PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 05 JUN 2020 6:41PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

Image

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ দ্বাৰা প্ৰদান কৰা স্বাস্থ্য সম্পৰ্কীয় শেহতীয়া তথ্যসমূহ

বিগত ২৪ ঘণ্টাত মুঠ ৫,৩৫৫ জন ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ এই সংখ্যাকে ধৰি মুঠ ১,০৯,৪৬২ জন ৰোগীয়ে আৰোগ্য লাভ কৰিছে৷ আৰোগ্যৰ হাৰ হ’ল ৪৮.২৭%৷ বৰ্তমানে ১,১০,৯৬০ গৰাকী সক্ৰিয় ৰোগী চিকিৎসকৰ তত্বাৱধানত আছে৷ বিগত ২৪ ঘণ্টাত ১,৪৩,৬৬১ টা নমুনা পৰীক্ষণ হৈছে৷ এই পৰ্যন্ত মুঠ ৪৩,৮৬,৩৭৯ টা নমুনা পৰীক্ষণ হৈছে৷

অধিক বিৱৰণৰ বাবে

ভাৰ্চুৱেল গ্ল’বেল প্ৰতিষেধক সন্মিলন ২০২০ত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান; আন্তৰ্জাতিক প্ৰতিষেধক সহযোগী গেভিক ১৫ মিলিয়ন আমেৰিকান ডলাৰ প্ৰদানৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ নেতৃত্বত কালি গ্ল’বেল প্ৰতিষেধক সন্মিলনত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে৷ এই সন্মিলনত ৫০খনতকৈও অধিক দেশৰ বিভিন্ন ব্যৱসায়িক নেতা, ৰাষ্ট্ৰসংঘৰ সংস্শাসমূহ, মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰে৷

অধিক বিৱৰণৰ বাবে

ৰাজ্যসমূহলৈ জিএছটি সাহায্য হিচাপে কেন্দ্ৰই মুকলি কৰিলে ৩৬.৪০০ কোটি টকা

কেন্দ্ৰ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ ডিচেম্বৰ ২০১৯ৰ পৰা ফেব্ৰুৱাৰী ২০২০লৈ জিএছটি সাহায্য হিচাপে ৩৬,৪০০ কোটি টকা মোকলাই দিছে৷

অধিক বিৱৰণৰ বাবে

ডিজিটেল প্লেটফ’ৰ্মৰ জৰিয়তে আইৱাইডি২০২০ৰ গোলকীয় উদযাপন

ক’ভিড-১৯ৰ ফলত উদ্ভৱ হোৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱস আন্তৰ্জাতিকভাৱে ডিজিটেলি উদযাপন কৰিবলৈ লোৱা হৈছে৷ এই তথ্য প্ৰকাশ কৰে ইণ্ডিয়ান কাউন্সিল ফ’ল কালচাৰেল ৰিলেচনৰ অধ্যক্ষ ড বিনয় সহস্ৰবুদ্ধিয়ে৷

অধিক বিৱৰণৰ বাবে

 

জন সজাগতাৰ উদ্দেশ্যে প্ৰণিত ‘ছে’ফ অনলাইন লাৰ্ণিং ইন দা টাইমছ অব ক’ভিড-১৯’ শীৰ্ষক পুস্তিকা উন্মোচন কৰিলে মানৱ সম্পদ উন্নয়ণ মন্ত্ৰীয়ে

