PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 21 SEP 2020 6:28PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

ভাৰতত একেৰাহে ৩য় দিনাৰ বাবে ৯০,০০০ ৰোধিকৰ আৰোগ্য লাভ, মুঠ আৰোগ্য লাভৰ ঘটনাই স্পৰ্শ কৰিব ৪৩ লাখ- যি বিশ্বৰ ভিতৰতেই সৰ্বাধিক, ভাৰতৰ আৰোগ্য লাভৰ হাৰে অতিক্ৰম কৰিলে ৮০%

ভাৰতে লক্ষ্যণীয়ভাৱে ৮০%ৰোধিক ৰাষ্ট্ৰীয় আৰোগ্য লাভৰ হাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ধাৰাবাহিকভাৱে অধিক আৰোগ্য লাভৰ মাজতে, একেৰাহে তৃতীয়টো দিনৰ বাবে ৯০,০০০ ৰোধিকে আৰোগ্য লাভ কৰিছে। যোৱা ২৪ ঘন্টাত ৯৩,৩৫৬ ৰোগীক ডিচাৰ্জ দিয়া হৈছে। ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্য লাভৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক হৈছে। নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ ৭৯% হৈছে ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। আজি মুঠ আৰোগ্য লাভৰ ঘটনাই ৪৪ লাখ (৪৩,৯৬,৩৯৯) স্পৰ্শ কৰিবলৈ আগবাঢ়িছে। ভাৰতৰ মুঠ আৰোগ্য লাভৰ সংখ্যাই বিশ্বৰ এই তালিকাত শীৰ্ষস্থান লাভ কৰিছে। ভাৰতৰ এই হাৰ বিশ্বৰ মুঠৰ ১৯%ৰোধিক।

অধিক বিৱৰণৰ বাবে

 

নতুন নিশ্চিত ঘটনাৰ ৭৬% হৈছে ১০ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ

যোৱা ২৪ ঘন্টাত দেশখনত মুঠ ৮৬,৯৬১ জন লোক নতুনকৈ আক্ৰান্ত হৈছে। নতুন নিশ্চিত ঘটনাৰ ৭৬% হৈছে ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ইয়াৰে ২০,০০০ মহাৰাষ্ট্ৰত আৰু ৮,০০০ অন্ধ্ৰ প্ৰদেশৰ।

অধিক বিৱৰণৰ বাবে

 

বিহাৰত ১৪০০০ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅকনফাৰেন্সিং যোগে বিহাৰত ১৪০০০ কোটি টকা মূল্যৰ নটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাজ্যখনত অপ্টিকেল ফাইবাৰ ইণ্টাৰনেট সেৱাৰ প্ৰকল্প মুকলি কৰে৷ অনুষ্ঠানটোত উপস্থিত থাকি প্ৰধানমন্ত্ৰীয়ে কয় যে ঘাইপথৰ এই প্ৰকল্পসমূহে বিহাৰৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব৷ এই প্ৰকল্পসমূহত ৩খন বৃহৎ দলং, চাৰিলেন আৰু ছয়লেনযুক্ত ঘাইপথলৈ সম্প্ৰসাৰণ আদিৰ প্ৰকল্প অন্তৰ্ভুক্ত আছে৷ তেওঁ কয় যে বিহাৰৰ সকলো নদীৰ ওপৰত দলঙৰ নিৰ্মাণ একবিংশ শতিকাৰ বৈশিষ্ট অনুসৰি কৰা হব আৰু সকলো প্ৰধান ঘাইপথ বহল কৰা হব৷ প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক কেৱল বিহাৰৰ বাবে ঐতিহাসিক বুলি নকৈ সমগ্ৰ দেশৰ বাবে ঐতিহাসিক বুলি মন্তব্য কৰে৷ তেওঁ কয় যে চৰকাৰে গাঁওসমূহক আত্মনিৰ্ভৰ ভাৰতৰ বীক্ষণেৰে শক্তিশালী কৰিব বিচাৰিছে আৰু এই পদক্ষেপ আজি বিহাৰৰ পৰাই আৰম্ভ হৈছে৷  তেওঁ কয় যে ৬ লাখ গাঁৱক ১০০০ দিনৰ ভিতৰত অপ্টিকেল ফাইবাৰ কেবলৰ জৰিয়তে ইণ্টাৰনেটৰ সুবিধাৰে সংযোজিত কৰা হব৷ ইয়াৰে ভিতৰত ৪৫,৯৪৫খন গাঁৱেই হল বিহাৰৰ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে অগ্ৰণী৷  ২০২০ চনৰ আগষ্টত ইউপিআইৰ জৰিয়তে প্ৰায় ৩ লাখ কোটি টকাৰ লেনদেন হৈছিল৷ ইণ্টাৰনেটৰ বৰ্ধিত চাহিদাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেশৰ গাঁওসমূহকো উচ্চ গতিৰ ইণ্টাৰনেটেৰে সংযোজিত কৰাটো আৱশ্যক হৈ পৰিছে৷ তেওঁ কয় যে চৰকাৰৰ প্ৰয়াসৰ ফলত ইতিমধ্যেই ১.৫ লাখ গাঁও পঞ্চায়ত আৰু ৩ লক্ষাধিক সাধাৰণ সেৱা কেন্দ্ৰত অপ্টিকেল ফাইবাৰ স্থাপন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

বিহাৰৰ আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

অধিক বিৱৰণৰ বাবে
 

ভিড-১৯ মহামাৰীৰ সময়ছোৱাত এলপিজি চিলিণ্ডাৰ বিতৰণ

১ এপ্ৰিল, ২০২০ৰপৰা কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী তিনিমাহৰ বাবে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ অধীনত এলপিজি চিলিণ্ডাৰ বিনামূলীয়াকৈ যোগান ধৰা হয়। পৰৱৰ্তী সময়ত এই ব্যৱস্থা ৩০ ছেপ্টেম্বৰ, ২০২০ লৈকে সম্প্ৰসাৰিত কৰা যায়। আজি ৰাজ্যসভাত কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা কয়।

অধিক বিৱৰণৰ বাবে

 

পিএম স্বনিধি আঁচনিৰ বাবে ৬শ কোটি টকা অনুমোদন

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ১ জুন, ২০২০ত প্ৰধান মন্ত্ৰী ষ্ট্ৰীট ভেনড’ৰ আত্ম নিৰ্ভৰ নিধি আঁচনি (PM SVANidhi)ৰ শুভাৰম্ভ কৰিছিল। ইয়াৰ অধীনত অদ্যপি ৬ শ কোটি টকা অনুমোদন জনোৱা হৈছে। ৰাজ্যসভাত এই তথ্য সদৰী কৰিলে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী (ভাৰপ্ৰাপ্ত) শ্ৰী হৰদীপ সিং পুৰীয়ে।

অধিক বিৱৰণৰ বাবে

 

কৃষি সম্পৰ্কীয় বিধেয়ক সংসদত গৃহীত হোৱাত কৃষক ৰাইজক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

কৃষি সম্পৰ্কীয় বিধেয়ক সংসদত গৃহীত হোৱাত কৃষক ৰাইজক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেখেতে ইয়াক ভাৰতীয় কৃষিৰ ইতিহাসত ঐতিহাসিক ক্ষণ আখ্যা দিয়ে। কালি এলানি টুইটেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে ব্যক্ত কৰে।

অধিক বিৱৰণৰ বাবে

 

’ভিড হাস্পতালত আন দুৰ্বলতাৰ বাবে ট্ৰিটমেন্টৰ সুবিধা

’ভিড-১৯ ঘটনাৰ যথোচিত ব্যৱস্থাপনাৰ অৰ্থে ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহক তিনি-তৰপৰীয়া ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ আগবঢ়াইছে। অৱশ্যে, ইয়াত অনা ক’ভিড ৰোগীসকলৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কালি ৰাজ্যসভাত এই কথা সদৰী কৰে ৰাজ্যিক মন্ত্ৰী (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে।

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ মহামাৰীৰ সময়ছোৱাত মেডিকেল ৱাষ্ট মেনেজমেন্ট

