PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 11 JUL 2020 6:28PM by PIB Guwahati

 

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰদান কৰা শেহতীয়া তথ্যঃ প্ৰায় ৫ লাখলৈ বৃদ্ধি পাইছে আৰোগ্যৰ সংখ্যা; সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ ব্যৱধান ২.৩১ লাখ হৈছে; আৰোগ্যৰ হাৰ প্ৰায় ৬৩%

আজি দেশত ক’ভিড-১৯ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যাই ৫ লাখৰ সীমা অতিক্ৰম কৰিছে৷ এই পৰ্যন্ত ৫,১৫,৩৮৫ লোক লোকে আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুকলি হৈছে৷  সক্ৰিয় ৰোগীৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যাৰ ব্যৱধান হৈছে ২,৩১,৯৭৮ জন৷ আৰোগ্যৰ হাৰ হৈছে ৬২.৭৮%৷ বিগত ২৪ ঘণ্টাত ১৯,৮৭০ জন ক’ভিড ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ বৰ্তমানে দেশত ২,৮৩,৪০৭ জন সক্ৰিয় ৰোগী আছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ মহামাৰীৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে  খতিয়ান গ্ৰহণ কৰিলে

প্ৰধানমন্ত্ৰীয়ে আজি দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতিৰ খতিয়ান গ্ৰহণ কৰে৷ পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধন , নিটি আয়োগৰ সদস্য, কেবিনেট সচিব আৰু ভাৰত চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়ববীয়াসকল৷

অধিক বিৱৰণৰ বাবে

মজলীয়াৰ পৰা গুৰুতৰ ক’ভিড-১৯ ৰোগীৰ বাবে আইট’লিজুমাবৰ সীমিত ব্যৱহাৰৰ ক্ষেত্ৰত ডিচিজিআইয়ে জনালে অনুমোদন

গুৰুতৰ ক্ৰ’নিক প্লেক ছ’ৰাইছিছৰ বাবে ইতিমধ্যেই অনুমোদিত আইট’লিজুমাবক মজলীয়াৰ পৰা গুৰুতৰ ক’ভিড-১৯ ৰোগীৰ বাবে সীমিত সংখ্যক ব্যৱহাৰৰ ক্ষেত্ৰত ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অব্ ইণ্ডিয়াই ক্লিনিকেল ট্ৰায়েলভিত্তিত অনুমোদন জনাইছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বাবে ক্লিনিকেল ব্যৱস্থাপনা কৌশলৰ মানসম্পন্ন শুশ্ৰূষা

আইচিএমআৰ আৰু নতুন দিল্লীৰ এইমছে লঘূ, মজলীয়া আৰু গুৰুতৰ ৰোগীসকলৰ বাবে মানসম্পন্ন শুশ্ৰূষাৰ এক ক্লিনিকেল ব্যৱস্থাপনা প্ৰ’টক’ল স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰিছে যি অতিশয় কাৰ্যকৰী হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

খাৰিফ শস্যৰ ভিতৰত যোৱা বৰ্ষৰ তুলনাত দাইলৰ চপোৱা ক্ষেত্ৰ ২.৫ গুণ অধিক হৈছে; তৈল বীজৰ ক্ষেত্ৰও তুলনামূলকভাৱে অধিক হৈছে; তাৰোপৰি ধান, গোটা শস্য আৰু কপাহৰ ক্ষেত্ৰও অধিক হৈছে

অধিক বিৱৰণৰ বাবে

ডাঃ হৰ্ষ ৱৰ্ধনে মুকলি কৰিলে টিআইএফএচিৰ দ্বাৰা ‘ফ’কাচড ইণ্টাৰভেনচনছ ফ’ৰ ‘মেক ইন ইণ্ডিয়া’: পোষ্ট ক’ভিড-১৯’ শীৰ্ষক এক শ্বেত পত্ৰ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি টিআইএফএচিৰ দ্বাৰা ‘ফ’কাচড ইণ্টাৰভেনচনছ ফ’ৰ ‘মেক ইন ইণ্ডিয়া’: পোষ্ট ক’ভিড-১৯’ শীৰ্ষক এক শ্বেত পত্ৰ মুকলি কৰে৷ ভাৰতক ‘আত্ম নিৰ্ভৰ’ কৰি তুলিবলৈ প্ৰযুক্তি আৰু নীতি সন্দৰ্ভত ইয়াত বিভিন্ন পৰামৰ্শ আগবঢ়োৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

