ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

২০২৬ চনৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণ

प्रविष्टि तिथि: 25 JAN 2026 7:50PM by PIB Guwahati

মোৰ প্ৰিয় নাগৰিকসকল,

নমস্কাৰ!

আমি দেশ তথা বিদেশত থকা ভাৰতবৰ্ষৰ জনসাধাৰণে মহা উদ্যমেৰে গণৰাজ্য দিৱস  উদযাপন কৰিবলৈ ওলাইছো। এই ৰাষ্ট্ৰীয় মহোৎসৱ উপলক্ষ্যে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো।

গণৰাজ্য দিৱসৰ শুভক্ষণে  আমাক আমাৰ দেশৰ অতীত, বৰ্তমান, আৰু ভৱিষ্যতৰ অৱস্থা তথা দিশৰ বিষয়ে চিন্তা কৰাৰ সুযোগ প্ৰদান কৰে। আমাৰ স্বাধীনতা আন্দোলনৰ উদ্যমে ১৯৪৭ চনৰ ১৫ আগষ্টত আমাৰ দেশৰ মৰ্যাদা সলনি কৰি দিছিল।ভাৰত স্বাধীন হৈ পৰিছিল। আমি হৈ পৰিছিলো নিজেই নিজৰ জাতীয় ভাগ্যৰ স্থপতি ।

১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা আমি আমাৰ গণৰাজ্যক আমাৰ সাংবিধানিক আদৰ্শৰ ভিত্তিত আগুৱাই লৈ গৈছো। সেইদিনটোতে  আমাৰ সংবিধান সম্পূৰ্ণৰূপে বলৱৎ হৈছিল। গণতন্ত্ৰৰ জন্মস্থান ভাৰত অৱদমনৰ  পৰা মুক্ত হৈছিল, গণতান্ত্ৰিক গণৰাজ্যৰ অস্তিত্বই বিৰাজ কৰিছিল।

আমাৰ সংবিধান হৈছে  বিশ্ব ইতিহাসৰ সৰ্ববৃহৎ গণৰাজ্যৰ মূল নথি। আমাৰ সংবিধানত সন্নিবিষ্ট ন্যায়, স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধৰ আদৰ্শই আমাৰ গণৰাজ্যৰ সংজ্ঞা নিৰূপণ কৰিছে। সংবিধান প্ৰণেতাসকলে সাংবিধানিক বিধানৰ জৰিয়তে জাতীয়তাবাদৰ মনোভাৱ আৰু দেশৰ ঐক্যৰ বাবে এক শক্তিশালী স্তম্ভ  গঢ় দিছিল।

লৌহপুৰুষ  চৰ্দাৰ বল্লভভাই পেটেলে আমাৰ দেশখনক একত্ৰিত কৰিছিল। যোৱা বছৰৰ ৩১ অক্টোবৰত এখন কৃতজ্ঞ দেশে উৎসাহেৰে তেওঁৰ ১৫০ বছৰীয়া  জয়ন্তী উদযাপন কৰিছিল। তেওঁৰ ১৫০ সংখ্যক জয়ন্তীৰ সৈতে জড়িত সংগতি ৰাখি  নানান স্মাৰক অনুষ্ঠান উদযাপন কৰা হৈছে। এই উদযাপনসমূহে জনসাধাৰণৰ মাজত জাতীয় ঐক্য আৰু গৌৰৱৰ মনোভাৱক শক্তিশালী কৰি তুলিছে। উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ বিস্তাৰিত  আমাৰ প্ৰাচীন সাংস্কৃতিক ঐক্যৰ চাদৰখন আমাৰ পূৰ্বপুৰুষে বই উলিয়াইছিল। একতাৰ মনোভাৱক প্ৰসাৰিত কৰা এনে প্ৰতিটো প্ৰচেষ্টাই অতিশয় প্ৰশংসনীয়।

যোৱা বছৰৰ ৭ নৱেম্বৰৰ পৰা আমাৰ ৰাষ্ট্ৰীয়  গীত 'বন্দে মাতৰম'  ৰচনাৰ ১৫০ বৰ্ষ পূৰ্তি উদযাপনৰ  কৰা হৈছে। ভাৰত মাতাৰ ঐশ্বৰিক ৰূপৰ প্ৰাৰ্থনা স্বৰূপ এই গীতটোৱে প্ৰতিগৰাকী  ভাৰতীয়ৰ মনত  দেশপ্ৰেমৰ বীজ সিঁচি দিছে। মহান জাতীয়তাবাদী কবি সুব্ৰমণ্যভাৰতীয়ে তামিল ভাষাত “বন্দেমাতৰম য়েনবোম” গীতটো ৰচনা কৰিছিল, যাৰ অৰ্থ হৈছে “বন্দে মাতৰম জপ কৰোঁ আহক”। গীতটিয়ে  জনসাধাৰণক বন্দে মাতৰমৰ আত্মাৰ সৈতে  বৃহৎ পৰিসৰত সংযোগ কৰিছিল। আন আন ভাৰতীয় ভাষাত হোৱা  এই গীতটোৰ অনুবাদো জনপ্ৰিয় হৈ পৰিছিল। শ্ৰী অৰবিন্দই এই গীতটো ইংৰাজীলৈ অনুবাদ কৰিছিল। পূজনীয় বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ দ্বাৰা ৰচিত ‘বন্দেমাতৰম’ আমাৰ সুমধুৰ ৰাষ্ট্ৰীয় প্ৰাৰ্থনা।

