PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 15 JUN 2020 6:28PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত প্ৰকাশ কৰা শেহতীয়া তথ্যঃ আৰোগ্যৰ হাৰ বৃদ্ধি হৈছে ৫১.০৮%; বৰ্তমানে ৯০০ত কৈও অধিক উৎসৰ্গিত পৰীক্ষণ লেব ভাৰতত আছে

বিগত ২৪ ঘণ্টাত ৭৪১৯ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই পৰ্যন্ত মুঠ ১,৬৯,৭৯৭ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৫১.০৮%৷  শেহতীয়াকৈ ১,৫৩,১০৬ ৰোগীয়ে চিকিৎসকৰ অধীনত চিকিৎসা লাভ কৰি আছে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে দিল্লীত ক’ভিড-১৯ সন্দৰ্ভত এক সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰে দিল্লীত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ যথাসম্ভৱ ধৰণে পদক্ষেপ গ্ৰহণ কৰিব৷ শ্ৰী অমিত শ্বাহে দিল্লীত এখন সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰি এই তথ্য সদৰী কৰে৷

অধিক বিৱৰণৰ বাবে

চিবিআইচিয়ে চিজিএছটি আৰু শুল্ক কাৰ্যালয়ত আৰম্ভ কৰিছে ই-কাৰ্যালয় সেৱা

চিবিআইচিয়ে সমগ্ৰ ভাৰতৰ ৫০০ত কৈও অধিক চিজিএছটি আৰু শুল্ক কাৰ্যালয়ত ই-কাৰ্যালয় সেৱা আৰম্ভ কৰিছে৷  ই-কাৰ্যালয়ৰ দ্বাৰা ফাইল তথা নথিপত্ৰৰ সুৰক্ষাও নিশ্চিত হ’ব৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে মুকলি কৰিলে ‘‘ক’ভিড-১৯ ৰাজহুৱা অভিযোগৰ প্ৰতিক্ৰিয়ামূলক কল চেণ্টাৰ আৰু নাগৰিক সৈতে বাৰ্তা’’

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে আজি ‘‘ক’ভিড-১৯ ৰাজহুৱা অভিযোগৰ প্ৰতিক্ৰিয়ামূলক কল চেণ্টাৰ আৰু নাগৰিক সৈতে বাৰ্তা’’ শীৰ্ষক এক সুবিধা মুকলি কৰে যাৰ জৰিয়তে নাগৰিকৰ ৰাজহুৱা অভিযোগসমূহৰ সফলতাৰে নিষ্পত্তি কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ইপিএফঅ’য়ে মুকলি কৰিলে মাল্টি লোকেচন দাবী নিষ্পত্তি সেৱা

ক’ভিড-১৯ৰ মহামাৰীৰ সময়ত ইপিএফঅ’য়ে দাবীসমূহ নিষ্পত্তি কৰাৰ সুবিধাৰ বাবে মুকলি কৰিছে মাল্টি লোকেচন দাবী নিষ্পত্তি সেৱা৷ এই সেৱাৰ জৰিয়তে ইপিএফঅ’ৰ অনলাইন দাবীসমূহ যিকোনো স্থানৰ পৰা  সমাপন কৰাৰ সুবিধা লাভ কৰিব পাৰিব৷

অধিক বিৱৰণৰ বাবে

মিছন সাগৰঃ আইএনএছ কেশৰী মৰিছাছৰ লুইছ বন্দৰলৈ উভতি গৈছে

মিছন সাগৰৰ অংশ হিচাপে ভাৰতীয় নৌবাহিনীৰ জাহাজ কেশৰীয়ে ১৪ জুন তাৰিখে মৰিছাছৰ লুইচ বন্দৰলৈ উভতি হৈছে৷

অধিক বিৱৰণৰ বাবে

পাঞ্জাৱৰ ফিৰোজপুৰত সামাজিক ন্যায় আৰু সৱলীকৰণৰ মন্ত্ৰালয়ৰ  এডিআইপি আঁচনিৰ অধীনত ভাৰ্চুৱেল প্লেটফ’ৰ্মৰ জৰিয়তে দিব্যাংগসমূহক প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছে সাহায্যমূলক সামগ্ৰী

ক’ৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ মাজতো ভাৰত চৰকাৰে দিব্যাংগসকল উপকৃত হোৱাকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই প্ৰয়াসৰ পৰিপ্ৰেক্ষিতত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত ভাৰ্চুৱেল প্লেটফ’ৰ্মৰ জৰিয়তে দিব্যাংগসকলক প্ৰথমবাৰলৈ সাহায্যমূলক সামগ্ৰী প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়তো অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিৰৱচ্ছিন্ন কৰি ৰাখিবলৈ এছইআৰে পাৰ্চেল এক্সপ্ৰেছ ৰে’লৰ  ১৭৩৯ টা ট্ৰিপৰ চলাচল কৰাইছে

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ পাঞ্জাৱৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ পিএমজিকেএৱাইৰ সুবিধা পুনৰ ছমাহলৈ বৃদ্ধি কৰিবলৈ আবেদন জনাইছে৷
  • কেৰালাঃ মুঠ ১৩৪০ ৰোগীয়ে চিকিৎসকৰ তত্বাৱধানত চিকিৎসা লাভ কৰি আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা ৪৪৬৬১ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯৬৭৬ জন৷ মৃত্যুৰ সংখ্যা হ’ল ৪৩৫ জন৷
  • কৰ্ণাটকঃ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭০০০ জন৷ মৃত্যুৰ সংখ্যা হ’ল ৮৬ জন৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫০৮৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২৩১ জন৷ আৰোগ্য লাভ কৰিছে ২৭৭০ জনে৷
  • তেলেংগানাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৯৭৪ জন৷ ইয়াৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৪১২ জন৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,০৭,৯৫৮ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৫৩,০৩০ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৩,০১৭ জন৷ মৃত্যুৰ সংখ্যা হ’ল ১৪৭৮ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,৭৭২ জন৷ ইয়াৰে ৯৬৩১ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০,৮০৮ জন৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬৬২ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৬৪ জন৷

ফেক্ট চেক



(Release ID: 1631795) Visitor Counter : 254