প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মুম্বাইৰ মালাড ৱেষ্টত নিৰ্মাণৰত চাদ খহি মানুহৰ মৃত্যু হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে

ভুক্তভোগীলৈ আৰ্থিক অনুদান ঘোষণা

Posted On: 10 JUN 2021 2:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ মালাড ৱেষ্টত নিৰ্মাণৰত চাদ খহি মানুহৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰিছেঃ

“মুম্বাইৰ মালাড ৱেষ্টত নিৰ্মাণৰত চাদ খহি মানুহৰ মৃত্যু হোৱা ঘটনাই মোক পীড়া দিছে। এই দুখৰ সময়ত মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। মই আশা কৰিছো যে আঘাতপ্ৰাপ্তসকল সোনকালে সুস্থ হৈ উঠিব।”

প্ৰধানমন্ত্ৰীয়ে এই ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালবৰ্গলৈ ২লাখকৈ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আঘাতপ্ৰাপ্তসকলক ৫০,০০০টকা আগবঢ়োৱা হ’ব।

 

****

DS/MS



(Release ID: 1727803) Visitor Counter : 146