দুদিন পূৰ্বে , ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত দেশে নেতাগৰাকীৰ প্ৰতি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ২০২১ চনৰ পৰা নেতাজীৰ জয়ন্তীক ‘পৰাক্ৰম দিৱস’ হিচাপে উদযাপন কৰা হৈছে,  যাতে জনতাই, বিশেষকৈ যুৱক-যুৱতীসকলে তেওঁৰ অদম্য দেশপ্ৰেমৰ পৰা প্ৰেৰণা লাভ কৰিব পাৰে। নেতাজীৰ 'জয় হিন্দ' শ্লোগান আমাৰ ৰাষ্ট্ৰীয়  গৌৰৱৰ ঘোষণা।

প্ৰিয় নাগৰিকসকল,

আপোনালোক সকলোৱে আমাৰ সজীৱ গণৰাজ্যক শক্তিশালী কৰি আহিছে। আমাৰ তিনিটা সশস্ত্ৰ বাহিনীৰ বীৰ জোৱানসকল আমাৰ মাতৃভূমিৰ ৰক্ষাৰ ক্ষেত্ৰত সদায় সজাগ হৈ আহিছে। আৰক্ষী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত নিয়োজিত  আমাৰ নিষ্ঠাবান কৰ্মীসকলে জনসাধাৰণৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে অধ্যৱসায়ীভাৱে  নিৰন্তৰ কাম কৰি আছে। আমাৰ কৃষকসকলে ৰাইজৰ বাবে খাদ্য উৎপাদনৰ কৰিবলৈ  কঠোৰ পৰিশ্ৰম কৰিছে। আমাৰ দেশৰ পথ প্ৰদৰ্শক তথা  প্ৰতিভাশালী মহিলাসকলে বহু ক্ষেত্ৰত নতুন মাপকাঠী স্থাপন কৰিছে। আমাৰ নিপুণ চিকিৎসক, নাৰ্ছ আৰু সকলো স্বাস্থ্যসেৱা কৰ্মীয়ে জনসাধাৰণৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে নিজকে উৎসৰ্গিত কৰিছে। আমাৰ দেশৰ স্বচ্ছতা বজাই ৰখাৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধ অনাময় কৰ্মীসকলে মুখ্য ভূমিকা পালন কৰিছে। আমাৰ জ্ঞানদীপ্ত শিক্ষকসকলে ভৱিষ্যত প্ৰজন্মক গঢ় দিছে। আমাৰ বিশ্বমানৰ বিজ্ঞানী আৰু অভিযন্তাসকলে দেশৰ উন্নয়নত নতুন দিশৰ সন্ধান দিছে। আমাৰ পৰিশ্ৰমী কৰ্মীসকলে দেশখনক পুনৰ নিৰ্মাণ কৰি আছে। তেওঁলোকৰ প্ৰতিভা আৰু অৱদানেৰে আমাৰ আশাৰ প্ৰতীক  যুৱক-যুৱতীসকলে  দেশৰ মহান ভৱিষ্যতৰ প্ৰতি আমাৰ  বিশ্বাস দৃঢ় কৰি তুলিছে। আমাৰ প্ৰতিভাৱান শিল্পী, শিল্পকৰ্মী আৰু সাহিত্যিকসকলে আমাৰ চহকী পৰম্পৰাক আধুনিক ৰূপত  প্ৰকাশ কৰিছে। বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞই দেশৰ বহুমুখী উন্নয়নত পথ প্ৰদৰ্শন কৰি আহিছে। আমাৰ শক্তিশালী উদ্যোগীসকলে দেশখনক উন্নত তথা  স্বাৱলম্বী কৰি তোলাৰ দিশত অপৰিসীম অৱদান আগবঢ়াইছে। নিঃস্বাৰ্থভাৱে সমাজসেৱা কৰি থকা ব্যক্তি তথা  প্ৰতিষ্ঠানসমূহে নিজৰ কৰ্মৰে অগণন মানুহৰ জীৱন আলোকিত কৰি তুলিছে। চৰকাৰী আৰু বেচৰকাৰী খণ্ডত কাম কৰা সকলো লোকে আন্তৰিকতাৰে আৰু দক্ষতাৰে নিজৰ কৰ্তব্য পালন কৰি দেশ  নিৰ্মাণত অৰিহণা যোগাইছে। জনসেৱাৰ প্ৰতি দায়বদ্ধ জনপ্ৰতিনিধিসকলে জনতাৰ আকাংক্ষাৰ সৈতে সংগতি ৰাখি কল্যাণ তথা  উন্নয়নৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিছে। এইদৰে সকলো জ্ঞানদীপ্ত আৰু সংবেদনশীল নাগৰিকে আমাৰ গণৰাজ্যৰ অগ্ৰগতিক আগুৱাই লৈ গৈছে। আমাৰ গণৰাজ্যক শক্তিশালী কৰাৰ বাবে কাম কৰা সকলো নাগৰিকৰ  মই আন্তৰিকতাৰে শলাগ লৈছো। বহিঃদেশত বাস কৰা ভাৰতীয়সকলে বিশ্ব মঞ্চত আমাৰ গণৰাজ্যৰ ভাবমূর্তি উজ্জ্বল কৰি  গৌৰৱ কঢ়িয়াই আনিছে৷ তেওঁলোকৰ প্ৰতি মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

