PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 07 SEP 2020 6:20PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতৰ মুঠ আৰোগ্যৰ ধাৰাবাহিকা অব্যাহত, আজি ৩২.৫লাখৰ সীমা অতিক্ৰম; ভাৰতৰ মুঠ আক্ৰান্তৰ ৬০%, চিকিৎসাধীন ৰোগীৰ ৬২% আৰু মুঠ মৃত্যুৰ ৭০%ই ৫খন ৰাজ্যৰ

অগ্ৰগতিৰ ধাৰা বজাই ৰাখি দেশত ক’ভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰাৰ লোকৰ সংখ্যা আজি ৩২.৫০লাখৰ সীমা অতিক্ৰম কৰিছে৷ বিগত ২৪ ঘণ্টাত ৬৯,৫৬৪গৰাকী লোক সুস্থ হৈ উঠিছে৷ ইয়াৰ ফলত আৰোগ্যৰ হাৰ ৭৭.৩১শতাংশলৈ উন্নীত হৈছে৷ পৰীক্ষা, চিনাক্ত, আৰু চিকিৎসা কৌশলৰ অংশ হিচাপে একাধিক কার্যকৰী আৰু সুসমন্বিত প্ৰয়াস গ্ৰহণৰ ফলত ব্যাপক হাৰত নমুনা পৰীক্ষাৰ জৰিয়তে আক্রান্ত লোসকলক আগতীয়াকৈ চিনাক্তকৰণ কৰাটো সম্ভৱ হৈছে৷ তদুপৰি, উন্নত এম্বুলেন্স সেৱা, ৰোগীসকলক উপযুক্ত চিকিৎসা সেৱা, সময়মতে হাস্পতাললৈ স্থানান্তকৰণ ইত্যাদি প্ৰচেষ্টাৰ ফলত ক’ভিড-১৯ আক্রান্ত ৰোগীৰ সংখ্যা ক্ৰমশ হ্ৰাস পাইছে আৰু আৰোগ্য হৈ অধিক লোকে ডিছচাৰ্জচ লৈছে৷ আৰোগ্য লাভৰ সংখ্যা বৃদ্ধিৰ ফলত দেশত আজিলৈকে মৃত্যু হাৰ হ্ৰাস পাই ১.৭০ শতাংশ হৈছে৷ দেশত মুঠ আক্রান্ত লোকৰ ৬০শতাংশই ৫খন ৰাজ্যৰ৷ সেই ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ(২১.৬ শতাংশ), অন্ধ্ৰ প্ৰদেশ(১১.৮ শতাংশ), তামিলনাডু(১১ শতাংশ), কর্ণাটক (৯.৫ শতাংশ) আৰু উত্তৰ প্ৰদেশ(৬.৩ শতাংশ)৷ দেশত সৰ্বমুঠ ক’ৰোনাত আক্রান্তৰ ২৬.৭৬ শতাংশই মহাৰাষ্ট্ৰৰ৷ ইয়াৰ পাছতে আছে ক্ৰমে অন্ধ্ৰপ্ৰদেশ(১১.৩০ শতাংশ) কর্ণাটক(১১.২৫ শতাংশ), উত্তৰ প্ৰদেশ(৬.৯৮ শতাংশ) আৰু তামিলনাডু(৫.৮৩ শতাংশ)৷ এই ৫খন ৰাজ্যত বর্তমান ক’ৰোনাত আক্রান্তৰ হাৰ ৬২ শতাংশ৷ দেশত বৰ্তমানলৈকে ক’ৰোনাৰ পৰা আৰোগ্য হোৱাৰ লোকৰ সংখ্যা ৩২,৫০,৪২৯ জন৷ বিগত ২৪ ঘণ্টাত সর্বাধিক ১১,৯১৫ জন অন্ধ্ৰপ্ৰদেশত আৰোগ্য হৈছে৷ কর্ণাটক আৰু মহাৰাষ্ট্ৰত ক্ৰমে ৯,৫৭৫ আৰু ৭,৮২৬ লোক আৰোগ্য হৈছে৷ তামিলনাডুত ৫,৮২০ জন আৰু উত্তৰ প্ৰদেশত ৪,৭৭৯ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ দেশত বিগত ২৪ ঘণ্টাত মোট আৰোগ্য হোৱা লোকৰ ভিতৰত ৫৭ শতাংশই এই ৫খন ৰাজ্যৰ৷

