প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব ডঃ বালাচাহেব ভিখে পাটিলৰ আত্মজীৱনী আৰু তেওঁৰ সন্মানাৰ্থে প্ৰভাৰা ৰুৰেল এডুকেচন ছ’চাইটীৰ পুনৰ নামাকৰণ কৰিব

प्रविष्टि तिथि: 12 OCT 2020 7:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে অহা ১৩ অক্টোবৰৰ দিনৰ ১১বজাত ভিডিঅ কনফাৰেঞ্চৰ মাধ্যমেৰে ডঃ বালাচাহেব ভিখে পাটিলৰ আত্মজীৱনী উন্মোচন কৰাৰ লগতে প্ৰভাৰা ৰুৰেল এডুকেচন ছচাইটীক লোকনেতে ডঃ বালাচাহেব ভিখে পাটিল প্ৰভাৰা ৰুৰেল এডুকেচন ছচাইটী নামেৰে পুনৰ নামাকৰণ কৰিব।

 

ডঃ বালাচাহেব ভিখে পাটিলে কেইবাটাও কাৰ্যকালৰ বাবে লোকসভাৰ সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে দেহ ভেচৱা কৰণী যাৰ অৰ্থ মহত্ কামৰ বাবে নিজৰ জীৱন উত্সৰ্গা কৰা, আৰু ইয়াক উপযুক্ত ৰূপত নামাকৰণ কৰা গৈছে কাৰণ তেওঁ কৃষি আৰু সমবায় সহ বিভিন্ন ক্ষেত্ৰত নিজৰ পথ প্ৰদৰ্শক কামৰ জৰিয়তে সমাজৰ হিতৰ বাবে নিজৰ সমগ্ৰ জীৱন সমৰ্পণ কৰি দিছে।

 

গ্ৰামীণ জনসাধাৰণক বিশ্বমানৰ শিক্ষা প্ৰদান আৰু কন্যা শিশুৰ সবলীকৰণৰ লক্ষ্যেৰে ১৯৬৪ চনত আহমেদ নগৰ জিলাৰ লনীত প্ৰভাৰা ৰুৰেল এডুকেচন ছচাইটী প্ৰতিষ্ঠা কৰা হৈছিল। এই ছচাইটীয়ে বৰ্তমান শিক্ষাৰ্থীসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, শাৰীৰিক আৰু মানসিক বিকাশক মূল লক্ষ্য হিচাপে লৈ কাম কৰি আছে।

   

 

 

 

AP/SH/KG


(रिलीज़ आईडी: 1663879) आगंतुक पटल : 176
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam