প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১০০সংখ্যক কিষাণ ৰে’লৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 28 DEC 2020 9:25PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ জী, ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেল জী, অন্যান্য সাংসদ, বিধায়কসকলৰ লগতে মোৰ মৰমৰ ভাই-ভনীসকল, সৰ্বপ্ৰথমে মই দেশৰ কোটি কোটি কৃষকক অভিনন্দন জ্ঞাপন কৰিছো৷

আগষ্ট মাহত দেশত প্ৰথম কৃষক আৰু কৃষিৰ নামত সম্পূৰ্ণভাৱে উচৰ্গিত ৰে’ল যাত্ৰাৰ শুভাৰম্ভ হৈছিল৷

উত্তৰ-দক্ষিণ, পূব-পশ্চিম দেশৰ প্ৰতিটো অঞ্চলৰ কৃষিজাত সামগ্ৰী কিষাণ ৰে’লৰ সৈতে সংযোগ কৰা হৈছে৷ ক’ৰোনাৰ প্ৰত্যাহ্বানৰ মাজতে বিগত ৪ মাহত কিষাণ ৰে’লৰ এই নেটৱৰ্কে আজি ১০০ নম্বৰত উপনীত হৈছে৷ আজি ১০০সংখ্যক এই কিষাণ ৰে’ল কিছু সময়ৰ পূৰ্বে মহাৰাষ্ট্ৰৰ ছাংগোলাৰ পৰা পশ্চিমবংগৰ শালিমাৰলৈ ৰাওনা হৈছে৷ অৰ্থাৎ প্ৰকৃতাৰ্থত পশ্চিমবংগৰ কৃষক, পশুপালক, মাছমৰীয়াই মুম্বাই, পুনে, নাগপুৰৰ দৰে মহাৰাষ্ট্ৰ বৃহৎ বৃহৎ বজাৰ পাবগৈ৷ সেইদৰে মহাৰাষ্ট্ৰৰ বন্ধুসকলে এতিয়া পশ্চিমবংগৰ বজাৰৰ সৈতে জড়িত হোৱাৰ বাবে সস্তীয়া আৰু সুলভ সুবিধা পালে৷ যি ৰে’লে এতিয়ালৈকে সমগ্ৰ দেশক সংযোগ কৰিছিল, সেই ৰে’লে এতিয়া দেশৰ কৃষি বজাৰকো সংযোগ কৰি এক কৰি তুলিছে৷

বন্ধুসকল,

কিষাণ ৰে’ল সেৱা, দেশৰ কৃষকসকলক আমদানি বৃদ্ধিৰ দিশত এক ডাঙৰ পদক্ষেপ৷ ইয়াৰ দ্বাৰা কৃষিৰ সৈতে জড়িত অৰ্থনীতিতো বৃহৎ পৰিৱৰ্তন আহিব৷ ইয়াৰ দ্বাৰা দেশৰ শীতলীগৃহ যোগান শৃংখলাৰ শক্তিও বৃদ্ধি পাব৷ আটাইতকৈ ডাঙৰ কথাটো এইটো যে এই কিষাণ ৰে’লৰ জৰিয়তে দেশৰ ৮০ শতাংশতকৈ অধিক সৰু আৰু সীমান্তৱৰ্তী কৃষকে বৃহৎ শক্তি লাভ কৰিছে৷ এই কথা মই এইবাবেই কৈছো যে ইয়াত কৃষকসকলৰ বাবে কোনো ন্যূনতম মাত্ৰা নিৰ্ধাৰণ কৰা হোৱা নাই৷ যদি কোনো কৃষকে ৫০-১০০ কেজি সামগ্ৰী পাৰ্চেল কৰিব খোজে, তেতিয়াও পঠাব পাৰে৷ অৰ্থাৎ ক্ষুদ্ৰ কৃষকৰ সামান্য উৎপাদনো কম ব্যয়ত সঠিকভাৱে বৃহৎ বজাৰলৈ প্ৰেৰণ কৰিব পাৰিব৷ মই ক’ৰবাত পঢ়িছিলো যে এতিয়ালৈকে ৰে’লৰ জৰিয়তে প্ৰেৰণ কৰা একেবাবে সৰু সামগ্ৰীটো ৩ কেজিৰ, যিটো এগৰাকী কৃষকে ৰে’লেৰে প্ৰেৰণ কৰিলে৷ ইমানেই নহয়, এগৰাকী কুকুৰা পালকে ১৭ ডৰ্জন কণী কিষাণ ৰে’লৰ জৰিয়তে প্ৰেৰণ কৰিছে৷

