PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 02 JUL 2020 6:21PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ সন্দৰ্ভত আগবঢ়োৱা শেহতীয়া তথ্যসমূহঃ আৰোগ্যৰ হাৰ ৬০%লৈ বৃদ্ধি হৈছে; সক্ৰিয় ৰোগী আৰু আৰোগ্য হোৱা লোকৰ সংখ্যাৰ মাজৰ ব্যৱধান হৈছে ১,৩২,৯১২ জন

আজিৰ তাৰিখ পৰ্যন্ত  সক্ৰিয় ৰোগীতকৈ আৰোগ্য হোৱাৰ লোকৰ সংখ্যা ১,৩২,৯১২ জন  অধিক৷ সময়মতে চিকিৎসা ব্যৱস্থাপনা কৰাৰ ফলত নিতৌ ১০,০০০ জনকৈ লোকে আৰোগ্য লাভ কৰি আছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১১,৮৮১ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা হ’ল ৩,৫৯,৮৫৯ জন৷ আৰোগ্যৰ হাৰ হ’ল ৫৯.৫২%৷ বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২,২৬,৯৪৭ জন৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পৰীক্ষণৰ আঁসোৱাসসমূহ দূৰ কৰা হৈছে; এতিয়াৰে পৰা ব্যক্তিগত চিকিৎসকেও ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে প্ৰেছক্ৰাইব কৰিব পাৰিব

ক’ভিড-১৯ৰ পৰীক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা যিকোনো ব্যক্তিগত পঞ্জীকৃত চিকিৎসকেও ক’ভিড-১৯ৰ পৰীক্ষণৰ বাবে প্ৰেছক্ৰাইব কৰিব পাৰিব৷ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক তৎকালে এই পদক্ষেপ প্ৰণয়ন কৰিবলৈ নিৰ্দেশ দিছে৷

অধিক বিৱৰণৰ বাবে

 

ভাৰত চৰকাৰে ক’ভিড-১৯ৰ পৰীক্ষণৰ ক্ষেত্ৰত থকা প্ৰতিৱন্ধকসমূহ দূৰ কৰাৰ দিশত অগ্ৰসৰ হৈছে; ৰাজ্যসমূহক পৰীক্ষণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আহ্বান

স্বাস্থ্য সচিব শ্ৰীমতী প্ৰীতি সুডান আৰু আইচিএমআৰৰ ডিজি ডঃ বলৰাম ভাৰ্গৱে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক ক’ভিড-১৯ৰ পৰীক্ষণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷ তেওঁলোকে সকলো উপযুক্ত চিকিৎসক, ব্যক্তিগত চিকিৎসকক আইচিএমআৰৰ নিৰ্দেশনাৱলী অনুসৰি পৰীক্ষণৰ সুবিধা প্ৰদান কৰিবলৈও অনুৰোধ জনায়৷

অধিক বিৱৰণৰ বাবে

ওড়িশাৰ আশাঃ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ স্থানীয় সমাজৰ সৈতে ৪৬,০০০ত কৈও অধিক আশা কৰ্মীয়ে নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে

ওড়িশাৰ প্ৰায় ৪৬,৬২৭ গৰাকী আশা কৰ্মীয়ে ৰাজ্যখনৰ গ্ৰামাঞ্চল আৰু নগৰ এলেকাত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ নিৰন্তৰে প্ৰয়াস কৰিছে৷  তেওঁলোকে গাঁও কল্যাণ সমিতি, মহিলা আৰোগ্য সমিতি আদিৰ সৈতে ঐক্যৱদ্ধভাৱে ক’ভিডৰ বিৰদ্ধে যুঁজিবলৈ যুদ্ধত নামি পৰিছে৷

অধিক বিৱৰণৰ বাবে

এনপিপিএয়ে ক’ভিড-১৯ৰ আৱশ্যকীয় চিকিৎসা সামগ্ৰী পালছ অক্সিমিটাৰ আৰু অক্সিজেন কনচেনট্ৰেটৰ্ছৰ মূল্য বৃদ্ধি সন্দৰ্ভত নিৰীক্ষণ কৰি থকাৰ লগতে দেশত ইয়াৰ পৰ্যাপ্ত পৰিমাণৰ উপলব্ধতা সন্দৰ্ভতো নিশ্চিতি প্ৰদান কৰিছে

