PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 13 APR 2020 7:06PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত শেহতীয়া তথ্য

কালিৰে পৰা দেশত ক’ভিড-১৯ৰ ৭৯৬টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে, মুঠ পৰিঘটনাৰ সংখ্যা ৯১৫২টা৷ ৮৫৭জন লোক আৰোগ্য হৈ মুকলি হোৱাৰ বিপৰীতে এই পৰ্যন্ত মুঠ ৩০৮জনৰ মৃত্যুৰ সংখ্যা প্ৰতিবেদিত হৈছে৷ কাৰ্যকৰী পৰিকল্পনাৰ প্ৰণয়ন আৰম্ভ হৈছে য’ত পূৰ্বে প্ৰতিবেদন দাখিল কৰা ১৫খন ৰাজ্যৰ ২৫খন জিলাৰ ফলাফল প্ৰদৰ্শিত হৈছে৷ কিন্তু যোৱা ১৪ দিনত কোনো পৰিঘটনা প্ৰতিবেদিত হোৱা নাই৷

অধিক বিৱৰণৰ বাবে

১৪ এপ্ৰিল ২০২০ তাৰিখে ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ১৪ এপ্ৰিল ২০২০ তাৰিখে পুৱা ১০ বজাত ৰাষ্ট্ৰবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক আন্তঃ তথা আন্ত্ৰৰাজ্যিক সামগ্ৰী, ট্ৰাক, শ্ৰমিক আৰু পণ্যাগাৰ/শীতলীকৃত ভৱনসমূহৰ কাম-কাজ সুচাৰুৰূপে চলাটো সুনিশ্চিত কৰিবলৈ লকডাউনৰ নিৰ্দেশনাসমূহৰ মূল উদ্দেশ্য অনুসৰি প্ৰণয়ন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহক আন্তঃ তথা আন্ত্ৰৰাজ্যিক সামগ্ৰী, ট্ৰাক, শ্ৰমিক আৰু পণ্যাগাৰ/শীতলীকৃত ভৱনসমূহৰ কাম-কাজ সুচাৰুৰূপে চলাটো সুনিশ্চিত কৰিবলৈ লকডাউনৰ নিৰ্দেশনাসমূহৰ মূল উদ্দেশ্য অনুসৰি প্ৰণয়ন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী নিগুৱেন জুৱান ফুকৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে৷ দুয়োগৰাকী নেতাই মহামাৰীক প্ৰতিহত কৰিবলৈ দ্বিপাক্ষিক সহযোগিতা আগবঢ়াবলৈ সন্মত হয়৷

অধিক বিৱৰণৰ বাবে

ব্যাপক ডিজিটেল পেমেণ্ট আন্তঃগাঁথনিৰ জৰিয়তে প্ৰধানমন্ত্রী গৰীৱ কল্যাণ পেকেজৰ হিতাধিকাৰীক দ্ৰুত ধন হস্তান্তৰ

ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে জনধন একাউণ্টধাৰীসকলৰ বাইল ফোন নম্বৰ আৰু আধাৰ সংযোগী ব্যৱস্থাৰ ফলত সামাজিক সুৰক্ষা আৰু বিভিন্ন পেন্সন আঁচনিৰ হিতাধিকাৰীসকলক পোনপটীয়া লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে দ্ৰুততাৰে ধন প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্রী জনধন যোজনা (পিএমজেডিৱাই) ২০১৪ চনৰ আগষ্ট মাহত আৰম্ভ কৰা হৈছিল। দেশৰ যিসকল নাগৰিকৰ বেংক একাউণ্ট নাছিল, তেওঁলোকে সহজে বেংকত একাউণ্ট খুলিব পৰাকৈ এই যোজনাৰ শুভাৰম্ভ কৰা হৈছিল৷ ২০২০ৰ ২০ মাৰ্চলৈকে খোলা ১২৬ কোটি চিএএছএ একাউণ্টৰ ৩৮কোটিতকৈ অধিক পিএমজেডিৱাইৰ অধীনতে খোলা৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজঃ বৰ্তমানলৈকে অগ্ৰগতিৰ খতিয়ান

