স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ক’ভিড-১৯ৰ অত্যুত্তম ব্যৱস্থা
উত্তৰ প্ৰদেশে সংবদ্ধ ক’ভিড নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা কেন্দ্ৰ তথা অনন্য ৰাজ্যিক ক’ভিড প’ৰ্টেল নিৰ্মাণ কৰিলে
Posted On:
06 SEP 2020 4:01PM by PIB Guwahati
দেশত ক’ভিড মহামাৰীয়ে ৯ মাহৰ সময়সীমা অতিক্ৰম কৰিলে আৰু এই সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে এই মহামাৰীৰ ব্যৱস্থাপনাত গুৰুত্ব প্ৰদান কৰাৰ সৈতে ক’ভিডৰ বাবে প্ৰতিক্ৰিয়া তথা প্ৰৱন্ধন ৰণনীতিত দৃঢ়তাৰে নেতৃত্ব প্ৰদান কৰিছে৷ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ চৰকাৰে কেন্দ্ৰৰ নীতি আৰু পৰিস্থিতি উত্তৰণৰ পদক্ষেপসমূহ নিজৰ মাজত সমন্বয় স্থাপন কৰি অনন্য সহযোগেৰে প্ৰণয়ন কৰিছে৷ বহু ৰাজ্যই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ইয়াৰ বাবে অনুকূল উপায়ো প্ৰস্তুত কৰিছে৷ এই উপায়সমূহ অন্য ৰাজ্যইও প্ৰৱৰ্তন কৰিছে যাৰ দ্বাৰা ক্ষেত্ৰীয় চিন্তাধাৰা আৰু উন্নত উপায়সমূহৰ ব্যাপক প্ৰণয়নে উদগনি লাভ কৰিছে৷
উত্তৰ প্ৰদেশ চৰকাৰে এই দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷
উত্তৰ প্ৰদেশৰ চৰকাৰে ক’ভিড বৰ্ধিত পজিটিভ ৰোগীৰ সংখ্যাৰ সৈতে মোকাবিলা কৰিবলৈ ১৮ জুলাই ২০২০ তাৰিখে ৰাজ্যখনৰ সকলো জিলাত সংবদ্ধ ক’ভিড নিয়ন্ত্ৰণ তথা নিৰ্দেশনা কেন্দ্ৰ আৰু লগতে সকলো সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিৰ সৈতে ৰাজ্য মুখ্যালয়ৰ স্থাপন কৰিছে৷ এই কেন্দ্ৰ মুখ্য ৰূপত অবৈধ ফাৰ্মাচিউটিকেল হস্তক্ষেপসমূহৰ বাবে প্ৰাসংগিক বিভাগসমূহৰ মাজত প্ৰভাৱী সমন্বয় সুনিশ্চিত কৰাৰ বাবে স্থাপন কৰা হৈছে৷ এই কেন্দ্ৰসমূহত ক’ভিড-১৯ৰ ৰোগীসমূহৰ তৎকালীন চিকিৎসাৰ বাবে উচিত স্তৰত সমৰ্পিত ক’ভিড সুবিধা কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ সুবিধা অন্তৰ্নিহিত কৰা হৈছে৷
উত্তৰ প্ৰদেশে এক অনন্য ৰাজ্যিক ক’ভিড প’ৰ্টেল http://upcovid19tracks.in ও নিৰ্মাণ কৰিছে য’ত ক’ভিড ৰোগীৰ নিৰীক্ষণ, পৰীক্ষণ আৰু চিকিৎসা সম্বন্ধীয় সকলো সূচনা একত্ৰিত কৰা হয়৷ জিলা পৰ্যায়ত তথ্য আৰু তথ্য ব্যৱস্থাপনাৰ গুণগতমান সুনিশ্চিত কৰাৰ বাবে নিয়মিত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ এই প’ৰ্টেলে ভাৰত চৰকাৰৰ প’ৰ্টেলৰ সৈতে পাৰস্পৰিক মাধ্যমেৰে সুবিধা লাভ কৰিছে৷
উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যিক কোষৰ পৰা ১০০০ উচ্চ প্ৰবাহযুক্ত নাসিকা সম্বন্ধীয় কেনুলাও (টিউব) ক্ৰয় কৰিছে৷ ইয়াৰে ৫০০ টিউব এই পৰ্যন্ত স্থাপন কৰা হৈছে আৰু ৰাজ্যৰ ৰোগীসকলৰ অসংক্ৰামক চিকিৎসাত ব্যৱহাৰ কৰা হৈছে৷
****
MV/SJ/MANN
(Release ID: 1651903)
Visitor Counter : 199