প্ৰিয় নাগৰিকসকল,

আজি ২৫ জানুৱাৰী, আজিৰ দিনটো আমাৰ দেশত 'ৰাষ্ট্ৰীয় ভোটাৰ দিৱস' হিচাপে পালন কৰা হয়। আমাৰ প্ৰাপ্তবয়স্ক নাগৰিকসকলে উৎসাহেৰে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিবলৈ ভোটদান কৰে। বাবা চাহেব ড° ভীমৰাও আম্বেদকাৰৰ মতে ভোটাধিকাৰৰ প্ৰয়োগে ৰাজনৈতিক শিক্ষা প্ৰদান কৰে। বাবা চাহেবৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি আমাৰ ভোটাৰসকলে নিজৰ ৰাজনৈতিক সচেতনতা প্ৰদৰ্শন কৰিছে। ভোটদানত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিয়ে আমাৰ গণৰাজ্যত এক শক্তিশালী মাত্ৰা যোগ কৰিছে। দেশৰ উন্নয়নৰ বাবে মহিলাসকলৰ সক্ৰিয় তথা শক্তিশালী অংশগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁলোকৰ স্বাস্থ্য, শিক্ষা, সুৰক্ষা আৰু অৰ্থনৈতিক সবলীকৰণৰ দিশত গ্ৰহণ কৰা ৰাষ্ট্ৰীয় প্ৰচেষ্টাই বহু ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিছে। ‘বেটি বাচাও, বেটি পঢ়াও’ অভিযানে কন্যাসকলক শিক্ষাগ্ৰহণৰ বাবে উৎসাহিত কৰিছে। ‘প্ৰধানমন্ত্ৰী জন ধন যোজনা’ৰ অধীনত এই পৰ্যন্ত ৫৭ কোটিৰো অধিক বেংক একাউণ্ট খোলা হৈছে। ইয়াৰে প্ৰায় ৫৬ শতাংশ একাউণ্টেই মহিলাৰ।

আমাৰ মহিলাসকলে পৰম্পৰাগত কু-সংস্কাৰৰ শিকলি চিঙি  আগবাঢ়ি গৈছে। তেওঁলোকে দেশৰ সামগ্ৰিক উন্নয়নত সক্ৰিয়ভাৱে অৰিহণা যোগাইছে। আত্মসহায়ক গোটৰ সৈতে জড়িত দহ কোটিৰো অধিক মহিলাই উন্নয়নৰ প্ৰক্ৰিয়াটোক পুনৰ সংজ্ঞায়িত কৰিছে। কৃষিৰ পৰা আৰম্ভ কৰি মহাকাশলৈকে, স্বনিয়োজনৰ পৰা আৰম্ভ কৰি সশস্ত্ৰ বাহিনীলৈকে প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলে নিজৰ নাম উজলাবলৈ সক্ষম হৈছে। ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ কন্যাসকলে বিশ্বজুৰি নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। যোৱা বছৰৰ নৱেম্বৰ মাহত ভাৰতৰ কন্যাসকলে আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ আৰু তাৰ পিছত দৃষ্টিহীন মহিলা টি-২০ বিশ্বকাপ জয় কৰি ক্ৰীড়া ইতিহাসৰ এক সোণালী অধ্যায় ৰচনা কৰিছে। যোৱা বছৰ দবা বিশ্বকাপৰ চূড়ান্ত খেলখন দুগৰাকী ভাৰতীয় মহিলাৰ মাজত অনুষ্ঠিত হৈছিল। এই উদাহৰণসমূহে ক্ৰীড়াৰ জগতখনত ভাৰতৰ কন্যাসকলৰ আধিপত্যৰেই প্ৰমাণ দাঙি ধৰে। ইয়াকে লৈ দেশৰ জনসাধাৰণ গৌৰৱান্বিত।

পঞ্চায়তীৰাজৰ অনুষ্ঠানসমূহত এতিয়া মহিলা প্ৰতিনিধিৰ সংখ্যা প্ৰায় ৪৬ শতাংশ। মহিলাৰ ৰাজনৈতিক সবলীকৰণক অধিক উচ্চতালৈ লৈ যাব বিচৰা ‘নাৰী শক্তি বন্দন অধিনিয়ম’-এ মহিলা নেতৃত্বাধীন উন্নয়নৰ ধাৰণাটোক অভূতপূৰ্ব শক্তি প্ৰদান কৰিছে। বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত নাৰী শক্তিৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ । মহিলাৰ অৱদান বৃদ্ধিৰ লগে লগে আমাৰ দেশখনে লিংগ সমতাৰ আধাৰত গঢ় লৈ  উঠা এক সৰ্বাংগীন গণৰাজ্যৰ আদৰ্শক প্ৰতিফলিত কৰিব।

দুৰ্দশাগ্ৰস্ত শ্ৰেণীৰ কল্যাণ আৰু উন্নয়নৰ বাবে সৰ্বাংগীন দৃষ্টিভংগীৰে  বহু আঁচনি ৰূপায়ণ কৰি থকা  হৈছে। বিগত বৰ্ষৰ ১৫ নৱেম্বৰত আমাৰ দেশৰ জনসাধাৰণে ধৰ্তি আবা ভগৱান বিৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকীত পঞ্চম জনজাতীয় গৌৰৱ দিৱস উদযাপন কৰিছে। সেয়া  আছিল ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীৰ চূড়ান্ত অনুষ্ঠান  । ‘আদি কৰ্মযোগী’ অভিযানৰ জৰিয়তে জনজাতীয় সমাজৰ লোকসকলৰ নেতৃত্ব প্ৰদানৰ  সম্ভাৱনাক আগুৱাই নিয়া হৈছে। শেহতীয়া বছৰবোৰত চৰকাৰে সংগ্ৰহালয় নিৰ্মাণকে ধৰি বহু পদক্ষেপ গ্ৰহণ কৰি জনজাতীয় লোকসকলৰ  গৌৰৱময় ইতিহাসক দেশৰ জনসাধাৰণৰ আগত চিনাকি কৰাই দিয়া হৈছে। তেওঁলোকৰ কল্যাণ আৰু উন্নয়নক সৰ্বাধিক  অগ্ৰাধিকাৰ দিয়া হৈছে। ‘ৰাষ্ট্ৰীয় ছিকেল চেল এনিমিয়া এলিমিনেচন মিছন’ৰ অধীনত এই পৰ্যন্ত ৬ কোটিৰো অধিক লোকৰ  পৰীক্ষা কৰোৱা হৈছে।প্ৰায় একলাখ চল্লিশ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে একলব্য আদৰ্শ আবাসিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত বহু ছাত্ৰ-ছাত্ৰীয়ে  ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এনে অভিযানে জনজাতীয় লোকসকলৰ মাজত পৰম্পৰা তথা  আধুনিক বিকাশৰ মাজত সমন্বয় স্থাপনৰ অৰ্থে কাম কৰি আছে। ‘ধৰ্তি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান’ আৰু ‘পিএম-জনমান যোজনা’ই পিভিটিজি জনগোষ্ঠীকে ধৰি সকলো জনজাতীয় লোকক  সবল কৰি তুলিছে।

আমাৰ অন্নদাতা  কৃষকসকল আমাৰ সমাজ আৰু অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ। পৰিশ্ৰমী কৃষকসকলে  আমাৰ দেশক খাদ্য শস্যৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিছে। আমাৰ কৃষকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই আমি কৃষিজাত সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হৈছো। বহু কৃষকে সফলতাৰ অতি আকৰ্ষণীয় দৃষ্টান্ত  দাঙি ধৰিছে। আমাৰ কৃষকসকলে যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে, কম সুতৰ হাৰত ঋণৰ সুবিধা লাভ কৰে, ফলপ্ৰসূ বীমাৰ সুবিধা লাভ কৰে, উন্নতমানৰ বীজ, জলসিঞ্চনৰ সুবিধা, উৎপাদন বৃদ্ধিৰ বাবে সাৰ, আধুনিক কৃষি পদ্ধতিৰ সুবিধা , জৈৱিক কৃষিৰ বাবে উৎসাহ লাভ কৰে, সেই বিষয়ত  অগ্ৰাধিকাৰ দিয়া হৈছে। 'প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি' ৰ অধীনত  আমাৰ কৃষকসকলৰ অৱদানক সন্মান জনাই তেওঁলোকৰ প্ৰচেষ্টাক শক্তিশালী কৰা হৈছে।

দশক দশক ধৰি দৰিদ্ৰতাৰ সৈতে যুঁজি থকা আমাৰ লাখ লাখ লোকক দৰিদ্ৰ সীমাৰেখাৰ উৰ্ধলৈ তুলি অনা হৈছে। তেওঁলোকে যাতে পুনৰ দৰিদ্ৰতাৰ কবলত  নপৰে তাৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে। অন্ত্যোদয়াৰ মনোভাৱক সন্নিৱিষ্ট কৰি বিশ্বৰ সৰ্ববৃহৎ আঁচনি ‘পি এম গৰীব কল্যাণ অন্ন যোজনা’ আমাৰ  ১৪০ কোটিৰো অধিক লোক থকা দেশখনৰ  কোনেও যাতে ভোকাতুৰ হৈ থাকিব  নালাগে  সেই ধাৰণাৰ আধাৰত প্ৰস্তুত কৰা হৈছে।

এই আঁচনিখনে প্ৰায় ৮১ কোটি হিতাধিকাৰীক সহায় আগবঢ়াইছে। দৰিদ্ৰ পৰিয়ালৰ বাবে বিদ্যুৎ, পানী আৰু শৌচাগাৰৰ সুবিধাৰে সজ্জিত ৪ কোটিতকৈও অধিক পকী ঘৰ নিৰ্মাণ কৰি তেওঁলোকক মৰ্যাদাপূৰ্ণ জীৱনযাপনেৰে অধিক উন্নয়ন  লাভৰ ভেটি প্ৰদান কৰা হৈছে। দুখীয়াৰ কল্যাণৰ বাবে গ্ৰহণ কৰা  এনে প্ৰচেষ্টাই মহাত্মা গান্ধীৰ সৰ্বোদয়ৰ আদৰ্শক সুনিৰ্দিষ্ট ৰূপ দিছে।

আমাৰ দেশত বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যা আছে। আমাৰ বাবে  বিশেষ গৌৰৱৰ  কথাটো হ’ল আমাৰ যুৱক-যুৱতীসকলৰ মাজত অপৰিসীম প্ৰতিভা আছে। আমাৰ যুৱ উদ্যোগী, ক্ৰীড়াক্ষেত্ৰৰ ব্যক্তি, বিজ্ঞানী আৰু পেছাদাৰীসকলে দেশত নতুন শক্তিৰে  বিশ্বৰ মঞ্চত নিজৰ নাম উজলাইছে।

আজি আমাৰ যুৱক-যুৱতীসকলৰ এক বৃহৎ সংখ্যকে আত্মনিয়োজনৰ জৰিয়তে সফলতাৰ আকৰ্ষণীয় দৃষ্টান্ত দাঙি ধৰিছে। আমাৰ যুৱক-যুৱতীসকল আমাৰ দেশৰ উন্নয়ন যাত্ৰাৰ ধ্বজাবাহী।‘মেৰা যুৱ ভাৰত’ বা ‘মাই ভাৰত’-এ যুৱসকলৰ নেতৃত্ব আৰু দক্ষতা বিকাশকে ধৰি কেইবাটাও ক্ষেত্ৰত সুযোগৰ সৈতে সংযোগ কৰি প্ৰযুক্তি-চালিত অভিজ্ঞতাভিত্তিক শিক্ষণ প্ৰদান কৰি আহিছে।

আমাৰ দেশৰ ষ্টাৰ্ট-আপসমূহে প্ৰদৰ্শন কৰা আকৰ্ষণীয় সফলতাৰ আঁৰত মূলতঃ  আমাৰ যুৱ উদ্যোগীসকলেই আছে। নৱ প্ৰজন্মৰ আকাংক্ষাক কেন্দ্ৰ কৰি নীতি আৰু কাৰ্যসূচীৰ জৰিয়তে দেশৰ উন্নয়নে গতি লাভ কৰিব। ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণত যুৱ শক্তিয়ে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি মোৰ বিশ্বাস।