৩২.৩২ কোটি হিতাধিকাৰীক ডিবিটৰ জৰিয়তে এই পেকেজৰ অধীনত ২৯,৩৫২ কোটি টকা প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৫.২৯ কোটি হিতাধিকাৰীক বিনামুলীয়া খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে৷৯৭.৮ বিনামুলীয়া উজ্জ্বলা চিলিণ্ডাৰ বিতৰণ৷ ২.১ লাখ ইপিএফঅ’ৰ সদস্যই অনলাইনযোগে অপৰিশোধীয় একাউণ্টযোগ্য একাউণ্টৰ পৰা ৫১০ কোটি টকা উঠাইছে৷ পিএম-কিষাণৰ প্ৰথম কিস্তিঃ ১৪,৯৪৬ কোটি টকা ৭.৪৭ কোটি কৃষকলৈ হস্তান্তৰ৷ ১৯.৮৬ কোটি গৰাকী জন ধন একাউণ্টধাৰী মহিলাক ৯,৯৩০ কোটি টকা প্ৰদান কৰা হৈছে৷ ২.৮২ কোটি গৰাকী জ্যেষ্ঠ নাগৰিক, বিধবা আৰু দিব্যাংগ ব্যক্তিক ১,৪০০ কোটি টকা প্ৰদান কৰি হৈছে৷২.১৭ কোটি ভৱন আৰু নিৰ্মাণ শ্ৰমিকক ৩,০৭১ কোটি টকা আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সন্দৰ্ভত ভ্ৰমণ নিষেধাজ্ঞাসমূহৰ বাবে বৰ্তমানে ৩০ এপ্ৰিল ২০২০ তাৰিখলৈ ভাৰতত থকা বিদেশী নাগৰিকসকলৰ বাবে দূতাবাসৰ সেৱা প্ৰদান

বিশ্বৰ বিভিন্ন প্ৰান্তত ভিড-১৯য়ে মহামাৰীৰ ৰূপ ধাৰণ কৰাত আৰু ইয়াৰ পৰিণামস্বৰূপে ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা ভ্ৰমণ নিষেধাজ্ঞাসমূহৰ বাবে ভাৰতত আৱদ্ধ হৈ থকা বিদেশী নাগৰিকসকলক নিয়মিত ভিছা, -ভিছা অথবা ষ্টেষ্টেপুলেচন তথা এনেকুৱা বিদেশী নাগৰিক যাৰ ভিছাৰ ম্যাদ সমাপ্ত হৈছে অথবা ০১.০২.২০২০ (মাজনিশা) পৰা ৩০.০৪.২০২০ (মাজনিশা)তাৰিখলৈ ম্যাদ সমাপ্ত বলগীয়া হৈছে, তেনে বিদেশী নাগৰিকৰ দ্বাৰা অনলাইন আবেদন কৰাৰ পিছত নিঃশুল্ক ভিত্তিত ৩০ এপ্ৰিল ২০২০ (মাজনিশা)তাৰিখলৈ ম্যাদ বৃদ্ধি কৰা ব৷

অধিক বিৱৰণৰ বাবে

মুম্বাইৰ ঘাটকোপাৰ নৌসেনাৰ কোৱাৰেণ্টাইন শিবিৰৰ পৰা ঘৰলৈ উভতিল ৪৪জন লোক

মুম্বাইৰ ঘাটকোপাৰত থকা ভাৰতীয় নৌসেনাৰ কোৱাৰেণ্টাইন সুবিধাৰ পৰা ইৰাণৰ ৪৪জন লোকে (২৪ গৰাকী মহিলা)সফলতাৰে কোৱাৰেণ্টাইন কাল সমাপ্ত কৰিছে৷

