তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা ইয়াৰ মিডিয়া ইউনিটসমূহে চলোৱা ‘বিশেষ অভিযান ৫.০’ পূৰ্ণগতিত চলি আছে
‘বিশেষ অভিযান ৫.০’ৰ অধীনত মন্ত্ৰালয়টোৱে সম্ভৱ কৰা বৃহত্ সাফল্যসমূহ: ১.৪৩ লাখ কিলোগ্ৰাম পেলনীয়া সা-সামগ্ৰীৰ নিষ্কাশন, ৯৭৩টা স্থানৰ পৰিষ্কৰণ, আৰু ১৪,০০০টা ফাইলৰ পৰ্যালোচনা
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ‘বিশেষ অভিযান ৫.০’ৰ অধীনত স্বচ্ছতা, দক্ষতা আৰু বিলম্বিত কাম-কাজ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে
Posted On:
22 OCT 2025 1:56PM by PIB Guwahati
স্বচ্ছতাৰ প্ৰতিষ্ঠানিকীকৰণ আৰু বিলম্বিত কাম-কাজৰ বোজা কম কৰাৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে চলোৱা ‘বিশেষ অভিযান ৫.০’ পূৰ্ণগতিত চলি আছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইয়াৰ মিডিয়া ইউনিট আৰু ক্ষেত্ৰ কাৰ্যালয়সমূহৰ সৈতে দেশজুৰি চলোৱা ‘বিশেষ অভিযান ৫.০ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে, যিয়ে স্বচ্ছ কৰ্মক্ষেত্ৰ, বিচাৰধীন বিষয়সমূহ নিষ্পত্তি কৰা, আৰু দক্ষতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে। অভিযানৰ ৰূপায়ণ পৰ্যায় ২০২৫ চনৰ ২ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল আৰু অভিযানৰ প্ৰস্তুতি পৰ্যায়ত চূড়ান্ত কৰা লক্ষ্যসমূহত উপনীতৰ বাবে নিষ্ঠাৰে প্ৰচেষ্টা চলোৱা হৈছে।
২০২৫ চনৰ ২ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ অভিযানৰ প্ৰথমটো পষেকত মন্ত্ৰালয়টোৰ কৃতিত্বৰ উল্লেখযোগ্য দিশসমূহ হ’ল:
- মন্ত্ৰালয়ে ৪৯৩টা আউটড’ৰ অভিযান চলাইছে, ৯৭৩টা স্থান পৰিষ্কাৰ কৰিছে আৰু ১০৪খন বাহনক অনুপযোগী ঘোষণা কৰা হৈছে।
- প্ৰায় ১.৪৩ লাখ কিলোগ্ৰাম পেলনীয়া সা-সামগ্ৰী নিষ্কাশন কৰা হৈছে, যিবোৰ বিক্ৰীৰ জৰিয়তে ৩৪.২৭ লাখ টকাৰ ৰাজহ আহৰণ কৰা হৈছে আৰু প্ৰায় ৮০০৭ বৰ্গফুট ঠাই মুকলি কৰিব পৰা গৈছে।
- প্ৰায় ১৩৯০০টা কাগজ-পত্ৰ থকা ফাইল পুনৰীক্ষণ কৰা হৈছে, যাৰ ভিতৰত ৩৯৫৭টা অলাগতীয়া হৈ পৰা কাগজ-পত্ৰৰ ফাইল আঁতৰাই পেলোৱা হৈছে। আনহাতে মুঠ ৫৮৫টা ‘ই-ফাইল’ পৰ্যালোচনা কৰা হৈছে ইয়াৰে ১৬৫টা বন্ধ কৰা হৈছে।
- মুঠ ৩০১টা ৰাজহুৱা অভিযোগ, ৫৭টা পিজি আপীল, ১৬টা এমপি ৰেফাৰেন্স, ২টা ৰাজ্য চৰকাৰ। অন্যান্য কৃতিত্বসমূহৰ বাহিৰেও ৰেফাৰেন্স আৰু ১ পিএমঅ’ ৰেফাৰেন্স-ও নিষ্কাশন কৰা হৈছে।
- ‘বিশেষ অভিযান ৫.০’ৰ অধীনত বিভিন্ন কাৰ্যৰ অগ্ৰগতি তদাৰক কৰিবলৈ মন্ত্ৰালয়টোৰ বিষয়াৰ এটা দলক বিভিন্ন ক্ষেত্ৰীয় কাৰ্যালয়সমূহলৈ প্ৰেৰণ কৰা হৈছে।
কৰ্মক্ষেত্ৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধি, উৎপাদনশীলতা বৃদ্ধি, স্বচ্ছতাৰ প্ৰতিষ্ঠানিকীকৰণ, বিচাৰধীন বিষয়সমূহ সময়মতে নিষ্পত্তিকৰণ আৰু দায়িত্বশীল ই-আৱৰ্জনা ব্যৱস্থাপনাক প্ৰসাৰিত কৰা, ৰাষ্ট্ৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বহনক্ষমতাত অৰিহণা যোগোৱাৰ বাবে অভিযানৰ লক্ষ্যসমূহৰ প্ৰতি মন্ত্ৰালয়টো দায়বদ্ধ হৈ আছে।
অভিযানৰ কিছু উল্লেখযোগ্য দিশ তলত দিয়া হ’ল:

আইআইএমচি, নতুন দিল্লীৰ বিদ্যুত্ উপ-কেন্দ্ৰত ছাফাই অভিযান


পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সামাজিক সচেতনতা প্ৰসাৰৰ বাবে ‘পিআইবি ইম্ফল’-ৰ ‘বিশেষ অভিযান ৫.০’ৰ অধীনত এখন বিদ্যালয়ত অনাময় অভিযান
Dharmendra Tewari/ Navin Sreejith/KB
(Release ID: 2181531)
Visitor Counter : 5
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam