iffi banner

৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে (IFFI) চিনেডাবছ সংহতিৰ জৰিয়তে সুগমতা আৰু অন্তৰ্ভুক্তিৰ বৰ্ধন ঘটাইছে

চিনেমাক সকলোৰে বাবে সুলভ কৰি তোলাৰ দায়বদ্ধতাক সুদৃঢ় কৰি ৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) চিনেডাবছ প্ৰৱৰ্তন কৰা হৈছে। এই বহুভাষিক অডিঅ’-সহায়ক এপে দৰ্শকসকলক নিজৰ পছন্দৰ ভাষাত মহোৎসৱৰ নিৰ্বাচিত ছবিসমূহৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম কৰি তুলিছে। এই উদ্ভাৱনীমূলক পদক্ষেপে বৈচিত্ৰ্যক আকোৱালি লোৱা, অন্তৰ্ভুক্তিক প্ৰসাৰ কৰা আৰু চিনেমাক সকলোৰে বাবে এক উমৈহতীয়া অভিজ্ঞতা কৰি তোলা কাৰ্য্য নিশ্চিত কৰাৰ ক্ষেত্ৰত আইএফএফআই-ৰ দৃষ্টিভংগীকে প্ৰতিফলিত কৰে।

চিনেডাবছঃ বাধাহীনভাৱে চলচ্চিত্ৰ উপভোগ

চিনেডাবছ এপটোৱে চিনেমাৰ দৰ্শকসকলক তেওঁলোকৰ পছন্দৰ ভাষাত চিনেমাগৃহৰ ভিতৰত ছবি উপভোগ কৰিবলৈ সক্ষম কৰি তুলিছে— ইয়াত চিনেমাখন যি ভাষাত কৰা হৈছে, সেয়া কোনো কথা নহয়। এটা সহজ আৰু নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াৰে ইয়াৰ ব্যৱহাৰকাৰীসকলেঃ

  • এপটোত তেওঁলোকৰ পছন্দৰ ভাষাৰ অডিঅ’ ট্ৰেক ডাউনল’ড কৰিব পাৰে
  • পেটেন্টেড অডিঅ’-চিংক্ৰ’নাইজেচন প্ৰযুক্তি ব্যৱহাৰ কৰি এপটোক ফিল্মৰ সৈতে অটো-চিংক কৰিব পাৰে
  • এনেকৈ এক নিমজ্জিত, ব্যক্তিগতকৃত আৰু বাধা-মুক্ত চিনেমাৰ অভিজ্ঞতা অনুভৱ কৰিব পাৰে

ভাষিক সীমা দূৰ কৰি চিনেডাবছে ভিন্ন অঞ্চল আৰু ভাষাৰ পটভূমিৰ দৰ্শকে একত্ৰিত হৈ সঁচাকৈয়ে সৰ্বাংগীন পৰিবেশত চিনেমাক উদযাপন কৰিবলৈ পথ প্ৰশস্ত কৰিছে।

চিনেডাবছৰ লাভা-লাভ

থিয়েটাৰ আৰু প্ৰদৰ্শনীত চিনেডাবছে একেটা প্ৰদৰ্শনীলৈ বহুভাষিক দৰ্শকক আকৰ্ষণ কৰিব পাৰে। ই ভাষা-নিৰ্দিষ্ট শ্ব'লৈ সঁহাৰি বৃদ্ধি কৰিব পাৰে আৰু অধিক কাৰ্য্যক্ষম প্ৰেক্ষাগৃহৰ কাৰ্য্যকলাপ প্ৰশস্ত কৰিব পাৰে। এইদৰে চিনেমাপ্ৰেমীসকলেও নিজৰ পছন্দৰ ভাষাত ছবি চাব পাৰে, ভাষিক সীমাবদ্ধতাৰ বাহিৰেও আঞ্চলিক আৰু বিশ্বব্যাপী চিনেমা উপভোগ কৰিব পাৰে তথা ভিন্ন ভাষা কোৱা বন্ধু-বান্ধৱ আৰু পৰিয়ালবৰ্গৰ সৈতে ছবিৰ অভিজ্ঞতা আদান-প্ৰদান কৰিব পাৰে।

আইএফএফআই ৫৬-ত উন্নত অডিঅ' সুগমতা

সুগমতাৰ মিছনক আগুৱাই নিবলৈ আইএফএফআই-এ বিশেষ স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিছে। এইসমূহৰ ভিতৰত আছেঃ

অডিঅ' বিৱৰণ (AD):

এই ব্যৱস্থাই দৃশ্যগত উপাদানসমূহৰ আখ্যানমূলক বৰ্ণনা প্ৰদান কৰে, ইয়াৰ ফলত দৃষ্টিহীন দৰ্শকসকলে ছবিখনৰ কাহিনীৰ সৈতে সম্পূৰ্ণৰূপে জড়িত হ’ব পাৰে।

ক্লজড কেপচন (CC):

সংলাপ, শব্দ আৰু প্ৰয়োজনীয় অডিঅ' উপাদানসমূহৰ বাবে অন-স্ক্ৰীন টেক্স আগবঢ়াই শ্ৰৱণ-অক্ষম দৰ্শকসকলক সহায় কৰে।

এডি আৰু চিচি-এ একেলগে অধিক অন্তৰ্ভুক্ত চিনেমাৰ পৰিবেশ নিশ্চিত কৰে। ইয়াত প্ৰতিজন দৰ্শকেই—সংবেদনশীল ক্ষমতা নিৰ্বিশেষে—চলচ্চিত্ৰৰ যাদু অনুভৱ কৰিব পাৰে।

এক অধিক অন্তৰ্ভুক্ত ভৱিষ্যতৰ দিশত এক পদক্ষেপ

চিনেডাবছৰ সংহতি আৰু বৰ্ধিত সুগমতা বৈশিষ্ট্যৰে ৫৬ সংখ্যক আইএফএফআই-এ বিশ্ব চলচ্চিত্ৰ মহোৎসৱসমূহৰ অন্তৰ্ভুক্তিৰ সীমাবদ্ধতা দূৰ কৰিছে। এই পদক্ষেপে আইএফএফআই-ৰ এনে এক চিনেমাৰ স্থান সৃষ্টিৰ প্ৰতি নিষ্ঠাক পুনৰ দৃঢ় কৰে, য’ত ভাষা আৰু সুগমতা এতিয়া আৰু বাধা নহয়, বৰঞ্চ দৰ্শকক একত্ৰিত কৰা এক সেতু।

 

আইএফএফআই সম্পৰ্কে

১৯৫২ ত প্ৰৱৰ্তিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ উদযাপনৰ কাৰ্য্যসূচী হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু গোৱা ৰাজ্য চৰকাৰৰ এন্টাৰটেইনমেন্ট ছ'চাইটি অৱ গোৱা (ESG) ই যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱ এক বিশ্বব্যাপী চিনেমাৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আইএফএফআই-ক প্ৰকৃততে উজ্জ্বল কৰি তোলা কাৰকসমূহ হৈছে— আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি আৰু ৱেভছ ফিল্ম বজাৰ। ইয়াত চিন্তা আৰু চুক্তিৰ আদান-প্ৰদান তথা সহযোগিতা স্থাপিত হয়। ২০-২৮ নৱেম্বৰত গোৱাৰ আকৰ্ষণীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাক উদযাপন কৰিব।

 

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰকঃ

আইএফএফআই ৱেবচাইটঃ https://www.iffigoa.org/

পিআইবি-ৰ আইএফএফআই মাইক্ৰ’চাইটঃ https://www.pib.gov.in/iffi/56/

পিআইবি আইএফএফআইউড ব্ৰডকাষ্ট চেনেলঃ https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

এক্স হেণ্ডেলঃ @IFFIGoa, @PIB_India, @PIB_Panaji

* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Sangeeta Godbole/Sriyanka Chatterjee/Darshana Rane | IFFI 56 - 086


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


रिलीज़ आईडी: 2195317   |   Visitor Counter: 20