স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড সংক্ৰমণ অধিক হোৱা আৰু সংশ্লিষ্ট কাৰণতে মৃত্যুৰ হাৰ বৃদ্ধি পোৱা ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য সচিবৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত কেন্দ্ৰীয় স্বাস্থ্য সচিব

সংক্ৰমণৰ শৃংখলা ভাঙিবলৈ আৰু মৃত্যুৰ হাৰ ১% তকৈও কম কৰিবলৈ কঠোৰ কণ্টেইনমেণ্ট ব্যৱস্থাৱলী ৰাজ্যসমূহে মানিব লাগিব আৰু RT-PCR টেষ্টিংৰ পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব

Posted On: 06 SEP 2020 11:34AM by PIB Guwahati

দেশৰ যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হঠাতে ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে তথা সংক্ৰমিতসকলৰ মৃত্যুৰ হাৰ বৃদ্ধি পাইছে, তেনেবোৰ ৰাজ্যৰ সৈতে নিয়মিত যোগাযোগ ৰক্ষা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আৰু যিবোৰ জিলাত সংক্ৰমণৰ হাৰ অধিক সেই জিলাবোৰত পৰিস্থিতিৰে মোকাবিলাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিবে ৩৫ খন জিলাৰ পৰিস্থিতি বিবেচনা কৰি সেই জিলাবোৰ যিবোৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত সেইবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য সচিবসকলৰ সৈতে বৈঠকত মিলিত হৈছে।

এই ৩৫ খন জিলা ক্ৰমে : পশ্চিমবঙ্গৰ কলকাতা, হাওড়া, উত্তৰ ২৪ পৰাগনা আৰু দক্ষিণ ২৪ পৰাগনা, মহাৰাষ্ট্ৰৰ পুনে, নাগপুৰ, থানে, মুম্বাই, মুম্বাই চহৰতলী, কোলাপুৰ, ছাঙ্গলী, নাছিক, আহমেদনগৰ, ৰায়গড়, জলগাঁও, ছোলাপুৰ, ছাতাৰা, পালঘৰ, ঔউৰঙ্গাবাদ, ধুলে আৰু নান্দেদ, গুজৰাটৰ ছুৰাট, ঝাড়খণ্ডৰ পূৰ্ব সিংভূম, পণ্ডীচেৰীৰ পণ্ডীচেৰী আৰু দিল্লীৰ ১১ খন জিলাৰ আটাইকেইখন।

স্বাস্থ্য সচিবসকলৰ উপৰিও আজিৰ এই বৈঠকত জিলা কালেক্টৰ, পৌৰসভাৰ আয়ুক্তসহ সংশ্লিষ্ট জিলাৰ উৰ্দ্ধতন বিষয়াসকলে ডিজিটাল মাধ্যমেৰে অংশগ্ৰহণ কৰে।

সংক্ৰমণৰ শৃংখল হ্ৰাস কৰি পৰৱৰ্তী পৰ্যায়ত এই শৃংখল ভঙাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য সচিবে বৈঠকত অংশগ্ৰহণকাৰীসকলক ভালেমান বিষয়ত নজৰ ৰখাৰ আহ্বান জনায়। যিসকল লোক জটিল ৰোগত ভুগি আছে তেওঁলোকৰ লগতে প্ৰবীণ নাগৰিকসকলৰ প্ৰতিও বিশেষ নজৰ ৰাখিব লাগিব, সংক্ৰমিত এলাকাত নিয়মিতভাৱে খা-খবৰ লোৱা আৰু ৰোগ প্ৰতিৰোধ ব্যৱস্থাপনাক যথাযথভাৱে মানি চলা তথা নমুনা পৰীক্ষাৰ হাৰ ক্ৰমাৎ বৃদ্ধি কৰা, যাতে সংক্ৰমণৰ হাৰ ৫ শতাংশতকৈ হ্ৰাস কৰিব পৰা যায়।

স্বাস্থ্য সচিবসকলে সংশ্লিষ্ট জিলাবোৰৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে বিস্তাৰিতভাৱে জনাইছে। তেওঁলোকে ৰোগ প্ৰতিৰোধ ব্যৱস্থাপনা, সংক্ৰমিতসকলৰ সংস্পৰ্শলৈ যিসকল লোক আহিছে তেওঁলোকক চিহ্নিত কৰা, যিসকল সংক্ৰমিত লোকৰ মৃত্যু হৈছে তেওঁলোকৰ বিষয়ে বিস্তাৰিত তথ্য সংগ্ৰহ কৰাৰ উপৰিও আগন্তুক এমাহলৈ পৰিস্থিতিৰ মোকাবিলাৰ বাবে তেওঁলোকে কি কি পৰিকল্পনা গ্ৰহণ কৰিছে সেই বিষয়ে বিস্তাৰিতভাৱে জনায়। এই জিলাবোৰত আৰটি-পিচিআৰ আৰু ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে। ইয়াৰ উপৰিও এণ্টিজেন টেষ্টত যিসকলৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে তেওঁলোকক পুনৰায় টেষ্ট কৰা, সংক্ৰমিতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা আৰু হাস্পতালবোৰতো আইচিইউ বেড, ভেণ্টিলেটৰ আৰু অক্সিজেনৰ ব্যৱস্থাযুক্ত বেড সম্পৰ্কে বিস্তাৰিত তথ্য জনোৱা হৈছে।  

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক সেই এলেকাবোৰত যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে সেইবোৰ হ’ল ক্ৰমে :

১. শাৰীৰিক দূৰত্ব বজাই ৰখা, বিভিন্ন নিয়ম মানি চলা আৰু ঘৰে ঘৰে স্বাস্থ্যৰ বিষয়ে অনুসন্ধান লোৱাৰ মাজেৰে সংক্ৰমণ প্ৰতিৰোধৰ মাত্ৰা হ্ৰাস কৰিব লাগিব।

২. জিলাবোৰত নমুনা পৰীক্ষাৰ মাত্ৰা বৃদ্ধি কৰি দ্ৰুত সংক্ৰমিতসকলক চিনাক্ত কৰিব লাগিব। ইয়াৰ বাবে আৰটি-পিচিআৰ পৰীক্ষাৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব।

৩. যিসকলে হোম আইছ’লেশ্যনত আছে তেওঁলোকৰ বিষয়ে নিয়মিত খা-খবৰ ল’ব লাগিব, যদি চিকিৎসাৰ প্ৰয়োজন হয় তেন্তে তেওঁক তৎকালীনভাৱে হাস্পতালত ভৰ্তি কৰিব লাগিব।

৪. ৰোগীসকলক হাস্পতালত ভৰ্তি কৰাৰ সময়ত বিভিন্ন স্বাস্থ্য সংক্ৰান্তীয় ৰিপ’ৰ্ট ৰাখিব লাগিব, বিশেষকৈ যিসকলে বিভিন্ন জটিল ৰোগত ভুগি আছে আৰু জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি অধিক সতৰ্ক হৈ থাকিব লাগিব।

৫. হাস্পতালবোৰত সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে সংক্ৰমিতসকলৰ সংস্পৰ্শলৈ অহা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ যথাযথ ব্যৱস্থা কৰিব লাগিব।

৬. মহামাৰীৰ মোকাবিলাত সৰ্বাত্মক পৰিস্থিতি আৰু প্ৰস্তুতিৰ বাবে জিলা কালেক্টৰসহ উৰ্দ্ধতন কৰ্তৃপক্ষই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

 

*****

MV



(Release ID: 1651901) Visitor Counter : 169