অধিক বিৱৰণৰ বাবে

 

ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ নতুন সংযোজন, আৰোগ্য আৰু প্ৰতিবেদিত মৃত্যুৰ সংখ্যাৰ তথ্য

অধিক বিৱৰণৰ বাবে

 

পাঞ্জাৱ আৰু চণ্ডীগড়লৈ ১০ দিনৰ বাবে কেন্দ্ৰীয় দল প্ৰেৰণ কৰিব স্বাস্থ্য মন্ত্ৰালয়ে; কেন্দ্ৰীয় দলে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ৰ নিয়ন্ত্ৰণ, নিৰীক্ষণ, পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাপনাৰ বাবে জনস্বাস্থ্য সম্পৰ্কীয় দিশবোৰ পৰ্যালোচনা কৰিব

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে পাঞ্জাৱ আৰু চণ্ডীগড়লৈ কেন্দ্ৰীয় দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় দলটোৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ৰ নিয়ন্ত্ৰণ, নিৰীক্ষণ, পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাপনাৰ লগতে মৃত্যুৰ হাৰ আৰু জীৱন ৰক্ষা বাবে জনস্বাস্থ্য সম্পৰ্কীয় দিশবোৰ পৰ্যালোচনা কৰিব৷ তেওঁলোকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সময়ানুৱৰ্তী চিকিৎসা আৰু প্ৰাসংগিক বিষয়বোৰ কাৰ্যকৰীভাৱে সম্পন্ন কৰাত তত্বাৱধান কৰিব৷  চণ্ডীগড়ৰ পিজিআইএমইআৰ এগৰাকী কমিউনিটী মেডিচিন বিশেষজ্ঞ আৰু এনচিডিচিৰ এগৰাকী মহামাৰী বিশেষজ্ঞৰে দুজনীয়া সদস্যৰে দলটো গঠন কৰা হ’ব৷ দলটোৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তত্বাৱধান কৰাৰ বাবে ১০ দিন থাকিব৷ পাঞ্জাৱত মুঠ ৬০,০১৩গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমান ১৫,৭৩১গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ ইতিমধ্যে ১,৭৩৯গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ৪.৯৭%৷ একেদৰে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ত ২,০৯৫গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু অঞ্চলটোত মুঠ আক্ৰান্ত সংখ্যা ৫,২৬৮জন৷ চণ্ডীগড় পজিটিভিটিৰ হাৰ ১১.৯৯%৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পজিটিভিটি আৰু মৃত্যুৰ হাৰ অধিক হৈছে, সেইবোৰলৈ কেন্দ্ৰীয় দল প্ৰেৰণেৰে সহায় আগবঢ়াই আহিছে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সংক্ৰমণৰ হাৰ আৰু মৃত্যুৰ হাৰ কম কৰিবলৈ সকলো জোৰদাৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড সংক্ৰমণ অধিক হোৱা আৰু সংশ্লিষ্ট কাৰণতে মৃত্যুৰ হাৰ বৃদ্ধি পোৱা ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য সচিবৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত কেন্দ্ৰীয় স্বাস্থ্য সচিব

