ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

ভাৰতক আত্মনিৰ্ভৰ কৰিবলৈ ভাৰত চৰকাৰে ধূপ প্ৰস্তুত কৰা কাৰিকৰসকললৈ সহায়ৰ হাত আগবঢ়াইছে

৪০০ স্বয়ংক্ৰিয় ধূপ নিৰ্মাণ যন্ত্ৰ প্ৰদান কৰা হ’ব, পূৰ্বে ২০০ যন্ত্ৰ আগবঢ়োৱা হৈছে

৫০০০ কাৰিকৰক উপকৃত কৰিবলৈ ‘স্পুৰ্টী’ৰ অধীনত প্ৰায় ৫০কোটি ব্যয়েৰে ১০টা ক্লাষ্টাৰ্ছ স্থাপন কৰা হ’ব

যন্ত্ৰ প্ৰস্তুত বিকশিত কৰা আৰু সামগ্ৰী উদ্ভাৱনৰ প্ৰসাৰৰ বাবে ২টা চেণ্টাৰ অৱ এক্সিলেন্স স্থাপন কৰা হ’ব, ইয়াৰে এটা কনৌজত স্থাপন কৰা হ’ব

কাৰিকৰসকলে হেণ্ড ৰোল ধূপ তৈয়াৰ কৰিছে আৰু এই ক্ষেত্ৰত প্ৰব্ৰজিত শ্ৰমিকক অগ্ৰাধিকাৰ দিয়া হৈছে

এই কাৰ্যসূচীৰ মুঠ আকাৰ ৫৫কোটিলৈ বৃদ্ধি হৈছে, পূৰ্বে এই পৰিমাণ আছিল ২.৬৬কোটি টকা কেভিআইচিয়ে কাৰ্যসূচীটো ৰূপায়ন কৰিব

Posted On: 06 SEP 2020 11:49AM by PIB Guwahati

কেন্দ্ৰীয় সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ(এমএছএমই) মন্ত্ৰালয়ে ৪ ছেপ্তেম্বৰ,২০২০ত এক নতুন গাইডলাইন জাৰি কৰি ধূপ প্ৰস্তুতৰ সৈতে জড়িত কাৰিকৰ আৰু ধূপ নিৰ্মাণ উদ্যোগলৈ সহায়ৰ হাত আগবঢ়াইছে। ৩০ জুলাই,২০২০ত মুকলি কৰা সহযোগিতা কাৰ্যসূচীক অধিক আগুৱাই নি মন্ত্ৰালয়ে  কেৱল ধূপ নিৰ্মাণৰ বাবে যন্ত্ৰ যোগান ধৰাৰ উপৰি এই উদ্যোগৰ সকলো দিশ চালিজাৰি চাইছে। যোৱা এটা বছৰত সাংঘাতিকভাৱে চাহিদা বৃদ্ধি পোৱা কেঁচা সামগ্ৰী যোগান ধৰাৰ বিষয়টোও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। নতুন কাৰ্যসূচাৰ চাৰিটা প্ৰধান স্তম্ভ হলঃ

) প্ৰশিক্ষণ, কেঁচা সামগ্ৰী যোগান, মাৰ্কেটিং আৰু আৰ্থিক সহযোগিতাৰ মাধ্যমেৰে কাৰিকৰসকলক অবিৰতভাৱে সমৰ্থন আগবঢ়োৱা।

) এই সামগ্ৰীৰ সকলো দিশৰ ওপৰত কাম কৰা। কনৌজত এটা চেণ্টাৰ অৱ এক্সিলেন্স স্থাপনৰ সিদ্ধান্ত।

) ৫০০০ কাৰিকৰক উপকৃত কৰিবলৈ স্পুৰ্টীৰ অধীনত প্ৰায় ৫০কোটি ব্যয়েৰে ১০টা ক্লাষ্টাৰ্ছ স্থাপন কৰা হব।

) দেশত স্বনিৰ্ভৰশীলতা সৃষ্টি কৰিবলৈ মেছিন নিৰ্মাণ সক্ষমতা সৱল কৰা।

২০টা পাইলট প্ৰজেক্টৰ মাধ্যমেৰে আত্ম সহায়ক গোটক ৪০০ স্বয়ংক্ৰিয় ধূপ নিৰ্মাণ যন্ত্ৰ প্ৰদান কৰা হব। ইয়াৰ পূৰ্বে ২০০ যন্ত্ৰ আগবঢ়োৱা হৈছে। এই আঁচনিয়ে প্ৰায় ১৫০০ কাৰিকৰক কৰ্মসংস্থাপন প্ৰদান কৰি উপকৃত কৰিব।হেণ্ড ৰোল ধূপ প্ৰস্তুত কৰা কাৰিকৰ আৰু প্ৰব্ৰজিত শ্ৰমিকে এই আঁচনিৰ অধীনত অগ্ৰাধিকাৰ লাভ কৰিব। এই খণ্ডত ভাৰতক আত্ম-নিৰ্ভৰ কৰিবলৈ কাৰ্যসূচীৰ আকাৰ ৫৫কোটিতকৈ অধিক বৃদ্ধি কৰা হৈছে। ইয়াৰ ভিতৰত সন্নিবিষ্ট হৈ আছে ১৫০০ কাৰিকৰক ৩.৪৫কোটিৰ তৎকালীন সমৰ্থন আগবঢ়োৱা।

 

******

RCJ/IA/MS



(Release ID: 1651804) Visitor Counter : 158