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ মতে হেল্থকেয়াৰ প্ৰফেচনেলে পৰিধান কৰা পিপিই কিট তথা বাঅ’-মেডিকেল ৱাষ্টৰ নিষ্পত্তি নিৰ্ধাৰিত নীতি অনুসৰি কৰা হৈছে। কালি ৰাজ্যসভাত এই কথা সদৰী কৰে ৰাজ্যিক মন্ত্ৰী (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে।

অধিক বিৱৰণৰ বাবে

 

চাইল্ড ইম্মিউনাইজেশ্যন প্ৰগ্ৰেমত মহামাৰীৰ প্ৰভাৱ

’ভিড-১৯ৰ আৰম্ভণিতে ইম্মিউনাইজেশ্যেন সেৱা মন্থৰ হৈ পৰিছিল যদিও পৰৱৰ্তী সময়ত ই পুনৰ গতি লাভ কৰে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেৰে লগ-লাগি বিশেষ পদক্ষেপ গ্ৰহণতেই এনে হৈ উঠে। কালি ৰাজ্যসভাত এই কথা সদৰী কৰে ৰাজ্যিক মন্ত্ৰী (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে।

অধিক বিৱৰণৰ বাবে

 

গ্ৰাম্য স্বাস্থ্যসেৱাত কভিডৰ প্ৰভাৱ

’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ যাৱতীয় আৰ্থিক সহায় আগবঢ়োৱা হৈছে। ইয়াত অগ্ৰাধিকাৰ আৰু পৰিস্থিতি সাপেক্ষে ব্যয়ৰ নিৰ্দেশ দিয়া যায়। কালি ৰাজ্যসভাত এই কথা সদৰী কৰে ৰাজ্যিক মন্ত্ৰী (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে।

অধিক বিৱৰণৰ বাবে

 

মহামাৰী সম্পৰ্কীয় মানসিক দুৰ্বলতাৰ ঘটনা বৃদ্ধি

’ভিড-১৯ৰ সময়ছোৱাত চৰকাৰখনে মানসিক সকাহৰ বাবে বহু ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে ২৪x৭ হেল্পলাইন স্থাপন কৰা হৈছে। কালি ৰাজ্যসভাত এই কথা সদৰী কৰে ৰাজ্যিক মন্ত্ৰী (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) শ্ৰী অশ্বিনী কুমাৰ চৌবেয়ে।

অধিক বিৱৰণৰ বাবে

 

চানডে সংবাদ-২ত ছচিয়েল মিডিয়া ইউজাৰৰে ডাঃ হৰ্ষ বৰ্ধনৰ মত বিনিময়

কালি দ্বিতীয় বাৰৰ বাবে কেন্দ্ৰীয় পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে  ছ’চিয়েল মিডিয়া ইউজাৰসকলেৰে মত-বিনিময় কৰে। চানডে’ সংবাদ শাৰ্ষক প্লেটফৰ্মৰে মন্ত্ৰীজনে তেওঁৰ অনুসৰণকাৰীসকলৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে। ইয়াত ক’ভিডৰ ওপৰিও আন প্ৰসংগসমূহে স্থান লাভ কৰে।

অধিক বিৱৰণৰ বাবে

 

চিএপিএফত কভিড-১৯ ঘটনা

’ভিডত আক্ৰান্ত চিএপিএফৰ জোৱানৰ ট্ৰিটমেন্ট আৰু সহায়ৰ বাবে চৰকাৰে ক’ভিড হাস্পতাল, ক’ভিড কেয়াৰ চেন্টাৰ ও ডেডিকেটেড ক’ভিড হেল্থ চেন্টাৰ স্থাপন কৰিছে। ইয়াত মৃত্যু হোৱা এনে জোৱানৰ বাবে “ভাৰত কে বীৰ” পুঁজিৰ অধীনত নিকট আত্মীয়লৈ ১৫ লাখ টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কালি লোকসভাত এই কথা কয় গৃহ পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে।

অধিক বিৱৰণৰ বাবে

 

