বিত্ত মন্ত্ৰালয়
ভাৰতৰ প্ৰকৃত জিডিপি ২০২৫–২৬ বিত্তীয় বৰ্ষত ৭.৪% বৃদ্ধিৰ পূৰ্বানুমান, নামমাত্ৰ জিডিপি বৃদ্ধি ৮%
২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম আগতীয়া অনুমানতকৈ নামমাত্ৰ জিডিপি ১০.০% বৃদ্ধিৰ প্ৰকল্প কৰা হৈছে
বিকাশৰ ক্ষেত্ৰত ৯.১% বৃদ্ধিৰে সেৱা খণ্ড প্ৰাথমিক চলক হৈয়ে আছে
বিত্ত আয়োগৰ জৰিয়তে ৰাজ্যসমূহৰ সৈতে ভাগ কৰা মুঠ সম্পদ ২০২৬-২৭ চনত ১৬.৫৬ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে; কৰ বিভাজন (১৫.২৬ লাখ কোটি টকা) আৰু এফ চি অনুদান(১.৪০ লাখ কোটি টকা)
২০২৬-২৭ বিত্তীয় বৰ্ষত সংঘ চৰকাৰৰ কাৰ্যকৰী মূলধনী ব্যয় ১৭.১৫ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যিটো জিডিপিৰ ৪.৪%
সংযুক্ত চৰকাৰৰ কাৰ্যকৰী মূলধনী ব্যয়ত গোৱাৰ মূলধনী ব্যয় (১২.২২ লাখ কোটি টকী) আৰু মূলধনী সম্পত্তি সৃষ্টিৰ বাবে ৰাজ্যসমূহক সাহায্য দিয়া অনুদান (৪.৯৩ লাখ কোটি টকা) অন্তৰ্ভুক্ত কৰা হৈছে
জিডিপিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ ঋণ ২০২৬-২৭ চনত ৫৫.৬% বুলি অনুমান কৰা হৈছে, যিটো ২০২৫-২৬ বিত্তীয় বৰ্ষত ৫৬.১% আছিল
ব্যক্তিগত চূড়ান্ত ব্যৱহাৰ ব্যয় (পিএফচিই) ৭% বৃদ্ধি হোৱাৰ পূৰ্বানুমান কৰা হৈছে, যি জিডিপিৰ ৬১.৫% হিচাপ দিয়ে- বিত্তীয় বৰ্ষৰ ১২ চনৰ পিছত এয়া সৰ্বোচ্চ
২৬ বিত্তীয় বৰ্ষত মুঠ ফিক্সড কেপিটেল ফৰ্মেচন (জিএফচিপি) ৭.৮% বৃদ্ধি পাইছে
২০২৬-২৭ চনৰ বিত্তীয় ঘাটি ৪.৩% বুলি অনুমান কৰা হৈছে, আনহাতে ২০২৫-২৬ চনৰ বিত্তীয় ঘাটি আছিল ৪.৪%
২০২৬-২৭ চনৰ বাবে ৰাজহ ঘাটি ১.৫% বুলি অনুমান কৰা হৈছে; ২০২৬-২৭ চনৰ বাবে কাৰ্যকৰী ৰাজহ ঘাটি ০.৩% বুলি অনুমান কৰা হৈছে
২০২৬-২৭ চনৰ বাবে মুঠ কৰ ৰাজহ জিডিপিৰ ১১.২% বুলি অনুমান কৰা হৈছে
চলিত একাউণ্ট ঘাটি প্ৰথম বিত্তীয় বৰ্ষত ১.৩ শতাংশৰ পৰা প্ৰথম বিত্তীয় বৰ্ষত জিডিপিৰ ০.৮ শতাংশলৈ হ্ৰাস পাইছে
অনিশ্চিত গোলকীয় শুল্ক পৰিস্থিতিৰ সত্ত্বেও ভাৰতৰ মুঠ ৰপ্তানি ২০২৫ বিত্তীয় বৰ্ষত ৮২৫.৩ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে
২০২৫ বিত্তীয় বৰ্ষত মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই)ৰ পৰা আয় ৮১.০ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে
प्रविष्टि तिथि:
01 FEB 2026 12:36PM by PIB Guwahati
