কয়লা মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ পাৰ্যমানে সমৰ্থন আগবঢ়াইছে কয়লা আৰু খনিৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহেঃ শ্ৰী প্ৰহ্লাদ যোশী

উৰিষ্যাত ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত দুখন চিকিৎসালয়ক নালকো আৰু এমচিএলে পুঁজিৰ যোগান ধৰিব

Posted On: 20 APR 2020 3:20PM by PIB Guwahati

নেচনেল এলুমিনিয়াম কোম্পানী (নালকো) আৰু ক’ল ইণ্ডিয়াৰ অধীনস্থ মহানদী ক’লফিল্ডছ লিমিটেডে (এমচিএল) উৰিষ্যাত দুখন ক’ভিড-১৯ৰ বাবে উৎসৰ্গিত চিকিৎসালয়ৰ পূৰ্ণ বিত্তপোষণৰ দায়িত্ব গ্ৰহণ কৰিছে৷ চিকিৎসালয় দুখন ভিডিঅ’ কনফাৰেন্সযোগে মুকলি কৰে উৰিষ্যাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে৷ উৰিষ্যা চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা এই চিকিৎসালয়কেইখন ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়সমূহৰ সহযোগিতাত পৰিচালিত হ’ব৷

এই সন্দৰ্ভত শ্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ কয়লা আৰু খনি মন্ত্ৰালয়ে পাৰ্যমানে সমৰ্থন আগবঢ়াইছে৷ উক্ত চিকিৎসালয় দুখনে উৰিষ্যাৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব৷ তেওঁ কয় যে নালকোৱে নবৰংগপুৰ জিলাত ২০০খন বিচনাযুক্ত এখন চিকিৎসালয় আৰু এমচিএলে আংগুল জিলাৰ তালচেৰত ১৫০খন বিচনাযুক্ত এখন চিকিৎসালয়ক বিত্তৰ যোগান ধৰিব৷

 

 

 

 

উল্লেখ্য, নালকোৰ কৰ্মচাৰীসকলে ২.৫ কোটি টকাৰ এদিনৰ দৰমহা উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ বৰঙণি হিচাপে আগবঢ়াইছে৷ এমচিএলে ইতিমধ্যেই ভুৱনেশ্বৰত এখন ৫০০ বিচনাযুক্ত ক’ভিড-১৯ৰ চিকিৎসালয়লৈ বিত্তৰ যোগান ধৰিছে৷ ক’ল ইণ্ডিয়াই উৰিষ্যাৰ ঝাৰছুগুড়া জিলাত এখন ৫০খনতকৈও অধিক বিচনাৰ আচুতীয়া কেন্দ্ৰ স্থাপন কৰিছে৷

 

****

RJ/NG/MANN



(Release ID: 1616500) Visitor Counter : 227