PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 08 APR 2020 6:51PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা ভিড-১৯ সন্দৰ্ভত আপডেট

এই পৰ্যন্ত দেশত ৫১৯৪টা ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা আৰু ১৪৯টা মৃত্যুৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ৪০২ জনক সুস্থ হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হৈছে৷ ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহক লকডাউন মানি চলিবলৈ তথা নাগৰিকসকলৰ দ্বাৰা সামাজিক দূৰত্ব পালন কৰাৰ নিশ্চিতি প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

অধিক বিৱৰণৰ বাবে

ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত ভিডিঅ’ কনফাৰেন্সযোগে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু কয় যে প্ৰতিজন লোকৰ জীৱন ৰক্ষা কৰাটোৱেই চৰকাৰৰ অগ্ৰাধিকাৰ৷ প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বই বৰ্তমানে ক’ভিড-১৯ত আক্ৰান্ত হ’বলগীয়া হৈছে আৰু বৰ্তমানৰ পৰিস্থিতিয়ে মানৱ ইতিহাস পৰিৱৰ্তন কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ মুহূৰ্ততে আমি এই প্ৰভাৱৰ বিৰুদ্ধে সতৰ্ক হৈ থকাটো অতিশয় আৱশ্যক৷ কেন্দ্ৰ চৰকাৰৰ সহযোগিতাত ৰাজ্য চৰকাৰসমূহে এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে মোকাবিলা কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলে ঐক্যৱদ্ধভাৱে সমবেত হোৱাৰ জৰিয়তে দেশে এক গঠনাত্মক তথা ইতিবাচক ছবিৰ সাক্ষী হৈছে বুলি তেওঁ মন্তব্য কৰে৷ নেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশৰ জৰিয়তে বিভিন্ন নীতিগত পদক্ষেপৰ পৰামৰ্শ প্ৰদান কৰে আৰু লকডাউনৰ বিষয়ে আলোচনা কৰে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ত ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ অত্যাৱশ্যকীয় সামগ্ৰী (ইচি) আইন ১৯৫৫ৰ অধীনত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত কৰিবলৈ ৰাজ্যসমূহলৈ গৃহ মন্ত্ৰালয়ৰ পত্ৰ প্ৰেৰণ

দেশত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় গৃহ সচিবে প্ৰতিখন ৰাজ্যৰ মুখ্য সচিবলৈ অত্যাৱশ্যকীয় সামগ্ৰী (ইচি) আইন ১৯৫৫ৰ অধীনত সামগ্ৰীসমূহৰ যোগান নিশ্চিত কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ ইয়াত ষ্ট’ক সীমাৰ নিশ্চিতি, মূল্য নিয়ন্ত্ৰণ, উৎপাদন বৃদ্ধি, ডীলাৰৰ কাৰ্যবিধি পৰ্যৱেক্ষণ আদিও অন্তৰ্ভুক্ত আছে৷

অধিক বিৱৰণৰ বাবে

আয়কৰ বিভাগে অনতিপলমে ৫ লাখলৈকে বাকী থকা সকলো আয়কৰ আদায় দিব; সকলো জি এচ টি আৰু কাষ্টম সম্পৰ্কীয় কৰো আদায় দিয়া হ’ব; ইয়াৰ ফলত ক্ষূদ্ৰ লঘু আৰু মধ্যমীয়া উদ্যোগকে ধৰি প্ৰায় ১ লাখ ব্যাৱসায় প্ৰতিষ্ঠান লাভান্বিত হ’ব

আইটি ৰিফাণ্ডৰ পৰা প্ৰায় ১৪ লাখ কৰদাতা উপকৃত হ’ব; তৎকালীনভাৱে ১৮,০০০ কোটি টকাৰ মুঠ ৰিফাণ্ডৰ অনুমোদন জনোৱা হৈছে৷

অধিক বিৱৰণৰ বাবে

ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ বাবে ভাৰতীয় ৰে’লৱেয়ে ২৫০০ত কৈও অধিক চিকিৎসক আৰু ৩৫০০০ত কৈও অধিক পেৰামেডিক কৰ্মী নিযুক্তি দিব