ভাৰতৰ বিকাশৰ দৃষ্টিভংগী ইতিবাচক হৈয়েই আছে, যিটো শক্তিশালী ঘৰুৱা চাহিদা, গাঁথনিগত সংস্কাৰ আৰু সুস্থিৰ সামষ্টিক অৰ্থনৈতিক পৰিৱেশৰ দ্বাৰা সমৰ্থিত। বছৰটোত দেশখনে তিনিটাকৈ ছ’ভাৰেইন ৰেটিং উন্নীতকৰণ লাভ কৰে। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটৰ সৈতে সংসদৰ টেবুলত সেয়া দাখিল কৰিছে। উক্ত নথিত আৰু কোৱা হৈছে যে ৰাজহুৱা বিনিয়োগ, নিয়ন্ত্ৰণমুক্তকৰণ, শ্ৰম বজাৰ সংস্কাৰ, মানৱ মূলধন বিনিয়োগ, কৰ সংস্কাৰ, ডিজিটেল ৰূপান্তৰ আৰু অৰ্থনীতিৰ আনুষ্ঠানিককৰণে অৰ্থনীতিক উচ্চ বৃদ্ধিৰ ট্ৰেজেক্টৰীলৈ লৈ যাব বুলি আশা কৰা হৈছে। কৰ্পৰেট আৰু বিত্তীয় খণ্ডৰ শক্তিশালী বেলেন্স শ্বীটেও ব্যক্তিগত খণ্ডৰ বিনিয়োগ বৃদ্ধিৰ দ্বাৰা ইন্ধন যোগোৱা বৃদ্ধিৰ এক গুণীতম চক্ৰক আগুৱাই নিব বুলি আশা কৰা হৈছে।
মেক্ৰো অৰ্থনৈতিক কাঠামোৰ বিবৃতি
অৰ্থনৈতিক বিকাশ
ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা প্ৰথম অগ্ৰিম অনুমান অনুসৰি ২০২৫–২৬ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰকৃত জিডিপি ৭.৪ শতাংশ বৃদ্ধি হোৱাৰ অনুমান কৰা হৈছে, নামমাত্ৰ জিডিপিৰ বৃদ্ধি ৮ শতাংশ। সেৱা খণ্ডই এই বিকাশৰ প্ৰধান চালক হৈয়ে আছে, যাৰ সম্প্ৰসাৰণ ৯.১ শতাংশ। উৎপাদন আৰু নিৰ্মাণৰ ক্ষেত্ৰত ৭ শতাংশ বৃদ্ধি পাইছে। কৃষি ৩.১ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম অগ্ৰিম অনুমানতকৈ নামমাত্ৰ জিডিপি ১০.০ শতাংশ বৃদ্ধি হোৱাৰ প্ৰকল্প কৰা হৈছে।
উপভোগ আৰু বিনিয়োগ
ঘৰুৱা চাহিদাই বিকাশৰ ধাৰা অব্যাহত ৰাখিছে। ব্যক্তিগত চূড়ান্ত উপভোগ ব্যয় (পিএফচিই) ৭ শতাংশ বৃদ্ধি হোৱাৰ প্ৰকল্প কৰা হৈছে, যিটো জিডিপিৰ ৬১.৫ শতাংশ- বিত্তীয় বৰ্ষ ২০১২ৰ পিছত এয়া সৰ্বোচ্চ। চৰকাৰী চূড়ান্ত উপভোগ ব্যয়ও ২০২৫ বিত্তীয় বৰ্ষত ২.৩ শতাংশৰ বিপৰীতে ২৬ বিত্তীয় বৰ্ষত ৫.২ শতাংশ বছৰি বৃদ্ধিৰে শক্তিশালীভাৱে উত্থান ঘটাব বুলি অনুমান কৰা হৈছে। উচ্চ কম্পাঙ্ক সূচক, যেনে- ইউপিআই লেনদেন, বিমান আৰু ৰেল যাতায়ত, ই-ৱে বিল আদিয়ে চহৰ আৰু গ্ৰাম্য উভয়তে ব্যৱহাৰৰ স্থায়ী গতি প্ৰতিফলিত কৰে। বিনিয়োগৰ কাৰ্যকলাপ শক্তিশালী হৈ আছে, বিত্তীয় বৰ্ষ ২৬ত মুঠ নিৰ্দিষ্ট মূলধন গঠন (জিএফচিএফ) ৭.৮ শতাংশ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ বছৰৰ তুলনাত অধিক। তদুপৰি, বিগত তিনি বছৰ ধৰি জিডিপিৰ প্ৰায় ৩০ শতাংশ জিডিপিত জিএফচিএফৰ অংশ সুস্থিৰ হৈ আছে।