মেডিচিনৰ ভাৰতীয় ব্যৱস্থা প্ৰোৎসাহনৰ অৰ্থে চৰকাৰৰ পদক্ষেপ গ্ৰহণ

বিশ্বজনীনভাৱে মেডিচিন আৰু আয়ুৰ্বেদৰ ভাৰতীয় ব্যৱস্থাৰ শিক্ষাৰ প্ৰোৎসাহনৰ বাবে আয়ুস মন্ত্ৰালয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। মূলতঃ ইয়াৰ বাবে অদ্যপি ১৩ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছে। কালি লোকসভাত এটা লিখিত উত্তৰ আগবঢ়াই এই তথ্য সদৰী কৰে কেন্দ্ৰীয় পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে।

অধিক বিৱৰণৰ বাবে

 

ভিড-১৯ৰ বাবে আয়ুৰ্বেদিক ড্ৰাগ আৰু প্ৰটকল

SARS CoV-2 সংক্ৰমণ আৰু ক’ভিড-১৯ ৰোগৰ বাবে পৰিৱৰ্তিত এক্সট্ৰা মিউৰেল ৰিচাৰ্ছৰ অধীনত আয়ুৰ্বেদ হস্তক্ষেপৰ মুঠ ২৪৭ টা প্ৰস্তাৱ লাভ কৰা হৈছে। ইফালে, পুঁজি লাভৰ অৰ্থে অনুমোদন জনোৱা হৈছে ২১ টা গৱেষণামূলক প্ৰস্তাৱত। শুকুৰবাৰে লোকসভাত এটা লিখিত উত্তৰ আগবঢ়াই এই তথ্য সদৰী কৰে কেন্দ্ৰীয় পৰিয়াল আৰু স্বাস্থ্য কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে।

অধিক বিৱৰণৰ বাবে

 

কৃষিখণ্ডত মহামাৰীৰ প্ৰভাৱ

লকডাউন পৰিস্থিতিৰ সময়ছোৱাতো কৃষি খণ্ডৰ কাম-কাজ সুচলতাৰে চলি থাকে। প্ৰাক-বাৰিষা আৰু বাৰিষা কালত গুটি সিঁচাৰ ফলপ্ৰসূতাৰ বাবে ভাৰত চৰকাৰে সকলো যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে। কালি লোকসভাত এটা লিখিত উত্তৰ প্ৰদান কৰি এই তথ্য সদৰী কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে।

অধিক বিৱৰণৰ বাবে

 

অক্সিজেনৰ উপলব্ধতা আৰু ব্যৱহাৰ সন্দৰ্ভত ১২ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলেৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ আলোচনা

কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড ব্যৱস্থাপনাৰ ফলপ্ৰসূতা পৰ্যবেক্ষণৰ অৰ্থে শনিবাৰে কেবিনেট সচিবৰ অধ্যক্ষতাত এখনি উচ্চ-স্তৰীয় বৈঠক অনুষ্ঠিত হয়। ইয়াত নিটি আয়োগৰ সদস্য (স্বাস্থ্য), কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰমুখ্যে আন-আন সম্পৰ্কীয় বিভাগসমূহৰ সচিবসকলে অংশগ্ৰহণ কৰে। ইয়াত দেশৰ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকলে ভাগ লয়।

অধিক বিৱৰণৰ বাবে

 

জম্মু-কাশ্মীৰৰ কভিড পৰিস্থিতিৰ বুজ ললে কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰত ক’ভিড-১৯ৰপৰা আৰোগ্য লাভৰ নিম্ন হাৰত উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে। সেয়ে, শনিবাৰে তেওঁ কয় যে ইয়াৰ ক’ভিড পৰিস্থিতি এতিয়াৰেপৰা নিৰীক্ষণ কৰিব কেন্দ্ৰই। দৈনিক ভিত্তিক নিৰীক্ষণৰ ওপৰিও এটা কেন্দ্ৰীয় টীমে জম্মু-কাশ্মীৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব।

অধিক বিৱৰণৰ বাবে

 

৫০ খন এম্বুলেন্স ক্ৰয়ৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰক ৫ কোটি টকা আগবঢ়ালে এনচিএলে

