাবে আজি ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতাল পৰিদর্শন কৰে৷ ভিড আক্রান্তসকলৰ চিকিৎসাৰ বাবে ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ৪৫০খন বিচনাৰ লগতে পর্যাপ্ত আইছলেচন ৱার্ডো আছে। এই চিকিৎসালয়খনে ভিড-১৯ হাস্পতাল হিচাপে কাম কৰিছে৷

অধিক বিৱৰণৰ বাবে

ক্ষুধাৰ্তসকললৈ ২০ লক্ষাধিক বিনামূলীয়া খাদ্য বিতৰণ ভাৰতীয় ৰে’লৱেৰ

লকডাউনৰ সময়ছোৱাত ভাৰতীয় ৰে’লৱেৰ বিনামূলীয়া গৰম ৰন্ধা খাদ্য বিতৰণৰ সংখ্যাই আজি ২ মিলিয়নৰ সংখ্যা স্পৰ্শ কৰাৰ লগতে মুঠ বিতৰণ কৰা খাদ্যৰ পৰিমাণ হয়গৈ ২০.৫ লাখ৷ ৰে’লৱেয়ে কাগজৰ প্লেটৰ সৈতে আইআৰচিটিচিৰ পাকঘৰত প্ৰস্তুত কৰা খাদ্য বিতৰণ কৰি আহিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ পাৰ্যমানে সমৰ্থন আগবঢ়াইছে কয়লা আৰু খনিৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহেঃ শ্ৰী প্ৰহ্লাদ যোশী

নেচনেল এলুমিনিয়াম কোম্পানী (নালকো) আৰু ক’ল ইণ্ডিয়াৰ অধীনস্থ মহানদী ক’লফিল্ডছ লিমিটেডে (এমচিএল) উৰিষ্যাত দুখন ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসালয়ৰ পূৰ্ণ বিত্তপোষণৰ দায়িত্ব গ্ৰহণ কৰিছে৷ চিকিৎসালয় দুখন ভিডিঅ’ কনফাৰেন্সযোগে মুকলি কৰে উৰিষ্যাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে৷ উৰিষ্যা চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা এই চিকিৎসালয়কেইখন ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়সমূহৰ সহযোগিতাত পৰিচালিত হ’ব৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ আৱৰ্জনা সংগ্ৰহকাৰী বাহনৰ চালকসকলক অনুসৰণ কৰাৰ বাবে জিপিএছ সমৰ্থনযুক্ত স্মাৰ্ট ঘড়ী ব্যৱহাৰ কৰিছে চণ্ডীগড়ৰ মহানগৰে

চণ্ডীগড়ত প্ৰথমটো ধনাত্মক ক’ভিড-১৯ৰ পৰিঘটনাৰ প্ৰতিবেদন দাখিল হোৱাৰ লগে লগে চহৰখনে ধনাত্মক ব্যক্তিজনৰ সংস্পৰ্শলৈ অহা সকলো লোকক কোৱাৰেণ্টাইন কৰিছে৷ কোৱাৰেণ্টাইন হৈ থকা ব্যক্তিসকলক চিভিডি ট্ৰেকাৰ এপৰ জৰিয়তে অনুসৰণ কৰা হৈছে৷ সেই পৰিয়ালসকলক অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতৰ বিভিন্ন প্ৰান্তলৈ অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগানৰ বাবে লাইফলাইন উড়ানৰ বিমানে অতিক্ৰম কৰিলে ৩ লক্ষাধিক কিলোমিটাৰ পথ

লাইফলাইন উড়ানৰ বিমানে ৫০৭.৮৫ টন অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগানৰ বাবে ৩ লক্ষাধিক কিলোমিটাৰ পথ অতিক্ৰম কৰিছে৷ লাইফলাইন উড়ানৰ অধীনত ৩০১খন বিমানে সেৱা আগবঢ়াই আছে৷

অধিক বিৱৰণৰ বাবে

চিএছআইআৰে গ্ৰাম-নিগেটিভ ছেপছিছত আক্ৰান্ত ৰোগীৰ জীৱন ৰক্ষাৰ বাবে ঔষধ নিৰ্মাণৰ প্ৰয়াসত আগবঢ়ালে সহযোগিতা