সেউজ আৰু বহনক্ষম স্থাপত্যৰ ধাৰা গ্ৰহণ কৰিবলৈ উপ ৰাষ্ট্ৰপতিৰ আহ্বান

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে আজি দেশবাসীক সেউজ স্থাপত্যৰ ধাৰা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে পুনৰ নৱীকৰণযোগ্য শক্তিৰ উৎস যেনে সৌৰ শক্তিৰ ব্যৱহাৰ অনাগত প্ৰকল্পসমূহত প্ৰণয়ন হোৱা উচিত৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ আৰচিএফে হেণ্ড ক্লীনজিং আইচ’প্ৰপাইল এলক’হ’লভিত্তিক জেল প্ৰস্তুত কৰি উলিয়াইছে

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে দ্বাদশ, মুক্ত বিদ্যালয় আৰু অন্যান্য শাখাৰ বাকী থকা পৰীক্ষাসমূহ বাতিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷
  • হাৰিয়ানাঃ মুখ্যমন্ত্ৰীয়ে এখন সংবাদ মেলত ভাষণ প্ৰদান কৰি কয় যে ধীৰে ধীৰে ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ সমাধানৰ দিশলৈ আহিছে৷
  • কেৰালাঃ এই পৰ্যন্ত মুঠ ১,৮৪,১১২ জন লোক বিভিন্ন জিলাত চিকিৎসকৰ তত্বাৱধানত আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,৩০,২৬১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৬,১০৫ জন৷ ১৮২৯ জনৰ মৃত্যু হৈছে৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৩,৪১৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯,০৩৫ জন৷ ৫৪৩ জনৰ মৃত্যু হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৫,৪২২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১,৯৩৬ জন৷ মৃত্যু হৈছে ২৯২ জনৰ৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৩২,২২৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২,৬৮০ জন৷ ৩৩৯ জনৰ মৃত্যু হৈছে৷ ১৯,২০৫ জনক মুকলি কৰি দিয়া হৈছে৷
  • অসমঃ লকডাউনৰ ফলত সমাজৰ দুৰ্বল অংশৰ সমস্যাৰ বিষয়ে অনুধাৱন কৰি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য সচিবক নিঃস্ব, দৈনিক হাজিৰ কৰি খোৱা লোক আৰু দৰিদ্ৰ লোকসকলক খাদ্যৰ যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে৷
  • মণিপুৰঃ মণিপুৰৰ থেংগাল কেইথেলত দোকানসমূহ মুকলি কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে৷
  • মেঘালয়ঃ মুঠ ৰোগীৰ সক্ৰিয় সংখ্যা হ’ল ২১৫ জন৷ ৪৫ জনে আৰোগ্য লাভ কৰিছে৷
  • মিজোৰামঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৬ জন৷ ১৫০ জনে আৰোগ্য লাভ কৰিছে৷
  • নাগালেণ্ডঃ স্বাস্থ্য বিভাগত অতিৰিক্ত চিকিৎসক আৰু নাৰ্চৰ নিয়োজনৰ বাবে এক উচ্চস্তৰীয় কমিটীয়ে নিৰ্দেশ দিছে৷
  • ছিক্কিমঃ ছিক্কিমৰ এছটিএনএম চিকিৎসালয়ৰ বিভাগৰ মুৰব্বীয়ে কয় যে এগৰাকী ৬৫ বছৰীয়া  তথা ২ বছৰীয়া ৰোগীৰ চিকিৎসা সুকুলমে সম্পন্ন হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২,৩৮,৪৬১ জন৷ ১,৩২,৬২৫ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ৯৫,৬৪৭ জন সক্ৰিয় ৰোগী আছে৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪০,১৫৫ জন৷ মৃত্যু হৈছে ২,০২৪ জনৰ৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৩,৩৪৪ জন৷ আৰোগ্য হোৱা ৰোগীৰ সংখ্যা হ’ল ১৭,৬৩৪ জন৷ ৪৯৯ জনৰ মৃত্যু হৈছে৷ ৫২১১ জন সক্ৰিয় ৰোগী আছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬,৬৫৭ জন৷ বৰ্তমানে ৩৫৩৮ জন সক্ৰিয় ৰোগী আছে৷ ১২,৪৮১ জনে আৰোগ্য লাভ কৰিছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৮৩২ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৮৭ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২২৫১ জন৷ ১৩৪৭ জনে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৯৫৷

ফেক্ট চেক

Image



(Release ID: 1638080) Visitor Counter : 196