গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ চনৰ ১ জুলাইৰ পৰা সমগ্ৰ ভাৰতৰ গ্ৰাম্য অঞ্চলত বিকশিত ভাৰত – জি ৰাম জি আইনৰ ঐতিহাসিক আৰম্ভণি

গ্ৰাম্য জীৱিকা শক্তিশালী কৰাৰ বাবে ১২৫ দিনৰ বিধিগত নিয়োগৰ নিশ্চয়তা

এমজিএনৰেগা ৰ পৰা বিকশিত ভাৰত – জি ৰাম জিলৈ নিৰৱচ্ছিন্ন পৰিৱৰ্তন নিশ্চিত কৰা হৈছে

নিয়োগ, জীৱিকা আৰু গ্ৰাম্য পৰিৱৰ্তন ত্বৰান্বিত কৰিবলৈ ৯৫,৬৯২ কোটি টকাৰ ঐতিহাসিক আবণ্টন

বৰ্তমানৰ জব কাৰ্ডসমূহ বৈধ হৈ থাকিব, চলি থকা কামসমূহ কোনো বাধা নোহোৱাকৈ চলি থাকিব

পোষ্ট কৰা হৈছে: 11 MAY 2026 12:09PM by PIB Guwahati

ভাৰতৰ গ্ৰাম্য উন্নয়ন যাত্ৰাৰ এক উল্লেখনীয়  মাইলৰ খুঁটি চিহ্নিত কৰি ভাৰত চৰকাৰে ২০২৬ চনৰ ১১ মে’ত ২০২৬ চনৰ ১ জুলাইৰ পৰা দেশজুৰি ৰূপায়ণ হ’বলগীয়া বিকশিত ভাৰত – ৰোজগাৰ আৰু অ-জীৱিকা মিছন (গ্ৰামীন) [ভিবি–জি ৰাম জি] আইন, ২০২৫ ৰূপায়ণৰ বিষয়ে সদৰী  কৰিছিল।

ভি বি–জি ৰাম জি আইন বলৱৎ হোৱাৰ লগে লগে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এম জি এনৰেগা), ২০০৫ একে তাৰিখৰ পৰা বাতিল হৈ পৰিব । ইয়াৰ দ্বাৰা ভাৰতৰ গ্ৰাম্য উন্নয়নৰ কাঠামোত এক ঐতিহাসিক পৰিৱৰ্তন ঘটিব আৰু বিকাশিত ভাৰত @২০৪৭ৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে মিল থকা সংহত, ভৱিষ্যতৰ বাবে সাজু তথা উৎপাদনশীলতামুখী গ্ৰাম্য ৰূপান্তৰৰ এক নতুন যুগৰ সূচনা হ'ব।

নতুন কাঠামোৰ অধীনত প্ৰতিটো গ্ৰাম্য পৰিয়ালে , যাৰ প্ৰাপ্তবয়স্ক সদস্যই স্বেচ্ছাই অদক্ষ হাতেৰে কৰা   কাম কৰে, তেওঁলোকে  প্ৰতিটো বিত্তীয় বৰ্ষত ১২৫ দিনৰ মজুৰিসহ নিয়োগৰ বিধিগত নিশ্চয়তাৰ অধিকাৰী হ’ব। এনে বৰ্ধিত নিশ্চয়তাৰ উদ্দেশ্য হৈছে জীৱিকাৰ সুৰক্ষা শক্তিশালী কৰা, গ্ৰাম্য আয়ৰ উন্নতি সাধন কৰা আৰু বহনক্ষম গাঁও পৰ্যায়ৰ উন্নয়নত সহায় কৰা।

ভিবি–জি ৰাম জি আইন আৰম্ভ কৰাৰ বাবে গেজেট অধিসূচনা চাবলৈ ইয়াত ক্লিক কৰক।

শ্ৰমিকসকলক তেওঁলোকৰ কামৰ চাহিদাৰ বিপৰীতে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত নিয়োগ প্ৰদান কৰা হ’ব, এইক্ষেত্ৰত  ব্যৰ্থ হ’লে শ্ৰমিকসকলে আইনৰ বিধান অনুসৰি নিবনুৱা ভাট্টা লাভৰ সুবিধা পাব।

এই আইনখনে সময়মতে আৰু স্বচ্ছ মজুৰি প্ৰদানৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। মজুৰি প্ৰত্যক্ষ সুবিধা স্থানান্তৰ (ডিবিটি)ৰ জৰিয়তে শ্ৰমিকৰ বেংক বা ডাকঘৰৰ একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হ'ব । মজুৰি সাপ্তাহিক ভিত্তিত বা মাষ্টাৰ ৰোল বন্ধ হোৱাৰ পৰা পোন্ধৰ দিনৰ ভিতৰত প্ৰদান কৰিব লাগিব, এইক্ষেত্ৰত ব্যৰ্থ হ’লে শ্ৰমিকসকলে আইনৰ বিধান অনুসৰি বিলম্বৰ বাবে ক্ষতিপূৰণত লাভ  কৰাৰ সুবিধা পাব।

ভাৰত চৰকাৰে বিকশিত ভাৰত – জি ৰাম জি আইন, ২০২৫ৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বিস্তৃত বিত্তীয় ব্যৱস্থা নিশ্চিত কৰিছে।২০২৬–২৭ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯৫,৬৯২.৩১ কোটি টকাৰ বাজেট আবণ্টন দিছে, যিটো গ্ৰাম্য নিয়োগ কাৰ্যসূচীৰ বাবে বাজেট অনুমোদনৰ  ক্ষেত্ৰত এতিয়ালৈকে সৰ্বাধিক আবণ্টন ধন।ৰাজ্যসমূহৰ সম্ভাৱ্য অৱদানকে ধৰি মুঠ কাৰ্যসূচীৰ ব্যয় ১.৫১ লাখ কোটি টকাতকৈ অধিক বুলি অনুমান কৰা হৈছে। এই আবণ্টনে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন, বৃহৎ পৰিসৰৰ নিয়োগ সৃষ্টি আৰু গ্ৰাম্য আয় বৃদ্ধিৰ ক্ষেত্ৰত সতেজ গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

নিৰৱচ্ছিন্ন, মসৃণ আৰু শ্ৰমিককেন্দ্ৰিক পৰিৱৰ্তন নিশ্চিত কৰিবলৈ এম জি এনৰেগাৰ অধীনত শ্ৰমিকৰ নিয়োগ  নতুন আইনখন আৰম্ভ হোৱাৰ তাৰিখলৈকে নিৰৱচ্ছিন্নভাৱে চলি থাকিব। এম জি এনৰেগাৰ অধীনত ৩০ জুন তাৰিখলৈকে চলি থকা কামসমূহ বিকশিত  ভাৰত জি ৰাম জিৰ বিধানৰ সৈতে সামঞ্জস্য ৰক্ষা কৰাটো  নিশ্চিত কৰি নতুন কাঠামোত নিৰৱচ্ছিন্নভাৱে আগবঢ়াই নিয়া হ’ব।সময়ত কামৰ উপলব্ধতা তথা গ্ৰাম্য শ্ৰমিকক মজুৰি শীঘ্ৰে প্ৰদান কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়  হৈয়েই আছে।

চৰকাৰে চাহিদাৰ আৰ্হি আৰু ক্ষেত্ৰৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে পৰ্যাপ্ত শ্ৰম বাজেটৰ ব্যৱস্থা উপলব্ধ কৰিছে , যাতে কোনো যোগ্য গ্ৰাম্য পৰিয়ালে ভিবি–জি ৰাম জি আইন আৰম্ভ হোৱাৰ পূৰ্বৰ সময়ছোৱাত অসুবিধাৰ সন্মুখীন নহয়।

বৰ্তমানৰ ই-কেৱাইচি পৰীক্ষিত এমজিএনৰেগা জব কাৰ্ডসমূহ গ্ৰামীন ৰোজগাৰ নিশ্চয়তা কাৰ্ড প্ৰদান নকৰালৈকে ভিবি–জি ৰাম জিৰ অধীনত বৈধ হৈ থাকিব। জব কাৰ্ড নথকা শ্ৰমিকসকলে গাওঁ  পঞ্চায়ত পৰ্যায়ত পঞ্জীয়ন কৰিব পাৰিব। কেৱল বাকী থকা ই-কেৱাইচিৰ বাবেই শ্ৰমিকসকলক কৰ্মসংস্থাপনৰ পৰা বঞ্চিত কৰা নহ’ব  আৰু ই-কেৱাইচি সম্পূৰ্ণ কৰাৰ সুবিধা প্ৰদানৰ ব্যৱস্থা ৰাজ্য চৰকাৰসমূহে ক্ষেত্ৰ পৰ্যায়ত অব্যাহত ৰাখিব।

ভিবি–জি ৰাম জি আইন, ২০২৫ৰ অধীনত বিভিন্ন  নিয়মৰ খচৰা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত আলোচনা কৰি গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰস্তুত কৰি আছে।

• নিয়মভিত্তিকগত আবণ্টনৰ বাবে বস্তুনিষ্ঠ কাৰক আধাৰিত নিয়ম

• পৰিৱৰ্তনশীল বিধানৰ নিয়ম

• ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিচালনা সমিতিৰ নিয়ম

• কেন্দ্ৰীয় গ্ৰামীন ৰোজগাৰ নিশ্চয়তা পৰিষদৰ নিয়ম

• প্ৰশাসনিক ব্যয়ৰ নিয়ম

• অভিযোগ নিৰাময়ৰ নিয়ম

• মজুৰি আৰু নিবনুৱা ভাট্টা প্ৰদানৰ নিয়ম

• অতিৰিক্ত ব্যয় বহন কৰাৰ ধৰণ আৰু পদ্ধতিৰ নিয়ম

• বিধেয়ক  অবিহনে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে আঁচনিৰ খৰচ বহন কৰাৰ পদ্ধতি সম্পৰ্কীয় নিয়ম।

মহাত্মা গান্ধী এনৰেগাৰ পৰা ভিবি–জি ৰাম জিলৈ মসৃণ পৰিৱৰ্তন নিশ্চিত কৰিবলৈ পৰিৱৰ্তনশীন  নিয়মত উপযুক্ত বিধান সন্নিবিষ্ট কৰা হৈছে, যিবোৰ অতি সোনকালে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। ওপৰত উল্লেখ কৰা আন বিভিন্ন নিয়মৰ খচৰাও প্ৰস্তুত কৰা হৈছে আৰু অতি সোনকালে জনসাধাৰণৰ পৰামৰ্শৰ বাবে সেয়া প্ৰকাশ কৰা হ’ব।

বিকশিত ভাৰত – জি ৰাম জি আইন, ২০২৫ য়ে গাঁৱে-ভূঞে কৰ্মসংস্থাপন, গ্ৰাম্য উন্নয়ন আৰু স্বাৱলম্বীতাৰ ক্ষেত্ৰত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। গাঁও পঞ্চায়তসমূহক গ্ৰাম্য পৰিৱৰ্তনৰ কেন্দ্ৰীয় স্তম্ভ হিচাপে গ্য কৰি  এই আইনখন এক শক্তিশালী, সমৃদ্ধিশালী আৰু উন্নত গ্ৰাম্য ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’বলৈ সাজু হৈছে।

Click here to see FAQ

Click here to see Detailed Explainer

 

*****

RC/PU/DM


(ৰিলিজ আই ডি : 2259849) অতিথি কক্ষ : 3