প্ৰতিৰক্ষা মন্ত্ৰালয়

মুম্বাই ঘাটকোপাৰ নৌসেনাj কোৱাৰেণ্টাইন শিৱিৰৰ পৰা ঘৰলৈ ৰাওনা বিদেশৰ পৰা উদ্ধাৰ কৰা ৪৪জন লোক

Posted On: 13 APR 2020 11:52AM by PIB Guwahati

মুম্বাইস্থিত ঘাটকোপাৰ সামগ্ৰী সংস্থাত ভাৰতীয় নৌসেনা কোৱাৰেণ্টাইৰ ব্যৱস্থাত ইৰানৰ পৰা উদ্ধাৰ কৰি অনা ৪৪গৰাকী লোক (২৪গৰাকী মহিলাসহ)ৰ কোৱাৰেণ্টাইন ব্যৱস্থা সফলতাৰে সম্পন্ন হয়৷ এই ৪৪গৰাকী ব্যক্তিয়ে ১৩ মাৰ্চৰ পৰা সম্পূৰ্ণ এমাহ সময় সেই শিৱিৰত কটায় আৰু ২৮ মাৰ্চত তেওঁলোক সকলোৰে পৰীক্ষাত ক’ভিড-১৯ নিগেটিভ পোৱা যায়৷

 

নৌসেনা এটা দক্ষ চিকিসাকৰ্মীয়ে অবিৰতভাৱে এই উদ্ধাৰ কৰি অনা লোকসকলৰ স্বাস্থ্যৰ নিৰীক্ষণ কৰে৷ তেওঁলোকক সংৰক্ষণ কৰ্মচাৰীৰ এটা টীমৰ লগতে অন্যান্য একাংশ কৰ্মীয়ে কোৱাৰেণ্টাইনত থকা লোকসকলৰ আৰাম আৰু কল্যানৰ বাবে সমগ্ৰ চৌহদৰ পৰিস্কাৰ-পৰিচ্ছন্নতাত সহায় কৰে৷ তেওঁলোকক প্ৰদান কৰা আহাৰো কঠোৰ নিৰ্দেশনাৰ মাজত বিশেষ ব্যৱস্থাৰে অতি সুন্দৰকৈ প্ৰস্তুত কৰা হয়৷

 

কোৱাৰেণ্টাইনত থকা লোকসকলৰ বাবে এটা গ্ৰন্থাগাৰ, টিভি কোঠা, ইনড’ৰ গেমছ, এটা সৰু জীম আৰু ক্ৰিকেট খেলা ইত্যাদি সুবিধাৰে সমৃদ্ধ কৰি তোলা হয়৷ দেশজোৰা লকডাউনত পৰ্যাপ্ত সামগ্ৰীৰ অভাৱ যদিও সেইখিনিৰে প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ অভিনৱ প্ৰচেষ্টা হাতত লোৱা হয়৷ তদুপৰি, শ্ৰীনগৰ আৰু লাডাখলৈ যোৱাৰ কোনো সুবিধা নথকাৰ বাবে লোকসকলৰ কোৱাৰেণ্টাইনৰ সময় বৃদ্ধি কৰিবলগীয়া হয়৷ ১২ এপ্ৰিল, ২০২০ত ভাৰতীয় বায়ু সেনাৰ চি-১৩০ বিমানেৰে এই লোকসকলক শ্ৰীনগৰলৈ নিয়া হয়৷ ঘৰলৈ ঘুৰি যোৱাৰ সময়ত সকলোকে এটা পেকেট খাদ্য, জলপান আৰু হাতেৰে চিলোৱা দুটাকৈ মাস্ক প্ৰদান কৰা হয়৷

 

ক’ভিড-১৯ৰ বিৰুদ্ধে দেশৰ এই প্ৰচেষ্টাত ভাৰতৰ নাগৰিক তথা অসমাৰিক প্ৰশাসনক সাম্ভাব্য সকলো ধৰণৰ সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ভাৰতীয় নৌসেনা৷

***

VM/ MS/DB



(Release ID: 1614012) Visitor Counter : 212