প্ৰিয় নাগৰিকসকল,

ভাৰত হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বিকশিত হোৱা  প্ৰধান অৰ্থনীতি। বিশ্বত প্ৰচলিত অনিশ্চয়তাৰ মাজতো ভাৰতে অহৰহ অৰ্থনৈতিক বিকাশৰ অভিলেখ গঢ়িছে। আমি অদূৰ ভৱিষ্যতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ লক্ষ্যত উপনীত হোৱাৰ দিশে আগবাঢ়িছো।বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টিত বিনিয়োগ কৰি আমি  বৃহৎ পৰিসৰত আমাৰ অৰ্থনৈতিক শক্তি পুনৰ নিৰ্মাণ কৰিছো। আমাৰ অৰ্থনৈতিক ভাগ্য গঢ় দিয়াৰ এই যাত্ৰাত আত্মনিৰ্ভৰ তথা স্বদেশীৰ নীতি  আমাৰ পথ প্ৰদৰ্শক নীতি হৈ পৰিছে।

স্বাধীনতাৰ পিছত দেশৰ অৰ্থনৈতিক সংহতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাবে  জি এছ টি ৰূপায়ণে ‘এক দেশ, এখন বজাৰ’ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছে। শেহতীয়াকৈ জি এছ টি ব্যৱস্থাক আৰু অধিক ফলপ্ৰসূ কৰি তোলাৰ সিদ্ধান্তই আমাৰ অৰ্থনীতিক অধিক শক্তিশালী কৰিব। শ্ৰম সংস্কাৰৰ ক্ষেত্ৰত চাৰিখন শ্ৰম সংহিতা প্ৰৱৰ্তন কৰা হৈছে। এইবোৰৰ দ্বাৰা আমাৰ শ্ৰমিকসকল উপকৃত হ’ব আৰু উদ্যোগৰ বিকাশো ত্বৰান্বিত হ’ব।

প্ৰিয়  নাগৰিকসকল,

প্ৰাচীন কালৰে পৰা আমাৰ সভ্যতা, সংস্কৃতি, আধ্যাত্মিক পৰম্পৰাৰ দ্বাৰা মানৱ জাতি উপকৃত হৈ আহিছে।বিশ্ব সমাজে আয়ুৰ্বেদ, যোগ, প্ৰাণায়ামৰ  শলাগ লৈছে আৰু সেইবোৰ গ্ৰহণ কৰিছে। বহু  মহান ব্যক্তিয়ে আমাৰ আধ্যাত্মিক তথা সামাজিক ঐক্যৰ ধাৰাটোক অহৰহ সমৃদ্ধ কৰি আহিছে। কেৰেলাত জন্মগ্ৰহণ কৰা মহাকবি, সমাজ সংস্কাৰক আৰু আধ্যাত্মিক পুৰুষ শ্ৰী নাৰায়ণ গুৰুৱে কৈছিল যে আদৰ্শ স্থান হ’ল এনে এখন ঠাই য’ত সকলো মানুহে জাতি আৰু ধৰ্মৰ  বৈষম্যৰ পৰা মুক্ত হৈ ভ্ৰাতৃত্ববোধৰ মনোভাৱেৰে বাস কৰিব পাৰে। শ্ৰী নাৰায়ণ গুৰুৰ এই চিন্তা তেওঁৰ নিজৰ ভাষাত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম:

জাতি-ভেদম মত-দ্বেশমদুম-ইল্লাদে সৰ্বৰুম

সোদৰা-ত্বেনা ৱদুন্ন মত্ৰুকা-স্থানমণিতা

গৌৰৱৰ বিষয় যে আজিৰ ভাৰতবৰ্ষই নিজৰ গৌৰৱময় পৰম্পৰাৰ প্ৰতি সচেতন হৈ নতুন আত্মবিশ্বাসেৰে আগবাঢ়িছে। শেহতীয়া বছৰবোৰত আমাৰ আধ্যাত্মিক পৰম্পৰাৰ সৈতে জড়িত পৱিত্ৰ স্থানসমূহ জনসাধাৰণৰ চেতনাৰ সৈতে পুনৰ সংযোগ কৰা হৈছে।