বন্ধুসকল,

মজুতকৰণ আৰু শীতলীগৃহৰ অভাৱত দেশৰ কৃষকসকলৰ কৃষিজাত সামগ্ৰী নষ্ট হোৱাটো সদায় এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিছে৷ আমাৰ চৰকাৰে মজুতকৰণৰ আধুনিক ব্যৱস্থা, যোগান শৃংখলাৰ আধুনিকীকৰণৰ ওপৰত কোটি কোটি টকা বিনিয়োগ কৰি আছে, কিষাণ ৰে’ল দৰে নতুন কাৰ্যসূচীও গ্ৰহণ কৰিছে৷ স্বাধীনতাৰ আগৰে পৰা ভাৰতত বহুত বিশাল ৰে’লৱে নেটৱৰ্ক আছিল৷ শীতলীগৃহৰ সৈতে জড়িত প্ৰযুক্তিও আগৰে পৰা আছিল৷ এতিয়া কিষাণ ৰে’লৰ জৰিয়তে এই শক্তিৰ উপযুক্ত ব্যৱহাৰ হ’বলৈ আৰম্ভ কৰিছে৷

বন্ধুসকল,

ক্ষুদ্ৰ কৃষকৰ ব্যয় হ্ৰাস কৰাত ডাঙৰ আৰু নতুন বজাৰ দিয়াৰ বাবে আমাৰ লক্ষ্য পৰিস্কাৰ আৰু আমাৰ নীতিও স্পষ্ট৷ আমি বাজেটতো ইয়াৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিলো৷ প্ৰথমতে কৃষক ৰে’ল আৰু দ্বিতীয়তে কৃষি উড়ান৷ অৰ্থাৎ আমি এইটো কৈ আছো যে আমাৰ চৰকাৰে নিজৰ কৃষকসকলক দেশৰ দূৰ-দূৰণিৰ এলেকা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ নিয়াৰ কথা এনেই কোৱা নাই৷ এয়া মই দৃঢ়তাৰে ক’ব বিচাৰো যে আমি সঠিক পথত আছো৷

বন্ধুসকল,

আৰম্ভণিতে কিষাণ ৰে’ল সাপ্তাহিক আছিল৷ কেইদিনমানৰ ভিতৰতে এনে ৰে’ল চাহিদা ইমান বৃদ্ধি পালে যে এতিয়া সপ্তাহত তিনিদিন এই ৰে’ল চলাবলগীয়া হৈছে৷ ভাৱকচোন, ইমান কম সময়তে ১০০খন কৃষক ৰে’ল, সাধাৰণ কথা নহয়৷ এই কথাই স্পষ্ট কৰিছে যে দেশৰ কৃষকসকলে কি বিচাৰে৷

বন্ধুসকল,

এই কামে কৃষকসকল সেৱা প্ৰতি আমি প্ৰতিশ্ৰুতিকে প্ৰদৰ্শিত কৰে৷ কিন্তু এইটোৱে এই কথাকো প্ৰমাণ কৰিছে যে আমাৰ কৃষকসকলে নতুন সম্ভাৱনাৰ বাবে কিমান ক্ষিপ্ৰতাৰে প্ৰস্তুত হয়৷ কৃষকসকলে, বেলেগ ৰাজ্যতো তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰে আৰু এই ক্ষেত্ৰত কিষাণ ৰে’ল আৰু কৃষি উড়ানে ডাঙৰ ভূমিকা আছে৷ মই অতি সন্তোষ প্ৰকাশ কৰিছো যে দেশৰ পূৰ্বাঞ্চলৰ কৃষকসকলে কৃষি উড়ানৰ লাভ পাবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিত্তিত কৃষি খণ্ডত এনে সংস্কাৰৰ দিশত আমি আগবাঢ়িছো৷

বন্ধুসকল,

কিষাণ ৰে’লৰ পৰা কৃষকসকলে কেনেধৰণৰ নতুন বজাৰ লাভ কৰিছে, কিদৰে তেওঁলোকৰ আয় উন্নত হৈছে আৰু ব্যয়ো হ্ৰাস পাইছে, মই তাৰ উদাহৰণ দিছো৷ কেইবাবাৰো মই বাতৰি কাকতত দেখিছো যে কিছুমান কাৰণত আমাৰ বিলাহীৰ মূল্য যেতিয়া ক’ৰবাত কম হৈ যায়, তেতিয়া কৃষকসকলৰ কি অৱস্থা হয়৷ এই অৱস্থা অত্যন্ত দুখদায়ক৷ কৃষকে তেওঁলোকৰ পৰিশ্ৰমক নিজৰ চকুৰ সন্মুখতে নষ্ট হোৱা দেখে, অসহায় অনুভৱ কৰে৷ কিন্তু বৰ্তমান নতুন সংস্কাৰৰ পাছত কিষাণ ৰে’লৰ সুবিধাৰ পাছত তেওঁলোকে আন এক বিকল্প লাভ কৰিলে৷ এতিয়া আমাৰ কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী দেশৰ সেইবোৰ স্থানলৈ প্ৰেৰণ কৰিব পাৰে, য’ত বিলাহীৰ চাহিদা অধিক আৰু ভাল দাম পায়৷ তেওঁলোকে ফল আৰু শাক-পাচলিৰ পৰিবহণৰ ৰাজসাহায্যৰো লাভ ল’ব পাৰে৷

ভাই-ভনীসকল,

কিষাণ ৰে’লৰ এটা গুৰুত্বপূৰ্ণ কথা আছে৷ এই কিষাণ ৰে’ল প্ৰকৃতাৰ্থত ভ্ৰাম্যমান শীতলভাণ্ডাৰ৷ অৰ্থাৎ ইয়াত ফল-মূল, শাক-পাচলি, গাখীৰ, মাছকে ধৰি যিবোৰ পচনশীল সামগ্ৰী আছে, সেইবোৰ সম্পূৰ্ণ সুৰক্ষিতভাৱে এঠাইৰ পৰা আন ঠাইলৈ প্ৰেৰণ কৰি আছে৷ আগতে এইবোৰ সামগ্ৰীকে কৃষকসকলে পথ পৰিবহণৰ জৰিয়তে ট্ৰাকত প্ৰেৰণ কৰিবলগীয়া হৈছিল৷ পথ পৰিবহণত বহু সমস্যা আছে৷ প্ৰথমতে, ইয়াত বহু সময়ৰ প্ৰয়োজন হয়৷ পথ পৰিবহণৰ ভাৰাও অধিক৷ অৰ্থাৎ গাঁৱত উৎপাদন কৰা আৰু চহৰত খোৱা দুয়োটাই ব্যয়বহুল হৈ পৰে৷ এতিয়া যিদৰে আজি যিখন ৰে’ল পশ্চিমবংগৰ দিশে ৰাওনা হ’ল, তাত মহাৰাষ্ট্ৰৰ বাবে আনাৰস, আঙুৰ, কমলা, আটলাছ কঠালৰ দৰে ফল-মূল প্ৰেৰণ কৰা হৈছে৷ এই ৰে’ল প্ৰায় ৪০ ঘণ্টাত তাত গৈ পাব৷ কিন্তু পথেৰে ২,০০০ কিলোমিটাৰতকৈ অধিক দুৰত্ব অতিক্ৰম কৰিবলৈ কেইবাদিনো লাগি যায়৷ এই সময়ছোৱাত ৰে’লখন কেইবাখনো ৰাজ্যৰ ডাঙৰ ডাঙৰ ষ্টেচনত ৰ’ব৷ তাৰ পৰাও যদি কোনো কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰিব বিচাৰে, সেয়া কিষাণে ৰে’লে পুৰণ কৰিব অৰ্থাৎ মাজতো বহু বজাৰলৈকে কিষাণ ৰে’লে কৃষকৰ সামগ্ৰী প্ৰেৰণ কৰিব আৰু উঠাবও৷ ইফালে, ভাড়াৰ কথা ক’বলৈ হ’লে এই পথত ৰে’লৰ ভাড়া ট্ৰাকৰ তুলনাত ১,৭০০ টকা কম৷ কিষাণ ৰে’লত চৰকাৰে ৫০শতাংশ ৰেহাইও প্ৰদান কৰিছে৷ ইয়াৰ দ্বাৰাও কৃষকসকলৰ লাভ হৈছে৷

