প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গুজৰাটৰ জামনগৰত ১৪৫০ কোটিৰো অধিক টকা মূল্যৰ একাধিক প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

“ভব্যতা আৰু গাম্ভীৰ্যতাৰ ক্ষেত্ৰত স্মৃতি ভান ৯/১১ বা হিৰোচিমা স্মৃতিসৌধতকৈ কম নহয়”

“ক’ৰবাত পোলেণ্ড চৰকাৰৰ সহায়ৰ আঁৰত মহাৰাজা দিগ্বিজয় সিঙৰ দয়াই এক বৃহৎ ভূমিকা পালন কৰিছে”

“জন শক্তি, জ্ঞান শক্তি, জল শক্তি, উৰ্জা শক্তি আৰু ৰক্ষা শক্তিৰ পাঁচটা কঠিন আধাৰৰ ওপৰত ভিত্তি কৰি গুজৰাটে নতুন উচ্চতাত উপনীত হৈছে”

“সাউনি আঁচনিৰ অধীনত মা নৰ্মদাই প্ৰতিটো কোণক সামৰি লৈছে”

“ক’ৰোনা মহামাৰীৰ কষ্ট লাঘৱ কৰিবলৈ ৮০ কোটিৰো অধিক লোকক বিনামূলীয়া ৰেচন দিয়া হৈছে”

“জামনগৰ উৎপাদন আৰু উপকূলকেন্দ্ৰিক উন্নয়নৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে”

“প্ৰায় ৩৩ হাজাৰ বাধ্য-বাধকতা আৰু নিয়ম বাতিল কৰা হৈছে”

Posted On: 10 OCT 2022 8:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জামনগৰত জলসিঞ্চন, বিদ্যুৎ, পানী যোগান আৰু নগৰীয়া আন্তঃগাঁথনিৰ সৈতে জড়িত প্ৰায় ১৪৫০ কোটি টকাৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত কালাৱদ কালাৱদ গ্ৰুপ সম্প্ৰসাৰিত পানী যোগান আঁচনি/জামনগৰ তালুকা মৰ্বি-মলিয়া-যোদিয়া গোটৰ সম্প্ৰসাৰিত পানী যোগান আঁচনি, লালপুৰ বাইপাছ জংচন উৰণ সেতু, হাপা মাৰ্কেট য়াৰ্ড ৰেলৱে ক্ৰছিং আৰু আৱৰ্জনা সংগ্ৰহ পাইপলাইন আৰু পাম্পিং ষ্টেচনৰ নৱীকৰণ উল্লেখযোগ্যপ্ৰধানমন্ত্ৰীয়ে সৌৰাষ্ট্ৰ অৱতাৰণ জলসিঞ্চন (সাউনি) যোজনা লিংক ৩ (উণ্ড বান্ধৰ পৰা সোণমতী বান্ধলৈ), সাউনি যোজনা লিংক ১ৰ পেকেজ ৫ (উণ্ড-১ বান্ধৰ পৰা ছানি বান্ধলৈ) আৰু হৰিপাৰ ৪০ মেগাৱাট সৌৰ পিভি প্ৰকল্পৰ পেকেজ দেশবাসীৰ নামত উচৰ্গা কৰে।