দেশৰ যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হঠাতে ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে তথা সংক্ৰমিতসকলৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে, তেনেবোৰ ৰাজ্যৰ সৈতে নিয়মিত যোগাযোগ ৰক্ষা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আৰু যিবোৰ জিলাত সংক্ৰমণৰ হাৰ অধিক সেই জিলাবোৰত পৰিস্থিতিৰে মোকাবিলাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিবে ৩৫ খন জিলাৰ পৰিস্থিতি বিবেচনা কৰি সেই জিলাবোৰ যিবোৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত সেইবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য সচিবসকলৰ সৈতে বৈঠকত মিলিত হৈছে। এই ৩৫ খন জিলা ক্ৰমে : পশ্চিমবঙ্গৰ কলকাতা, হাওড়া, উত্তৰ ২৪ পৰাগনা আৰু দক্ষিণ ২৪ পৰাগনা, মহাৰাষ্ট্ৰৰ পুনে, নাগপুৰ, থানে, মুম্বাই, মুম্বাই চহৰতলী, কোলাপুৰ, ছাঙ্গলী, নাছিক, আহমেদনগৰ, ৰায়গড়, জলগাঁও, ছোলাপুৰ, ছাতাৰা, পালঘৰ, ঔউৰঙ্গাবাদ, ধুলে আৰু নান্দেদ, গুজৰাটৰ ছুৰাট, ঝাড়খণ্ডৰ পূৰ্ব সিংভূম, পণ্ডীচেৰীৰ পণ্ডীচেৰী আৰু দিল্লীৰ ১১ খন জিলাৰ আটাইকেইখন। স্বাস্থ্য সচিবসকলৰ উপৰিও আজিৰ এই বৈঠকত জিলা কালেক্টৰ, পৌৰসভাৰ আয়ুক্তসহ সংশ্লিষ্ট জিলাৰ উৰ্দ্ধতন বিষয়াসকলে ডিজিটাল মাধ্যমেৰে অংশগ্ৰহণ কৰে। সংক্ৰমণৰ শৃংখল হ্ৰাস কৰি পৰৱৰ্তী পৰ্যায়ত এই শৃংখল ভঙাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য সচিবে বৈঠকত অংশগ্ৰহণকাৰীসকলক ভালেমান বিষয়ত নজৰ ৰখাৰ আহ্বান জনায়। যিসকল লোক জটিল ৰোগত ভুগি আছে তেওঁলোকৰ লগতে প্ৰবীণ নাগৰিকসকলৰ প্ৰতিও বিশেষ নজৰ ৰাখিব লাগিব, সংক্ৰমিত এলাকাত নিয়মিতভাৱে খা-খবৰ লোৱা আৰু ৰোগ প্ৰতিৰোধ ব্যৱস্থাপনাক যথাযথভাৱে মানি চলা তথা নমুনা পৰীক্ষাৰ হাৰ ক্ৰমাৎ বৃদ্ধি কৰা, যাতে সংক্ৰমণৰ হাৰ ৫ শতাংশতকৈ হ্ৰাস কৰিব পৰা যায়। স্বাস্থ্য সচিবসকলে সংশ্লিষ্ট জিলাবোৰৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে বিস্তাৰিতভাৱে জনাইছে। তেওঁলোকে ৰোগ প্ৰতিৰোধ ব্যৱস্থাপনা, সংক্ৰমিতসকলৰ সংস্পৰ্শলৈ যিসকল লোক আহিছে তেওঁলোকক চিহ্নিত কৰা, যিসকল সংক্ৰমিত লোকৰ মৃত্যু হৈছে তেওঁলোকৰ বিষয়ে বিস্তাৰিত তথ্য সংগ্ৰহ কৰাৰ উপৰিও আগন্তুক এমাহলৈ পৰিস্থিতিৰ মোকাবিলাৰ বাবে তেওঁলোকে কি কি পৰিকল্পনা গ্ৰহণ কৰিছে সেই বিষয়ে বিস্তাৰিতভাৱে জনায়। এই জিলাবোৰত আৰটি-পিচিআৰ আৰু ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে। ইয়াৰ উপৰিও এণ্টিজেন টেষ্টত যিসকলৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে তেওঁলোকক পুনৰায় টেষ্ট কৰা, সংক্ৰমিতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা আৰু হাস্পতালবোৰতো আইচিইউ বেড, ভেণ্টিলেটৰ আৰু অক্সিজেনৰ ব্যৱস্থাযুক্ত বেড সম্পৰ্কে বিস্তাৰিত তথ্য জনোৱা হৈছে।

অধিক বিৱৰণৰ বাবে  

 