’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত এক বৃহৎ সকাহ হিচাপে, ৰাষ্ট্ৰীয় মিনাৰ ক’ল ইণ্ডিয়াৰ অংশ নৰ্থ ক’লফিল্ড লিমিটেড (এনচিএল)এ উত্তৰ প্ৰদেশক ৫০ খন এম্বুলেন্স ক্ৰয়ৰ বাবে পাঁচ (০৫) কোটি টকাৰ বৰঙণি আগবঢ়াইছে। ১৮ ছেপ্টেম্বৰত লক্ষ্নৌত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথৰ হাতত এনচিএলৰ চিএমডি শ্ৰী প্ৰভাত কুমাৰ সিনহা আৰু সঞ্চালক (পাৰ্ছনেল) শ্ৰী বিমলেন্দু কুমাৰে উল্লেখিত পৰিমাণৰ ধনৰাশিৰ এক চেক অৰ্পণ কৰে। উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত এনচিএলৰ কয়লা অভিযান অব্যাহত আছে। মই মাননীয় মুখ্যমন্ত্ৰীক অভয় দি কওঁ যে ৰাজ্যখনৰ তাপ শক্তি প্লান্টসমূহলৈ এনচিএলে প্ৰচুৰ পৰিমাণে কয়লাৰ যোগান অব্যাহত ৰাখিব। ইয়াৰোপৰি, দায়বদ্ধ কৰ্প’ৰেট গোষ্ঠী হিচাপে আমি ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে অংগীকাৰবদ্ধ আৰু আমাৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ)ৰ অংশ হিচাপে এই জটিল সময়ছোৱাত এম্বুলেন্স ক্ৰয়ৰ নিমিত্তে আমি ০৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছো।এনচিএলৰ চিএমডি শ্ৰী সিনহাই কয়।

অধিক বিৱৰণৰ বাবে

 

ভাৰতৰ প্ৰথম CRISPR ভিড-১৯ টেষ্ট, টাটা গ্ৰুপ আৰু CSIR-IGIB ৰদ্বাৰা প্ৰস্তুত, ব্যৱহাৰৰ বাবে অনুমোদন

CRISPR ভিড-১৯ টেষ্টৰ ভাৰতত বাণিজ্যিক শুভাৰম্ভৰ বাবে শনিবাৰে অনুমোদন জনোৱা হয়। ভাৰতৰ ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেলে এই অনুমোদন জনাইছে। CSIR-IGIB ৰ সহযোগত ইয়াৰ প্ৰস্তুতকৰ্তা হৈছে টাটা গ্ৰুপ।

অধিক বিৱৰণৰ বাবে

 

ক্ৰীড়াৰ পুনৰ আৰম্ভণিৰ অৰ্থে এছঅপি প্ৰস্তুত কৰা হৈছেঃ শ্ৰী কিৰেণ ৰিজিজু

’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰক্ষিতত, ভাৰতৰ ক্ৰীড়া প্ৰাধিকৰণৰ সকলোবোৰ কেন্দ্ৰত প্ৰশিক্ষণ স্তব্ধ হৈ পৰিছিল। অৱশ্যে, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নীতি-নিৰ্দেশনা অনুসৰিয়েই ইয়াৰ পুনৰ আৰম্ভ হৈছে। ইয়াকে কৰিবলৈ যাওঁতে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিয়ৰ (এছঅ’পি) মানি চলা যায়। শনিবাৰে লোকসভাত এই কথা সদৰী কৰে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়াৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী কিৰেণ ৰিজিজুৱে।

অধিক বিৱৰণৰ বাবে

 

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰপৰা লাভ কৰা ইনপুট

 