এই উপলক্ষে উপস্থিত ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সভাস্থলীলৈ যোৱাৰ পথত তেওঁক ভব্য আদৰণি জনোৱাৰ লগতে ব্যাপক হাৰত দিয়া আশীৰ্বাদৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। পানী, বিদ্যুৎ আৰু যোগাযোগ ব্যৱস্থাৰ সৈতে জড়িত আঠটা প্ৰকল্পৰ দেশবাসীৰ নামত উচৰ্গা আৰু আধাৰশিলা স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক অভিনন্দন জনায়। তেওঁ লগতে কয় যে বাল্মীকি সম্প্ৰদায়ৰ লোকসকলৰ বাবে এটা কমিউনিটি হলৰ আধাৰশিলা স্থাপন কৰা হৈছে যিটোৱে সাংস্কৃতিক অনুষ্ঠান আৰু অন্যান্য অনুষ্ঠানৰ আয়োজনত তেওঁলোকক বহুখিনি উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে দুটা দশকৰ পূৰ্বে ভূমিকম্পৰ ফলত হোৱা বিধ্বংসী অৱস্থাৰ কথা স্মৰণ কৰে। ভূমিকম্পৰ ফলত সৃষ্টি হোৱা শোকাৱহ ঘটনা আৰু ধ্বংসলীলাই সমগ্ৰ ৰাজ্যখনতে এক হতাশাজনক পৰিৱেশৰ সৃষ্টি কৰিছিল। অৱশ্যে আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমৰ ধাৰা অব্যাহত ৰাখি গুজৰাট আকৌ এবাৰ মুৰ দাঙি উঠি হতাশা আৰু ধ্বংসলীলা অতিক্ৰম কৰি দেশৰ শীৰ্ষত উপনীত হল। প্ৰধানমন্ত্ৰীয়ে জামনগৰবাসীক কচ্চ ভূমিকম্পত পীড়িত লোকসকলৰ স্মৃতিত সাজি উলিওৱা স্মৃতি ভানখন চাবলৈ অনুৰোধ জনোৱাৰ লগতে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে ভব্য আৰু গাম্ভীৰ্যতাৰ ক্ষেত্ৰত স্মৃতিসৌধটো ৯/১১ বা হিৰোচিমা স্মৃতিসৌধতকৈ কম নহয়।

প্ৰধানমন্ত্ৰীয়ে জামচাহেব মহাৰাজা দিগ্বিজয় সিঙক স্মৰণ কৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পোলেণ্ডৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ দয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ ফলত পোলেণ্ডৰ জনসাধাৰণৰ সৈতে এক স্থায়ী সম্পৰ্ক গঢ়ি উঠিছিল যিটোৱে বৰ্তমানৰ সংকটৰ সময়ত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰাত যথেষ্ট সহায় কৰিছিল। পোলেণ্ড চৰকাৰৰ সহায়ৰ আঁৰত কৰবাত মহাৰাজা দিগ্বিজয় সিঙৰ দয়াই এক বৃহৎ ভূমিকা পালন কৰিছে”, তেওঁ কয়। তেওঁ কয় যে জামচাহেব নগৰখনক নতুন উচ্চতালৈ নিবলৈ আমি প্ৰচেষ্টা গ্ৰহণ কৰিছোপ্ৰধানমন্ত্ৰীয়ে কয় যে জামনগৰে ক্ৰিকেটৰ ক্ষেত্ৰটো যথেষ্ট অৰিহণা যোগাইছে। সৌৰাষ্ট্ৰৰ ৰঞ্জী ক্ৰিকেট দলে ২০২০ চনত পুনৰ ট্ৰফী দখল কৰি সকলোকে গৌৰৱান্বিত কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে সকলোকে জনায় যে উন্নয়নৰ পাঁচটা প্ৰস্তাৱে গুজৰাট ৰাজ্যৰ বাবে এক সুদৃঢ় ভেটি গঢ়ি তুলিছে। প্ৰথমটো সংকল্প হৈছে জনসাধাৰণৰ (জন) শক্তি, দ্বিতীয়টো হৈছে জ্ঞান শক্তি, তৃতীয়টো হৈছে জল (জল) শক্তি, চতুৰ্থটো হৈছে শক্তি (উৰ্জা) শক্তি আৰু শেষত ৰক্ষা শক্তি। এই পাঁচটা কঠিন আধাৰৰ ওপৰত ভিত্তি কৰি গুজৰাটে নতুন উচ্চতাত উপনীত হৈছে”, শ্ৰী মোদীয়ে লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যুৱ প্ৰজন্ম সৌভাগ্যৱান যে ২০২৫ বছৰ পূৰ্বে অঞ্চলটোৰ লগতে ৰাজ্যখনত যি সমস্যা আছিল, তেওঁলোকে এতিয়া সেইবোৰ সমস্যাৰ সন্মুখীন হোৱা নাই। এটা পানীৰ টেংকি উদ্বোধন কৰিবলৈ এজন মুখ্যমন্ত্ৰী অহা দিনৰে পৰা আজিৰ সময়লৈকে যেতিয়া এটা ভ্ৰমণত আগৰ সময়ৰ বাজেটতকৈ অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হয়, সেইটোৱে বহু পৰিৱৰ্তন যে হৈছে তাকে প্ৰতিপন্ন কৰিছে। তেওঁ কয় যে আজি সাউনি আঁচনিৰ অধীনত মা নৰ্মদাই প্ৰতিটো কোণক সামৰি লৈছে। একেদৰে জল জীৱন মিছনে প্ৰতিটো ঘৰলৈ পাইপেৰে পানী কঢ়িয়াই আনিছে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ নিষ্ঠা আৰু ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ লোকৰ কল্যাণক তেওঁৰ চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ হিচাপে পুনৰ দোঁহাৰে। তেওঁ কয় যে কৰোনা মহামাৰীৰ সময়ত প্রথম চিন্তা আছিল কোনো পৰিয়াল যাতে ভোকত নাথাকে৷ ৮০ কোটিৰো অধিক লোকক ভোকে-লঘোনে থাকিবলগীয়া নোহোৱাকৈ মহামাৰীৰ কষ্টক লাঘৱ কৰিবলৈ বিনামূলীয়া ৰেচন দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা বৃদ্ধি কৰা হৈছে যাতে কোনো দৰিদ্ৰ পৰিয়ালে নিজৰ জটিল সময়ত খালী পেটেৰে শুব নালাগে। তেওঁ এক দেশ এক ৰেচন কাৰ্ড আঁচনিৰ সুবিধাৰ কথাও উল্লেখ কৰি ভাৰতৰ সকলো প্ৰান্তৰ পৰা জামনগৰলৈ জীৱিকা নিৰ্বাহ কৰিবলৈ অহা লোকসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে বুলি উল্লেখ কৰে।