অধিক বিৱৰণৰ বাবে

লাইফলাইন উড়ান আঁচনিৰ অধীনত মেডিকেল কাৰ্গো বিমানে দেশত এদিনতে ১০৮টন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ক’ভোড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ সময়ত দেশৰ দুৰ্গম স্থানসমূহত অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ ২১৪খনকৈ লাইফলাইন উড়ান বিমান সঞ্চালিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত বিশ্ববিদ্যালয়সমূহক শৈক্ষিক দিনপঞ্জীৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ উপ ৰাষ্ট্ৰপতিৰ নিৰ্দেশ

ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুৱে বিশ্ববিদ্যালয় তথা অন্যান্য শৈক্ষিক প্ৰতিষ্ঠানসমূহক লকডাউনৰ সময়ছোৱাত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে শৈক্ষিক দিনপঞ্জীৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ নিৰ্দেশ দিছে৷ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা ইণ্ডিয়ান ইন্সটিটিউট অব্ পাব্লিক এডমিনিষ্ট্ৰেচনৰ সঞ্চালকৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে আলোচনা হোৱাৰ পিছত স্বাভাৱিক পৰিস্থিতি ঘূৰি অহালৈ কিছু সময়ৰ প্ৰয়োজন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সেই অনুসাৰে বৰ্তমানৰ বাবে পৰিকল্পনা যুগুত কৰিবলৈ উপ ৰাষ্ট্ৰপতিয়ে নিৰ্দেশ দিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ বাবে হোৱা লকডাউনৰ সময়ত ভাৰতীয় ৰে বিভাগে অবিৰতভাৱে আন্তঃগাঁথনি ক্ষেত্ৰৰ প্ৰয়োজনীয় সামগ্ৰী যোগান দি থকাৰ লগতে যোগান শৃংখলো বৰ্তাই ৰাখিছে

যোৱা ১১ দিনত এপ্ৰিলৰ পৰা ১১ এপ্ৰিল ২০২০ লৈকে ৰে বিভাগে ১৯২১৬৫ টা কয়লাৰ মালবাহী ডবা আৰু ১৩২৭৬ টা খনিজ সামগ্ৰীৰ (এটা মালবাহী ডবাত ৫৮ পৰা ৬০ টন ওজনৰ সামগ্ৰী)মালবাহী ডবা এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াইছে৷

অধিক বিৱৰণৰ বাবে

চিইচি আৰু ইচিয়ে এবছৰৰ বাবে তেওঁলোকৰ প্ৰাথমিক বেতনৰ ৩০% স্বেচ্ছামূলকভাৱে ক’ভিড পুঁজিলৈ আগবঢ়াব

অধিক বিৱৰণৰ বাবে

এছবিএম-আৰবানৰ অধীনত দ্ৰুত সংকট ব্যৱস্থাপনা পৰিকল্পনাৰে উদ্ভাসিত ছুৰাট

সংবহনৰ শৃংখলা ভংগৰ জৰিয়তে মানৱ সংক্ৰমণ হ্ৰাস কৰাৰ স্পষ্ট উদ্দেশ্যৰ সৈতে বিৱৰণ স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হয়৷ ছুৰাট পৌৰ নিগমে ‘‘থ্ৰী-টি কৌশল’’ শীৰ্ষক পদক্ষেপ গ্ৰহণ কৰিছে য’ত ক’ভিজ-১৯ৰ বিৰুদ্ধে অনুসৰণ, পৰীক্ষণ আৰু চিকিৎসা ব্যৱস্থা অন্তৰ্ভুক্ত আছে৷

অধিক বিৱৰণৰ বাবে

আত্মসহায়ক গোটৰ মহিলাসকলে বেংকসমূহৰ বাবে ব্যৱসায়িক কাৰ্যকৰ্তা হিচাপে কাম কৰি আছে আৰু ক’ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত পিএমজেডিৱাইৰ মহিলাসকলৰ একাউণ্টলৈ ৫০০ টকাৰ প্ৰথমটো অনুগ্ৰহ ৰাশি প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বেংক সখীসকলে