উত্তৰ প্ৰদেশে সংবদ্ধ ক’ভিড নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কেন্দ্ৰ তথা অনন্য ৰাজ্যিক ক’ভিড প’ৰ্টেল নিৰ্মাণ কৰিলে

দেশত ক’ভিড মহামাৰীয়ে ৯ মাহৰ সময়সীমা অতিক্ৰম কৰিলে আৰু এই সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে এই মহামাৰীৰ ব্যৱস্থাপনাত গুৰুত্ব প্ৰদান কৰাৰ সৈতে ক’ভিডৰ বাবে প্ৰতিক্ৰিয়া তথা প্ৰৱন্ধন ৰণনীতিত দৃঢ়তাৰে নেতৃত্ব প্ৰদান কৰিছে৷ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ চৰকাৰে কেন্দ্ৰৰ নীতি আৰু পৰিস্থিতি উত্তৰণৰ পদক্ষেপসমূহ নিজৰ মাজত সমন্বয় স্থাপন কৰি অনন্য সহযোগেৰে প্ৰণয়ন কৰিছে৷ বহু ৰাজ্যই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াৰ বাবে অনুকূল উপায়ো প্ৰস্তুত কৰিছে৷ এই উপায়সমূহ অন্য ৰাজ্যইও প্ৰৱৰ্তন কৰিছে যাৰ দ্বাৰা ক্ষেত্ৰীয় চিন্তাধাৰা আৰু উন্নত উপায়সমূহৰ ব্যাপক প্ৰণয়নে উদগনি লাভ কৰিছে৷ উত্তৰ প্ৰদেশ চৰকাৰে এই দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ উত্তৰ প্ৰদেশৰ চৰকাৰে ক’ভিড বৰ্ধিত পজিটিভ ৰোগীৰ সংখ্যাৰ সৈতে মোকাবিলা কৰিবলৈ ১৮ জুলাই ২০২০ তাৰিখে ৰাজ্যখনৰ সকলো জিলাত সংবদ্ধ ক’ভিড নিয়ন্ত্ৰণ তথা নিৰ্দেশনা কেন্দ্ৰ আৰু লগতে সকলো সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিৰ সৈতে ৰাজ্য মুখ্যালয়ৰ স্থাপন কৰিছে৷ এই কেন্দ্ৰ মুখ্য ৰূপত অবৈধ ফাৰ্মাচিউটিকেল হস্তক্ষেপসমূহৰ বাবে প্ৰাসংগিক বিভাগসমূহৰ মাজত প্ৰভাৱী সমন্বয় সুনিশ্চিত কৰাৰ বাবে স্থাপন কৰা হৈছে৷ এই কেন্দ্ৰসমূহত ক’ভিড-১৯ৰ ৰোগীসমূহৰ তৎকালীন চিকিৎসাৰ বাবে উচিত স্তৰত সমৰ্পিত ক’ভিড সুবিধা কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ সুবিধা অন্তৰ্নিহিত কৰা হৈছে৷ উত্তৰ প্ৰদেশে এক অনন্য ৰাজ্যিক ক’ভিড প’ৰ্টেল http://upcovid19tracks.in ও নিৰ্মাণ কৰিছে য’ত ক’ভিড ৰোগীৰ নিৰীক্ষণ, পৰীক্ষণ আৰু চিকিৎসা সম্বন্ধীয় সকলো সূচনা একত্ৰিত কৰা হয়৷ জিলা পৰ্যায়ত তথ্য আৰু তথ্য ব্যৱস্থাপনাৰ গুণগতমান সুনিশ্চিত কৰাৰ বাবে নিয়মিত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ এই প’ৰ্টেলে ভাৰত চৰকাৰৰ প’ৰ্টেলৰ সৈতে পাৰস্পৰিক মাধ্যমেৰে সুবিধা লাভ কৰিছে৷ উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যিক কোষৰ পৰা ১০০০ উচ্চ প্ৰবাহযুক্ত নাসিকা সম্বন্ধীয় কেনুলাও (টিউব) ক্ৰয় কৰিছে৷ ইয়াৰে ৫০০ টিউব এই পৰ্যন্ত স্থাপন কৰা হৈছে আৰু ৰাজ্যৰ ৰোগীসকলৰ অসংক্ৰামক চিকিৎসাত ব্যৱহাৰ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতক আত্মনিৰ্ভৰ কৰিবলৈ ভাৰত চৰকাৰে ধূপ প্ৰস্তুত কৰা কাৰিকৰসকললৈ সহায়ৰ হাত আগবঢ়াইছে