জামনগৰৰ তেল শোধনাগাৰ আৰু তেল অৰ্থনীতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিজন নাগৰিকে গৌৰৱান্বিত হোৱা উচিত কিয়নো এই ভূমিতে খাৰুৱা তেল শোধন কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যৰ ঔদ্যোগিক আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। মহানগৰীখন যান-জঁটৰ সমস্যাৰে ভৰি থকা সময়ৰ কথা সোঁৱৰাই শ্ৰী মোদীয়ে কয় যে নাগৰিকৰ জীৱন সুচল কৰিবলৈ পৰিকল্পিত পথ, উৰণ সেতু আৰু আণ্ডাৰপাছ নিৰ্মাণ কৰি যোগাযোগ বৃদ্ধিৰ কাম চলি আছে। তেওঁ লগতে কয় যে ২৬,০০০ কোটি টকা ব্যয়েৰে অমৃতসৰ-ভটিন্দা-জামনগৰ কৰিডৰ নিৰ্মাণ কৰা হৈছে। জামনগৰ উৎপাদন আৰু উপকূলৰ নেতৃত্বত উন্নয়নৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। জামনগৰতো মুখ্য কাৰ্যালয় থকা বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে স্থান লাভ কৰা জামনগৰ আয়ুৰ্বেদিক বিশ্ববিদ্যালয়ৰ বাবে এক মুকুট বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে খাৰু, সেন্দুৰ, বন্ধনী আদিৰ দৰে শুভ বস্তুৰ সৈতে জড়িত এক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰি জামনগৰ সৌভাগ্য নগৰলৈ ৰূপান্তৰিত হৈছে।

