PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 28 SEP 2020 6:07PM by PIB Guwahati

 

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

 

ভাৰতৰ মুঠ আৰোগ্যৰ সংখ্যা ৫০লাখৰ সীমা অতিক্ৰম; কেৱল ১১ দিনত অন্তিম ১০ লাখ আৰোগ্য হৈছে; চিকিৎসাধীন ৰোগীতকৈ আৰোগ্যৰ সংখ্যা ৫গুন অধিক হৈছে

ভাৰতৰ মুঠ আৰোগ্য লোকৰ সংখ্যাই আজি ৫০ লাখৰ সীমা অতিক্ৰম কৰিলে৷ ভাৰতে প্ৰতিদিনে সৰ্বাধিক আৰোগ্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭৪,৮৯৩গৰাকী ক’ভিড ৰোগী আৰোগ্য হৈছে৷ বিগত দিনকেইটাত দৈনিক ৯০হাজাৰতকৈ অধিক লোক আৰোগ্য হৈছিল৷ চিকিৎসাধীন ৰোগীতকৈ আৰোগ্যৰ সংখ্যা ৫গুন অধিক হৈছে৷ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮২.৫৮%লৈ বৃদ্ধি পাইছে৷ ১৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰতকৈ অধিক হৈছে৷ নতুনকৈ আৰোগ্য হোৱাসকলৰ ৭৩%ই ১০খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ, তামিলনাডু, দিল্লী, ওড়িশা, পশ্চিমবংগ আৰু পাঞ্জাৱৰ৷ কালিৰ দিনটোত মহাৰাষ্ট্ৰত নতুনকৈ ১৩,০০০তকৈ অধিক লোক আৰোগ্য হৈছে৷ জুন, ২০২০ত ১ লাখ আৰোগ্য ৰোগীৰ পৰা এই হাৰ লাহে বৃদ্ধি পায়৷ অন্তিম ১০লাখ আৰোগ্য লোক কেৱল বিগত ১১টা দিনৰ৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সৈতে মিলি চিকিৎসা আন্তঃগাঁথনি বৃদ্ধি, মানসম্পন্ন চিকিৎসা প্ৰট’কল ৰূপায়ণৰ লগতে চিকিৎসক, পেৰামেডিকেল কৰ্মী আৰু আগশাৰীৰ কৰ্মীসকলে সম্পূৰ্ণ সমৰ্পিত মনোভাৱেৰে কাম কৰাৰ বাবেই এই বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ দেশৰ মুঠ আৰোগ্য ৭৮%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ এই তালিকাতো শাৰীষত অৱস্থান কৰিছে মহাৰাষ্ট্ৰই৷ বিগত ২৪ ঘণ্টাত দেশত ৮২,১৭০গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা হৈছে৷ ইয়াৰে ৭৯%ই দখন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত কালি নতুনকৈ ১৮,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷ দেশত বিগত ২৪ ঘণ্টাত ১,০৩৯গৰাকী ক’ভিড-১৯ ৰোগীৰ মৃত্যু হৈছে৷ ইয়াৰে ৮৪%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ কালি মহাৰাষ্ট্ৰত ৩৮০জন লোক মৃত্যু হোৱাৰ বিপৰীতে তামিলনাডু আৰু কৰ্ণাটকত ক্ৰমে ৮০ আৰু ৭৯জনকৈ লোকৰ মৃত্যু হৈছে৷ ৰাজহুৱা স্থানত শাৰিৰীক দুৰত্ব বজাই ৰখা, শ্বাস-প্ৰশ্বাসজনিত শিষ্টাচাৰ, মাস্কৰ ব্যৱহাৰ ইত্যাদি সম্পৰ্কীয় ব্যৱস্থা কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

ভাৰতৰ কৃষকসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

মন কী বাতৰ ভাষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ক’ভিড সংকটৰ সময়ত দেশৰ কৃষকসকলে অসাধাৰণ ধৈৰ্য দেখুৱালে৷  প্ৰধানমন্ত্ৰীয়ে কয় যে যদি কৃষি খণ্ড শক্তিশালী হয়, তেতিয়াহ’লে আত্মনিৰ্ভৰ ভাৰতো শক্তিশালী হ’ব৷ তেওঁ উল্লেখ কৰে যে বিগত দিনসমূহত এই খণ্ডটোক বিভিন্ন বাধাৰ লগতে বহু কল্পকাহিনীৰ পৰা মুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ তেওঁ হাৰিয়ানাৰ শ্ৰী কাৱাৰ চৌহান নামৰ এগৰাকী কৃষকৰ উদাহৰণ দাঙি ধৰে, যিগৰাকী কৃষকে মাণ্ডিৰ বাহিৰত তেওঁৰ ফলমূল আৰু শাক-পাচলি বিক্ৰী কৰাত অসুবিধাৰ সন্মুখীন হৈছিল, কিন্তু ২০১৪ চনত ফলমূল আৰু শাক-পাচলি এপিএমচি আইনৰ আওতাৰ পৰা বাদ দিয়াৰ ফলত তেওঁ ব্যাপক ধৰণে উপকৃত হয়৷ তেওঁ গাঁৱৰ কৃষকসকলক লৈ এক কৃষক উৎপাদক সংস্থা গঠন কৰে আৰু এতিয়া মাকৈ খেতি কৰাৰ লগতে নিজে দিল্লীৰ আজাদপুৰ মাণ্ডিত যোগান ধৰাই নহয়, এক বৃহৎ খুচুৰা শৃংখল আৰু পঞ্চতাৰকা হোটেলতো যোগান ধৰি যথেষ্ট পৰিমাণে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই কৃষকসকলে তেওঁলোকৰ ফলমূল আৰু শাক-পাচলি দেশৰ যিকোনো স্থানত বিক্ৰী কৰাৰ ক্ষমতা আছে৷ প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে মহাৰাষ্ট্ৰৰ শ্ৰী স্বামী সমৰ্থ কৃষিজাত সামগ্ৰী উপাদন কোম্পানীয়ে এপিএমচিৰ আওতাৰ পৰা ফলমূল আৰু শাক-পাচলি বাদ দিয়াৰ জৰিয়তে হোৱা লাভালাভৰ সন্দৰ্ভতো উল্লেখ কৰে৷ তেওঁ কয় যে পুনে আৰু মুম্বাইৰ কৃষকসকলে সাপ্তাহিক বজাৰত মধ্যভোগীৰ সহায় নোলোৱাকৈ তেওঁলোকে নিজে বিক্ৰী কৰে৷

অধিক বিৱৰণৰ বাবে

 

২৭.০৯.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৬তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া লিখিত ৰূপ

অধিক বিৱৰণৰ বাবে

 

 

ছানডে’ সংবাদ-৩ত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ সৈতে ডাঃ হৰ্ষ ৱৰ্ধনৰ বাৰ্তালাপ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে ছানডে’ সংবাদত ছ’চিয়েল মিডিয়াত বিভিন্ন জনে সোধা প্ৰশ্নৰ উত্তৰ দিয়ে৷ ক’ভিডৰ সংকটৰ উপৰিও বিভিন্নজনে ভাৰতৰ ভৱিষ্যতৰ চিকিৎসাৰ আন্তঃগাঁথনি সন্দৰ্ভতো বিভিন্ন প্ৰশ্ন সোধে৷ মন্ত্ৰীগৰাকীয়ে সকলোকে ক’ভিডৰ সময়ত পালন কৰিবলগীয়া উপযুক্ত বিধি সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনায়৷

অধিক বিৱৰণৰ বাবে

 

স্বাস্থ্য মন্ত্ৰালয়ৰ ‘ই-সঞ্জীৱনী’ টেলিমেডিচিন সেৱাই মাইলষ্টোন অতিক্ৰম কৰিছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ই-সঞ্জীৱনী অ’পিডি প্লেটফ’ৰ্মে টেলি-কনছালটেচনৰ ৪ লাখৰ মাইলষ্টোন অতিক্ৰম কৰিছে৷ তামিলনাডু আৰু উত্তৰ প্ৰদেশত ক্ৰমে ১,৩৩১৬৭ আৰু ১,০০১২৪টা ছেছন তালিকাভুক্ত হৈছে৷ আনহাতে হিমাচল প্ৰদেশ (৩৬,৫২৭), কেৰালা (৩৩,৩৪০), অন্ধ্ৰ প্ৰদেশ (৩১,০৩৪), উত্তৰাখণ্ড (১১,৫২৬), গুজৰাট (৮৯১৪), মধ্য প্ৰদেশ (৮৯০৪), কৰ্ণাটক (৭৬৮৪), মহাৰাষ্ট্ৰ (৭১০৩)তো অভিলেখ সংখ্যক সেৱা তালিকাভুক্ত হৈছে৷


অধিক বিৱৰণৰ বাবে

 

কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপস্থিতিত ফৰ্টিছ হেলথকেয়াৰে চিএছআৰ পুঁজিৰ পৰা আইচিএমআৰক প্ৰদান কৰিলে ২.৫ কোটি টকাৰ চেক

ব্যক্তিগত খণ্ডৰ স্বাস্থ্য সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ফৰ্টিছ হেলথকেয়াৰে কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেৰ উপস্থিতিত আইচিএমআৰক ২.৫ কোটি টকাৰ চেক অনুদান হিচাপে আগবঢ়ায়৷

অধিক বিৱৰণৰ বাবে

 

এনপিপিএয়ে লিকুইড মেডিকেল অক্সিজেন আৰু মেডিকেল অক্সিজেন চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণ কৰিছে

ক’ভিড-১৯ৰ চলিত দৃশ্যৰাজিৰ পৰিপ্ৰেক্ষিতত দেশত মেডিকেল অক্সিজেনৰ চাহিদা বৃদ্ধি পাইছে৷ বিভিন্ন ৰাজ্যই অন্য ৰাজ্যৰ পৰা মেডিকেল অক্সিজেন ক্ৰয় কৰিছে৷ কিন্তু লিকুইড মেডিকেল অক্সিজেনৰ মূল্য নিৰ্ধাৰণ নোহোৱাৰ ফলত নিৰ্মাতা প্ৰতিষ্ঠানসমূহে ইয়াৰ মূল্য বৃদ্ধি কৰা প্ৰত্যক্ষ কৰি এনপিপিয়ে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

 

খাৰিফ ঋতু ২০২০-২১ৰ সময়ছোৱাত ৰাজ্যসমূহলৈ এমএছপি সমৰ্থনৰ বাবে এনচিডিচিয়ে প্ৰথমটো কিস্তিত ১৯৪৪৪ কোটি টকা আৱণ্টিত কৰিছে

কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ৰ বিত্তীয় প্ৰতিষ্ঠান এনচিডিচিয়ে চট্টিশগড়, হাৰিয়ানা আৰু তেলেংগানালৈ খাৰিফ ঋতুৰ এমএছপিৰ বাবে প্ৰথমটো কিস্তিত ১৯৪৪৪ কোটি টকা আৱণ্টিত কৰিছে৷ এনচিডিচিৰ এই সক্ৰিয় পদক্ষেপৰ ফলত দেশৰ কৃষকসকলে যথেষ্ট সকাহ লাভ কৰিব৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত এছএআইয়ে টকিঅ’ অলিম্পিক পেৰা এথলীট আৰু এনচিঅ’ইৰ এথলীটসকলৰ বাবে ব্যাপক প্ৰশিক্ষণ পৰিকল্পনা প্ৰস্তুত কৰিছে

