স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ মুঠ আৰোগ্যৰ সংখ্যা ৫০লাখৰ সীমা অতিক্ৰম

কেৱল ১১ দিনত অন্তিম ১০ লাখ আৰোগ্য হৈছে

চিকিৎসাধীন ৰোগীতকৈ আৰোগ্যৰ সংখ্যা ৫গুন অধিক হৈছে

Posted On: 28 SEP 2020 11:40AM by PIB Guwahati

ভাৰতৰ মুঠ আৰোগ্য লোকৰ সংখ্যাই আজি ৫০ লাখৰ সীমা অতিক্ৰম কৰিলে৷

ভাৰতে প্ৰতিদিনে সৰ্বাধিক আৰোগ্যৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৭৪,৮৯৩গৰাকী ক’ভিড ৰোগী আৰোগ্য হৈছে৷ বিগত দিনকেইটাত দৈনিক ৯০হাজাৰতকৈ অধিক লোক আৰোগ্য হৈছিল৷

WhatsApp Image 2020-09-28 at 10.17.00 AM (1).jpeg

চিকিসাধীন ৰোগীতকৈ আৰোগ্যৰ সংখ্যা ৫গুন অধিক হৈছে৷

WhatsApp Image 2020-09-28 at 10.16.55 AM.jpeg

ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮২.৫৮%লৈ বৃদ্ধি পাইছে৷

১৫খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰতকৈ অধিক হৈছে৷

WhatsApp Image 2020-09-28 at 10.17.00 AM.jpeg

নতুনকৈ আৰোগ্য হোৱাসকলৰ ৭৩%ই ১০খন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ, তামিলনাডু, দিল্লী, ওড়িশা, পশ্চিমবংগ আৰু পাঞ্জাৱৰ৷

কালিৰ দিনটোত মহাৰাষ্ট্ৰত নতুনকৈ ১৩,০০০তকৈ অধিক লোক আৰোগ্য হৈছে৷

WhatsApp Image 2020-09-28 at 10.16.57 AM.jpeg

জুন, ২০২০ত ১ লাখ আৰোগ্য ৰোগীৰ পৰা এই হাৰ লাহে বৃদ্ধি পায়৷ অন্তিম ১০লাখ আৰোগ্য লোক কেৱল বিগত ১১টা দিনৰ৷

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ সৈতে মিলি চিকিসা আন্তঃগাঁথনি বৃদ্ধি, মানসম্পন্ন চিকিসা প্ৰট’কল ৰূপায়ণৰ লগতে চিকিসক, পেৰামেডিকেল কৰ্মী আৰু আগশাৰীৰ কৰ্মীসকলে সম্পূৰ্ণ সমৰ্পিত মনোভাৱেৰে কাম কৰাৰ বাবেই এই বৃহ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷

WhatsApp Image 2020-09-28 at 10.16.59 AM (1).jpeg

দেশৰ মুঠ আৰোগ্য ৭৮% ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ এই তালিকাতো শাৰীষত অৱস্থান কৰিছে মহাৰাষ্ট্ৰই৷

WhatsApp Image 2020-09-28 at 10.17.06 AM.jpeg

বিগত ২৪ ঘণ্টাত দেশত ৮২,১৭০গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য পোৱা হৈছে৷

ইয়াৰে ৭৯%ই দখন ৰাজ্যৰ৷ মহাৰাষ্ট্ৰত কালি নতুনকৈ ১৮,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

WhatsApp Image 2020-09-28 at 10.18.40 AM.jpeg

দেশত বিগত ২৪ ঘণ্টাত ১,০৩৯গৰাকী ক’ভিড-১৯ ৰোগীৰ মৃত্যু হৈছে৷

ইয়াৰে ৮৪%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ কালি মহাৰাষ্ট্ৰত ৩৮০জন লোক মৃত্যু হোৱাৰ বিপৰীতে তামিলনাডু আৰু কৰ্ণাটকত ক্ৰমে ৮০ আৰু ৭৯জনকৈ লোকৰ মৃত্যু হৈছে.

WhatsApp Image 2020-09-28 at 10.16.59 AM.jpeg

ৰাজহুৱা স্থানত শাৰিৰীক দুৰত্ব বজাই ৰখা, শ্বাস-প্ৰশ্বাসজনিত শিষ্টাচাৰ, মাস্কৰ ব্যৱহাৰ ইত্যাদি সম্পৰ্কীয় ব্যৱস্থা কঠোৰভাৱে মানি চলিবলৈ কোৱা হৈছে৷

****

MV/SJ/DB



(Release ID: 1659767) Visitor Counter : 183