বন্ধুসকল,

কিষাণ ৰে’ল দৰে সুবিধা পোৱাৰ ফলত অধিক দাম লাভ কৰা, অধিক পুষ্টিদায়ক শস্যৰ উৎপাদনত উৎসাহিত কৰিব৷ ক্ষুদ্ৰ কৃষকসকলে আগতে এইবোৰত এইবাবে জড়িত হ’ব পৰা নাছিল, কিয়নো শীতল ভাণ্ডাৰ আৰু বৃহৎ বজাৰ পোৱাত সমস্যাই দেখা দিছিল৷ অন্য বজাৰলৈ তেওঁলোকৰ সামগ্ৰী নিয়াৰ ক্ষেত্ৰত অধিক ভাড়া ভৰিব লাগিছিল৷  এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৩বছৰৰ পূৰ্বে আমাৰ চৰকাৰে বিলাহী, পিঁয়াজ, আলুৰ পৰিবহণৰ বাবে ৫০শতাংশ ৰাজসাহায্য প্ৰদান কৰিছিল৷ এতিয়া আত্মনিৰ্ভৰ অভিযানৰ অধীনত ইয়াৰ ডৰ্জন ডৰ্জন বেলেগ ফল আৰু শাক-পাচলিৰ বাবে বৃদ্ধি কৰা হৈছে৷ ইয়াৰো প্ৰত্যক্ষ লাভ দেশৰ কৃষকসকলে লাভ কৰিছে৷

ভাই-ভনীসকল,

আজি পশ্চিমবংগৰ কৃষকসকলকো এই সুবিধাৰ সৈতে জড়িত কৰা হৈছে৷ পশ্চিমবংগত আলু, কঠাল, কবি, বেঙেনাৰ দৰে বহু শাক-পাচলি হয়৷ সেইদৰে আনাৰস, লিচু, আম, কলৰ দৰে বহু ফলো তাৰ কৃষকসকলে উৎপাদৰ কৰে৷ মাছ লাগিলে মিঠা পানীৰে হওক বা খাৰ পানীৰে হওক, পশ্চিমবংগত কোনো কম নহয়৷ সমস্যা আছিল সেইবোৰ সমগ্ৰ দেশৰ বজাৰলৈ উলিয়াই নিয়াটো৷  এতিয়া কিষাণ ৰে’লৰ দৰে সুবিধাৰ জৰিয়তে পশ্চিমবংগৰ লাখ লাখ ক্ষুদ্ৰ কৃষকে এক বৃহৎ বিকল্প পাইছে৷ আৰু এই বিকল্প কৃষকৰ লগতে স্থানীয় বজাৰৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে, তেওঁলোকেও পাইছে৷ তেওঁলোকে কৃষকলৰ পৰা অধিক দামত অধিক সামগ্ৰী ক্ৰয় কৰি কিষাণ ৰে’লৰ জৰিয়তে আন ৰাজ্যত বিক্ৰী কৰিব পাৰিব৷

ভাই-ভনীসকল,

গাঁৱত অধিক পৰিমাণে সংস্থাপন আৰু কৃষকসকলক উন্নত জীৱন দিয়াৰ বাবে নতুন সুবিধা নতুন সমাধানৰ প্ৰয়োজন৷ এই লক্ষ্যৰে এটাৰ পাছত এটাকৈ কৃষি খণ্ডৰ সংস্কাৰ কৰা হৈছে৷ কৃষি খণ্ডৰ সৈতে জড়িত বিশেষজ্ঞ আৰু বিশ্বজোৰা অভিজ্ঞতা আৰু নতুন প্ৰযুক্তি ভাৰতীয় কৃষিখণ্ডত প্ৰয়োগ কৰা হৈছে৷ মজুতকৰণৰ সৈতে জড়িত আন্তঃগাঁথনিয়েই হওক বাবে কৃষিজাত সামগ্ৰীৰ মূল্য সংযোজনৰ সৈতে জড়িত সংসাধন উদ্যোগ ইত্যাদি ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ ৰে’ল ষ্টেচনসমূহত দেশজুৰি ক্ষয়িঞ্চু সামগ্ৰী ৰখা কেন্দ্ৰ স্থাপন কৰা হৈছে, য’ত কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী মজুত কৰি ৰাখিব পাৰে৷ যিমান পাৰি ফলমূল-শাকপাচলি তাৎক্ষণিকভাৱে ঘৰে ঘৰে প্ৰদান কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ তদুপৰি, যি উৎপাদন হয়, সেইবোৰ জুচ, আচাৰ, চচ, চাটনী, চিপছ ইত্যাদিবোৰ প্ৰস্তুত কৰা উদ্যোক্তৰ ওচৰ পোৱাৰ ব্যৱস্থা কৰা হৈছে৷