চৰকাৰে সমগ্ৰ দেশতে ক’ভিড-১৯ৰ বাবে আৱশ্যকীয় চিকিৎসা ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ সঁজুলিসমূহৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিতিৰ দিশত প্ৰয়াস কৰিছে৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এনে ধৰণৰ কিছুমান সঁজুলি চিনাক্ত কৰিছে আৰু নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথ’ৰিটী (এনপিপিএ)ক এই সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত কৰিবলৈ অনুৰোধ জনাইছে৷ চৰকাৰে গ্ৰাহকৰ বাবে সকলো ধৰণৰ জীৱনদায়িনী ঔষধ/সামগ্ৰীৰ উপলব্ধতাৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই পৰস্পৰৰ দেশত ক’ভিড-১৯ৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোচনা কৰে৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক চুক্তিসমূহ পালন কৰি যাব বুলি সহমত প্ৰকাশ কৰে৷

অধিক বিৱৰণৰ বাবে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে যুটীয়াভাৱে  মুকলি কৰিলে ড্ৰাগ ডিস্ক’ভাৰী হেকাথন ২০২০

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংক’ আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি যুটীয়াভাৱে অনলাইন প্লেটফ’ৰ্মৰ জৰিয়তে ড্ৰাগ ডিস্ক’ভাৰী হেকাথন মুকলি কৰে৷ এই ড্ৰাগ ডিস্ক’ভাৰী হেকাথন হ’ল এমএইচআৰডি, এআইচিটিই আৰু চিএছআইআৰৰ এক যৌথ পদক্ষেপ আৰু ই চিডেক, মাইগ’ভ, স্ক্ৰ’ডিনজাৰ তথা কেমএক্সনৰ দ্বাৰা সমৰ্থিত৷

অধিক বিৱৰণৰ বাবে

 

বিত্ত মন্ত্ৰীঃ ইজ অব্ ডুয়িং বিজনেছৰ নিশ্চিতিৰ বাবে জিএছটি কৰ প্ৰশাসনৰ সৰলীকৰণ কৰাৰ প্ৰয়াস কৰা হৈছে

১ জুলাই ২০২০ তাৰিখে ভাৰতত জিএছটি প্ৰণয়নৰ তিনি বছৰ পূৰ্ণ হৈছে৷ জিএছটি দিৱসৰ দিনা কেন্দ্ৰীয় বিত্ত তথা ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে তেওঁৰ বাৰ্তাত জিএছটিয়ে কিদৰে কৰ প্ৰশাসন ব্যৱস্থাৰ সৰলীকৰণ কৰিছে সেই বিষয়ে আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

শ্ৰী ৰাম বিলাস পাছোৱানে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত পূৰ্বৰ মাহৰ বাকী ৰৈ যোৱা খাদ্য-শস্যসমূহ সংগ্ৰহ কৰিবলৈ আৰু হিতাধিকাৰীসকলক দ্ৰুত গতিত খাদ্য শস্য বিতৰণ কৰিবলৈ আহ্বান জনাইছে

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাছোৱানে কালি এক সংবাদ মেলত  এএৱাই আৰু পিএইচএইচৰ সকলো হিতাধিকাৰীলৈ প্ৰতি মাহে প্ৰতিজন ব্যক্তিলৈ ৫ কিলোগ্ৰামকৈ খাদ্য শস্য বিতৰণৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভত আলোকপাত কৰে৷

অধিক বিৱৰণৰ বাবে

অপাৰেচন সমুদ্ৰ সেতু- ইৰাণৰ পৰা আইএনএছ জলছে কঢ়িয়াই আনিলে ৬৮৭ গৰাকী ভাৰতীয় নাগৰিক

অধিক বিৱৰণৰ বাবে

ভাৰতীয় নাগৰিকৰ জীৱনৰ সকলো দিশত ডিজিটেল পৰিক্ৰমাই সৱলীকৰণ, সমাপন আৰু ডিজিটেল পৰিৱৰ্তনেৰে ধনাত্মক প্ৰভাৱ পেলাইছেঃ ৰবি শংকৰ প্ৰসাদ, Meityয়ে উদযাপন কৰিলে ডিজিটেল ভাৰতৰ পঞ্চম বৰ্ষপূৰ্তি

কেন্দ্ৰীয় বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি, যোগাযোগ আৰু আইন তথা ন্যায় মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে ডিজিটেল পৰিক্ৰমাই ভাৰতীয় নাগৰিকসকলৰ জীৱনত বহু পৰিমাণে ধনাত্মক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে৷ ডিজিটেল ভাৰতৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানত শ্ৰী প্ৰসাদে এইবুলি মন্তব্য কৰে৷

অধিক বিৱৰণৰ বাবে

 

ক’ভিড-১৯ৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ বাবে এছইআৰে পাৰ্চেল ৰে’লৰ ২২৬৬টা ট্ৰিপৰ চলাচল কৰাইছে

