PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 24 NOV 2020 5:46PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

 

Image

ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা ৪০ হাজাৰতকৈ নিম্নগামী হৈছে; চিকিসাধীন ৰোগীৰ সংখ্যা হ্ৰাস পাই ৪.৪লাখতকৈ কম হৈছে; দৈনিক পজিটিভিটিৰ হাৰ ৪%ৰ পৰা নিম্নগামী হৈ ৩.৪৫% হৈছে

৬দিনৰ পাছত ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা ৪০,০০০তকৈ কম হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৩৭,৯৭৫জন লোক আক্ৰান্ত হৈছে৷ একেৰাহে সপ্তদশ দিনৰ বাবে দৈনিক নতুন আক্ৰান্তৰ সংখ্যা ৫০,০০০তলত আছে৷ দেশত বৰ্তমানলৈকে ২,১৩৪টা পৰীক্ষাগাৰ গঢ় দিয়া হৈছে আৰু এই পৰীক্ষাগাৰসমূহ বিগত ২৪ ঘণ্টাত ১০,৯৯,৫৪৫টা নমূনা পৰীক্ষা কৰা হৈছে৷ বৰ্তমানলৈকে দেশত ১৩,৩৬,৮২,২৭৫টা নমূনা পৰীক্ষা কৰা হৈছে৷ দেশত আজি ৰাষ্ট্ৰীয় পজিটিভিটিৰ হাৰ ৬.৮৭%হৈছে৷ ইফালে দেশৰ আৰোগ্যৰ হাৰ ৯৩.৭৬%ৰ বিপৰীতে বৰ্তমান চিকিসাধীন ৰোগীৰ হাৰ ৪.৭৭%হৈছে৷ এতিয়ালৈকে দেশত মুঠ ৮৬,০৪,৯৫৫জন ৰোগী আৰোগ্য হৈছে৷ ইফালে দেশৰ ভিতৰত বিগত ২৪ ঘণ্টাত দিল্লীত সৰ্বাধিক ৪,৪৫৪জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1675246

 

ভিড-১৯ৰ মোকাবিলা আৰু ব্যৱস্থাপনাৰ প্ৰস্তুতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ কনফাৰেন্সযোগে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল, বিশেষকৈ ৮খন ৰাজ্যত ভিড-১৯ মোকাবিলা আৰু প্রতিৰোধমূলক প্রস্তুতি আৰু ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাৰ সন্দৰ্ভত মুখ্যমন্ত্রীসকল সৈতে এক উচ্চ পর্যায় বৈঠক অধ্যক্ষতা কৰে৷ এই ৰাজ্য কেইখন হহাৰিয়ানা, দিল্লী, চত্তীশগড়, কেৰাৰা, মহাৰাষ্ট্র, ৰাজস্থান, গুজৰাট আৰু পশ্চিমবংগ৷ বৈঠকত ভিড-১৯ৰ প্ৰতিষেধক যোগান, বিতৰণ আৰু সুস্থ পৰিচালনা পদ্ধতিক লৈও আলোচনা হয়। প্রধানমন্ত্ৰীয়ে কয় যে সমগ্র দেশত সমবেত প্রচেষ্টা জৰিয়তে মহামাৰী মোকাবিলা কৰিছে। ভাতত আৰোগ্য আৰু মৃত্যু হাৰ দিশৰ পৰা অন্যান্য দেশ তুলনাত ভাল স্থিতিত আছে। শ্রী মোদীয়ে নমুনা পৰীক্ষা আৰু চিকিসা সেৱা ব্যৱস্থা সম্প্রসাণৰ প্রসংগত জো দি কয় যে অক্সিজেন যোগান সুনিশ্চিত কৰিবলৈ পিএম কেয়াৰ্ছ পুঁজিত অগ্রাধিকা দিয়া হৈছে। তেওঁ লগতে কয় যে অক্সিজেন উপাদন দিশত মেডিকেল কলেজ আৰু জিলা হাস্পতালসমূহক আত্মনির্ভ কৰি তুলিবলৈ সকলোধৰণৰ প্রচেষ্টা লোৱা হৈছে৷ ইতিমধ্যে দেশত ১৬০টাতকৈও অধিক অক্সিজেন উপাদন কেন্দ্র স্থাপনৰ কাম কাজ চলি থকা বুলিও তেওঁ অৱগত কৰে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleseDetail.aspx?PRID=1675286

