সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰমজানৰ পবিত্ৰ মাহটোত ভাৰতীয় মুছলমানসকলক লকডাউনৰ নিৰ্দেশনা আৰু সামাজিক ব্যৱধানৰ নীতি মানি চলিবলৈ মুখতাৰ আব্বাছ নাকভিৰ আহ্বান

২৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ৰমজানৰ পবিত্ৰ মাহ


মুখতাৰ আব্বাছ নাকভি- ঘৰৰ ভিতৰতে থাকি ধৰ্মীয় ৰীতি-নীতি পালন তথা প্ৰাৰ্থনা কৰক

Posted On: 13 APR 2020 5:07PM by PIB Guwahati

কেন্দ্ৰীয় সংখ্যালঘূ পৰিক্ৰমা মন্ত্ৰী শ্ৰী মুখতাৰ আব্বাছ নাকভিয়ে আজি চলিত ক’ৰোনা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় মুছলমানসকলক ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া ৰমজানৰ মাহটোত লকডাউন আৰু সামাজিক ব্যৱধানৰ নীতি কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক ঘৰৰ পৰাই ধৰ্মীয় ৰীতি-নীতি তথা প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনায়৷

মন কৰিবলগীয়া কথা এয়ে যে ছৌদি আৰৱকে ধৰি বিশ্বৰ বিভিন্ন মুছলমান ধৰ্মাৱলম্বী দেশসমূহে ৰমজানৰ সময়ত বৃহৎ সমাৱেশ বন্ধ কৰিছে৷

শ্ৰী নাকভিয়ে কয় যে তেওঁ অন্যান্য ধৰ্মীয় নেতা, বিভিন্ন সামাজিক আৰু ধৰ্মীয় সংস্থাসমূহৰ প্ৰতিনিধি তথা ৰাজ্যিক ৱাকফ ব’ৰ্ডৰ সৈতে কথা পাতি তেওঁলোকক লকডাউন আৰু সামাজিক ব্যৱধানৰ নীতি পালন কৰাটো নিশ্চিক কৰিবলৈ আহ্বান জনাইছে৷

শ্ৰী নাকভিয়ে কয় যে মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, গীৰ্জা তথা অন্যান্য ধৰ্মীয় স্থানসমূহতো ক’ৰোনা মহামাৰীৰ বাবে জনসমাগম বন্ধ কৰা হৈছে৷

শ্ৰী নাকভিয়ে কয় যে সমগ্ৰ দেশে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বান অনুসৰি লকডাউন আৰু সামাজিক ব্যৱধানৰ নীতি গুৰুত্ব-সহকাৰে পালন কৰা উচিত৷ যিকোনো ধৰণৰ অসাৱধানতাই নিজৰ লগতে পৰিয়াল আৰু সমাজখনৰো ক্ষতি কৰিব পাৰি৷ আমি সকলোৱে ক’ৰনাক পৰাস্ত কৰাৰ বাবে গুৰুত্ব-সহকাৰে আৰু সততাৰে প্ৰশাসনে বান্ধি দিয়া নিৰ্দেশনাসমূহ পালন কৰিব লাগে, তেওঁ এইদৰে কয়৷

 

***

KGS/MANN



(Release ID: 1614015) Visitor Counter : 209