৮৮০০ বিচি সখী আৰু ২১৬০০ বেংক সখীৰ ভিতৰত প্ৰায় ৫০%ই লকডাউনৰ সময়ছোৱাত সমগ্ৰ দেশতে কৰ্মত তৎপৰ হৈ পৰিছে৷ বেংক সখীসকলে বেংকৰ শাখা প্ৰৱন্ধকসকলক ডিবিটি লেনদেনৰ সময়ত গ্ৰাহকসকলৰ মাজত সামাজিক ব্যৱধান নিশ্চিত কৰাৰ দিশত সহায় আগবঢ়াইছে৷

অধিক বিৱৰণৰ বাবে

লক ডাউনৰ সময়ছোৱাত আত্ম সহায়ক গোটসমূহৰ মহিলাসকলে পৰিচালনা কৰা সমূহীয়া ৰান্ধনীশালাসমূহৰ পৰা সমাজৰ অতি দৰিদ্ৰ আৰু সংকটজৰ্জৰসকলক খাদ্য যোগান

অত্যাৱশ্যৱকীয় সেৱা উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত দেশৰ সমগ্ৰ অঞ্চলৰ আত্ম সহায়ক গোটসমূহে অভিনৱ পদ্ধতিৰে স্বাস্থ্য-কৰ্মী, শিশু, চেমনীয়া তথা মানসিক স্বাস্থ্য আৰু পুষ্টি সংক্ৰান্তীয় প্ৰসংগসমূহৰ ক্ষেত্ৰতো আগশাৰীত থাকি সহযোগিতা আগবঢ়াই আহিছে৷

অধিক বিৱৰণৰ বাবে

ভিড-১৯ক প্ৰতিহত কৰিবলৈ অসমৰ গ্ৰামাঞ্চলৰ মহিলাসকলে প্ৰস্তুত কৰিছে হেণ্ড ছেনিটাইজাৰ, ঘৰতে বনোৱা মাস্ক

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এছইইডি শাখাৰ দ্বাৰা সমৰ্থিত যোৰহাটৰ চিএছআইআৰ-নৰ্থ ইষ্ট ইন্সটিটিউট অব্ ছায়েন্স এণ্ড টেকন’ল’জীৰ অধীনত ৰুৰেল ৱ’মেন টেকন’ল’জী পাৰ্কে (আৰডব্লিউটিপি)গ্ৰামাঞ্চলৰ মহিলাসকলক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ তথা নিকটৱৰ্তী গাঁওসমূহৰ দৰিদ্ৰ পৰিয়ালৰ মাজত বিনামূলীয়াকৈ বিতৰণৰ বাবে হেণ্ড ছেনিটাইজাৰ, ঘৰতে বনোৱা মাস্ক আৰু তৰল বীজাণুনাশক আদি প্ৰস্তুতিত জড়িত কৰাইছে৷

অধিক বিৱৰণৰ বাবে

ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰমজানৰ পবিত্ৰ মাহটোত ভাৰতীয় মুছলমানসকলক লকডাউনৰ নিৰ্দেশনা আৰু সামাজিক ব্যৱধানৰ নীতি মানি চলিবলৈ সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰীৰ আহ্বান

কেন্দ্ৰীয় সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকভিয়ে আজি চলিত ক’ৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় মুছলমানসকলক ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া ৰমজানৰ মাহটোত লকডাউন আৰু সামাজিক ব্যৱধানৰ নীতি কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক ঘৰৰ পৰাই ধৰ্মীয় ৰীতি-নীতি তথা প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

