PIB Headquarters
ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
13 NOV 2020 5:47PM by PIB Guwahati


(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)
#Unite2FightCorona
#IndiaFightsCorona


ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ৪.৮৫ লাখলৈ নিম্নগামী, দৈনিক আক্ৰান্তকৈ আৰোগ্যৰ হাৰ অধিক হৈছে
ভাৰতত আজি চিকিৎসাধীন ৰোগীৰ সংখ্যা ৪,৮৪,৫৪৭জন হৈছে৷ একেৰাহে তৃতীয় দিনৰ বাবে চিকিৎসাধীন ৰোগীৰ সংখ্যা ৫লাখৰ তলত আছে৷ বৰ্তমান মুঠ আক্ৰান্ত লোকৰ বিপৰীতে দেশত কেৱল ৫.৫৫% লোকহে চিকিৎসাধীন হৈ আছে৷ বিগত ২৪ ঘণ্টাত দেশত ৪৪,৮৭৯জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৯,০৭৯গৰাকী ৰোগী আৰোগ্য হৈছে৷ বিগত ৪১দিনত এই ধাৰাবাহিকতা অব্যাহত আছে৷ দেশত মুঠ আৰোগ্য ৰোগী সংখ্যা ৮১,১৫,৫৮০জন হৈছে, যাৰ ফলত আৰোগ্যৰ হাৰ ৯২.৯৭%লৈ উন্নীত হৈছে৷ আৰোগ্য আৰু চিকিৎসাধীন ৰোগীৰ মাজৰ ব্যৱধান ৭৬,৩১,০৩৩জনলৈ বৃদ্ধি পাইছে৷ এদিনত আৰোগ্য হোৱা ৰোগীৰ ৭৭.৮৩%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৭,৮০৯জন ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান ৰাজ্যখনৰ আৰোগ্য লোকৰ সংখ্যা ১৬,০৫,০৬৪জনলৈ বৃদ্ধি পাইছে৷ ইফালে, নতুন আক্ৰান্ত লোকৰ ৭৬.২৫%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ দিল্লীত সৰ্বাধিক ৭,০৫৩জনৰ বিপৰীতে কেৰালা আৰু মহাৰাষ্ট্ৰত ক্ৰমে ৫,৫৩৭ আৰু ৪,৪৯৬জন লোক আক্ৰান্ত হৈছে৷ ইফালে, বিগত ২৪ ঘণ্টাত দেশত ৫৪৭জন ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ৭৯.৩৪%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১২২জন ৰোগীৰ মৃত্যুৰ বিপৰীতে দিল্লী আৰু পশ্চিমবংগত ক্ৰমে ১০৪দন আৰু ৫৪জন ৰোগীৰ মৃত্যু হৈছে৷
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1672562
আয়ুৰ্বেদ দিৱসত ৰাষ্ট্ৰৰ বাবে দুই ভৱিষ্যতৰ অৰ্থে-প্ৰস্তুত আয়ুৰ্বেদ প্ৰতিষ্ঠান উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৫ম আয়ুৰ্বেদ দিৱসৰ দিনা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাষ্ট্ৰৰ বাবে দুই ভৱিষ্যতৰ অৰ্থে-প্ৰস্তুত আয়ুৰ্বেদ প্ৰতিষ্ঠান উৎসৰ্গা কৰে। এই প্ৰতিষ্ঠান দুখনি হৈছে জামনগৰস্থিত আয়ুৰ্বেদ শিক্ষা ও গৱেষণা প্ৰতিষ্ঠান আৰু জয়পুৰস্থিত ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান৷ দুয়োখন প্ৰতিষ্ঠানেই হৈছে দেশখনৰ আয়ুৰ্বেদৰ আগশাৰীৰ প্ৰতিষ্ঠান। পূৰ্বে সংসদৰ এখনি বিধেয়কৰ জৰিয়তে