প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

টিকাকৰণ কৰা ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 03 JAN 2022 10:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টিকাকৰণ কৰা ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক অভিনন্দন জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে তেওঁলোকৰ পিতৃ-মাতৃসকলকো অভিনন্দন জনায়৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “আজি ক’ভিড-১৯ৰ পৰা আমাৰ তৰুণ-তৰুণীসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আৰু এখোজ অগ্ৰসৰ হৈছো৷ টিকা গ্ৰহণ কৰা ১৫-১৮ বছৰ বয়সৰ মোৰ যুৱ বন্ধু-বান্ধৱীসকলক অভিনন্দন জ্ঞাপন কৰিছো৷ তেওঁলোকৰ পিতৃ-মাতৃসকলকো অভিনন্দন জনাইছো৷ অনাগত দিনত অধিক হাৰত তৰুণ বন্ধু-বান্ধৱীসকলক টিকা গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছো৷”

প্ৰধানমন্ত্ৰী মোদীৰ টুইটাৰৰ প্ৰত্যুত্তৰত স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিয়াইও এলানি টুইট কৰে৷

 

***


DS/SKS/DB


(Release ID: 1787638) Visitor Counter : 142