 

বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে মহামাৰীৰ সময়তো সংস্কাৰৰ গতি ব্ৰতী আছে আৰু এই ধাৰাবাহিকতা অব্যাহত থাকিব; অৰ্থনীতিয়ে এক নতুন ব্যৱস্থাৰ সন্মুখীন হৈছে

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে মহামাৰীৰ সময়ত পৰিস্থিতি উন্নয়নৰ প্ৰতিকূল অৱস্থাটো সংস্কাৰৰ গতি ব্ৰতী আছিল আৰু ভৱিষ্যতেও এই ধাৰাবাহিকতা অব্যাহত থাকিব৷ কালি ভাৰতীয় উদ্যোগ মহাসংঘ(চিআইআই)ৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় বহুৰাষ্ট্ৰীয় কোম্পানীৰ সন্মিলন, ২০২০ত এইদৰে কয় মন্ত্ৰীগৰাকীয়ে৷

অধিক বিৱৰণ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1675128

 

স্পাইচ হেল্থ আৰু ভাৰতীয় চিকিসা গৱেষণা পৰিষদ (আইচিএমআৰ)ৰ যুটীয়া প্ৰচেষ্টাত প্ৰস্তুত কৰা কভিড-১৯ৰ আৰটি-পিচিআৰ পদ্ধতিত নমুনা পৰীস্থাৰ ভ্রাম্যমান গৱেষণাগাৰৰ উদ্বোধন কেন্দ্রীয় গৃহমন্ত্রী শ্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী শ্রী অমিত শ্বাহে আজি কভিড-১৯ৰ আৰটি-পিচিআৰ পদ্ধতিত নমুনা পৰীক্ষাৰ বাবে এক ভ্রাম্যমান পৰীক্ষাগাৰৰ উদ্বোধন কৰে৷ স্পাইচ হেল্থ আৰু আইচিএমআৰ যুটীয়া উদ্যোগত এই পৰীক্ষাগাৰ গঢ় দিয়া হৈছে। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াৰ কল্যাণ মন্ত্রী ড০ হর্ষ বর্ধনকে ধৰি আইচিএমআৰ, স্পাইচ জেট, স্পাইচ হেল্থৰ উচ্চপদস্থ বিষয়াসকল অনুষ্ঠানত উপস্থিত থাকে৷

অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1675139

 

ভিড মহামাৰীৰ সময়ত প্ৰশংসনীয় কাম কৰিলে গোৱা আৰক্ষীয়েঃ শ্ৰীপদ নায়ক

ৰোনা মহামাৰীৰ সময়ত প্ৰশংসনীয় কাম কৰিলে গোৱা আৰক্ষীয়ে৷ চিএছআৰৰ অধীনত গোৱা জাহাজ কোম্পানীয়ে আৰক্ষী বিভাগক ২৩.৮০ লাখ টকা মূল্যক এখন এডভান্সড লাইফ ছাপৰ্ট এম্বুলেন্স অনুদান দিয়ে৷ একেদৰে ভাৰত ইলেক্ট্ৰনিকছ লিমিটেডে এখন বাছত সংলগ্ন ২.৫০ কোটি টকাৰ কেন্সাৰ চিনাক্তকৰণ যন্ত্ৰ প্ৰদান কৰা বুলি ৰাজ্যিক আয়ুষ মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) শ্ৰীপদ নায়কে সদৰি কৰে৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleasePage.aspx?PRID=1675180

 

ট্ৰাইবছ ইণ্ডিয়াই সামাজিক দিশত প্রভাৱশালী ৰোগ-প্রতিৰোধক ক্ষমতা বৃদ্ধিৰ সহায়ক একাধিক সামগ্রী বজাৰ গঢ় দিছে

ট্ৰাইবছ ইণ্ডিয়াই ইয়াৰ গ্রাহকসকলক আৰু অধিক আকর্ষণীয় সামগ্ৰী সামগ্রী প্ৰদানৰ চেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ ফলত লাখ লাখ জনজাতি উদ্যোগীক তেওঁলোকৰ উপাদিত সামগ্ৰী বজাৰলৈ অনাৰ সুবিধা হৈছে৷ গ্রাহকসকলক অধিক মাত্ৰাত সামগ্ৰী যোগান ধৰা আৰু জনজাতি উদ্যোগীসকলে যাতে বজাৰৰ সুবিধা পাই, তাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা এমাহ ধৰি ট্ৰাইবছ ইণ্ডিয়াই একাধিক নতুন সামগ্ৰী বজাৰ গঢ় দিছে। এই সকলো সামগ্ৰীৰ অধিকাংশই ৰোগ-প্রতিৰোধক ক্ষমতা বৃদ্ধিত সহায় কৰাৰ লগতে বনজ আৰু জৈৱিক সামগ্ৰী

অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1675088

 

ভিড-১৯ দৰে মহামাৰীক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বহুপাক্ষিক সহযোগিতাই মুল চাবিকাঠিঃ ড০ হৰ্ষবৰ্ধন

আমাৰ আগশাৰীৰ প্ৰতিষ্ঠান-ভাৰতীয় চিকিসা গৱেষণা পৰিষদে কভিড-১৯ৰ ভেকচিনৰ পৰীক্ষণত জড়িত হৈ আছে৷ ভাৰতে সকলো গুৰুত্বপূৰ্ণ ভেকচিনৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে৷ ভাৰতত প্ৰায় ৩০টা ভেকচিনৰ বিকাশ সাধনৰ কাম বিভিন্ন পৰ্যায়ত উপনীত হৈছে৷ ইয়াৰে আইচিএমআৰ-ভাৰত বায়টেকৰ ভাক্সিনআৰু ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ ভিশ্বল্ডৰ সৰ্বাধিক অগ্ৰগতি লাভ কৰিছে৷ এক অনুষ্ঠান এই তথ্য সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে৷

অধিক বিৱৰণৰ বাবে : https://www.pib.gov.in/PressReleasePage.aspx?PRID=1675327

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ ২৫ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ মহাৰাষ্ট্ৰ চৰকাৰে আকাশী পথ, ৰে আৰু পথ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত নতুন এছঅপি জাৰি কৰিছে৷ বিশেষকৈ, দিল্লী, ৰাজস্থান, গুজৰাট আৰু গোৱাৰ পৰ্যটকসকলে লগত আনিব লাগিব নিগেটিভ ৰিপৰ্ট৷
  • গুজৰাটঃ ছুৰাট পৌৰ নিগমে চহৰখনত ভিড ৰোগীৰ বিছনাৰ সংখ্যা চাৰিগুণ বৃদ্ধি সিদ্ধান্ত লৈছে৷ ৰাজ্য চৰকাৰে চাৰিখন প্ৰধান চহৰত পৰীক্ষা কেন্দ্ৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷  ৰাজ্যখনত বৰ্ধিত ৰোনা ৰোগীৰ সংখ্যা পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে৷
  • ৰাজস্থানঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে ৰাজখনত ক’ভিড সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে ৰাইজৰ স্বাৰ্থত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ বিগত ৩ দিনত প্ৰতিদিনে ৩,০০০তকৈ অধিক লোক আক্ৰান্ত হোৱাৰ ফলত প্ৰথমবাৰলৈ চিকিসাধীন ৰোগীৰ সংখ্যা ২৪হাজাৰ অতিক্ৰম কৰিছে৷ ৰাজ্যখনত এতিয়ালৈকে ২,১৮১জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
  • মধ্যপ্ৰদেশঃ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ভুপালত মাস্ক বিতৰণ কৰাৰ লগতে ৰাইজক সেইবোৰ পৰিধান কৰি ক’ভিড-১৯ৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ আহ্বান জনায়৷ বিগত ২৪ ঘণ্টাৰ ১,৭০১জন নতুন আক্ৰান্তসহ ৰাজ্যখনত ক’ভিড ৰোগীৰ সংখ্যা ১.৯৪লাখলৈ বৃদ্ধি হৈছে৷ বৰ্তমান ৰাজ্যখনত ১২,৩৩৬জন ৰোগী চিকিসাধীন হৈ আছে৷ বৰ্তমানলৈকে মধ্যপ্ৰদেশত ৩,১৭২জন ৰোগীৰ মৃত্যু হৈছে৷
  • চত্তীশগড়ঃ সোমবাৰে চত্তীশগড়ত ২,০৬১জন নতুন ক’ভিড আক্ৰান্ত আৰু ১৪ জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ ৰাজ্যখনত মুঠ ২,২৫,৪৯৭জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এতিয়ালৈকে ২,০০,৮২৫জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান ২১,৯২৬জন ৰোগী চিকিসাধীন হৈ আছে৷
  • গোৱাঃ গোৱাত কালি ৭৫জন নতুন আক্ৰান্ত, ১০৪জন ৰোগী আৰোগ্য হোৱাৰ তথ্য পোৱা গৈছে৷ বৰ্তমান ৰাজ্যখনত ১,১৪০জন ৰোগী চিকিসাধীন হৈ আছে৷
  • কেৰালাঃ ক’ভিড-১০ আনলকৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ব্যক্তিগত টিউচন, কম্পিউটাৰ প্ৰশিক্ষণ আৰু নৃত্য কেন্দ্ৰসমূহক নিৰ্দিষ্ট চৰ্ত মানি খুলিবলৈ অনুমতি দিছে৷  ৰাজ্যখনৰ ক’ভিড আৰোগ্যৰ সংখ্যাই কালি ৫লাখ অতিক্ৰম কৰিলে কালি ৰাজ্যখনত ৩,৭৫৭জন নতুন আক্ৰান্ত আৰু ২২জন ৰোগী মৃত্যুৰ তথ্য পোৱা গৈছে৷
  • তামিলনাডুঃ বুধবাৰে তামিলনাডু আৰু পুডুচেৰীৰ কাৰাইকল আৰু মামাল্লাপুৰমত হ’বলগীয়া ঘূৰ্ণীবতাহৰ বাবে সষ্টম হৈ আছে তামিলনাডু৷ এই উপলক্ষে কালি মুখ্যমন্ত্ৰী পালানীস্বামীয়ে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়৷ উপকূলীয় অঞ্চলৰ লোকসকলক ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে৷
  • কৰ্ণাটকঃ আজি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ সৈতে আয়োজিত ক’ভিড ব্যৱস্থাপনা সম্পৰ্কীয় ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্যখনত ভেকচিন বিতৰণৰ কাম অব্যাহত আছে৷ ইতিমধ্যে ২৯,৪৫১ ভেকচিন বিতৰণ কেন্দ্ৰ আৰু ১০,০০০ ভেকচিনেটৰ চিনাক্ত কৰা হৈছে৷
  • অন্ধ্ৰপ্ৰদেশঃ মুখমন্ত্ৰী জগন মোহন ৰেড্ডিয়ে বিষয়াসকলক ভেকচিন প্ৰদান আৰু প্ৰস্তুতিৰ ক্ষেত্ৰত এক কৰ্মপন্থা প্ৰস্তুত কৰিবলৈ কৈছে৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানাত ৯২১নতুন আক্ৰান্ত, ১,০৯৭ আৰোগ্য আৰু ৪জন ক’ভিড ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ মুঠ ২,৬৫,০৪৯গৰাকী লোক আক্ৰান্ত হোৱা তেলেংগানাত বৰ্তমান ১১,০৪৭জন ৰোগী চিকিসাধীন হৈ আছে৷
  • অসমঃ বিগত ২৪ ঘণ্টাত অসমত সম্পন্ন কৰা ২৫,২২৫টা নমূনা পৰীক্ষাৰ বিপৰীতে ১৬৯জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷
  • ছিকিমঃ ছিকিমত নতুনকৈ ৪১জন লোক আক্ৰান্ত হৈছে৷ এতিয়ালৈকে ৪,৩৫১জন ৰোগী আৰোগ্য হোৱা ৰাজ্যখনত ২৩৮জন ৰোগী চিকিসাধীন হৈ আছে৷

 

FACT CHECK

Image

Image

************

YB


(Release ID: 1675464) Visitor Counter : 189