স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

পাঞ্জাৱ আৰু চণ্ডীগড়লৈ ১০ দিনৰ বাবে কেন্দ্ৰীয় দল প্ৰেৰণ কৰিব স্বাস্থ্য মন্ত্ৰালয়ে

কেন্দ্ৰীয় দলে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ৰ নিয়ন্ত্ৰণ, নিৰীক্ষণ, পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাপনাৰ বাবে জনস্বাস্থ্য সম্পৰ্কীয় দিশবোৰ পৰ্যালোচনা কৰিব

Posted On: 06 SEP 2020 11:12AM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে পাঞ্জাৱ আৰু চণ্ডীগড়লৈ কেন্দ্ৰীয় দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

উচ্চ পৰ্যায়ৰ কেন্দ্ৰীয় দলটোৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ৰ নিয়ন্ত্ৰণ, নিৰীক্ষণ, পৰীক্ষা আৰু চিকিসা ব্যৱস্থাপনাৰ লগতে মৃত্যুৰ হাৰ আৰু জীৱন ৰক্ষা বাবে জনস্বাস্থ্য সম্পৰ্কীয় দিশবোৰ পৰ্যালোচনা কৰিব৷ তেওঁলোকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সময়ানুৱৰ্তী চিকিসা আৰু প্ৰাসংগিক বিষয়বোৰ কাৰ্যকৰীভাৱে সম্পন্ন কৰাত তত্বাৱধান কৰিব৷

চণ্ডীগড়ৰৰ পিজিআইএমইআৰ এগৰাকী কমিউনিটী মেডিচিন বিশেষজ্ঞ আৰু এনচিডিচিৰ এগৰাকী মহামাৰী বিশেষজ্ঞৰে দুজনীয়া সদস্যৰে দলটো গঠন কৰা হ’ব৷ দলটোৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তত্বাৱধান কৰাৰ বাবে ১০ দিন থাকিব৷

পাঞ্জাৱত মুঠ ৬০,০১৩গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে বৰ্তমান ১৫,৭৩১গৰাকী ৰোগী চিকিসাধীন হৈ আছে৷ ইতিমধ্যে ১,৭৩৯গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷ ৰাজ্যখনৰ পজিটিভিটিৰ হাৰ ৪.৯৭%৷

একেদৰে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ত ২,০৯৫গৰাকী ৰোগী চিকিসাধীন হৈ আছে আৰু অঞ্চলটোত মুঠ আক্ৰান্ত সংখ্যা ৫,২৬৮জন৷ চণ্ডীগড় পজিটিভিটিৰ হাৰ ১১.৯৯%৷

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত পজিটিভিটি আৰু মৃত্যুৰ হাৰ অধিক হৈছে, সেইবোৰলৈ কেন্দ্ৰীয় দল প্ৰেৰণেৰে সহায় আগবঢ়াই আহিছে৷ কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সংক্ৰমণৰ হাৰ আৰু মৃত্যুৰ হাৰ কম কৰিবলৈ সকলো জোৰদাৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷

****

MV/DB



(Release ID: 1651805) Visitor Counter : 186