ইয়াক ৰাষ্ট্ৰীয় গুৰুত্ব প্ৰতিষ্ঠানৰ মৰ্য্যাদা প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় অনুদান আয়োগে ডীম বিশ্ববিদ্যালয়ৰ মৰ্য্যাদা প্ৰদান কৰে। ২০১৬ ৰপৰা আয়ুস মন্ত্ৰালয়ে ধনন্তৰী জয়ন্তী (ধনটেৰাচ) উপলক্ষে প্ৰতি বছৰে ‘আয়ুৰ্বেদ দিৱস’ পালন কৰি আহিছে। এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী শ্ৰীপদ নাইক, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট, ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ মিশ্ৰ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য দেব্ব্ৰট উপস্থিত থাকে। এই উপলক্ষত বিশ্ব স্বাস্থ্যৰ সঞ্চালক ডাঃ টেড্ৰছ আদহানম ঘেব্ৰেয়েছাচে এটা ভিডিঅ’ বাৰ্তা প্ৰদান কৰে আৰু স্বাস্থ্য সম্পৰ্কীয় উদ্দেশ্য পূৰণ কৰিবলৈ আয়ুষ্মান ভাৰতৰ অধীনত সাৰ্বজনীন ক’ভাৰেজ আৰু পৰম্পৰাগত ঔষধৰ প্ৰমাণ-ভিত্তিক প্ৰোৎসাহনৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ অংগীকাৰক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতক পৰম্পৰাগত ঔষধৰ বৈশ্বিক কেন্দ্ৰ হিচাপে বাছনি কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু সঞ্চালক প্ৰধানজনক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে আয়ুৰ্বেদ হৈছে এটা ভাৰতীয় ঐতিহ্য আৰু সন্তোষৰ কথা এয়ে যে ভাৰতৰ পৰম্পৰাগত বিদ্যা আন দেশলৈয়ো বিয়পি গৈছে।
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1672557
জামনগৰ আৰু জয়পুৰত ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা দুখন আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleseDetail.aspx?PRID=1672573
সপ্তদশ ভাৰত-আছিয়ান ভাৰ্চুৱেল শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আছিয়ানৰ বর্তমান সভাপতি ভিয়েটনামৰ প্ৰধানমন্ত্রী নগুয়েন ছুন ফুকৰ আমন্ত্ৰণক্ৰমে আজি সপ্তদশ আছিয়ান ভাৰত শীর্ষ সন্মিলনত আৰু ক্ংগ্ৰেছত অংশগ্ৰহণ কৰে৷ এই ভার্চুৱেল সন্মিলনত আছিয়ানৰ সদস্যভুক্ত ১০খন ৰাষ্ট্ৰৰ সকলোৱেই যোগদান কৰে৷ এই সন্মিলনত বক্তব্য আগবঢ়ায় প্ৰধানমন্ত্রীয়ে ভাৰতৰ এক্ট ইষ্ট নীতিৰ কেন্দ্ৰত আছিয়ান আছে বুলি সদৰি কৰে৷ ভাৰত আৰু আছিয়ানৰ মাজত এক সংযোগশীল, দায়িত্বশীল আৰু সমৃদ্ধশালী সম্পর্ক আছে, যিটো প্ৰকৃততে ভাৰতৰ ‘ভাৰত প্ৰশান্ত মহাসাগৰীয় প্রেক্ষাপট’ আৰু এই অঞ্চলৰ সকলোৰে নিৰাপত্তা আৰু উন্নয়নমূলক কাৰ্যসূচী-সাগৰ নীতিৰ প্ৰতিফলন। ভাৰতৰ ‘ভাৰত প্ৰশান্ত মহাসাগৰীয় উদ্যোগ’ আৰু আছিয়ানৰ ‘আউটলুক অন ইণ্ডো-পেচিফিক’ নীতিৰ ওপৰত প্ৰধানমন্ত্রীয়ে জোৰ দিয়ে৷ ভাৰতৰ এই প্ৰচেষ্টাৰ বিভিন্ন ক্ষেত্রত আছিয়ানৰ সদস্যভুক্ত দেশসমূহৰ তেওঁ সহযোগিতাৰ প্ৰস্তাৱ দিয়ে৷ ক’ভিড-১৯ৰ প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে আন্তর্জাতিক সমূদায়ক আৰু চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সাহায্যৰ ক্ষেত্ৰত ভাৰতে প্ৰচেষ্টা হাতত লৈছে। এই মহামাৰীৰ বিৰুদ্ধে যুঁজত আছিয়ানৰ উদ্যোগক তেওঁ আদৰণি জনায়৷ বৈঠকত ক’ভিড-১৯ আছিয়ান সঁহাৰি পুঁজিত ১০ লাখ মার্কিন ডলাৰৰ অনুদানৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্রীয়ে৷
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1672455
আত্মনিৰ্ভৰ ভাৰত পেকেজ হৈছে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ধাৰাবাহিকতাঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে আত্মনিৰ্ভৰ ভাৰত পেকেজ হৈছে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ধাৰাবাহিকতা। এটা টুইটত শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ''আজিৰ আত্মনিৰ্ভৰ ভাৰত পেকেজে সমাজৰ সকলো শাখাৰ লোকক সহায় কৰিবলৈ চৰকাৰে চলোৱা প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাসমূহে কৰ্ম সংস্থাপন সৃষ্টি কৰা, দুশ্চিন্তাযুক্ত খণ্ডবিলাক সৰল কৰাত সহায় কৰিব, তাৰল্য নিশ্চিত কৰিব, প্ৰস্তুতকৰণক ত্বৰান্বিত কৰিব, ৰিয়েল-এষ্টেট খণ্ডক শক্তি যোগাব আৰু কৃষকসকলক সমৰ্থন কৰিব।''
অধিক বিৱৰণৰ বাবে:https://pib.gov.in/PressReleasePage.aspx?PRID=1672449
জেএনইউ চৌহদত স্বামী বিবেকানন্দৰ প্ৰতিমূর্তি উন্মোচন কৰিলে প্ৰধানমন্ত্রীয়ে
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ) চৌহদত স্বামী বিবেকানন্দৰ প্ৰতিমূর্তি উন্মোচন কৰে৷ প্ৰধানমন্ত্রীয়ে জেএনইউৰ ছাত্ৰ-ছাত্রী আৰু দেশৰ যুৱ সমূদায়ক ৰাষ্ট্ৰীয় স্বার্থতকৈ নিজৰ আদর্শক অগ্রাধিকাৰ দিলে কি ক্ষতি হ’ব পাৰে সেই বিষয়ে তেওঁৰ মতামত ব্যক্ত কৰে৷ এই উপলক্ষে তেওঁ কয় যে আমাৰ দেশৰ গণতান্ত্রিক ব্যৱস্থা ইয়াৰ ফলত যথেষ্ট ক্ষতিৰ সম্মুখীন হয়৷ কাৰণ আমাৰ আদর্শ এক ভাৱনাত চলিব আকৌ ৰাষ্ট্ৰীয় স্বার্থ অন্য ভাৱনাত, আমি একে গণ্ডীৰ ভিতৰত থকি চিন্তা কৰিব লাগিব, আমি একে সামগ্ৰীৰে কাম কৰিম এয়াই ভুল ধাৰণা৷”
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1672386
নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চৌহদত স্বামী বিবেকানন্দৰ প্ৰতিমূর্তি উন্মোচন কৰি প্ৰধানমন্ত্রীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ কমিটীয়ে ৬খন ৰাজ্যৰ বাবে অনুমোদন দিলে অতিৰিক্ত কেন্দ্ৰীয় সাহায্যৰ ৪,৩৮১.৮৮ কোটি টকা
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ কমিটীয়ে চলিত বৰ্ষত ঘূৰ্ণীবতাহ/বানপানী/ভূমিস্খলনৰ ফলত প্ৰভাৱিত ৬খন ৰাজ্যৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত অতিৰিক্ত কেন্দ্ৰীয় সাহায্য হিচাপে ৪,৩৮১.৮৮ কোটি টকাৰ অনুমোদন জনাইছে৷ ইয়াৰে ভিতৰত সৰ্বাধিক ২,৭০৭.৭৭ কোটি লাভ কৰিছে পশ্চিমবংগই৷
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1672518
আত্মনির্ভৰ ভাৰত ৩.০ৰ পদক্ষেপ ঘোষণা বিত্তমন্ত্রীৰ
কেন্দ্রীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্রী শ্রীমতী নির্মলা সীতাৰমনে আত্মনিৰ্ভৰ ভাৰত ৩.০ৰ অধীনত কভিডসৃষ্ট জটিল অর্থনীতিক পুনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰৰ ১২টা মুখ্য পদক্ষেপৰ কথা ঘোষণা কৰিছে৷ আজি ঘোষিত আঁচনিসমূহৰ মুঠ ব্যয় হব ২.৬৫ লাখ কোটি টকা৷ শ্রীমতী সীতাৰমনে কালি সংবাদ মেলত জনায় দিয়ে যে কেন্দ্ৰ আৰু ৰিজাৰ্ভ বেংকে আজি পৰ্যন্ত যি পৰিকল্পনাৰ কথা ঘোষণা কৰিছে সেয়াই ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্ট পৰিস্থিতিৰ পৰা ৰাষ্ট্ৰক মুক্ত কৰাৰ বাবে সহায় কৰিব৷ এই পর্যন্ত ২৯.৮৭ লাখ কোটি টকা প্ৰদান কৰিছে৷ ক’ভিড ভেকচিনৰ বিকাশৰ বাবে ডিবিআৰডিক ৯০০ কোটি টকা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে৷
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1672321
বিজ্ঞান আৰু সমাজৰ মাজত নতুন গঢ় দিয়াৰ বাবে বৈজ্ঞানিক সামাজিক দায়বদ্ধতাৰ প্ৰয়োজনঃ ডিএছটিৰ সচিব
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব ড০ আশুতোষ শর্মাই কয় যে বিজ্ঞান আৰু সমাজৰ মাজত নতুন সংযোগ স্থাপন কৰাৰ বাবে বৈজ্ঞানিক সামাজিক দায়বদ্ধতা(এছএছআৰ)ৰ নীতিসমূহ অহা কেইটামান মাহৰ ভিতৰতে কার্যকৰী কৰা হ’ব৷ বিশ্ব বিজ্ঞান দিৱস উপলক্ষে আয়োজিত এক ৱেবিনাৰত আগবঢ়োৱা ভাষণত ড০ শর্মাই কয় যে বিজ্ঞানক সমাজৰ সৈতে জড়িত কৰিব পাৰিলে বিজ্ঞান আৰু প্ৰযুক্তিয়ে শান্তি আৰু উন্নয়নৰ ক্ষেত্রত অন্যতম শক্তিশালী স্তম্ভ হিচাপে গঢ় লৈ উঠিব৷ সেয়েহে, বৃহত্তৰ সমাজৰ সৈতে বিজ্ঞানৰ যোগাযোগ গঢ়ি তোলাত এক ডাঙৰ প্ৰতিবন্ধকতা আছে। তেওঁ কয় যে বিজ্ঞানক জনসাধাৰণৰ ওচৰলৈ নিয়া দৰকাৰ৷ তেতিয়াহে ই শান্তি আৰু উন্নয়নৰ ডাঙৰ হাঠিয়াৰ হিচাপে ধৰা দিব৷ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ তথা ইউনেস্ক’ৰ যৌথ উদ্যোগত আয়োজিত বিশ্ব বিজ্ঞান দিৱসত শান্তি আৰু উন্নয়নৰ সন্দৰ্ভত আয়োজিত ৱেবিনাৰত এই কথা উল্লেখ কৰে ড০ শৰ্মাই৷