বহিঃখণ্ড
ভাৰতৰ মুঠ ৰপ্তানি (ব্যৱসায়িক সামগ্ৰী আৰু সেৱা) ২৫ বিত্তীয় বৰ্ষত ৮২৫.৩ বিলিয়ন মাৰ্কিন ডলাৰ হয়, ২০২৬ বিত্তীয় বৰ্ষত এই গতি অব্যাহত আছে। আমেৰিকাই শুল্ক আৰোপ কৰাৰ পিছতো ব্যৱসায়িক সামগ্ৰীৰ ৰপ্তানি ২.৪ শতাংশ বৃদ্ধি পাইছে (২০২৫ চনৰ এপ্ৰিল–ডিচেম্বৰ), আনহাতে সেৱাৰ ৰপ্তানি ৬.৫ শতাংশ বৃদ্ধি পাইছে। ২০২৫ চনৰ এপ্ৰিল-ডিচেম্বৰৰ বাবে ব্যৱসায়িক সামগ্ৰীৰ আমদানি ৫.৯ শতাংশ বৃদ্ধি পাইছে। ২৫ বিত্তীয় বৰ্ষত মুঠ প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই)ৰ প্ৰবাহ ৮১.০ বিলিয়ন মাৰ্কিন ডলাৰ আৰু ২৬ বিত্তীয় বৰ্ষত এই গতিবেগ শক্তিশালী হৈ উঠে আৰু যিকোনো বিত্তীয় বৰ্ষৰ প্ৰথম সাত মাহত সৰ্বাধিক প্ৰবাহ ৰেকৰ্ড কৰা হৈছে। চলিত একাউণ্টৰ ঘাটি ২৫ বিত্তীয় বৰ্ষৰ প্ৰথম বৰ্ষত ১.৩ শতাংশৰ পৰা ২৬ বিত্তীয় বৰ্ষৰ প্ৰথম বৰ্ষত জিডিপিৰ ০.৮ শতাংশলৈ হ্ৰাস পাইছে।
মধ্যমকালীন বিত্তীয় নীতিসহ কৌশল বিবৃতি
বিত্তীয় সূচক
কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ বিত্তীয় শিখৰ হিচাপে আছে ২০২৫-২৬ আৰু ২০২৪-২৫ (নিয়মীয়া)বাজেটত উল্লেখ কৰা ঋণৰ স্তৰ আৰু ইয়াক ২০২১-২২ বিত্তীয় বৰ্ষত ঘোষণা কৰা চলি থকা বিত্তীয় একত্ৰীকৰণৰ পটভূমিত উপস্থাপন কৰা হৈছে, যি আপোচ নকৰাকৈ উন্নয়নৰ অগ্ৰাধিকাৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰয়োজনীয় সম্পদসমূহ উপলব্ধ কৰাৰ বাবে এটা ভাল ভেটি প্ৰদান কৰিছে। ২০২১-২২ চনৰ বাজেটত ঘোষণা কৰা অনুসৰি ২০২৫-২৬ বিত্তীয় বৰ্ষত জিডিপিৰ ৪.৫ শতাংশতকৈ কম বিত্তীয় ঘাটিত উপনীত হোৱাৰ উদ্দেশ্যে চৰকাৰে ইয়াক সঁচা কৰি তুলিছে। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ ঋণ হ্ৰাস পোৱা পথত ৰাখিব পৰাকৈ বিত্তীয় স্থিতি গ্ৰহণ কৰাটো চৰকাৰৰ প্ৰচেষ্টা হ’ব। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সংশোধিত অনুমান (আৰ ই) আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট অনুমান (বি ই)ত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বিত্তীয় সূচকসমূহ জিডিপিৰ শতাংশ হিচাপে, তলৰ তালিকাত সংক্ষিপ্তভাৱে উল্লেখ কৰা হৈছে।
প্ৰাপ্তি