‘খেলো ইণ্ডিয়া ফিৰ ছে’ৰ পৰা এঢাপ আগুৱাই ছাইয়ে টকিঅ’ অলিম্পিক পেৰা-এথলীট আৰু এনচিঅ’ইৰ এথলীটসকলৰ বাবে পৰ্যায়ভিত্তিত ক্ৰীড়া কাৰ্যকলাপ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ খেলুৱৈসকলৰ সুৰক্ষাৰ নিশ্চিতিৰ বাবে ছাইয়ে এছঅ’পিও প্ৰস্তুত কৰিছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ ভাইৰাছ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে পাঞ্জাৱৰ স্বাস্থ্য বিভাগে প্ৰতিজন ক’ভিড আক্ৰান্ত ব্যক্তিৰ বাবে অনুসৰণ অভিযানৰ পদক্ষেপ প্ৰণয়ন কৰিছে৷
  • হাৰিয়ানাঃ হাৰিয়ানাৰ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনত বৰ্তমানে ৪৬,৩৬৭ খন কোৱাৰেণ্টিন বিচনা, ৩৪৮৬ টা কণ্টেইনমেণ্ট মণ্ডল, ১০,১৪৫ টা আইচ’লেচন বিচনা, ২২৩১খন আইচিইউ বিচনা, ১০৭০ খন ভেণ্টিলেটৰ, ৩.৭৮ লাখ পিপিই কিট আৰু ৭.২৫ লাখ এন-৯৫ মাস্ক আছে৷
  • হিমাচল প্ৰদেশঃ ৰাজ্যখনত বৰ্ধিত ক’ভিড-১৯ ৰোগীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কয় যে চিকিৎসকসকলে বিশেষকৈ ৰোগীৰ চিকিৎসাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব৷ তেওঁ কয় যে ক’ভিড-১৯ৰ চিকিৎসালয়সমূহত উপযুক্ত স্বাস্থ্যবিধি প্ৰতিপালন কৰিবলৈ নিৰ্দেশ দিয়ে৷
  • অসমঃ অসমত কালি ৮৭৫ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে আৰু ১৬৭০ জন ৰোগীক মুকলি কৰি দিয়া হৈছে৷ মুঠ মুকলি হোৱা ৰোগীৰ সংখ্যা হ’ল ১৩৯৯৭৭জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯৩৫০ জন, মুঠ ৰোগীৰ সংখ্যা ১৬৯৯৮৫ জন আৰু মৃত্যুৰ সংখ্যা হ’ল ৬৫৫ জন৷
  • মণিপুৰঃ মণিপুৰত ২৪৮ জন লোক নতুনকৈ ক’ভিড-১৯ ৰোগত আক্ৰান্ত হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১০,২৯৯ জন৷ ৭৬ শতাংশ আৰোগ্যৰ হাৰেৰে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২১০৬ জন৷
  • মেঘালয়ঃ মেঘালয়ত এদিনতে আজি ৩১১ জন লোকে আৰোগ্য লাভ কৰিছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৫১৫ জন, আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ৩৬৫৪ জন৷
  • নাগালেণ্ডঃ নাগালেণ্ডত ক’হিমাৰ অধিক সংখ্যক স্থান ছীল কৰি দিয়া হৈছে৷
  • মহাৰাষ্ট্ৰঃ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ভিডিঅ’ কনফাৰেন্সযোগে মাৰাথাৱড়া অঞ্চল আৰু নাচিক অঞ্চলত গ্ৰহণ কৰা ক’ভিড সম্পৰ্কীয় পদক্ষেপসমূহ পুনৰীক্ষণ কৰে৷
  • গুজৰাটঃ আহমেদাবাদ মিউনিচিপাল কৰ্প’ৰেচনে ক’ভিড-১৯ৰ বিধি উলংঘা কৰা লোকসকলৰ পৰা ৫.৫ কোটি টকাতকৈও অধিক টকা জৰিমণা হিচাপে সংগ্ৰহ কৰিছে৷
  • ৰাজস্থানঃ ক’ভিড-১৯ৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ব্যক্তিগত চিকিৎসালয়সমূহত ২,০০০ খন পৰ্যন্ত অতিৰিক্ত বিচনা সংযোজিত কৰিছে৷
  • মধ্য প্ৰদেশঃ মধ্য প্ৰদেশত ৩,৯০০ কয়দীক কাৰাগাৰৰ পৰা ক’ৰোনা  ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ৬০ দিনতকৈও অধিক সময়ৰ বাবে  পে’ৰোলৰ বাবে অনুমোদন প্ৰদান কৰিছে৷
  • চট্টিশগড়ঃ চট্টিশগড়ত বৰ্তমানে ৩১,৬১৬ জন সক্ৰিয় ৰোগী আছে৷
  • কেৰালাঃ দেওবাৰে ৭৪৪৫ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হয়৷ ৫৬,৭০৯ জন ৰোগীৰ বৰ্তমানে চিকিৎসা চলি আছে আৰু ২,২৭,৮৩১ জন ৰোগী বিভিন্ন জিলাত নিৰীক্ষণৰ অধীনত আছে৷
  • তামিলনাডুঃ ৫ অক্টোবৰৰ পৰা কাৰাইকাল, পুডুচেৰীত পৰ্যায়ক্ৰমে বিদ্যালয়সমূহ মুকলি কৰা হ’ব৷  অনলাইন শ্ৰেণীকোঠাসমূহ আৰম্ভ কৰা হৈছে৷
  • কৰ্ণাটকঃ কালি বেংগালুৰুত এদিনতে ৪২১৭ জন লোক ৰোগত আক্ৰান্ত হৈছে৷ ব্যক্তিগত চিকিৎসালয়সমূহে ভেণ্টিলেটৰ প্ৰদান কৰিবলৈ আহ্বান জনাইছে৷
  • অন্ধ্ৰ প্ৰদেশঃ আজিৰ তাৰিখলৈ বাছসমূহে ৬০ শতাংশ আসন ক্ষমতাৰ সৈতে চলিবলৈ ধৰিছে৷ ৰাজ্যিক অক্ষয় নিধি মন্ত্ৰী ভেল্লামপাল্লি শ্ৰীনিৱাস ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ১৩৭৮ জন নতুনকৈ ৰোগত আক্ৰান্ত হৈছে, ১৯৩২ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ৭জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগৰ সংখ্যা হ’ল ১,৮৭,২১১ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৯,৬৭৩ জন৷ ১১০৭ জনৰ মৃত্যু হৈছে৷ মুকলি কৰি দিয়া হৈছে ১,৫৬,৪৩১ জনক৷  

*******



(Release ID: 1659854) Visitor Counter : 163