ভাৰত চৰকাৰক স্বাস্থ্য সেৱা প্ৰদানৰ দিশত পাৰ্যমানে সহায় কৰিছে ভাৰতীয় ৰে’লৱেয়ে৷ ৰে’লৱেৰ বিদ্যমান চিকিৎসালয়সমূহ ক’ভিড-১৯ৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰে সজ্বিত কৰা হৈছে, অতিৰিক্তি চিকিৎসক আৰু পেৰামেডিক কৰ্মী নিযুক্তি দিয়া হৈছে, যাত্ৰীবাহী দবাসমূহ আচুতীয়া কক্ষলৈ ৰূপান্তৰিত কৰা হৈছে আৰু পিপিই তথা ভেণ্টিলেটৰসমূহৰ ইন-হাউচ উৎপাদন কৰা হৈছে৷

অধিক বিৱৰণৰ বাবে

ৰনা ভাইৰাছ (ভিড-১৯) বিৰুদ্ধে যুঁজ অব্যাহত ভাৰতীয় বায়ু সেনাৰ

বিগত কেইটামান দিনত, ভাৰতীয় বায়ু সেনাই ন’ডেল পইণ্টসমূহৰ পৰা অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী আৰু উপাদানবোৰ উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰ, নাগালেণ্ড আৰু গেংটকলৈ যোগান ধৰিছে, তদুপৰি জম্মু-কাশ্মীৰ আৰু লাডাখলৈও সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও An-32 বিমানেৰে বিগত ৬ এপ্ৰিল ২০২০ তাৰিখে উৰিষ্যাত পৰীক্ষাগাৰ আৰু অন্যান্য সুবিধা স্থাপন কৰিবৰ বাবে চেন্নাইৰ পৰা আইচিএমআৰৰ ভালেমান লোক আৰু ৩৫০০ কিলোগ্ৰাম সামগ্ৰীও ভুৱনেশ্বৰলৈ কঢ়িয়াই নিছে।

অধিক বিৱৰণৰ বাবে

লাইফলাইন উড়ান বিমানে ৭এপ্ৰিলত সমগ্ৰ দেশত ৩৯ টন চিকিৎসা সামগ্ৰী যোগান ধৰিছে

লাইফলাইন উড়ান বিমানে ৭এপ্ৰিল,২০২০ত সমগ্ৰ দেশত ৩৯.৩ টন চিকিৎসা সামগ্ৰী যোগান ধৰে। ক’ভিড-১৯ লকডাউনৰ সময়ছোৱাত এই বিমানে কঢ়িওৱা মুঠ সামগ্ৰীৰ পৰিমাণ হ’ল প্ৰায় ২৪০ টন৷ লাইফলাইন উড়ানৰ অধীনত এতিয়ালৈকে দেশত ১৬১খন বিমান উৰি আছে আৰু ই প্ৰায় ১,৪১,০৮০ কিলোমিটাৰ দৈৰ্ঘ অতিক্ৰম কৰিছে৷

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ত  মৰাপাটৰ মিলসমূহ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত খাদ্য শস্যসমূহৰ পেকেজিঙৰ বাবে বয়ন মন্ত্ৰালয়ে এইচডিপিই/পিপি বেগৰ সীমা  বৃদ্ধি কৰিলে

লকডাউনৰ সময়ত মৰাপাটৰ মিলসমূহ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত খাদ্য শস্যসমূহৰ পেকেজিঙৰ বাবে বয়ন মন্ত্ৰালয়ে ৬ এপ্ৰিল ২০২০ তাৰিখে এইচডিপিই/পিপি বেগৰ সীমা ১.৮০ লাখ বেলৰ পৰা ২.৬২ লাখলৈ বৃদ্ধি কৰিছে৷

অধিক বিৱৰণৰ বাবে

ন্যূনতম সমৰ্থিত মুল্যৰ ভিত্তিত তাৎক্ষণিকভাৱে ক্ষুদ্ৰ বনজ সামগ্ৰী আহৰণৰ বাবে ৰাজ্যিক সমন্বয়ৰক্ষী সংস্থাক পৰামৰ্শ দিবলৈ মুখ্যমন্ত্ৰীসকললৈ পত্ৰ শ্ৰী অৰ্জুন মুণ্ডাৰ

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই ন্যূনতম সমৰ্থিত মুল্যৰ ভিত্তিৰ তাৎক্ষণিকভাৱে ক্ষুদ্ৰ বনজ সামগ্ৰী আহৰণৰ বাবে ৰাজ্যিক সমন্বয়ৰক্ষী সংস্থাক পৰামৰ্শ দিবলৈ ১৫খন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ এই ৰাজ্যসমূহ হৈছে-উত্তৰপ্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, অসম, অন্ধ্ৰপ্ৰদেশ, কেৰালা, মনিপুৰ, নাগালেণ্ড, পশ্চিমবংগ, ওড়িশা, চত্তীশগড় আৰু ঝাৰখণ্ড৷

অধিক বিৱৰণৰ বাবে

লকডাউন সত্ত্বেও ১৪ দিনত ২০.১৯ লাখ মেট্ৰিক টন খাদ্যসামগ্ৰী স্থানান্তৰ এফচিআইৰ, ২৪ মাৰ্চৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ৭২১ ৰেক খাদ্যবস্তু প্ৰেৰণ

বিগত ১৪ টা দিনত, অৰ্থাৎ ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে লকডাউন ঘোষণা কৰা দিনটো ২৪ মাৰ্চৰ পৰাই এফচিআইয়ে প্ৰতিদিনেই গড়ে ১.৪৪ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰি আছে। তাৎপৰ্যপূৰ্ণভাৱে লকডাউনৰ পূৰ্বে অৰ্থাৎ সাধাৰণ দিনত এফচিআইয়ে প্ৰতিদিনে প্ৰেৰণ কৰে গড়ে ০.৮ লাখ মেট্ৰিক টন খাদ্য। ৬ এপ্ৰিল তাৰিখলৈ এফচিআইয়ে সৰ্বমুঠ ৬৫৮ ৰেক খাদ্য সামগ্ৰী অৰ্থাৎ ১৮.৪২ লাখ মেট্ৰিক টন খাদ্য সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিছে। ইফালে আজি ৬৩ ৰেক খাদ্যসামগ্ৰী সন্নিৱিষ্ট ১.৭৬ লাখ মেট্ৰিকটন খাদ্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে।

অধিক বিৱৰণৰ বাবে

লকডাউনৰ সময়ছোৱাত কৃষিজাত কাম-কাজ সুবিধাজনক কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত কৃষি মন্ত্ৰীয়ে বিষয়াসকলৰ সৈতে ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে পৰ্যালোচনা কৰে

শ্ৰী এন এছ টোমৰে নিয়মীয়া নিৰীক্ষণৰ বাবে এক নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিবলৈ নিৰ্দেশ দি কয় যে উৎপাদিত কৃষিজাত সামগ্ৰী আৰু কৃষি সম্বন্ধীয় সামগ্ৰীসমূহৰ পৰিবহণ ব্যাহত হোৱাটো উচিত নহয়৷

অধিক বিৱৰণৰ বাবে

দিল্লীত অভাৱী পৰিয়ালৰ মাজত বিতৰণ কৰিবৰ বাবে কেন্দ্ৰীয় ভাণ্ডাৰে প্ৰস্তুত কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ ২২০০ টোপোলা বিতৰণ কৰিলে মন্ত্ৰী . জীতেন্দ্ৰ সিঙে

কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তথা এট’মিক এনাৰ্জী আৰু স্পেচ, পেঞ্চন, ৰাজহুৱা বিবাদ দপ্তৰৰো মন্ত্ৰী ড. জীতেন্দ্ৰ সিঙে আজি ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত দেশজুৰি চলি থকা লকডাউনৰ ফলত অভাৱৰ সমূখীন হোৱা পৰিয়ালসমূহৰ মাজত বিতৰণ কৰিবৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ২২০০ টা টোপোলা হস্তান্তৰ কৰে। একোটা পৰিয়ালকৈ কিছুদিনৰ বাবে হ’লেও সকাহ প্ৰদান কৰিবৰ বাবে আগবঢ়োৱা এই টোপোলাবোৰৰ প্ৰতিটোতে ৯ বিধকৈ খাদ্য সামগ্ৰী আছে।

অধিক বিৱৰণৰ বাবে

এচ চি টি আই এম এচ টিৰ বৈজ্ঞানিকৰদ্বাৰা ভিড -১৯ ৰোগীৰ পৰীক্ষা কৰাৰ বাবে অসংক্ৰামক বেৰাযুক্ত পৰীক্ষণ বুথ নিৰ্মাণ

এই পৰীক্ষণ বুথটো টেলিফোন বুথৰ দৰে বন্ধ হোৱাৰ বাবে চিকিৎসকে ৰোগীৰ পোনপটীয়া সংস্পৰ্শলৈ নহাকৈ ৰোগীৰ পৰীক্ষা কৰিব পাৰিব আৰু সাম্ভাৱ্য সংক্ৰমণৰ পৰা চিকিৎসকসকল সুৰক্ষিত থাকিব। বুথটোৰ ভিতৰত বিজুলী বাতি, পাঙ্খা, ৰেক আদিৰ লগতে অতি বেঙুনীয়া ৰশ্মিযুক্ত পোহৰৰ ব্যৱস্থা কৰা হৈছে যি প্ৰতিজন ৰোগী বাহিৰলৈ ওলোৱাৰ পিছত ইয়াক বিজাণুমুক্ত কৰিব।

অধিক বিৱৰণৰ বাবে

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ পৰা লাভ কৰা ইনপুটসমূহ

উত্তৰ-পূৰ্বাঞ্চল

  • কোৱাৰেণ্টাইনত থকা লোকসকলৰ বাবে অৰুণাচল প্ৰদেশৰ চৰকাৰে মুকলি কৰিলে ক’ভিড কেয়াৰ এপ৷
  • ক’ভিড-১৯ৰ সংকটৰ সময়ছোৱাত অসমৰ বিভিন্ন মুছলিম সংস্থাই ৰাজ্যখনৰ সমগ্ৰ মুছলমান সম্প্ৰদায়টোক ঘৰতে শ্বব-ই-বাৰাত পালন কৰিবলৈ আহ্বান৷
  • ক’ভিড-১৯ৰ প্ৰত্যাহ্বান ৰোধ কৰিবলৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰীক মণিপুৰৰ মুখ্যমন্ত্ৰীৰ অনুৰোধ৷
  • মেঘালয়ত কয়দীসকলক মহামাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ কাৰাগাৰতে আচুতীয়া কক্ষ স্থাপন কৰা হৈছে৷
  • মিজোৰামৰ কলাছিবত অংগনৱাড়ী কৰ্মীসকলে স্বাস্থ্যকৰ্মী আৰু আৰক্ষীৰ বাবে যোগান ধৰিছে মাস্ক৷
  • ১২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ইষ্টাৰ কাৰ্যসূচী প্ৰত্যাহ্বাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নাগালেণ্ডৰ গীৰ্জাসমূহে৷
  • ছিক্কিমৰ বিদ্যালয়সমূহক ৰাজ্য চৰকাৰৰ অনলাইন প’ৰ্টেলসমূহত পঞ্জীয়ন কৰি শিক্ষাৰ্থীসকলৰ বাবে ই-শিক্ষা আৰম্ভ কৰাৰ নিৰ্দেশ৷

