পোষ্ট কৰা হৈছে:
08 SEP 2025 7:20AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ ২০২৫ ৰ খিতাপ বিজয়ী ভাৰতৰ পুৰুষ হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে। ’’এই জয় বিশেষভাবে উল্লেখনীয় কাৰণ তেওঁলোকে যোৱাবাৰৰ বিজয়ী দক্ষিণ কোৰিয়াৰ পৰাস্ত কৰিছে’’, -শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে কয়,
’’বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ ২০২৫ ত সুন্দৰ বিজয়ৰ বাবে আমাৰ পুৰুষ হকী দলটোক অভিনন্দন জনাইছো। এই জয় বিশেষভাবে উল্লেখনীয় কাৰণ তেওঁলোকে যোৱাবাৰৰ বিজয়ী দক্ষিণ কোৰিয়াৰ পৰাস্ত কৰিছে!
ভাৰতীয় হকী আৰু দেশৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে এয়া অত্যন্ত গৌৰৱৰ মুহূৰ্ত। আমাৰ খেলুৱৈসকলে অধিক সফলতা লাভ কৰক আৰু ৰাষ্ট্ৰলৈ গৌৰৱ কঢ়িয়াই আনক!’’
***
MJPS/VJ/NB