পিএম কৃষি সম্পদা যোজনাৰ অধীনত মেগা ফুড পাৰ্ক, শীতলীভাণ্ডাৰ শৃংখলা আন্তঃগাঁথনি, কৃষি সংসাধন কেন্দ্ৰ, সংসাধন গোট এনে প্ৰায় ৬,৫০০ প্ৰকল্পত অনুমোদন জনোৱা হৈছে৷ ইয়াৰে বহু প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে আৰু লাখ লাখ কৃষক পৰিয়ালে ইয়াৰ লাভ পাইছে৷ আত্মনিৰ্ভৰ ভাৰত অভিযান পেকেজৰ অধীনতো ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ বাবে ১০,০০০ কোটি টকাত অনুমোদন জনোৱা হৈছে৷

বন্ধুসকল,

আজি যদি চৰকাৰে দেশবাসীৰ সৰু সৰু প্ৰয়োজনীয়তা পুৰণ কৰিব পাৰিছে, তেতিয়াহ’লে ইয়াৰ মূলতে হৈছে সহযোগিতা৷ কৃষিৰ সৈতে জড়িত যিমানেই সংস্কাৰ হৈছে, ইয়াত আটাইতকৈ ডাঙৰ শক্তি আছে গাঁৱৰ লোকসকলৰ, কৃষকসকলৰ, যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ৷ এফপিঅ’ অৰ্থাৎ কিষাণ উৎপাদন সংঘই হওক, আন সহযোগী সংসই হওক, মহিলাসকলৰ আত্মসহায়ক গোটেই হওক, কৃষি ব্যৱসায়ত আৰু কৃষি আন্তঃগাঁথনিৰ নিৰ্মাণত এইবোৰত অগ্ৰাধিকাৰ দিয়া হৈছে৷  নতুন কৃষি সংস্কাৰৰ সৈতে জড়িত যিবোৰে ব্যৱসায় বৃদ্ধি কৰে, তাৰ সৰ্বাধিক হিতাধিকাৰীও কৃষক, গ্ৰামীণ যুৱক-যুৱতী আৰু মহিলা সংগঠন৷

কৃষি ব্যৱসায়ত যি ব্যক্তিগত বিনিয়োগ হ’ব, তাৰদ্বাৰা চৰকাৰৰ এই প্ৰচেষ্টাত শক্তি প্ৰদান কৰিব৷ আমি সম্পূৰ্ণ নিষ্ঠাৰে, সম্পূৰ্ণ শক্তিৰে ভাৰতীয় কৃষিৰ লগতে কৃষকসকলৰ শক্তিশালী কৰাৰ পথত অগ্ৰসৰ হ’ম৷ পুনৰবাৰ দেশৰ কৃষকসকলৰ ১০০সংখ্যক কিষাণ ৰে’ল আৰু নতুন সম্ভাৱনাৰ বাবে বহুত বহুত শুভেচ্চা জনাইছো৷ ৰে’ল মন্ত্ৰালয়ক অভিনন্দন জনাইছো, কৃষি মন্ত্ৰালয়ক অভিনন্দন জনাইছো আৰু দেশৰ কোটি কোটি কৃষকক বহুত বহুত শুভকামনা জনাইছো৷

বহুত বহুত ধন্যবাদ৷

***

ডিএইচ/এ কে,/এনএছ/দি বি


(Release ID: 1684562) Visitor Counter : 183