কেন্দ্ৰীয় সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ(এমএছএমই) মন্ত্ৰালয়ে ৪ ছেপ্তেম্বৰ,২০২০ত এক নতুন গাইডলাইন জাৰি কৰি ধূপ প্ৰস্তুতৰ সৈতে জড়িত কাৰিকৰ আৰু ধূপ নিৰ্মাণ উদ্যোগলৈ সহায়ৰ হাত আগবঢ়াইছে। ৩০ জুলাই,২০২০ত মুকলি কৰা সহযোগিতা কাৰ্যসূচীক অধিক আগুৱাই নি মন্ত্ৰালয়ে  কেৱল ধূপ নিৰ্মাণৰ বাবে যন্ত্ৰ যোগান ধৰাৰ উপৰি এই উদ্যোগৰ সকলো দিশ চালিজাৰি চাইছে। যোৱা এটা বছৰত সাংঘাতিকভাৱে চাহিদা বৃদ্ধি পোৱা কেঁচা সামগ্ৰী যোগান ধৰাৰ বিষয়টোও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। নতুন কাৰ্যসূচাৰ চাৰিটা প্ৰধান স্তম্ভ হ’লঃ ১) প্ৰশিক্ষণ, কেঁচা সামগ্ৰী যোগান, মাৰ্কেটিং আৰু আৰ্থিক সহযোগিতাৰ মাধ্যমেৰে কাৰিকৰসকলক অবিৰতভাৱে সমৰ্থন আগবঢ়োৱা। ২) এই সামগ্ৰীৰ সকলো দিশৰ ওপৰত কাম কৰা। কনৌজত এটা চেণ্টাৰ অৱ এক্সিলেন্স স্থাপনৰ সিদ্ধান্ত। ৩) ৫০০০ কাৰিকৰক উপকৃত কৰিবলৈ ‘স্পুৰ্টী’ৰ অধীনত প্ৰায় ৫০কোটি ব্যয়েৰে ১০টা ক্লাষ্টাৰ্ছ স্থাপন কৰা হ’ব। ৪) দেশত স্বনিৰ্ভৰশীলতা সৃষ্টি কৰিবলৈ মেছিন নিৰ্মাণ সক্ষমতা সৱল কৰা। ২০টা পাইলট প্ৰজেক্টৰ মাধ্যমেৰে আত্ম সহায়ক গোটক ৪০০ স্বয়ংক্ৰিয় ধূপ নিৰ্মাণ যন্ত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰ পূৰ্বে ২০০ যন্ত্ৰ আগবঢ়োৱা হৈছে। এই আঁচনিয়ে প্ৰায় ১৫০০ কাৰিকৰক কৰ্মসংস্থাপন প্ৰদান কৰি উপকৃত কৰিব। হেণ্ড ৰোল ধূপ প্ৰস্তুত কৰা কাৰিকৰ আৰু প্ৰব্ৰজিত শ্ৰমিকে এই আঁচনিৰ অধীনত অগ্ৰাধিকাৰ লাভ কৰিব। এই খণ্ডত ভাৰতক আত্ম-নিৰ্ভৰ কৰিবলৈ কাৰ্যসূচীৰ আকাৰ ৫৫কোটিতকৈ অধিক বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত সন্নিবিষ্ট হৈ আছে ১৫০০ কাৰিকৰক ৩.৪৫কোটিৰ তৎকালীন সমৰ্থন আগবঢ়োৱা।

অধিক বিৱৰণৰ বাবে

কভিড লকডাউনৰ দৰে কঠিন সময়ৰ মাজতো বিপিপিআই-এ ২০১৯-২০ৰ প্ৰথম ত্ৰৈমাসিকত ৭৫.৪৮ কোটি টকাৰ মুঠ বিক্ৰীৰ তুলনাত ২০২০-২১ৰ প্ৰথম ত্ৰৈমাসিকত ১৪৬.৫৯ কোটি টকাৰ মুঠ বিক্ৰীৰে প্ৰশংসনীয় প্ৰদৰ্শন কৰিছে

কভিড লকডাউনৰ দৰে কঠিন সময়ৰ মাজতো ব্যুৰ’ অৱ ফাৰ্মা পি এছ ইউ অৱ ইণ্ডিয়া বা বিপিপিআই-এ উল্লেখনীয় ব্যৱসায়িক প্ৰদৰ্শনেৰে বিত্তীয় বৰ্ষ ২০১৯-২০ৰ প্ৰথম ত্ৰৈমাসিকত ৭৫.৪৮ কোটি টকাৰ মুঠ বিক্ৰীৰ তুলনাত ২০২০-২১ৰ প্ৰথম ত্ৰৈমাসিকত মুঠ ১৪৬.৫৯ কোটি টকাৰ দৰৱ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ ৰূপায়ণকাৰী সংস্থা হৈছে বিপিপিআই।চলিত বছৰৰ জুলাই মাহত বিপিপিআই-এ ৪৮.৬৬কোটি টকাৰ লেনদেন কৰিছে। ইয়াৰ ফলত জুলাই মাহৰ শেষত সংস্থাৰ মুঠ বিক্ৰীৰ পৰিমাণ হৈছে ১৯১.৯০কোটি টকা। দেশত লকডাউনৰ সময়ত জন ঔষধি কেন্দ্ৰসমূহত স্বাভাৱিক কাম-কাজ অব্যাহত আছে আৰু অত্যাৱশ্যকীয় দৰৱ-পাতিৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ অংগীকাৰৰ অংগ হিচাপে জটিল পৰিস্থিতিতো সেৱা আগবঢ়াই আছিল। এই কেন্দ্ৰসমূহে প্ৰায় ১৫ লাখ মাস্ক, ৮০লাখ হাইড্ৰ’স্কিক্লৰ’কুইন আৰু ১০০ লাখ পেৰাচিটেমোল টেবলেট বিক্ৰী কৰিছে যিয়ে জনসাধাৰণৰ প্ৰায় ১২৬০ কোটি টকা বচাইছে। বৰ্তমান জনঔষধি কেন্দ্ৰসমূহৰ পৰা ১২৫০টা বিভিন্ন ধৰণৰ দৰৱ আৰু ২০৪টা অস্ত্ৰোপচাৰ সামগ্ৰী বিক্ৰী কৰা হয়। ২০১৪ চনৰ ৩১ মাৰ্চলৈকে এনেধৰণৰ ২০০০দৰৱ আৰু অস্ত্ৰোপচাৰ সামগ্ৰী বিক্ৰীৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্য পূৰণ কৰা সম্ভৱ হ’লে জনঔষধি কেন্দ্ৰসমূহৰ পৰা মধুমেহ, কাৰ্ডিঅ’ ভাছকুলাৰ, এণ্টি কেন্সাৰ, এণ্টি এলাৰ্জিক, ভিটামিন, খনিজ পদাৰ্থ আদিৰ দৰে বিভিন্ন ধৰণৰ দৰৱ গ্ৰাহক সকলৰ বাবে সুলভ মূল্যত বিক্ৰী কৰিব পৰা যাব।

অধিক বিৱৰণৰ বাবে

শ্ৰী থাৱাৰচান্দ গেহলটে মুকলি কৰিলে ‘২৪x৭ বিনামূলীয়া মানসিক স্বাস্থ্য পুনৰ্বাসন হেল্পলাইন কিৰণ-(১৮০০-৫৯৯-০০১৯)