২০২৬-২৭ চনৰ বি ইত মুঠ কৰ ৰাজহ (জিটিআৰ) ৪৪.০৪ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে। ই ২০২৫-২৬ চনৰ আৰ ইৰ তুলনাত এয়া ৮.০ শতাংশ বৃদ্ধিক প্ৰতিনিধিত্ব কৰে। ২৬.৯৭ লাখ কোটি টকাৰ প্ৰত্যক্ষ কৰ জিটিআৰত ই প্ৰধান অৰিহণা যোগায় (জিটিআৰৰ ৬১.২ শতাংশ)। আনহাতে পৰোক্ষ কৰ ১৭.০৭ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে। বি ই ২০২৬-২৭ত জিটিআৰ আৰু জিডিপি অনুপাত ১১.২ শতাংশ বুলি অনুমান কৰা হৈছে। ২০২৬-২৭ চনৰ বাজেটখনো ষোড়শ বিত্ত আয়োগৰ (এছ এফ চি) বঁটাৰ সময়সীমাৰ প্ৰথম বছৰ। এছ এফ চিয়ে ৰাজ্যসমূহলৈ হস্তান্তৰৰ অংশ ৪১ শতাংশ বিভাজনযোগ্য পুলত ৰখাৰ পৰামৰ্শ দিছে। কৰ ৰাজহ (নেট টু চেণ্টাৰ) ২৮.৬৭ লাখ কোটি টকা হ’ব বুলি প্ৰকল্প কৰা হৈছে। বি ই ২০২৬-২৭ত কেন্দ্ৰীয় চৰকাৰৰ এন টি আৰ ৬.৬৬ লাখ কোটি বুলি প্ৰকল্প কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ লাভ [কৰ ৰাজহ (নেট টু চেণ্টাৰ) আৰু কৰবিহীন ৰাজহ (এনটিআৰ)কে ধৰি], ৩৫.৩৩ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে। ৰাজহ লাভৰ পূৰ্বানুমানে আৰ ই ২০২৫-২৬ৰ তুলনাত ৫.৭ শতাংশ বৃদ্ধি বুলি ধৰি লৈছে।
ব্যয়
বি ই ২০২৬-২৭ত কেন্দ্ৰীয় চৰকাৰৰ মুঠ ব্যয় ৫৩.৪৭ লাখ কোটি (জিডিপিৰ ১৩.৬ শতাংশ) হ’ব বুলি প্ৰকল্প কৰা হৈছে, যি আৰ ই ২০২৫-২৬ৰ ৪৯.৬৫ লাখ কোটিৰ তুলনাত ৭.৭ শতাংশ বৃদ্ধি দেখুৱাইছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটত মূলধনী ব্যয়ৰ দিশত ১২.২২ লাখ কোটি (জিডিপিৰ ৩.১ শতাংশ) প্ৰকল্প কৰা হৈছে। ইয়াৰ ভিতৰত ২.০ লাখ কোটি ব্যয়ৰ সৈতে এছ এ এছ চি আই (স্পেচিয়েস এছিছটেন্স এজ লোন টু ষ্টেট ফৰ কেপিটেস অক্সেনডিচাৰ)ৰ জৰিয়তে ৰাজ্যসমূহক মূলধনী সহায় আগবঢ়াইছে। কেন্দ্ৰীয় চৰকাৰৰ ফলপ্ৰসূ মূলধনী ব্যয়ত চৰকাৰী মূলধনী ব্যয় আৰু মূলধনী সম্পত্তি সৃষ্টিৰ বাবে অনুদান-সাহায্য অন্তৰ্ভুক্ত কৰা হৈছে। এইবোৰে একেলগে এনে বিনিয়োগ গঠন কৰে যি অৰ্থনীতিৰ উৎপাদনশীল ক্ষমতা বৃদ্ধি আৰু উন্নীত কৰে। বি ই ২০২৬-২৭ চনত মূলধনী সম্পত্তি সৃষ্টিৰ বাবে অনুদান সাহায্যৰ অধীনত আবণ্টন ৪.৯৩ লাখ কোটি টকা (বা জিডিপিৰ ১.৩ শতাংশ) বুলি প্ৰকল্প কৰা হৈছে। গতিকে, ২০২৬-২৭ বিত্তীয় বৰ্ষত কাৰ্যকৰী মূলধনী ব্যয় ১৭.১৫ লাখ কোটি (বা জিডিপিৰ ৪.৪ শতাংশ) বুলি অনুমান কৰা হৈছে।
ৰাজ্যসমূহৰ কৰ বিভাজন আৰু বিত্ত আয়োগৰ অনুদান