পশ্চিম অঞ্চল

  • গুজৰাটৰ জামনগৰ জিলাত ৫ এপ্ৰিল তাৰিখে এটি ১৪ মহীয়া শিশু ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে৷ ভাৰতত এইটোৱেই হ’ল আটাইতকৈ কম বয়সীয়া ক’ভিড-১৯ আক্ৰান্ত পৰিঘটনা৷ এই পৰ্যন্ত গুজৰাটত ১৭৯জন লোক ধনাত্মক পৰিঘটনা হিচাপে প্ৰতিবেদিত হৈছে৷
  • মধ্য প্ৰদেশ চৰকাৰে আজিৰে পৰা অত্যাৱশ্যকীয় সেৱা ব্যৱস্থাপনা আইন প্ৰণয়ন কৰিছে৷ এই ইএছএমৰ দ্বাৰা ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ বিতৰণ প্ৰতিপালন কৰিব পাৰিব৷
  • ৰাজস্থানত ৪০টা নতুন ক’ৰনা ভাইৰাছৰ পৰিঘটনা প্ৰতিবেদিত হৈছে৷ ইয়াৰ সৈতে ৰাজ্যখনত মুঠ ক’ৰনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩২৮ গৰাকী হৈছে৷ জয়পুৰত সৰ্বাধিত ৫৪টা ধনাত্মক পৰিঘটনা আছে৷
  • মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে অৱসৰপ্ৰাপ্ত সৈনিকসকল, যিসকলে পূৰ্বে চিকিৎসা সেৱাৰ সৈতে জড়িত আছিল তেওঁলোকক ক’ৰনা যোদ্ধা হিচাপে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ সমগ্ৰ মুম্বাইতে জ্বৰ ক্লিনিক (fever clinics)মুকলি কৰাৰ কথাও ঘোষণা কৰিছে৷

দক্ষিণ অঞ্চল

  • কেৰালাঃ ৰাজ্যখনত লকডাউন সামান্য পৰিমাণে শিথিল কৰা হৈছে৷ বৃহস্পতিবাৰে তথা দেওবাৰে যানবাহনৰ ৱৰ্কশ্ব’পসমূহ মুকলি কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিছে৷ কাছাৰাগ’ড় চিকিৎসা মহাবিদ্যালয়ত ২৭৩টা নতুন পদবী গঠনৰ বাবে কেবিনেটৰ অনুমোদন প্ৰদান৷
  • তামিলনাডুঃ চৰকাৰে ইনভেচিভ ভেণ্টিলেটৰ, এন৯৫ মাল্ক, এণ্টি-ভাইৰেল আৰু এণ্টি-মেলেৰিয়েল ড্ৰাগ, আৰটি-পিচিআৰ পৰীক্ষণ সঁজুলি, পিপিই ইত্যাদি নিৰ্মাণৰ সৈতে জড়িত এমএছএমইসকললৈ সাহায্যৰ কথা ঘোষণা কৰিছে৷
  • অন্ধ্ৰ প্ৰদেশঃ ১৫টা নতুন পৰিঘটনা আজি প্ৰতিবেদিত হৈছে৷ মুঠ পৰিঘটনাৰ সংখ্যা ৩২৯; ৬৩টা নতুন হটস্প’ট চিনাক্ত৷
  • তেলেংগানাঃ ১০০টা হটস্প’ট ভাইৰাছ বিস্তৃতি পৰীক্ষণৰ বাবে চিনাক্ত; সেই এলেকাসমূহত নিষেধাজ্ঞা অধিক কঠোৰ কৰা হৈছে৷ হায়দৰাবাদৰ গাচিবাউলি ক্ৰীড়া গ্ৰামত ১৫০০ বিচনাৰ নতুন ক’ভিড চিকিৎসালয় স্থাপন হ’ব৷
  • কৰ্ণাটকঃ আজি ৬টা নতুন পৰিঘটনা প্ৰতিবেদন৷ মুঠ নিশ্চিত পৰিঘটনা ১৮১; মৃত্যু ৪ আৰু আৰোগ্য হৈছে ২৮জন৷

#ক’ভিড-১৯ৰ ফেক্ট চেক


(Release ID: 1612357)