PIB Headquarters

ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 11 JUN 2020 7:15PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা ক’ভিড-১৯ সম্পৰ্কীয় শেহতীয়া তথ্য; আইচিএমআৰৰ অধ্যয়নত কেৱল ০.৭৩% নমুনাহে ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত বুলি প্ৰমাণিত হৈছে

বিগত ২৪ ঘণ্টাত মুঠ ৫৮২৩ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ মুঠ ১৪১০২৮ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪৯.২১%৷ বৰ্তমানে সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৩৭৪৪৮৷

অধিক বিৱৰণৰ বাবে

ডাঃ হৰ্ষ ৱৰ্ধনে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মহাৰাষ্ট্ৰৰ ক’ভিড-১৯ ব্যৱস্থাপনাৰ প্ৰস্তুতি পুনৰীক্ষণ কৰে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষ ৱৰ্ধনে আজি মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী শ্ৰী ৰাজেশ টোপে আৰু চিকিৎসা শিক্ষা মন্ত্ৰী শ্ৰী অমিত দেশমুখৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে মহাৰাষ্ট্ৰৰ ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত বাৰ্তালাপ কৰে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় চেম্বাৰ অব্ কমাৰ্চৰ বাৰ্ষিক পৰিকল্পনা অধিৱেশন ২০২০ত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় চেম্বাৰ অব্ কমাৰ্চৰ ৯৫তম বাৰ্ষিক পৰিকল্পনা অধিৱেশনত ভিডিঅ’ কনফাৰেন্সযোগে ভাষণ প্ৰদান কৰে৷ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে দেশে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে এই সংকটসমূহে আমাৰ সন্মুখত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে৷

অধিক বিৱৰণৰ বাবে

আইচিচিৰ ৯৫তম বাৰ্ষিক পৰিকল্পনা অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণ

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷

প্ৰধানমন্ত্ৰী নেতান্যাহুৱে কাৰ্যালয়ত পুনৰ যোগদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে আৰু ভাৰত-ইজৰাইলৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ৰ মহামাৰীৰ ক্ষেত্ৰত ভাৰত আৰু ইজৰাইলৰ সহযোগিতাৰ সম্ভাৱ্য ক্ষেত্ৰসমূহৰ বিষয়ে আলোচনা কৰে৷ এই সহযোগিতাত প্ৰতিষেধক, চিকিৎসা আদিৰ বিকাশ তথা গৱেষণা আদিৰ দিশসমূহ অন্তৰ্ভুক্ত আছে৷ তেওঁলোকে দুয়োখন দেশৰ মাজত বিশেষজ্ঞসকলৰ অভিজ্ঞতাৰ চলিত বিনিময় সন্দৰ্ভত মতপোষণ কৰে৷

অধিক বিৱৰণৰ বাবে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছামাদেক আক্কা মহা সেনা পাদেই টেক’ হুন ছেনৰ সৈতে টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী ছামাডেক আক্কা মহা সেনা পাদেই টেক’ হুন ছেনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰী সন্দৰ্ভত আলোচনা কৰে৷ তেওঁলোকে পৰস্পৰে পৰস্পৰৰ প্ৰতি আগবঢ়োৱা সমৰ্থন আৰু দুয়োখনৰ দেশৰ পৰা পৰস্পৰৰ নাগৰিকৰ নিষ্কাশন সন্দৰ্ভত আলোচনা কৰে৷

কম্বোডিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক গাঢ় কৰি তোলাৰ দিশত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

অধিক বিৱৰণৰ বাবে

ভাৰতীয় ৰে’লৱেয়ে ৰাজ্যিক প্ৰাধিকৰণলৈ ক’ভিড শুশ্ৰূষা কেন্দ্ৰ প্ৰদান কৰাৰ দিশত অগ্ৰসৰ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি মাত্ৰ কেইখন মান ৰাজ্যহে ভাৰতীয় ৰে’লৱেলৈ  অনুৰোধ প্ৰেৰণ কৰিছে৷ ৰে’লৱেয়ে মুঠ ৫২৩১টা দবা ক’ভিড শুশ্ৰূষা কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰিছে৷

অধিক বিৱৰণৰ বাবে

আৰোগ্য সেতু এপ কাৰ্যকৰী ধৰণে ব্যৱহাৰ কৰকঃ ৰাজ্যিক মন্ত্ৰী ধত্ৰেয়ে জিলা উপায়ুক্তসকলক জনালে আহ্বান

কেন্দ্ৰীয় ৰাজ্যিক বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি, মানৱ সম্পদ বিকাশ আৰু যোগাযোগ মন্ত্ৰী শ্ৰী সঞ্জয় ধত্ৰেৰ নিৰ্দেশনাত আজি আৰোগ্য সেতু এপৰ দল আৰু ভাৰত চৰকাৰৰ বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এক বৈঠকত মিলিত হয়৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ঘৰৰ পৰা কাম কৰা নিৰ্দেশনা ক্ষিপ্ৰতাৰে জাৰি কৰাৰ বাবে ডিএআৰপিজিক পৰামৰ্শ কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ

কেন্দ্ৰীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ডিএআৰপিজিত হ’বলগীয়া কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে বিভাগটোক ‘ঘৰৰ পৰা কাম কৰাৰ সন্দৰ্ভত ক্ষিপ্ৰতাৰে নিৰ্দেশনা জাৰি কৰাৰ পৰামৰ্শ আগবঢ়ায়৷ তেওঁ এই ক্ষেত্ৰত অগ্ৰাধিকাৰভিত্তিত মন্ত্ৰালয়/বিভাগসমূহক আৱশ্যক পৰামৰ্শ আগঢ়োৱাৰ সন্দৰ্ভত উল্লেখ কৰে৷ মন্ত্ৰীগৰাকাৰীয়ে কয় যে সঠিক সময়ত ‘ঘৰৰ পৰা কাম কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰাৰ ফলত কেন্দ্ৰীয় সচিবালয়ৰ কৰ্মচাৰীসকলে প্ৰধানমন্ত্ৰীৰ ‘দুই গজ দুৰত্বৰ আহ্বানৰ পালন কৰা আৰু সামাজিক দুৰত্বৰ জৰিয়তে উপকৃত হ’ব৷

অধিক বিৱৰণৰ বাবে

পেঞ্চনাৰসকলক জীৱন প্ৰমাণ প্ৰদান কৰিবলৈ ইপিএফঅ’য়ে বৃদ্ধি কৰিলে চিএছচি নেটৱৰ্ক

অধিক বিৱৰণৰ বাবে

এনআইপিইআৰৰ সঞ্চালকসকলৰ সৈতে শ্ৰী মাণ্ডৱ্যই অনুষ্ঠিত কৰিলে এক পুনৰীক্ষণ বৈঠক

কেন্দ্ৰীয় ৰাজ্যিক ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডব্যই আজি এনআইপিইআৰৰ সঞ্চালকসকলৰ সৈতে পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰে৷ মন্ত্ৰীগৰাকীয়ে কয় যে এনআইপিইআৰে ফাৰ্মা সামগ্ৰীসমূহৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষণ স্থাপন কৰিবলৈ চেষ্টা কৰা উচিত৷

অধিক বিৱৰণৰ বাবে 

মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবে ‘ইণ্ডিয়া ৰেংকিংছ ২০২০’’ মুকলি কৰে

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ আজি উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ বাবে ‘‘ইণ্ডিয়া ৰেংকিংছ ২০২০’’ মুকলি কৰে৷  শ্ৰী পখৰিয়ালে কয় যে মানৱ সম্পদ বিকাশ বিভাগে ৰাষ্ট্ৰীয় আনুষ্ঠানিক মূল্যাংকন পৰিকাঠামো মুকলিৰ জৰিয়তে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে৷

অধিক বিৱৰণৰ বাবে

উশাহত যাব পৰা ৰোগ সৃষ্টিকাৰী বিজাণু প্ৰতিৰোধ কৰিব পৰা বহুতৰপীয়া মাস্ক

নভেল ক’ৰোনা ভাইৰাছ মষিমূৰ কৰিব পৰা কোনো ঔষধ অথবা কোনো প্ৰতিষেধক এই পৰ্যন্ত উপলব্ধ হোৱা নাই। এই ভাইৰাছৰ আক্ৰমণৰ পৰা হাত সাৰি থকাৰ বাবে মাস্ক পৰিধান কৰা, সামাজিক ব্যৱধান বিধি মানি চলা, ঘনে ঘনে চাবোনৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিয়ে এই মুহূৰ্তত ক’ৰোনাৰ বিৰুদ্ধে যুঁজিব লগা হৈছে। ক’ৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পৰা উপযুক্ত মাস্ক সম্পৰ্কে ‘বিশ্ব স্বাস্থ্য সংস্থাই বিভিন্ন পৰামৰ্শ প্ৰদান কৰি আহিছে। পিচে, দীৰ্ঘ সময় ধৰি মাস্ক পৰিধান কৰি থকাতো নিতান্তই অশান্তিদায়ক কথা। বহু সময়ত মাস্ক পৰিধান কৰি উশাহ-নিশাহ লোৱাতো অসুবিধা পাই অনেকে। উপযুক্তভাবে মাস্কৰ ব্যৱহাৰ কৰাতোও একধৰণৰ সমস্যাৰ কথাই। এনেবোৰ সমস্যাৰ কথা উপলব্ধি কৰিয়েই ‘স্কুল অব বায়মেডিকেল ইঞ্জিনিয়াৰিং, আইআইটি ভুৱনেশ্বৰ-ৰ ড০ মাৰ্শ্বাল আৰু তেওঁৰ এটা দলে এবিধ পাঁচ তৰপীয়া বিজাণু প্ৰতিৰোধী মাস্ক বিকশিত কৰি উলিয়াইছে।

অধিক বিৱৰণৰ বাবে

আইডিৱাই ২০২০ৰ বাবে ডিডি ভাৰতীত সাধাৰণ যোগ প্ৰট’ক’ল অধিৱেশন

প্ৰসাৰ ভাৰতীৰ সহযোগত আয়ুষ মন্ত্ৰালয়ে ১১ জুন ২০২০ তাৰিখৰ পৰা ডিডি ভাৰতীত যোগাভ্যাসৰ দৈনিক সম্প্ৰচাৰ আৰম্ভ কৰিছে৷

অধিক বিৱৰণৰ বাবে

এছইআৰে ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ প্ৰস্তুত কৰিছে ১,১৫,০৮১ ফে’চ মাস্ক আৰু ৯০০১ লিটাৰ হেণ্ড ছেনিটাইজাৰ

অধিক বিৱৰণৰ বাবে

নতুন  কম ব্যয়ৰ ন’ভেল ক’ৰোনা ভাইৰাছৰ পৰীক্ষণ প্ৰক্ৰিয়া বিকশিত

অধিক বিৱৰণৰ বাবে

ফেক্ট চেক



(Release ID: 1630975) Visitor Counter : 157