বিত্ত আয়োগৰ (এফ চি) পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে এফ চি চক্ৰৰ সময়ত ৰাজ্যসমূহক কৰ প্ৰদান কৰে। পূৰ্বে উল্লেখ কৰা অনুসৰি এছ এফ চিয়ে বিভাজনযোগ্য পুলত ৰাজ্যসমূহৰ অংশ ৪১ শতাংশ ৰখাৰ পৰামৰ্শ দিছিল আৰু এই পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰিছে। বি ই ২০২৬-২৭ত ৰাজ্যসমূহলৈ কৰ হস্তান্তৰ ১৫.২৬ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, আৰ ই ২০২৫-২৬ত ১৩.৯৩ লাখ কোটি টকা হোৱাৰ তুলনাত য’ত বিগত বছৰসমূহৰ পৰা বিভাজনৰ অধীনত থকা ৰাজ্যসমূহৰ পৰা কেন্দ্ৰীয় চৰকাৰে লাভ কৰিবলগীয়া বাবদ ধনৰ হিচাপত ৯,০৮৪.০২ কোটি অতিৰিক্ত ধন অন্তৰ্ভুক্ত কৰা হৈছে। বি ই ২০২৬-২৭ চনত ৰাজ্যসমূহলৈ কৰ বিভাজন জিডিপিৰ ৩.৯ শতাংশ আৰু আৰ ই ২০২৫-২৬ (বিগত বকেয়াকে ধৰি)ত কৰ বিভাজনতকৈ ১.৩৩ লাখ কোটি টকা অধিক। বি ই ২০২৬-২৭ত বিত্ত আয়োগৰ অনুদান ১.৪ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে।এইদৰে, বিত্ত আয়োগৰ পথৰ জৰিয়তে ৰাজ্যসমূহৰ সৈতে ভাগ কৰা মুঠ সম্পদ, কৰ বিভাজন আৰু এফ চি অনুদান, বি ই ২০২৬-২৭ত ১৬.৫৬ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে।
২০২৬-২৭ চনৰ বাবে বিত্তীয় নীতি কৌশল
২০২৬-২৭ বিত্তীয় বৰ্ষৰ বিত্তীয় নীতি কৌশল ২০২৫-২৬ চনৰ বাজেটত উল্লেখ কৰা ঋণ ব্যৱস্থাৰ দ্বাৰা পৰিচালিত। ইয়াৰ লক্ষ্য হৈছে ২০৩০-৩১ বিত্তীয় বৰ্ষৰ ভিতৰত ৫০±১ শতাংশ ঋণ আৰু জিডিপি অনুপাতত উপনীত হোৱা, য’ত বিত্তীয় ঘাটিয়ে কাৰ্য্যকৰী লক্ষ্য হিচাপে কাম কৰিব। ওপৰৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰৰ ঋণ আৰু জিডিপি অনুপাত বি ই ২০২৬-২৭ত জিডিপিৰ ৫৫.৬ শতাংশ হ’ব আৰু বিত্তীয় ঘাটিৰ লক্ষ্য জিডিপিৰ ৪.৩ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। বিত্তীয় কৌশলৰ অন্যান্য দিশসমূহৰ ভিতৰত আছে মূলধনী ব্যয়ৰ ওপৰত অবিৰত মনোনিৱেশৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ প্ৰতি সমৰ্থন, বিশ্ব অৰ্থনৈতিক পৰিঘটনাৰ প্ৰতি সঁহাৰি জনাবলৈ পৰ্যাপ্ত বিত্তীয় স্থান এৰি দিয়া আৰু দেশৰ বিক্ষিত ভাৰতৰ দিশে যাত্ৰাত অবিৰত সমৃদ্ধি নিশ্চিত কৰা। আন আন দিশসমূহৰ ভিতৰত আছে কৰ নীতি, ব্যয় নীতি, চৰকাৰী ঋণ, ঋণ আৰু বিনিয়োগৰ সংস্কাৰ।



****
Nanu Bhasin/Virat M/Mahesh Z/Prakash Patil/KD
(रिलीज़ आईडी: 2221674)
आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Malayalam
,
Kannada
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Punjabi
,
Gujarati
,
Telugu