সহজ ব্যৱসায়ৰ পৰিৱেশ সুনিশ্চিত কৰাৰ বাবেও প্ৰধানমন্ত্ৰীয়ে নিজৰ দায়বদ্ধতা পুনৰ দোঁহাৰে। তেওঁ বাধ্যবাধকতাৰ বোজা হ্ৰাস কৰাৰ কথা কয়। প্ৰায় ৩৩ হাজাৰ বাধ্যবাধকতা আৰু নিয়ম বাতিল কৰা হৈছে। একেদৰে কোম্পানী আইনসমূহৰ বৈধীকৰণেও ব্যৱসায়িক সমাজখনক সহায় কৰিছে। তেওঁ বিভিন্ন অৰ্থনৈতিক সূচকাংকত ভাৰতৰ উত্থানৰ বিষয়েও কয়, বিশেষকৈ ২০১৪ চনত ভাৰতীয় অৰ্থনীতিৰ দশম স্থানৰ পৰা পঞ্চম স্থানলৈ উন্নীত হোৱাৰ কথাও কয়।ব্যৱসায়ৰ সহজলভ্যৰ ক্ষেত্ৰতো ২০১৪ চনত ১৪২ নম্বৰৰ পৰা ২০২০ চনত ভাৰতে ৬৩নম্বৰ স্থানলৈ উন্নীত হয়। প্ৰগতিশীল ঔদ্যোগিক নীতি গ্ৰহণ কৰাৰ বাবে তেওঁ গুজৰাট ৰাজ্য চৰকাৰৰ প্ৰশংসা কৰে। বেদখল আঁতৰাই ৰাজ্যৰ উপকূলীয় ৰেখা পৰিষ্কাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে কৰা কামৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে জামনগৰ উপকূলীয় ৰেখাত ইকটুৰিজিমৰ যথেষ্ট সুযোগ আছে। ইয়াত সমৃদ্ধিশালী জৈৱ বৈচিত্ৰ্য আছে।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ উন্নত আইন-শৃংখলা পৰিস্থিতি লক্ষ্য কৰি কয় যে দ্বৈত ইঞ্জিনযুক্ত নৰেন্দ্ৰ-ভূপেন্দ্ৰ চৰকাৰে নিষ্ঠা আৰু এক গতিৰে উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰি আহিছে।

এই উপলক্ষে অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু সংসদ সদস্য শ্ৰী চি আৰ পাটিল আৰু শ্ৰীমতী পুনমবেনৰ লগতে অন্যান্য কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

পটভূমি

জামনগৰত প্ৰধানমন্ত্ৰীয়ে ১৪৫০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্প দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ জলসিঞ্চন, শক্তি, পানী যোগান আৰু নগৰীয়া আন্তঃগাঁথনিৰ সৈতে জড়িত।

প্ৰধানমন্ত্ৰীয়ে সৌৰাষ্ট্ৰ অৱতাৰণ জলসিঞ্চন (সাউনি) যোজনা লিংক ৩ (উণ্ড বান্ধৰ পৰা সোণমতী বান্ধলৈ), সাউনি যোজনা লিংক ১ৰ পেকেজ ৫ (উণ্ড-১ বান্ধৰ পৰা ছানি বান্ধলৈ) আৰু হৰিপাৰ ৪০ মেগাৱাট সৌৰ পিভি প্ৰকল্পৰ পেকেজ দেশবাসীৰ নামত উচৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ ভিতৰত কালাৱদ/জামনগৰ তালুকৰ কালাৱদ গ্ৰুপ সম্প্ৰসাৰিত পানী যোগান আঁচনি মৰ্বি-মলিয়া-জোদিয়া গ্ৰুপ সম্প্ৰসাৰিত পানী যোগান আঁচনি, লালপুৰ বাইপাছ জংচন ফ্লাইঅভাৰ দলং, হাপা মাৰ্কেট য়াৰ্ড ৰেলৱে ক্ৰছিং আৰু নৱীকৰণ নলা সংগ্ৰহ পাইপলাইন আৰু পাম্পিং ষ্টেচনৰ কাম উল্লেখযোগ্য।

*****

DS/TS/DB



(Release ID: 1866986) Visitor Counter : 129