বিত্ত মন্ত্ৰালয়

ব্যাপক ডিজিটেল পে’মেণ্ট আন্তঃগাঁথনিৰ জৰিয়তে প্ৰধানমন্ত্রী গৰীৱ কল্যাণ পেকেজৰ হিতাধিকাৰীক দ্ৰুত ধন হস্তান্তৰ

Posted On: 12 APR 2020 7:05PM by PIB Guwahati

ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে জনধন একাউণ্টধাৰীসকল ম’বাইল ফোন নম্বৰ আৰু আধাৰ সংযোগী ব্যৱস্থাৰ ফলত সামাজিক সুৰক্ষা আৰু বিভিন্ন পেন্সন আঁচনিৰ হিতাধিকাৰীসকলক পোনপটীয়া লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে দ্ৰুততাৰে ধন প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্রী জনধন যোজনা (পিএমজেডিৱাই) ২০১৪ চনৰ আগষ্ট মাহত আৰম্ভ কৰা হৈছিল। দেশৰ যিসকল নাগৰিকৰ বেংক একাউণ্ট নাছিল, তেওঁলোকে সহজে বেংকত একাউণ্ট খুলিব পৰাকৈ এই যোজনাৰ শুভাৰম্ভ কৰা হৈছিল৷ ২০২০ৰ ২০ মাৰ্চলৈকে খোলা ১২৬ কোটি চিএএছএ একাউণ্টৰ ৩৮কোটিতকৈ অধিক পিএমজেডিৱাইৰ অধীনতে খোলা৷


এই বেংক একাউণ্টসমূহত গ্রাহকসকলে নগদ অথবা ডিজিটেল প্ৰক্রিয়াৰে লেনদেন কৰিব পাৰে৷ বায়’মেট্রিক পৰিচয়পত্ৰ ব্যৱহাৰ কৰি এইপিএছ, ভীম আধাৰ পে’, ৰুপে ডেবিট কাৰ্ড, ইউপিআই, বিবিপিএছৰ জৰিয়তে ধনৰ লেনদেন কৰা হয়৷


এই ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে প্ৰধানমন্ত্রী গৰীৱ কল্যাণ পেকেজৰ অধীনত ৩০ কোটিতকৈও অধিক দৰিদ্ৰ লোকক ২৮,২৫৬ কোটি টকা আর্থিক সাহায্য লাভ কৰিছে৷ ক’ভিড-১৯ মোকাবিলা কৰাৰ বাবে দেশজোৰা লকডাউনৰ সময়ত যাতে দৰিদ্ৰ লোকসকল যাতে কোনো সমস্যাত নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২৬ মার্চত এই পেকেজ ঘোষণা কৰিছিল৷

 

প্ৰধানমন্ত্রী গৰীৱ কল্যাণ পেকেজৰ অধীনত ১০ এপ্ৰিল পৰ্যন্ত হিতাধিকাৰীসকলৰ মুকলি কৰি দিয়া ধনৰ পৰিমাণ হৈছে-

 

আঁচনি

হিতাধিকাৰীৰ সংখ্যা

আনুমানিক ধন

পিএমজেডিৱাই একাউণ্টধাৰী মহিলালৈ সাহায্য

১৯.৮৬ কোটি (৯৭%)

৯৯৩০ কোটি টকা

পিএম-কিষাণ অধীনত কৃষকলৈ প্ৰথম কিস্তিৰ ধন

.৯৩ কোটি ( কোটিৰ)

১৩,৮৫৫ কোটি টকা

এনএছএপি হিতাধিকাৰী(বিধৱা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ)লৈ সাহায্য

.৮২ কোটি

১৪০৫ কোটি টকা

ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকলৈ সাহায্য

.১৬ কোটি

৩০৬৬ কোটি টকা

মুঠ

৩১.৭৭ কোটি

২৮,২৫৬ কোটি টকা

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

****

RM/KMN/DB



(Release ID: 1613980) Visitor Counter : 267