  • পঞ্জাৱঃ আনলক ৪ ৰ নীতি-নিৰ্দেশনা অনুসৰি ৯-১২ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ইচ্ছাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়লৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে পঞ্জাৱ চৰকাৰে। ইয়াৰ বাবে অভিভাৱকৰ লিখিত সন্মতি পত্ৰ বাধ্যতামূলক।
  • হাৰিয়ানাঃ আইছ’লেশ্যন কেয়াৰ অধিক শক্তিশালী কৰি তুলিবলৈ হাৰিয়ানা চৰকাৰে নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ বাবে গঠন কৰা হৈছ ‘ডিষ্ট্ৰিক্ট হ’ম আইছ’লেশ্যন মনিটৰিং টীম’।
  • হিমাচল প্ৰদেশঃ মাত্ৰ কন্টেইনমেন্ট জ’নসমূহৰ বাহিৰত, ৯-১২ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ইচ্ছাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়লৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে হিমাচল প্ৰদেশ চৰকাৰে। ইয়াৰ বাবে অভিভাৱকৰ সন্মতি পত্ৰৰ লগতে এছঅ’পি মানি চলাটো বাধ্যতামূলক কৰা গৈছে।
  • অৰুণাচল প্ৰদেশঃ যোৱা ২৪ ঘন্টাত অৰুণাচল প্ৰদেশত নতুনকৈ ১৩৫ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে।
  • অসমঃ অসমত কালি ১,৭৯৫ জন ৰোগীক ডিচাৰ্জ দিয়া গৈছে, একে সময়তে নতুন ক’ভিড ঘটনাৰ সংখ্যা হৈছে ১,২২৭। ইফালে কালিৰ দিনটোত ১৯,৩১৮ টা টেষ্ট সম্পন্ন হয়। ইয়াত পজিটিভিটি হাৰ ৬.৩৫%। অদ্যপি ডিচাৰ্জ হোৱা ৰোগীৰ মুঠ সংখ্যা ১,২৭,৩৩৫ আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২৮,৭৮০ জন।
  • মণিপুৰঃ মণিপুৰত শেহতীয়াকৈ ১৭০ জন লোকৰ দেহত ক’ভিড ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৮,৮৯৪ জন। ইয়াত আৰোগ্য লাভৰ হাৰ ৭৬ শতাংশ।
  • মেঘালয়ঃ ৰাজ্যখনত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২,১১১ টা। ইয়াৰে ৩৪৫ বিএছএফ আৰু সশস্ত্ৰ বাহিনীৰ জোৱান।
  • মিজেৰামঃ কালি মিজোৰামত নতুনকৈ আক্ৰান্ত হয় সাতজন লোক। ৰাজ্যখনত অদ্যপি আক্ৰান্তৰ সংখ্যা ১,৫৮৫ জন।
  • নাগালেণ্ডঃ আজিৰেপৰা নাগালেণ্ডৰ বিদ্যালয়সমূহ খোলা হৈছে। অৱশ্যে, বিদ্যালয়লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব ছাত্ৰ-ছাত্ৰীয়েহে।
  • ছিকিমঃ ৬ মাহৰ মূৰত পুনৰ খুলি দিয়া হৈছে সীমান্তৰ দুৱাৰ। ৰাজ্যখনলৈ ১০ অক্টোবৰৰপৰা যাব পাৰিব আন্তঃৰাষ্ট্ৰীয় পৰ্যটক।
  • কেৰেলাঃ কেৰেলাৰ ৰাজ্যিক ৰাজধানীত এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দৈনিক আক্ৰান্ত হৈছে ৮০০ জনকৈ লোক।                               
  • তামিল নাডুঃ দেওবাৰে ক’ভিডত আক্ৰান্ত হৈছে ৫,৫১৬ জন লোক। ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ৫,৪১,৯৯৩ জন।
  • কৰ্ণাটকঃ আৰোগ্য লাভ কৰা ৰোগীৰ ওপৰত পৰা প্ৰভাৱৰ বাবে কৰ্ণাটক চৰকাৰে গঠন কৰিছে বিশেষ কাৰিকৰী সমিতি। ইয়াত আছে কেইবাজনো মেডিকেল এক্সপাৰ্ট।
  • অন্ধ্ৰ প্ৰদেশঃ যোৱা দুসপ্তাহে ৰাজ্যখনত অধিক সংখ্যক লোকে আৰোগ্য লাভ কৰিছে। যাৰ ফলশ্ৰুতিত সক্ৰিয় ঘটনাৰ সংখ্যা হ্ৰাস হৈ উঠিছে।
  • তেলেংগানাঃ যোৱা ২৪ ঘন্টাত ৰাজ্যখনত আক্ৰান্ত হৈছে ১৩০২ জন। মৃত্যু হৈছে ৯ জন লোকৰ।

 

ফেক্ট চেক

 

*******



(Release ID: 1657494) Visitor Counter : 180