স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ শেহতীয়া তথ্য

Posted On: 18 APR 2020 6:19PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ সৈতে ভাৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপসমূহৰ উচ্চ পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ হৈ আছে৷ চৰকাৰে ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহত লকডাউনৰ কাৰ্যকৰী নিশ্চিতিত গুৰুত্ব প্ৰদান কৰিছে৷

কাৰ্যকৰী পৰিকল্পনাৰ প্ৰণয়নৰ ফলত ২৩খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৪৭খন জিলাত সুন্দৰ ফলাফল প্ৰদৰ্শিত হৈছে৷ বিগত ২৮ দিনত নতুন প্ৰতিবেদন দাখিল নকৰা মাহে (পুডুচেৰী)জিলাৰ সৈতে কৰ্ণাটকৰ কোডাগ্গু জিলাইও নিজৰ নাম সন্নিৱিষ্ট কৰিলে৷ যোৱা ১৪ দিনত ১২খন ৰাজ্যৰ পৰা ২২খন নতুন জিলাই কোনো নতুন পৰিঘটনা প্ৰতিবেদিত কৰা নাই৷ সেইসমূহ হ’লঃ

  • বিহাৰৰ লক্ষীচৰাই, গোপালগঞ্জ, ভাগলপুৰ
  • ৰাজস্থানৰ ঢোলপুৰ আৰু উদয়পুৰ
  • জম্মু-কাশ্মীৰৰ পুলৱামা
  • মণিপুৰৰ থৌবল
  • কৰ্ণাটকৰ চিত্ৰদুৰ্গা
  • পাঞ্জাৱৰ হোশিয়াৰপুৰ
  • হাৰিয়াণাৰ ৰোহটক আৰু চাৰখি
  • অৰুণাচল প্ৰদেশৰ লোহিত
  • উৰিষ্যাৰ ভাৰদক, পুৰী
  • অসমৰ কৰিমগঞ্জ, গোলাঘাট, কামৰূপ গ্ৰামীণ, নলবাৰী আৰু দক্ষিণ শালমাৰা
  • পশ্চিমবংগৰ জলপাইগুৰী আৰু কালিমপং
  • অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম

এই পৰ্যন্ত ক’ভিড-১৯ৰ মৃত্যুৰ হাৰ হ’ল ৩.৩%৷

তথ্যৰ পৰা দেখা গৈছে যে মৃ্ত্যুৰ ৭৫.৩% পৰিঘটনা ৬০ বছৰ বয়সৰ ঊৰ্ধৰ লোকৰ৷

বিশ্বজোৰা পৰীক্ষণ পদ্ধতি পুনৰীক্ষণ কৰাৰ পিছত আইচিএমআৰৰ ৰাষ্ট্ৰীয় টাস্কফ’ৰ্চে প্ৰতিখন ৰাজ্যৰ বাবে পৰামৰ্শৱলী মুকলি কৰিছে৷ এই পৰামৰ্শৱলী  https://www.mohfw.gov.in/pdf/ProtocolRapidAntibodytest.pdf ত উপলব্ধ হ’ব৷

তাৰোপৰি কোনো দ্ৰুত পৰীক্ষণ কৰাৰ পূৰ্বে ৰাজ্যসমূহে ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো তথ্য আইচিএমআৰৰ ৱেবছাইটত অন্তৰ্ভুক্ত কৰিব লাগিব৷

এই পৰ্যন্ত দেশত মুঠ নিশ্চিত পৰিঘটনা হ’ল ১৪,৩৭৮টা৷ মুঠ পৰিঘটনাৰ ১৯৯২ জন ব্যক্তি অৰ্থাৎ ১৩.৮২% লোক আৰোগ্য হৈছে৷

ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰমাণীকৃত আৰু আপডেটেড তথ্য, নিৰ্দেশনা আৰু পৰামৰ্শৱলীৰ বাবে অনুগ্ৰহ নিয়মীয়াকৈ পৰিদৰ্শন কৰকঃ  https://www.mohfw.gov.in/.

technicalquery.covid19[at]gov[dot]in লৈ ক’ভিড-১৯ সম্পৰ্কীয় কাৰিকৰী জিজ্ঞাসা আৰু অন্য জিজ্ঞাসাৰ বাবে ncov2019[at]gov[dot]in লৈ মেইল কৰিব পাৰে৷

ক’ভিড-১৯ সম্পৰ্কীয় যিকোনো জিজ্ঞাসাৰ বাবে অনুগ্ৰহ কৰি +৯১-১১-২৩৯৭৮০৪৬ অথবা ১০৭৫ (টোল-ফ্ৰী) নম্বৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়লৈ ফোন কৰিব পাৰে৷

https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf ত ক’ভিড-১৯ৰ বাবে ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ হেল্পলাইন নম্বৰসমূহ উল্লেখ কৰা আছে৷

*****

MV/MANN



(Release ID: 1615900) Visitor Counter : 151