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1672492
জম্মু আৰু কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে সবকা বিশ্বাস (বিবাদ নিষ্পত্তি) আঁচনি, ২০১৯ৰ আৱেদন দাখিলৰ অন্তিম সময়সীমা ৩১ ডিচেম্বৰ, ২০২০লৈ বৃদ্ধি কৰা হৈছে
নৱগঠিত জম্মু আৰু কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাণিজ্য আৰু উদ্যোগৰ সহায় হোৱাকৈ সবকা বিশ্বাস (বিবাদ নিষ্পত্তি) আঁচনি, ২০১৯ৰ আৱেদন দাখিলৰ অন্তিম সময়সীমা ৩১ ডিচেম্বৰ, ২০২০লৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ জৰিয়তে অঞ্চলটোৰ কৰদাতাসকল উপকৃত হ’ব৷ এই সন্দৰ্ভত অতি সোনকালে নিৰ্দেশনা জাৰি কৰিব৷
অধিক বিৱৰণৰ বাবে :https://pib.gov.in/PressReleasePage.aspx?PRID=1672351
পিআইবিৰ ক্ষেত্ৰীৰ কাৰ্যালয়ৰ ইনপুটসমূহ
- অসমঃ আজি সম্পন্ন কৰা ২৪,৩৫০টা নমূনা পৰীক্ষাৰ বিপৰীতে অসমত ২০২জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ পজিটিভিৰ হাৰ ০.৮৩%৷ আজি ৭৭১জন ৰোগীক ডিছচাৰ্জড দিয়া হৈছে৷ অসমত মুঠ আক্ৰান্ত সংখ্যা ২,০৯৮৩৫জনৰ বিপৰীতে ৯৭.২৫% ৰোগী আৰোগ্য হৈছে৷ বৰ্তমান ২.২৯% ৰোগী চিকিৎসাধীন হৈ আছে৷
- মিজোৰামঃ মিজোৰাত আজি ২৫জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷
- নাগালেণ্ডঃ ৩৭জন নতুন আক্ৰান্তসহ নাগালেণ্ডৰ ক’ভিড ৰোগীৰ সংখ্যা ৯,৬১৫জনলৈ বৃদ্ধি পাইছে৷ বৰ্তমান ৰাজ্যখনত ৭৮৬জন ৰোগী চিকিৎসাধীন হৈ আছে৷
- ছিকিমঃ ছিকিমত আজি ২৫জন নতুনসহ ক’ভিডৰোগীৰ সংখ্যা ৪,৩৬৮জনলৈ বৃদ্ধি পাইছে৷
- কেৰালাঃ পৌৰ নিকায় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কেৰালাত ক’ভিড আক্ৰান্তৰ সংখ্যা অধিক বৃদ্ধিৰ আশংকা কৰাৰ মাজতে আজি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী কে কে শৈলজাই প্ৰাৰ্থী, ৰাজনৈতিক কৰ্মী আৰু ৰাইজক নিৰ্বাচনী প্ৰচাৰৰ সময়ত অধিক সচেতন হোৱাৰ আহ্বান জনাইছে৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ ১০% পজিটিভিটি হাৰৰ জৰিয়তে চিকিৎসাধীন ৰোগীৰ সংখ্যা ৭৭,১৮৩জনলৈ বৃদ্ধি পাইছে৷
- তামিলনাডুঃ তামিলনাডুৰ মুখ্যমন্ত্ৰী কে পালানীস্বামীয়ে সচিবালয়ৰ পৰা আজি ৯খন ১০৮ এম্বুলেন্সৰ ফ্লেগ অফ কৰে৷