দক্ষিণ পূব ৰে’লৱেয়ে ৰাষ্ট্ৰৰ সংকটৰ সময়ছোৱাত ইতিমধ্যেই টাইম টেবুলড পাৰ্চেল এক্সপ্ৰেছ ৰে’লৰ ২২৬৬টা ট্ৰিপৰ চলাচল কৰাইছে৷  এই ৰে’লসমূহৰ জৰিয়তে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ, চিকিৎসা সামগ্ৰী আদি কঢ়িওৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • কেৰালাঃ কালি ১৫১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে আৰু ১৩২ জন লোকে আৰোগ্য লাভ কৰিছে৷ ২১৩০ জন ৰোগীয়ে বৰ্তমানেও চিকিৎসাধীন হৈ আছে৷
  • তামিলনাডুঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৪০৪৯ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৯৮৫৬ জন, মৃত্যু হৈছে ১২৬৪ জনৰ৷
  • কৰ্ণাটকঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬৫১৪ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮১৯৪ জন৷ মৃত্যু হৈছে ২৫৩ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬০৯৭ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৮৫৮৬ জন, মুকলি হৈছে ৭৩১৩ জন৷ মৃত্যু হৈছে ১৯৮ জনৰ৷
  • তেলেংগানাঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা আছিল ১৭৩৫৭ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯০০৮ জন৷ ২৬৭ জনৰ মৃত্যু হৈছে৷ আৰোগ্য লাভ কৰিছে ৮০৮২ জনে৷
  • মহাৰাষ্ট্ৰঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮০২৯৮ জন৷ ৯৩১৫৪ জন লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭৯০৭৫ জন৷
  • গুজৰাটঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৩,৩১৮ জন৷ মৃত্যু  হোৱা ৰোগীৰ সংখ্যা হ’ল ১৮৬৯ জন৷
  • ৰাজস্থানঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৮,৪২৭ জন৷ এই পৰ্যন্ত ১৪,৬৪৩ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷
  • মধ্য প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩,৮৬১ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬২৫ জন৷ ১০৬৫৫ জন লোকে আৰোগ্য লাভ কৰিছে আৰু ৫৮১ জনৰ মৃত্যু হৈছে৷
  • চট্টিশগড়ঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ২৯৪০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৬২৩ জন৷
  • গোৱাঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৩৮৭ জন৷ ৰাজ্যখনত ৭১৩ জন সক্ৰিয় ৰোগী আছে৷
  • অৰুণাচল প্ৰদেশঃ মুঠ ২৪,৮৫৬টা নমুনা সংগ্ৰহ কৰা হৈছে৷ ইয়াৰে ১৬৬৯টা পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰি থকা হৈছে৷
  • অসমঃ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ২ জন ব্যক্তি ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা বুলি টুইট কৰে৷
  • মণিপুৰঃ মণিপুৰৰ চুড়াচন্দৰপুৰ ক’ভিড-১৯ কেয়াৰ কেন্দ্ৰ নিলিট চুড়াচন্দৰপুৰ এক্সটেনচন কেন্দ্ৰত মুকলি কৰা হয়৷
  • মিজোৰামঃ বিগত ২৪ ঘণ্টাত কোনো নতুন ক’ভিড-১৯ৰ ৰোগী পোৱা নাই৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১৬০ জন৷
  • নাগালেণ্ডঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৫৩৫ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৫৩ জন৷ ১৮২ জনে আৰোগ্য লাভ কৰিছে৷
  • চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসনে সকলো ধৰণৰ জ্বৰ, আইএলআই, এছএআৰআই, ছাৰ্চ আৰু ভেক্টৰৰ পৰীক্ষণ কৰিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে৷
  • পাঞ্জাৱঃ ক’ভিড-১৯ৰ বিৰুদ্ধে সক্ৰিয়ভাৱে যুঁজিবলৈ পাঞ্জাৱ কেবিনেটে স্বাস্থ্য বিভাগৰ সকলো খালী পদ পূৰণ কৰিবলৈ অনুমোদন প্ৰদান কৰিছে৷
  • হিমাচল প্ৰদেশঃ মুখ্যমন্ত্ৰী গ্ৰাম কৌশ, যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে গ্ৰামীণ অৰ্থনীতিক উজ্জীৱিত কৰাৰ বাবে সকলো ধৰণৰ প্ৰয়াস কৰা হ’ব বুলি উল্লেখ কৰে৷
  • হাৰিয়ানাঃ ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাতো হাৰিয়ানা চৰকাৰে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসা প্ৰতিষ্ঠানত সকলো বিতৰণ সুবিধাৰ সৱলীকৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷

ফেক্ট চেক

 



(Release ID: 1636022) Visitor Counter : 194