গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সন্দৰ্ভত ভ্ৰমণ নিষেধাজ্ঞাসমূহৰ বাবে বৰ্তমানে ৩০ এপ্ৰিল ২০২০ তাৰিখলৈ ভাৰতত থকা বিদেশী নাগৰিকসকলৰ বাবে দূতাবাসৰ সেৱা প্ৰদান

प्रविष्टि तिथि: 13 APR 2020 2:38PM by PIB Guwahati

জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ভ্ৰান্তিসমূহ দূৰ কৰাৰ বাবে এয়া জাননী প্ৰদান কৰা হৈছে যে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ ফলত ভ্ৰমণ নিষেধাজ্ঞাসমূহৰ বাবে বৰ্তমানে ৩০ এপ্ৰিল ২০২০ তাৰিখলৈ ভাৰতত থকা বিদেশী নাগৰিকসমূহক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২৮.০৩.২০২০ তাৰিখে নিঃশুল্কভাৱে দূতাৱাসৰ সেৱা প্ৰদান কৰিছিল৷

(https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1613895)

বিশ্বৰ বিভিন্ন প্ৰান্তত ক’ভিড-১৯য়ে মহামাৰীৰ ৰূপ ধাৰণ কৰাত আৰু ইয়াৰ পৰিণামস্বৰূপে ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা ভ্ৰমণ নিষেধাজ্ঞাসমূহৰ বাবে ভাৰতত আৱদ্ধ হৈ থকা বিদেশী নাগৰিকসকলক নিয়মিত ভিছা, ই-ভিছা অথবা ষ্টে’ ষ্টেপুলেচন তথা এনেকুৱা বিদেশী নাগৰিক যাৰ ভিছাৰ ম্যাদ সমাপ্ত হৈছে অথবা ০১.০২.২০২০ (মাজনিশা)ৰ পৰা ৩০.০৪.২০২০ (মাজনিশা)তাৰিখলৈ ম্যাদ সমাপ্ত হ’বলগীয়া হৈছে, তেনে বিদেশী নাগৰিকৰ দ্বাৰা অনলাইন আবেদন কৰাৰ পিছত নিঃশুল্ক ভিত্তিত ৩০ এপ্ৰিল ২০২০ (মাজনিশা)তাৰিখলৈ ম্যাদ বৃদ্ধি কৰা হ’ব৷

 

*****

VG/SNC/VM/MANN


(रिलीज़ आईडी: 1613992) आगंतुक पटल : 182