বিগত কেৱল ৩ দিনতে ‘ভাৰত পঢ়ে অনলাইন’ৰ বাবে লাভ হৈছে ৩৭০০টাত কৈও অধিক পৰামৰ্শ

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ ১০ এপ্ৰিল ২০২০ তাৰিখে ‘ভাৰত পঢ়ে অনলাইন’ শীৰ্ষক এক অভিাযনৰ সূচনা কৰিছিল৷ বিগত তিনিটা দিনতে এই ‘ভাৰত পঢ়ে অনলাইন’ অভিযানৰ বাবে টুইটাৰ আৰু ইমেইলযোগে ৩৭০০টাত কৈও অধিক পৰামৰ্শ লাভ কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ডিঅ’পিটি, ডিএআৰপিজি আৰু ডিঅ’পিপিডব্লিউৰ কামৰ পুনৰীক্ষণ কৰিলে ড জীতেন্দ্ৰ সিঙে

মহামাৰীবিধৰ বিৰুদ্ধে বিভাগসমূহে গ্ৰহণ কৰা প্ৰস্তুতিসমূহৰ উপৰিও বিষয়াসকল তথা কৰ্মচাৰীসকলক এই সময়ছোৱাত কাম-কাজ যাতে স্তব্ধ নহয় তাৰবাবে মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে৷ ১২ এপ্ৰিল ২০২০ তাৰিখৰ পৰা চৰকাৰে ৭০০০টা ক’ভিড-১৯ ৰাজহুৱা অভিযোগ নিষ্পত্তি কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