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী শ্ৰী থাৱাৰচান্দ গেহলটে আজি ২৪x৭ বিনামূলীয়া মানসিক স্বাস্থ্য পুনৰ্বাসন হেল্পলাইন ‘‘কিৰণ’’ (১৮০০-৫০০-০০১৯) মুকলি কৰে৷ ইয়াৰ জৰিয়তে মানসিক স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত লোকসকলক সাহায্য প্ৰদান কৰা হ’ব৷ শ্ৰী গেহলটে হেল্পলাইনৰ পোষ্টাৰ, ব্ৰাউচাৰ আৰু সংশ্লিষ্ট পুস্তিকাও মুকলি কৰে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

 

  • চণ্ডীগড়ঃ চণ্ডীগড়ৰ প্ৰশাসনে নাগৰিক, বজাৰ সংস্থা, স্বেচ্ছাসেৱী আৰু পৌৰসভাৰ কাউন্সিলাৰসকলক জনসাধাৰণক ক’ভিডৰ লক্ষণ দেখা পালেই তৎকালীনভাৱে চিকিৎসা সেৱা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাবলৈ আহ্বান জনাইছে৷

 

  • পাঞ্জাৱঃ ক’ভিডৰ পৰীক্ষাৰ বাবে উৎসাহিত কৰিবলৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে দৰিদ্ৰলোকসকললৈ বিনামূলীয়া খাদ্যৰ পেকেট বিতৰণ কৰাৰ ঘোষণা কৰিছে৷

 

  • অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত ৮৬ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ শেহতীয়াকৈ ৰাজ্যখনত ১৫২০ জন লোক ৰোগত আক্ৰান্ত হৈছে৷

 

  • অসমঃ অসমত কালি ১৭৬৩জন লোকক মুকলি কৰি দিয়া হৈছে৷ এই পৰ্যন্ত মুঠ ৯৬,৮২৩ জন লোকক মুকলি কৰি দিয়া হৈছে আৰু মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৮২৭৩ জন৷ অসমৰ স্বাস্থ্য মন্ত্ৰীয়ে এইদৰে টুইটাৰত প্ৰকাশ কৰিছে৷

 

  • মণিপুৰঃ ২ জন লোকৰ মৃত্যু হৈছে আৰু ১৩৯ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ আৰোগ্য লাভ কৰিছে ১৮৯ জনে আৰু আৰোগ্যৰ হাৰ হৈছে ৭২ শতাংশ৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৮২০ জন৷

 

  • মেঘালয়ঃ মেঘালয়ত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪৩৩ জন৷ আৰোগ্য লাভ কৰিছে ১৫৫৬ জনে৷

 

  • মিজোৰামঃ কালি ২১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১১১৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৩৮২ জন৷

 

  • নাগালেণ্ডঃ ৪১৭৮ জন ৰোগীৰ ভিতৰত ১৭৮৬ জন হ’ল সশস্ত্ৰ বাহিনীৰ লোক আৰু ঘূৰি অহা লোকৰ সংখ্যা হ’ল ১২৯৬ জন৷ শেহতীয়াকৈ ৭৭৩ জন লোক চৰকাৰী কোৱাৰেণ্টিনত আছে৷

 

  • ছিক্কিমঃ মুঠ ৬ জন লোকৰ মৃত্যু হৈছে৷ ১৩৮০ জনে আৰোগ্য হৈ মুকলি হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৫৪ জন৷

 

  • কেৰালাঃ আনলক ৪ৰ অংশ হিচাপে মেট্ৰ’ সেৱা মুকলি কৰা হৈছে৷ কালি ৩০৮২ জন লোক ক’ভিড -১৯ত আক্ৰান্ত হৈছে৷ বৰ্তমানে ২২,৬৭৬ জন লোকে চিকিৎসা লাভ কৰি আছে আৰু মুঠ ২,০০,২৯৬ জন লোক নিৰীক্ষণৰ অধীনত আছে৷ এই পৰ্যন্ত ৩৪৭ জন লোকৰ মৃত্যু হৈছে৷ 

 