চিএছআইআৰে এতিয়া গুৰুতৰভাৱে আক্ৰান্ত ক’ভিড-১৯ সংক্ৰমিত ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ ঔষধৰ প্ৰভাৱ মূল্যাংকন কৰাৰ বাবে ‘কম্পেৰেটৰ-নিয়ন্ত্ৰিত ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

কৰ্কট ৰোগত আক্ৰান্ত উনাৰ এটি শিশুলৈ জৰুৰীভাৱে ঔষধ যোগান ধৰে ভাৰতীয় ডাক বিভাগে

কৰ্কট ৰোগত আক্ৰান্ত হিমাচল প্ৰদেশৰ উনাৰ এটি ৮বছৰীয়া কন্যা শিশু শালিনী(নাম সলনি কৰা হৈছে)লৈ ভাৰতীয় ডাক বিভাগে জৰুৰীভাৱে ঔষধ যোগান ধৰে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ আটা ক্ৰয়ৰ ব্যৱস্থা নিৰাপদে সমাপন হোৱাৰ নিশ্চিতিৰ বাবে পাঞ্জাৱ মণ্ডী ব’ৰ্ডে ৫,৬০০ বিষয়া/কৰ্মচাৰীক ১.৫০ লাখ মাস্ক আৰু ১৫,০০০ ছেনিটাইজাৰৰ বটল যোগান ধৰিছে৷
  • হিমাচল প্ৰদেশঃ ৰাজ্য চৰকাৰে নাগৰিকসকলক আয়ুস মন্ত্ৰালয়ে প্ৰদান কৰা নিৰ্দেশনাৱলীসমূহ পালন কৰিবলৈ আহ্বান জনাইছে৷
  • অৰুণাচল প্ৰদেশঃ লকডাউনৰ সময়ছোৱাত ১৬৬৯টা উলংঘাৰ পৰিঘটনা প্ৰতিবেদন হৈছে, গ্ৰেপ্তাৰ কৰা হৈছে ৪৯২জনক, ৭৫০খন বাহন জব্দ কৰা হৈছে, ১৬১খন এজাহাৰ দাখিল হৈছে আৰু জৰিমণা হিচাপে ৬.৫ লাখ টকা সংগ্ৰহ হৈছে৷
  • অসমঃ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা ৮৬,০০০জন লোকৰ প্ৰত্যেকলৈ ২০০০ টকাকৈ মুকলি কৰি দিয়া বুলি টুইটাৰত প্ৰকাশ কৰিছে৷
  • মণিপুৰঃ পূব আৰু পশ্চিম ইম্ফল জিলাৰ বিশেষ পেট্ৰ’ল ইউনিটক মুখ্যমন্ত্ৰীয়ে ১২খন নতুন পেট্ৰ’ল গাড়ী প্ৰদান কৰিছে৷
  • মিজোৰামঃ ২২ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া ৰাজ্যিক শিক্ষা পৰিষদৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখা হৈছে৷
  • নাগালেণ্ডঃ বিভিন্ন জিলাত আণ্ডাৰ ট্ৰায়েলছ ৰিভিউ কমিটিৰ বৈঠক অনুষ্ঠিত কৰা হৈছে৷  কাৰাগাৰত ভিৰ কম কৰিবলৈ পে’ৰ’লত মুকলি কৰি দিয়া গৈছে ১০৯জন বিচাৰাধীন আৰু ৮জন জুভেনাইলক৷ লকডাউনৰ মাজতে ক’হিমা আৰু ডিমাপুৰত পালন কৰা হৈছে ছাব্বাথ ডে’৷
  • ছিক্কিমঃ ছিক্কিমত পাৱাৰগ্ৰীডে ডিচি ৱেষ্টক ১০টা ভেণ্টিলেটৰৰ বাবে ৭.৮৫ লাখ টকা, ডিচি ইষ্ট আৰু ডিচি নৰ্থক প্ৰত্যেককে খাদ্য সামগ্ৰী আৰু পিপিই কিটৰ বাবে ৭ লাখকৈ টকা আৰু ডিচি ছাউথক ৩ লাখ টকা সাহায্য হিচাপে আগবঢ়াইছে৷
  • ত্ৰিপুৰাঃ চৰকাৰী নিৰ্দেশনাৰ অনুপালন অনুসৰি ১৬টা ভিন্ন উদ্যোগ আৰু ঔদ্যোগিক প্ৰতিষ্ঠান (চৰকাৰী আৰু বেচৰকাৰী)ক কাৰ্যবিধি আৰম্ভ কৰিবলৈ অনুমোদন প্ৰদান কৰিছে৷