  • অৰুণাচল প্ৰদেশঃ ১৩৮ বেটেলিয়ন চিআৰপিএফ জোৱানে ইটানগৰত ক’ভিড-১৯ৰ বিষয়ে ঘৰে ঘৰে সজাগতা প্ৰদান আৰম্ভ কৰিছে৷
  • অসমঃ অন্য ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকৰ বাবে অসম চৰকাৰে ৯৬-১৫৪৭-১৫৪৭ শীৰ্ষক হেল্পলাইন মুকলি কৰিছে৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে টুইট কৰিছে৷
  • মণিপুৰঃ মণিপুৰৰ স্বাস্থ্য বিভাগে জনসাধাৰণক চিকিৎসকৰ প্ৰেছক্ৰিপছন অবিহনে হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ক্ৰয় কৰিবলৈ বাৰণ কৰিছে৷
  • মেঘালয়ঃ দক্ষিণ পশ্চিম খাচী পাহাৰীয়া জিলাৰ ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক৷
  • মিজোৰামঃ ক’ভিড-১৯ৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগীয়া কাৰ্যপন্থাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে গীৰ্জা, এনজিঅ’, ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু গুৰুত্বপূৰ্ণ চৰকাৰী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়৷
  • নাগালেণ্ডঃ ৰাজ্য চৰকাৰে কৈছে যে প্ৰথমজন ক’ভিড-১৯ ৰোগী কলকাতাৰ পৰা ডিমাপুৰলৈ এয়াৰ ইণ্ডিয়াৰ বিমান ৭০৯ (আসন নং ৫বি)ত যাত্ৰা কৰিছিল৷ সহযাত্ৰীসকলৰ অনুসৰণ কাৰ্য আৰম্ভ হৈছে৷
  • ছিক্কিমঃ ৭০টা ঋণাত্মক পৰিঘটনাৰ সৈতে আশাবাদী ছিক্কিমৰ স্বাস্থ্য বিভাগ৷
  • ত্ৰিপুৰাঃ লকডাউনৰ সময়ছোৱাতো অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ নিৰ্মাণ অব্যাহত থাকিব বুলি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত৷
  • কেৰালাঃ কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্তৰ পিছতহে লকডাউন নিষেধাজ্ঞা শিথিল কৰাৰ বিষয়ে ৰাজ্যই সিদ্ধান্ত ল’ব৷ মুম্বাই আৰু পুণেত ৪ গৰাকী কেৰালাৰ নাৰ্চ ধনাত্মক প্ৰতিবেদিত হৈছে৷ ৩৬জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ২টা নতুন পৰিঘটনা কালি নিশ্চিত হৈছে৷ এই পৰ্যন্ত মুঠ পৰিঘটনা ৩৭৫টা, মৃত্যুৰ হাৰ ০.৫৩%৷
  • তামিলনাডুঃ জন পৰীক্ষণ আৰু মাস্ক নিৰ্মাণ বাধ্যতামূলক বুলি বিশেষজ্ঞৰ পেনেলৰ পৰামৰ্শ৷ ২জন পিজি চিকিৎসকক আচুতীয়াকৈ ৰখা হৈছে৷ ব্যক্তিগত খণ্ডৰ গৱেষণাগাৰৰ ব্যয় বহন কৰিব ৰাজ্য চৰকাৰে৷ এই পৰ্যন্ত মুঠ পৰিঘটনা ১০৭৫টা, মুকলি হৈছে ৫০, মৃত্যু ১১৷
  • কৰ্ণাটকঃ আজি পৰ্যন্ত ১৫টা নতুন পৰিঘটনা৷ মুঠ নিশ্চিত পৰিঘটনা ২৪৭টা৷ ৬জনৰ মৃত্যু আৰু ৫৯জনক মুকলি কৰি দিয়া হৈছে৷
  • অন্ধ্ৰ প্ৰদেশঃ পৰীক্ষণ আৰু নমুনা সংগ্ৰহৰ বাবে ৰাজ্যই শ্ৰীকাকুলামত স্থাপন কৰিছে ৱাক-ইন ছেম্পল কিঅ’স্ক৷ ক’ভিড-১৯ৰ সাহায্যৰ বাবে ১৪৪১০ শীৰ্ষক হেল্পলাইন নম্বৰৰ সৈতে চৰকাৰে মুকলি কৰিছে টেলিমেডিচিন কাৰ্যসূচী৷ আজি ১২টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে আৰু মুঠ ধনাত্মক পৰিঘটনাৰ সংখ্যা হৈছে ৪৩২টা৷ আৰোগ্য হোৱাৰ পিছত মুকলি কৰি দিয়া হৈছে ১২জনক৷
  • তেলেংগানাঃ নতুনকৈ ১জন প্ৰতিবেদিত হোৱাৰ জৰিয়তে ৰাজ্যখনত মুঠ ধনাত্মক পৰিঘটনাৰ সংখ্যা হ’ল ৫৩২জন৷ ৩০ এপ্ৰিললৈ লকডাউন সম্প্ৰসাৰিত কৰাৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হৈছে সকলো সাধাৰণ প্ৰৱেশ পৰীক্ষা৷
  • মহাৰাষ্ট্ৰঃ নতুন হটস্পট হিচাপে চিনাক্ত হৈছে ৱৰ্লিকলিৱাড়া আৰু গোভাণ্ডি বস্তি এলেকা৷ এই স্থানসমূহত সামাজিক ব্যৱধানৰ নিশ্চিতিয়ে সমস্যা হৈ দেখা দিছে৷
  • গুজৰাটঃ আজি ২২টা নতুন পৰিঘটনা প্ৰতিবেদিত হৈছে৷ মুঠ ধনাত্মক পৰিঘটনাৰ সংখ্যা ৫৩৮টা৷
  • ৰাজস্থানঃ সোমবাৰে ১১টা নতুন পৰিঘটনা প্ৰতিবেদিত হোৱাৰ জৰিয়তে মুঠ পৰিঘটনাৰ সংখ্যা হ’ল ৮১৫টা৷ ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা বাতিল কৰিছে আৰু ১৬ এপ্ৰিলৰ পৰা ৩০ মে’ তাৰিখলৈ গ্ৰীষ্ম বন্ধ হিচাপে ঘোষণা কৰিছে৷

 

#ক’ভিড-১৯ৰ ফেক্ট চেক

 

 



(Release ID: 1614121) Visitor Counter : 194