  • তামিলনাডুঃ পুডুচেৰীত ২৯২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু বিগত ২৪ ঘণ্টাত ১১ জন লোকৰ মৃত্যু হৈছে৷ এই পৰ্যন্ত ১৭৩১৬ জন লোক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু ১২১৩৫ জনে আৰোগ্য লাভ কৰি মুকলি হৈছে৷ ২৮০ জনৰ মৃত্যু হৈছে আৰু ৪৮৬৫ জন লোক সক্ৰিয় ৰোগী হিচাপে প্ৰতিবেদন দাখিল হৈছে৷

 

  • কৰ্ণাটকঃ ১৫০ দিনতকৈও অধিক সময়ৰ পিছত বেংগালুৰুত আজিৰে পৰা মেট্ৰ’ ৰে’ল সেৱা আৰম্ভ হৈছে৷ পীক আৱাৰৰ সময়ছোৱাতো নগণ্য সংখ্যক যাত্ৰীহে দেখা পোৱা যায়৷ দেওবাৰে ৯৩১৯ জন লোক ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰতিবেদিত হৈছে৷ ইয়াৰ জৰিয়তে ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা ৩.৯৮ লাখ হৈছে৷

 

  • অন্ধ্ৰ প্ৰদেশঃ ৰাজ্যখনে সোমবাৰে আনলক ৪.০ ৰ নিৰ্দেশনাৱলী মুকলি কৰে৷ ২১ ছেপ্টেম্বৰৰ পৰা চৰকাৰে নৱম আৰু দশম শ্ৰেণীৰ বাবে বিদ্যালয়সমূহ মুকলি কৰাৰ অনুমতি প্ৰদান কৰিছে৷ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা এক লাখৰ তলত আৰু মুঠ ৰোগীৰ সংখ্যাই পাঁচ লাখৰ সীমা স্পৰ্শ কৰিছে৷

 

  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ১৮০২ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু ৯ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৪২,৭৭১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩১,৬৩৫ জন৷ ৮৯৭ জনৰ মৃত্যু হৈছে৷ ১,১০,২৪১ জনক মুকলি কৰি দিয়া হৈছে৷ দেওবাৰে ২৭১১ জন লোকে আৰোগ্য লাভ কৰিছে৷

 

  • মহাৰাষ্ট্ৰঃ বিগত সাত দিনত ১,২৬,৫২৩ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত আৰু ২২০৫ জন লোকৰ মৃত্যু হোৱাৰ জৰিয়তে ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হৈছে ২,৩৫,৮৫৭ জন৷

 

  • গুজৰাটঃ জনসাধাৰণৰ মাজক ক’ভিডৰ বিৰুদ্ধে সজাগতা প্ৰচাৰ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আজি পাঁচখন ক’ভিড বিজয় ৰথৰ ফ্লেগ অফ কৰে৷ আজি পৰ্যন্ত ৰাজ্যখনত ১৬,৪৭৫ জন সক্ৰিয় ৰোগী আছে৷

 

  • ৰাজস্থানঃ ৰাজস্থানৰ সকলো ধৰ্মীয় স্থান আজিৰে পৰা মুকলি কৰি দিয়া হৈছে যদিও ধৰ্মীয় স্থললৈ ফুল, ফল আৰু মিঠাই আনিবলৈ ভক্তসকলক বাৰণ কৰা হৈছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৯৫৮ জন৷

 

  • মধ্য প্ৰদেশঃ নেতাজী সুভাষ চন্দ্ৰ বসু মেডিকেল কলেজ আৰু জব্বলপুৰৰ চিকিৎসালয়ে ক’ভিড-১৯ৰ ৰোগীসকল মাজত সৃষ্টি হোৱা আত্মহত্যাৰ মানসিকতাৰ সৈতে মোকাবিলা কৰিবলৈ ৰোগীসকলৰ সৈতে পৰিয়ালৰ লোকৰ এক লাইভ বাৰ্তালাপ কাৰ্যসূচীৰ আয়োজন কৰিছে৷  ইতিমধ্যে ১০ জনতকৈও অধিক ৰোগীয়ে তেওঁলোকৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰিছে৷

ফেক্ট চেক

 

 



(Release ID: 1652097) Visitor Counter : 187