- কৰ্ণাটকঃ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনত নতুনকৈ স্থাপন কৰিবলগীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহ বিশ্ব বেংকৰ অৰ্থসাহায্যৰে নিৰ্মাণ কৰা হ’ব৷ কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ে শুকুৰবাবে ৰাজ্যখন দীপাৱলী উপলক্ষে সেউজ আটচবাজী ফুটোৱাৰ অনুমতি প্ৰদান কৰিছে৷
- অন্ধ্ৰপ্ৰদেশঃ ৰাজ্য চৰকাৰে এনএবিএল আৰু আইচিএমআৰৰ দ্বাৰা অনুমোদিত ব্যক্তিগত পৰীক্ষাগাৰসমূহত ক’ভিড-১৯ৰ নমূনা পৰীক্ষাৰ নতুন মূল্য নিৰ্ধাৰণ কৰি দিছে৷ সেই হিচাপে চৰকাৰে প্ৰেৰণ কৰা প্ৰতিটো নমূনাৰ ক্ষেত্ৰত ৮০০টকা ধাৰ্য কৰিছে৷ কালি ৰাজ্যখনত নতুনকৈ ১,৭২৮জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ২০,৮৫গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে৷ কালি ৯জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে৷
- তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৯৯৭জন নতুন আক্ৰান্ত, ১,২২২জন আৰোগ্য আৰু ০৪জন লোক মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে৷ বৰ্তমান ৰাজ্যখনত ১৭,০৯৪ৰোগী চিকিৎসাধীন হৈ আছে৷
- মহাৰাষ্ট্ৰঃ ৰাজ্য চৰকাৰে ৰে’লৱেক স্থানীয় ৰে’লযোগে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ ভ্ৰমণত অনুমতি প্ৰদানৰ অনুৰোধ জনাইছে৷ ৰাজ্যখনত ৫০শতাংক শিক্ষক-শিক্ষাৰ্থীৰে পাঠদান আৰম্ভ হৈছে৷
- গুজৰাটঃ বিগত ২৪ ঘণ্টাত গুজৰাটক ১,১২০জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে৷ ৰাজ্যখনৰ আৰোগ্যৰ হাৰ ৯১.২৯%৷
- ৰাজস্থানঃ বৃহস্পতিবাৰে ৰাজস্থানত ১৩জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ লগতে ২,১৭৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ বৰ্তমান ৰাজ্যখনত ১৭,৩৫২ৰোগী চিকিৎসাধীন হৈ আছে৷ মুঠ ২,১৯,৩২৭জন ক’ৰোনা আক্ৰান্তৰ ভিতৰত এতিয়ালৈকে ১,৯৯,৯৪৩জন ৰোগী আৰোগ্য হৈছে৷
- মধ্যপ্ৰদেশঃ ভগৱান ৰামৰ সৈতে এক নিবিড় সম্পৰ্ক থকা মধ্যপ্ৰদেশত ক’ভিড-১৯ৰ মাজতে পাঁচদিনীয়া দীপাৱলী মহোৎসৱ আৰম্ভ হৈছে৷ এই উপলক্ষে মন্দাকিনি নদীৰ পাৰৰ চিত্ৰকূটত বন্তিদান কাৰ্যসূচীত একাংশ লোকে অংশগ্ৰহণ কৰে৷
- চত্তীশগড়ঃ চত্তীশগড়ৰ ৰায়পুৰত কনটেইণ্টমেণ্ট জ’নৰ বাহিৰৰ মাল্টিপ্লেক্স আৰু চিনেমা হলসমূহ ৫০শতাংশ দৰ্শকেৰে আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছ৷ শনিবাৰে দীপাৱলীৰ দিনাৰ পৰাই চিনেমাৰ প্ৰদৰ্শনী আৰম্ভ হোৱাৰ আশা আছে৷
FACT CHECK



***********
(Release ID: 1672791)
Visitor Counter : 168