তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
দেশৰ শ্ৰেষ্ঠ পৰ্যটনস্থলীসমূহত উপস্থিত হ’বলৈ ওলাইছে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ পৰৱৰ্তী অনুষ্ঠান বাবে ৰাজ্যসমূহক নিজৰ শ্ৰেষ্ঠ পৰ্যটন গন্তব্যস্থানৰ প্ৰস্তাৱ দিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ‘কনফাৰেন্স ৰুম’ৰ বাহিৰলৈ ওলাই জনসাধাৰণৰ মাজলৈ যাব: অশ্বিনী বৈষ্ণৱ
পোষ্ট কৰা হৈছে:
22 SEP 2026 1:09PM by PIB Guwahati
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি কয় যে ৰাষ্ট্ৰীয় কাৰ্যসূচীসমূহক পৰম্পৰাগত স্থানসমূহৰ বাহিৰলৈ নি সমগ্ৰ দেশৰ বিভিন্ন স্থানৰ সৈতে সংযুক্ত কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰে অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানসমূহকো দেশৰ শ্ৰেষ্ঠ পৰ্যটন স্থলীসমূহলৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শ্ৰী অশ্বিনী বৈষ্ণৱে কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমিও ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ দেশৰ শ্ৰেষ্ঠ পৰ্যটন স্থানসমূহলৈ লৈ গৈছো।"
তেওঁ কয় যে একতা নগৰ-য়ে সমগ্ৰ বিশ্বতে স্বীকৃতি লাভ কৰিছে আৰু ই এক অত্যন্ত আকৰ্ষণীয় স্থান, য’ত চৰ্দাৰ বল্লভভাই পেটেলৰ বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি (ষ্টেচ্যু অব ইউনিটী) অৱস্থিত। তেওঁ লগতে কয় যে যেতিয়া ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাৰতীয় চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তিসকলে এনে এক বিখ্যাত পৰ্যটন স্থলী ভ্ৰমণ কৰিব, ইয়াৰ ফলত অধিক লোকে এই ঠাইডোখৰৰ বিষয়ে জানিবলৈ আৰু অনুভৱ কৰিবলৈ এটা সুযোগ পাব।
মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰচেষ্টাৰ মূল উদ্দেশ্য হ'ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাক কোনো এখন সভাগৃহ বা কনফাৰেঞ্চ ৰুমৰ মাজতে সীমাৱদ্ধ নাৰাখি ৰাইজৰ কাষলৈ লৈ যোৱা আৰু পৰ্যটনৰ জৰিয়তে এইসমূহৰ প্ৰচাৰ তথা প্ৰসাৰ সাধন কৰা।
শ্ৰী অশ্বিনী বৈষ্ণৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠিত কৰাৰ বাবে নিজ নিজ ৰাজ্যৰ শ্ৰেষ্ঠ পৰ্যটন স্থলীসমূহ চিহ্নিত কৰি প্ৰস্তাৱ দাখিল কৰিবলৈ সকলো ৰাজ্যকে আহ্বান জনায়। তেওঁ কয় যে এই প্ৰস্তাৱসমূহত ঠাইডোখৰৰ শ্ৰেষ্ঠ সা-সুবিধাসমূহৰ লগতে ৩৬০ ডিগ্ৰী (সৰ্বাংগীণ) উন্নয়নৰ পৰিকল্পনাও অন্তৰ্ভুক্ত হ’ব লাগিব। যিখন ৰাজ্যৰ প্ৰস্তাৱ বাছনি কৰা হ’ব, সেই ৰাজ্যখনে তেওঁলোকৰ প্ৰস্তাৱিত পৰ্যটন স্থলীত পৰৱৰ্তী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিব।

মন্ত্ৰীগৰাকীয়ে সোঁৱৰাই দিয়ে যে যেতিয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে G20 ৰ আয়োজন কৰিছিল, তেতিয়া ইয়াৰ কাৰ্যসূচীসমূহ দেশৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱা হৈছিল আৰু বিভিন্ন ৰাজ্যত অনুষ্ঠিত কৰা হৈছিল। তেওঁ কয় যে চলচ্চিত্ৰ আৰু পৰ্যটনক কেনেকৈ একত্ৰিত কৰিব পাৰি, সেই সন্দৰ্ভত কৰা এক বৃহৎ চিন্তাৰ অংশ হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কাৰ্যসূচীও সমগ্ৰ দেশজুৰি পৰিচালনা কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চলচ্চিত্ৰ আৰু পৰ্যটনক একত্ৰিত কৰিলে পৰ্যটন স্থলীসমূহ উপকৃ্ত হ’ব, লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাক কেৱল এটা কনফাৰেঞ্চ ৰুম বা সভাগৃহৰ মাজতে আৱদ্ধ নৰাখি সমগ্ৰ দেশৰ প্ৰকৃত স্থানসমূহলৈ লৈ যোৱাটো সম্ভৱ হৈ উঠিব।
*****
Mahesh Kumar/ Aparajita Priyadarshini/KB
(ৰিলিজ আই ডি : 2313469)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Nepali
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam