PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 06 JUN 2020 6:27PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্যসমূহ

বিগত ২৪ ঘণ্টাত মুঠ ৪৬১১ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ ইয়াকে ধৰি মুঠ ১,১৪,০৭৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪৮.২০%৷ বৰ্তমানে চিকিৎসকৰ তত্বাৱধানত ১,১৫,৯৪২ জন ৰোগীয়ে চিকিৎসা লাভ কৰি আছে৷ বিগত ২৪ ঘণ্টাত ১,৩৭,৯৩৮ টা নমুনা পৰীক্ষা কৰা হৈছে৷ এই পৰ্যন্ত ৪৫,২৪,৩১৭ টা নমুনা পৰীক্ষণ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

অপাৰেচন সমুদ্ৰসেতু- আইএনএচ জলছে মালেৰ পৰা টুটিকৰণলৈ কঢ়িয়াই আনিছে ৭০০ গৰাকী ভাৰতীয়

ভাৰতীয় নৌবাহিনী জাহাজ জলছে ৪ জুন ২০২০ তাৰিখে মালদ্বীপৰ মালেত উপস্থিত হোৱাৰ পিছত ৭০০ ভাৰতীয় আৱদ্ধ যাত্ৰী কঢ়িয়াই ভাৰতৰ টুটিকৰণ অভিমুখে ৰাওনা হৈছে৷

অধিক বিৱৰণৰ বাবে

ৰোৱাণ্ডাৰ ৰাষ্ট্ৰপতিৰ মাননীয় পল কাগামেৰ লগত প্ৰধানমন্ত্ৰীৰ টোলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আজি ৰোৱাণ্ডাৰ ৰাষ্ট্ৰপতি মাননীয় পল কাগামেৰ লগত হোৱা টোলিফোনিক বাৰ্তালাপৰ যোগেদি তেওঁৰ ২০১৮ বৰ্ষত ৰোৱাণ্ডা ভ্ৰমণৰ ফলত সৃষ্টি হোৱা দ্বিপাক্ষিক সহযোগিতাই লাভ কৰা প্ৰগতিৰ বাবে সন্তোষ প্ৰকাশ কৰে। ৰোৱাণ্ডাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ ৰোৱাণ্ডা ভ্ৰমণৰ সময়ত ২০০ ভাৰতীয় গৰু উপহাৰ দিয়াৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে আৰু কয় যে সেই গৰুসমূহৰ পৰা ৰোৱাণ্ডাৰ শিশুৰ বাবে পৰ্যাপ্ত পৰিমাণৰ গাখীৰ উপলব্ধ হৈছে আৰু কৃষকৰ আয় বাঢ়িছে৷

অধিক বিৱৰণৰ বাবে

গ্ৰামাঞ্চল আৰু কৃষি খণ্ডক উজ্জীৱিত কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে দুটা অধ্যাদেশ

কৃষকৰ উপাৰ্জন বৃদ্ধিৰ দ্বাৰা কৃষি খণ্ডৰ উত্তৰণৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে গ্ৰামীণ ভাৰত আৰু কৃষকসকল সংযোজিত হৈ থকা কৃষি আৰু কৃষি সম্পৰ্কীয় গতিবিধি সন্দৰ্ভত দুখন অধ্যাদেশৰ বিষয়ে ঘোষণা কৰে৷

অধিক বিৱৰণৰ বাবে

ইন্সটিটিউট অব্ এমিনেন্স স্কীমৰ অধীনত অনুমোদিত হোৱা কামসমূহৰ অগ্ৰগতিৰ খতিয়ানৰ বৈঠকত মানৱ সম্পদ বিকাশ মন্ত্ৰীৰ সভাপতিত্ব

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ ইন্সটিটিউট অব্ এমিনেন্স স্কীম (আইঅ’ই)ৰ অধীনত অনুমোদিত হোৱা কামসমূহৰ খতিয়ান ল’বলৈ এখন বৈঠকত সভাপতিত্ব প্ৰদান কৰে৷ বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকল্প ব্যৱস্থাপক ইউনিটে ১৫ দিনত এমএইচআৰডিত আইঅ’ই আৰু এইচইএফএৰ কামৰ এক নিৰীক্ষণ প্ৰণালী স্থাপন কৰা উচিত৷

অধিক বিৱৰণৰ বাবে

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিজ্ঞানৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰে ক’ভিড-১৯ৰ বাবে গৱেষণাৰ প্ৰস্তাৱ আহ্বান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে ৪ জুন, ২০২০ত ভাৰত-অষ্ট্ৰেলিয়া নেতৃবৰ্গৰ ভাৰ্চুৱেল সন্মিলনৰ সময়ত ২০২০ চনত ক’ভিড-১৯ৰ সন্দৰ্ভত এক বিশেষ যুটীয়া সহযোগিতাৰ বিষয়ে ঘোষণা কৰে৷ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ(ডিএছটি), বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয় আৰু অষ্ট্ৰেলিয়াৰ উদ্যোগ, বিজ্ঞান, শক্তি আৰু সম্পদ বিভাগে(ডাইছেৰ) উভয় চৰকাৰৰ দ্বাৰা পূঁজি বিনিয়োগেৰে বিজ্ঞানৰ ক্ষেত্ৰত যুটীয়াভাৱে ভাৰত-অষ্ট্ৰেলিয়া কৌশলগত গৱেষণা পূঁজি (এআইএছআৰএফ)ৰ অধীনত আগ্ৰহী বৈজ্ঞানিক আৰু গৱেষকসকলৰ পৰা ক’ভিড-১৯ সম্পৰ্কীয় যুটীয়া গৱেষণা প্ৰকল্পৰ আহ্বান জনাইছে৷

অধিক বিৱৰণৰ বাবে

জিতেন্দ্ৰ সিঙে মুকলি কৰিলে মোদী চৰকাৰ ২.০ৰ অধীনত ড’নাৰ মন্ত্ৰালয়ৰ যোৱা এবছৰৰ সফলতাৰ বুকলেট আৰু ইয়াৰ ই-সংস্কৰণ

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশঃ মুঠ ১০,৭৯০ টা নমুনা পৰীক্ষণ কৰা হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৬জন৷ ১৭০০ত কৈও অধিক লোকৰ পৰীক্ষণৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকা হৈছে৷
  • অসমঃ দুবাৰকৈ ফলাফল নিগেটিভ ওলোৱাৰ পিছত ৩৮ গৰাকী ৰোগীক মুকলি কৰি দিয়া হৈছে৷ মুকলি কৰি দিয়া ৰোগীৰ সংখ্যা হ’ল ৫৪৭ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭৭০ জন৷
  • মণিপুৰঃ ৰাজ্যখনত মুঠ ৰোগীৰ সংখ্যা হ’ল ১৪৩ জন৷ আৰোগ্যৰ হাৰ ৩৬%৷
  • মিজোৰামঃ মিজোৰামে লাভ কৰিছে ক’বিড-১৯ৰ বাবে আৰটি-পিচিআৰ পৰীক্ষণ মেচিন৷
  • নাগালেণ্ডঃ  নাগালেণ্ডত  ১২ জনতকৈও অধিক আৱদ্ধ নাগৰিক গুৱাহাটীৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে আহি উপস্থিত হৈছে৷
  • কেৰালাঃ ৰাজ্যখনত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হ’ল ১৫ জন৷ ৯৭৩ জন ৰোগী চিকিৎসাধীন হৈ আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা ২৮৬৯৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১২৬৯৭ জন, মৃত্যুৰ সংখ্যা ২৩২ জন৷  মুকলি কৰি দিয়া হৈছে ১৫৭৬২ জনক৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা ৪৮৩৫ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ৩০৮৮ জন৷ মৃত্যুৰ সংখ্যা ৫৬ জন৷ আৰোগ্য লাভ কৰিছে ১৬৮৮ জনে৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৫৮৮ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১১৯২ জন, আৰোগ্য লাভ কৰিছে ২৩২৩ জনে৷ মৃত্যুৰ সংখ্যা ৭৩ জন৷
  • তেলেংগানাঃ ৪ জুন পৰ্যন্ত মুঠ ৰোগীৰ সংখ্যা ৩২৯০ জন৷ আজিৰ তাৰিখ পৰ্যন্ত ৪৪৮ জন প্ৰব্ৰজক আৰু বিদেশ ফেৰৎ লোকৰ দেহত পজিটিভ বীজাণু পোৱা গৈছে৷
  • মহাৰাষ্ট্ৰঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৮০,২২৯ লৈ বৃদ্ধি পাইছে৷ আৰোগ্যৰ হাৰ হৈথে ৪৩.৮১%৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যাই ১৯,০০০ৰ সংখ্যা অতিক্ৰম কৰিছে৷ আৰোগ্যৰ হাৰ হৈছে ৬৮.০৫%৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা ৮৯৯৬ জন৷ মৃত্যুৰ সংখ্যা ৩৮৪ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা ১০,১২৮ জন৷ আৰোগ্যৰ হাৰ হ’ল ৭০%ত কৈও অধিক৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা ৮৯৪ জনলৈ বৃদ্ধি পাইছে৷  বিগত তিনিটা দিনত  ৩০০টা নতুন প্ৰতিবেদন প্ৰতিবেদিত হৈছে৷
  • গোৱাঃ মুঠ পজিটিভ ৰোগীৰ সংখ্যা ১৯৬ জন৷

 

 



(Release ID: 1629981) Visitor Counter : 219