  • কেৰালাঃ এজন ইটালিয়ান নাগৰিকে ক’ৰোনা ভাইৰাছৰ পৰা আৰোগ্য হোৱাৰ পিছত ৰাজ্যখনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি বিদায় মাগিছে৷ কালিৰে পৰা আৰোগ্য হৈছে ১৩জন আৰু ২টা নতুন ঘটনাৰ প্ৰতিবেদন দাখিল হৈছে৷ ১২৯ গৰাকীৰ চিকিৎসা চলি আছে৷
  • তামিলনাডুঃ ৩ মে’লৈ বলৱৎ থাকিব লকডাউন৷ মুঠ পৰিঘটনা এই পৰ্যন্ত ১৪৭৭টা; মৃত্যু ১৬; মুকলি কৰি দিয়া হৈছে ৪১১জন৷
  • কৰ্ণাটকঃ আজি কালবুৰ্গি জিলাৰ পৰা ৫টা নতুন পৰিঘটনাৰ প্ৰতিবেদন দাখিল হৈছে৷ এই পৰ্যন্ত মুঠ পৰিঘটনা ৩৯৫টা; মৃত্যু ১৬ আৰু মুকলি হৈছে ১১২জন৷
  • অন্ধ্ৰ প্ৰদেশঃ বিগত ২৪ ঘণ্টাত ৭৫টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ লগতে মুঠ পৰিঘটনাৰ সংখ্যা হ’ল ৭২২টা৷ মৃত্যু ২০৷ ৰাজ্যই প্ৰতিজন লোকক ৩টাকৈ বিনামূলীয়া মাল্ক বিতৰণ কৰিছে৷
  • তেলেংগানাঃ হায়দৰাবাদস্থিত ‘টি-ৱৰ্ক’ছে বেগ-ভালভ-মাস্কবিশিষ্ট ভেণ্টিলেটৰ নিৰ্মাণ কৰিছে৷ ৰাজ্যখনত ৭ মে’লৈ বৃদ্ধি কৰা হৈছে লকডাউন৷ মুঠ পৰিঘঠনা ৮৫৮টা৷ সক্ৰিয় পৰিঘটনাঃ ৬৫১, মৃত্যু ২১ আৰু মুকলি হৈছে ১৮৬জন৷
  • মহাৰাষ্ট্ৰঃ মুঠ পৰিঘটনা ৪,২০৩টা৷ মৃত্যুৰ সংখ্যা ২২৩টা আৰু আৰোদ্য হৈছে ৫০৭জন৷
  • গোৱাঃ গোৱা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ব্ৰিটেইনলৈ এখন বিশেষ বিমানত ৰাওনা হৈছে ২৬৫জন ব্ৰিটিছ নাগৰিক৷ ২৪ মাৰ্চত লকডাউন ঘোষণা কৰাৰে পৰা ৰাছিয়া, ফ্ৰান্স, আমেৰিকা, কানাডাৰ ৫,০০০ত কৈও অধিক বিদেশীক স্বদেশলৈ প্ৰেৰণ কৰা হৈছে৷
  • গুজৰাটঃ ১৩৯টা নতুন পৰিঘটনাৰ সৈতে মুঠ পৰিঘটনা হৈছে ১৭৪৩টা৷ ইয়াৰে ১০৫জন আৰোগ্য হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৬৩জন৷
  • ৰাজস্থানঃ ৰাজস্থানত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১৪৭৮লৈ বৃদ্ধি পাইছে আৰু ১৪জনৰ মৃত্যু হৈছে৷
  • মধ্য প্ৰদেশঃ ৰাজ্যখনত ক’ৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ১৪০৭জন৷ ১৩১জন লোক এই ৰোগৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৭২জনৰ৷ ৮৯০জন ৰোগীৰ সৈতে ইন্দোৰত আছে সৰ্বাধিক ৰোগী আৰু ভূপালত আছে ২১৪জন ৰোগী৷     

 

 

#ক’ভিড-১৯ সন্দৰ্ভত ফেক্ট চেক

 



(Release ID: 1616510) Visitor Counter : 294