ঔপনিৱেশিক মানসিকতাৰ অৱশিষ্টসমূহ  নিৰ্মূল কৰাৰ সংকল্প লোৱা হৈছে। ভাৰতীয় জ্ঞান পৰম্পৰাত দৰ্শন, চিকিৎসা, জ্যোতিৰ্বিজ্ঞান, গণিত, সাহিত্য, শিল্প আদি ক্ষেত্ৰৰ এক বৃহৎ উত্তৰাধিকাৰ আছে। ‘জ্ঞান ভাৰতম অভিযান’ৰ দৰে প্ৰচেষ্টাৰে ভাৰতীয় পৰম্পৰাৰ সৃষ্টিশীলতাৰ সংৰক্ষণ আৰু প্ৰসাৰিত কৰাটো গৌৰৱৰ বিষয়। এই অভিযানে ভাৰতৰ লাখ লাখ অমূল্য পাণ্ডুলিপিত সঞ্চিত ঐতিহ্যক আধুনিক দৃষ্টিভংগীৰে  আগবঢ়াই নিব। ভাৰতীয় ভাষা আৰু ভাৰতীয় জ্ঞানৰ পৰম্পৰাক গুৰুত্ব দি আমি এই বিষয়ত আমাৰ আত্মনিৰ্ভৰশীলতাৰ বাবে এক সাংস্কৃতিক ভেঁটি স্থাপন কৰিছো।

ভাৰতৰ সংবিধান এতিয়া অষ্টম অনুসূচীত অন্তৰ্ভুক্ত সকলো ভাৰতীয় ভাষাতে উপলব্ধ। ভাৰতীয় ভাষাত সংবিধান পঢ়িব পাৰিলে  আৰু বুজিব পাৰিলে  জনসাধাৰণৰ মাজত সাংবিধানিক জাতীয়তাবাদ বিয়পিব আৰু তেওঁলোকৰ গৌৰৱবোধ শক্তিশালী হ’ব।

চৰকাৰ আৰু সাধাৰণ জনতাৰ মাজত থকা ব্যৱধান ক্ৰমাগতভাৱে কমি আহিছে। পাৰস্পৰিক বিশ্বাসৰ আধাৰত সুশাসনৰ বিষয়ত  গুৰুত্ব দিয়া হৈছে। বহু  অপ্ৰয়োজনীয় নিয়ম বাতিল কৰা হৈছে, কেইবাটাও অনুসৰণৰ প্ৰয়োজনীয়তা নাইকিয়া কৰা হৈছে আৰু জনসাধাৰণক সহায় কৰিবলৈ ব্যৱস্থাসমূহ সৰল কৰা হৈছে। প্ৰযুক্তিৰ জৰিয়তে হিতাধিকাৰীসকলক সুবিধাসমূহৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা হৈছে। দৈনন্দিন জীৱন উন্নত কৰাৰ লক্ষ্যৰে ‘ইজ অৱ লিভিং’ৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হৈছে।

বিগত দশকত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে ৰাষ্ট্ৰীয়  লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস কৰা হৈছে। গুৰুত্বপূৰ্ণ জাতীয় অভিযানসমূহ গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে। প্ৰতিখন গাঁও আৰু চহৰৰ স্থানীয় অনুষ্ঠানসমূহক প্ৰগতিশীল পৰিৱৰ্তনৰ সূচনা কৰাৰ আহিলা হিচাপে গঢ়ি তোলা হৈছে। বিকশিত ভাৰত নিৰ্মাণ সকলো নাগৰিকৰ এক দায়িত্ব। সমাজৰ ক্ষমতা অপৰিসীম। চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাই সমাজৰ  সক্ৰিয় সমৰ্থন লাভ কৰিলে বৈপ্লৱিক পৰিৱৰ্তন ঘটিব। উদাহৰণস্বৰূপে আমাৰ জনসাধাৰণে ব্যাপক পৰিসৰত ডিজিটেল পে’মেণ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। আজি বিশ্বৰ আধাতকৈ অধিক ডিজিটেল লেনদেন ভাৰততে  হয়। সৰু দোকানত সামগ্ৰী ক্ৰয় কৰাৰ পৰা আৰম্ভ কৰি অটোৰিক্সাত কৰা  যাত্ৰাৰ বাবে ধন পৰিশোধ কৰালৈকে হোৱা ডিজিটেল পে’মেণ্টৰ ব্যৱহাৰ বিশ্বৰ বাবে এক আকৰ্ষণীয় উদাহৰণ হৈ পৰিছে। আশা কৰো যে সকলো নাগৰিকে একেধৰণে অন্যান্য ৰাষ্ট্ৰীয়  লক্ষ্যত উপনীত হোৱাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব।

প্ৰিয়  নাগৰিকসকল,

যোৱা বছৰ আমাৰ দেশে অপাৰেচন সিন্দূৰৰ জৰিয়তে সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰিবলৈ নিখুঁত আক্ৰমণ চলাইছিল। সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস হৈ গ’ল আৰু বহু সন্ত্ৰাসবাদী নিপাত হ'ল । প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমাৰ আত্মনিৰ্ভৰশীলতাই অপাৰেচন সিন্দূৰৰ ঐতিহাসিক সফলতাক শক্তিশালী কৰি তুলিছে।