ছাত্ৰ আৰু শিক্ষকসমাজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰণয়ন কৰা ‘ছে’ফ অনলাইন লাৰ্ণিং ইন দা টাইমছ অব ক’ভিড-১৯’ শীৰ্ষক এখন পুস্তিকা আজি নতুন দিল্লীত আনুষ্ঠানিক ভাবে উন্মোচন কৰে মানৱ সম্পদ উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংক’য়ে। মহামাৰীৰ সংকটৰ  সময়ত নিৰাপদে থকাৰ দিহা-পৰামৰ্শৰে ছাত্ৰ-শিক্ষকৰ বাবে যুগুতোৱা  প্ৰত্ৰিকাখন প্ৰণয়ন কৰিছে ‘এনচিইআৰটি’ আৰু ‘ইউনেস্কো’ৰ দল্লীস্থ কাৰ্যালয়ে। পুস্তিকাখনত শিশু-কিশোৰসকলৰ লগতে যুৱক-যুৱতীসকলে অনলাইন ব্যৱস্থা ব্যৱহাৰ কৰাৰ সময়ত মানি চলিব লগা দিহা-পৰামৰ্শসমূহ সবিস্তাৰে আগবঢ়োৱাৰ ফলত পিতৃ-মাতৃ তথা শিক্ষকসকলে ইণ্টাৰনেট আদি কেনেকৈ নিৰাপদে ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে শিক্ষাদান কৰাত বিশেষভাবে সহায়ক হ’ব বুলি আশা কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

 

কোচিনৰ নৌ সেনাৰ আস্থানত বাহৰেইন আৰু ওমানৰ পৰা আহা ১৭৬ জন ভাৰতীয় নাগৰিকৰ কোৱাৰেন্টাইন সম্পূৰ্ণ

কোচিনৰ নৌ সোনাৰ আস্থানত বাহৰেইন আৰু ওমানৰ পৰা আহা ১৭৬ জন ভাৰতীয় নাগৰিকৰ বাধ্যতামূলক কোৱাৰেন্টাইন সম্পূৰ্ণ হ’ল। দাক্ষিণাত্য নৌ সোনাৰ ক’ভিড সেৱা কেন্দ্ৰত দুসপ্তাহ কটাই আৱাসীসকলে এতিয়া দেশৰ বিভিন্ন ঠাইলৈ গৈছে। ক’ভিড সেৱা কেন্দ্ৰত তেওঁলোকে থকাৰ সময়ত খাদ্য, ব্যক্তিগত স্বচ্ছতা সামগ্ৰী, স্বাস্থ্য নিৰীক্ষণৰ সুবিধা, ৱাইফাই আৰু টেলিফোনৰ সম্পূৰ্ণ সুবিধা, নতুন বি এছ এন এল ছিম কাৰ্ড আৰু অন্যান্য সকলো সুবিধাৰ লগতে বিদেশী মূদ্ৰা সলনি কৰাৰ সুবিধাও প্ৰদান কৰা হৈছিল।

অধিক বিৱৰণৰ বাবে

মহাৰাষ্ট্ৰৰ  বন ধন বিকাশ কেন্দ্ৰই চলিত ক’ভিড সংকটৰ সময়ছোৱাত জনজাতীয় লোকসকলক সাহায্য প্ৰদান কৰাৰ বাবে উদ্ভাৱনী পদক্ষেপ গ্ৰহণ কৰিছে

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত টাইফ্ৰেডৰ দ্বাৰা বন ধন কেন্দ্ৰই  জনজাতীয় লোকসকলক এই সংকটময় সময়ছোৱাত জীৱিকাৰ ক্ষেত্ৰত সাহায্য প্ৰদান কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

২০১৯ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ ৰৈ যোৱা প্ৰাৰ্থীসকলৰ পাৰ্ছনেলিটী পৰীক্ষা ২০ জুলাই ২০২০ তাৰিখৰ পৰা আৰম্ভ হ’ব

ইউপিএছচিয়ে আজি অনুষ্ঠিত কৰা এক বৈঠকত ক’ভিড-১৯ৰ পৰিস্থিতিৰ খতিয়ান লয়৷  ২০১৯ বৰ্ষৰ অসামৰিক সেৱা পৰীক্ষাৰ ৰৈ যোৱা প্ৰাৰ্থীসমূহৰ পৰীক্ষা ২০ জুলাই ২০২০ তাৰিখৰ পৰা আৰম্ভ হ’ব৷

অধিক বিৱৰণৰ বাবে

 

ভাৰতৰ বাবে উত্তৰ পূৰ্বাঞ্চল ব্যৱসায়ৰ নতুন লক্ষ্যস্থান হৈ উঠিবঃ ড জিতেন্দ্ৰ সিং

ড’নাৰ মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে আজি কয় যে উত্তৰ পূৰ্বাঞ্চল লাহে লাহে সমগ্ৰ ভাৰতৰ বাবে ব্যৱসায়ৰ নতুন লক্ষ্যস্থান হিচাপে পৰিগণিত হোৱাৰ দিশত আগবাঢ়িছে৷

অধিক বিৱৰণৰ বাবে

মোডী চৰকাৰ ২.০ৰ প্ৰথম বৰ্ষপূৰ্তিত ডিঅ’পিপিডব্লিউৰ এবছৰীয়া সাফল্যৰ খটিয়ান দাঙি ধৰা ‘ই-বুক’ উন্মোচন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে

পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগ(ডিঅ’পিপিডব্লিউ)ৰ এবছৰীয়া সাফল্যৰ খটিয়ান দাঙি ধৰা এখন ‘ই-বুক’ আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰে বিভাগটোৰো দায়িত্ববাহী কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে উন্মোচনী প্ৰক্ৰিয়া সম্পন্ন কৰে।

অধিক বিৱৰণৰ বাবে

চিএছআইআৰ গৱেষণাগাৰে সমগ্ৰ ৰাষ্ট্ৰতে গ্ৰীষ্মকালীন গৱেষণা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিব

যোৰহাটস্থিত চিএছআইআৰ-এনইআইএছটিয়ে সমগ্ৰ দেশতে এক গ্ৰীষ্মকালীন গৱেষণা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰিব৷

অধিক বিৱৰণ বাবে

এছএণ্ডটি হস্তক্ষেপৰ জৰিয়তে ক’ভিড-১৯ৰ বিৰুদ্ধে ডিএছটিয়ে এছচি আৰু এছটিৰ স্থিতিস্থাপকতা গঠন কৰি আছে

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ এছইইডিয়ে এছচি আৰু এছটিসকলৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ

  • পাঞ্জাৱঃ পাঞ্জাৱ চৰকাৰে বিনামূলীয়াকৈ ক’ভড-১৯ নমুনাৰ আৰটি-পিচিআৰ পৰীক্ষণ সম্পন্ন কৰিব৷
  • হাৰিয়ানাঃ ক’ভিড-১৯ৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বিভিন্ন ব্যৱসায়ত পৰা প্ৰতিকূল প্ৰভাৱ হ্ৰাস কৰাৰ বাবে হাৰিয়ানা চৰকাৰে ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ সৈতে বিভিন্ন কৰ্মশালাৰ ছিৰিজৰ আয়োজন কৰিছে৷
  • কেৰালাঃ ৰাজ্যখনত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা হ’ল ১৫৮৮ জন৷ ৮৮৪জন ৰোগীয়ে বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে৷
  • তামিলনাডুঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ২৭২৫৬ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ১২১৩২ জন, মৃত্যু ২২০ জন, আৰোগ্য লাভ কৰিছে ১৪৯০১ জনে৷
  • কৰ্ণাটকঃ কালিলৈকে মুঠ ৰোগীৰ সংখ্যা হ’ল ৪৩২০ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৬৫১ জন৷ মৃত্যু হৈছে ৫৭ জনৰ৷
  • অন্ধ্ৰ প্ৰদেশঃ মুঠ ৰোগীৰ সংখ্যা হ’ল ৩৪২৭ জন, সক্ৰিয় ৰোগীৰ সংখ্যা ১০৬০ জন৷ আৰোগ্য লাভ কৰিছে ২২৯৪ জনে৷ মুঠ ৪,২৩,৫৬৪ টা নমুনা পৰীক্ষা কৰা হৈছে৷
  • তেলেংগানাঃ ৩ জুন তাৰিখলৈ মুঠ ৰোগীৰ সংখ্যা ৩১৪৭ জন৷

 

 



(Release ID: 1629769) Visitor Counter : 242