ছিয়াচেন বেছ কেম্পত মই দেখিলোঁ যে আমাৰ সাহসী সৈনিকসকলে অত্যন্ত প্ৰত্যাহ্বানজনক পৰিস্থিতিৰ মাজতো দেশ ৰক্ষাৰ বাবে সম্পূৰ্ণৰূপে সাজু আৰু অনুপ্ৰাণিত হৈ আছে। মই ভাৰতীয় বায়ুসেনাৰ সুখয় আৰু ৰাফেল যুদ্ধ বিমানতো উৰাৰ সুযোগ পালো। বায়ুসেনাৰ যুদ্ধৰ প্ৰস্তুতি দেখিলো। ভাৰতীয় নৌসেনাৰ থলুৱাভাৱে নিৰ্মিত বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তৰ অসাধাৰণ সামৰ্থ্যৰ সাক্ষী হৈছিলো। আই এন এছ বাঘশ্বীৰ ছাবমেৰিনতো ভ্ৰমণ কৰিলোঁ। সেনা, বায়ুসেনা, নৌসেনাৰ শক্তিৰ আধাৰত আমাৰ প্ৰতিৰক্ষাক্ষেত্ৰৰ প্ৰস্তুতিৰ বিষয়ত মানুহৰ সম্পূৰ্ণ আস্থা আছে।

মোৰ প্ৰিয় নাগৰিকসকল,

পৰিবেশ সুৰক্ষা আজিৰ দিনত এক উচ্চ অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। মই গৌৰৱান্বিত যে ভাৰতে পৰিৱেশৰ সৈতে জড়িত বহু ক্ষেত্ৰত বিশ্ব সম্প্ৰদায়ক পৰিচালনা কৰিছে। প্ৰকৃতিৰ সৈতে মিল থকা জীৱনশৈলী ভাৰতৰ সাংস্কৃতিক পৰম্পৰাৰ অংগ হৈ আহিছে। এই জীৱনশৈলীয়েই  হৈছে বিশ্ব সম্প্ৰদায়লৈ আমাৰ বাৰ্তাৰ মূলকথা: ‘পৰিৱেশৰ বাবে জীৱনশৈলী’, বা ‘এলআইএফই’ (LiFE)। আহক আমি ধৰিত্ৰী মাতৃৰ বহুমূলীয়া সম্পদ যাতে ভৱিষ্যত প্ৰজন্মৰ বাবে উপলব্ধ হৈ থাকে তাৰ বাবে প্ৰয়াস কৰোঁ।

আমাৰ পৰম্পৰাৰেই আমি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডত শান্তি বিৰাজ কৰাৰ বাবে প্ৰাৰ্থনা জনাই আহিছো। সমগ্ৰ বিশ্বতে শান্তি বৰ্তি  থাকিলেহে মানৱতাৰ ভৱিষ্যত সুৰক্ষিত হৈ থাকিব । বিশ্বৰ বহু ঠাইত সংঘটিত হৈ থকা  সংঘাতৰ পৰিপ্ৰেক্ষিতত ভাৰতে বিশ্ব শান্তিৰ বাৰ্তা বিয়পাইছে।

প্ৰিয়  নাগৰিকসকল,

ভাৰতভূমিত বাস কৰাটো আমাৰ বৰ সৌভাগ্যৰ কথা। আমাৰ মাতৃভূমিৰ বিষয়ে  কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছে:

আমৰ দেশেৰ মাটি , তুমাৰ পৰে থেকাই মাথা

ইয়াৰ অৰ্থ হৈছে:

মোৰ দেশৰ পবিত্ৰ ভূমি! তোমাৰ চৰণত প্ৰণিপাত।

মই বিশ্বাস কৰোঁ যে গণৰাজ্য দিৱস  দেশপ্ৰেমৰ প্ৰবল অনুভূতিক আৰু অধিক শক্তিশালী কৰাৰ এক সুযোগ। আহক আমি সকলোৱে ‘ৰাষ্ট্ৰ প্ৰথম’ৰ মনোভাৱেৰে একেলগে কাম কৰি আমাৰ গণৰাজ্যক আৰু অধিক গৌৰৱময় কৰি তোলো।

আকৌ এবাৰ গণৰাজ্য দিৱসত আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো। মোৰ দৃঢ় বিশ্বাস যে আপোনাৰ জীৱনটো সুখ, শান্তি, নিৰাপত্তা আৰু সম্প্ৰীতিৰ মনোভাবেৰে ভৰি পৰিব। আপোনালোক সকলোৰে  উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।

ধন্যবাদ!

জয় হিন্দ!

জয় ভাৰত!


(रिलीज़ आईडी: 2218597) आगंतुक पटल : 18
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Malayalam , English , Khasi , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Kannada