প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীলৈ শ্লোভাক গণৰাজ্যৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘অৰ্ডাৰ অব দা হোৱাইট ডাবল ক্ৰছ, প্ৰথম শ্ৰেণী’ প্ৰদান
प्रविष्टि तिथि:
15 JUN 2026 11:35PM by PIB Guwahati
এক বিশেষ অনুষ্ঠানত শ্লোভাক গণৰাজ্যৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান ‘দি অৰ্ডাৰ অব দা হোৱাইট ডাবল ক্ৰছ, প্ৰথম শ্ৰেণী’ প্ৰদান কৰে।
প্ৰধানমন্ত্ৰীয়ে এই বিশিষ্ট সন্মানৰ বাবে ৰাষ্ট্ৰপতি, চৰকাৰ আৰু শ্লোভাকিয়াৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই বঁটা গ্ৰহণ কৰি শ্ৰী মোদীয়ে ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণৰ লগতে ভাৰত আৰু শ্লোভাকিয়াৰ মাজত স্থায়ী বন্ধুত্বৰ বান্ধোনৰ প্ৰতি এই সন্মান উৎসৰ্গা কৰে।
এই বঁটা ভাৰত আৰু শ্লোভাকিয়াৰ জনসাধাৰণক একত্ৰিত কৰা সৌৰ্হাদ্য, বিশ্বাস আৰু মৰমৰ প্ৰতিফলন বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে যে এই সন্মানে দুয়োখন দেশৰ ভৱিষ্যত প্ৰজন্মক এই বিশেষ বন্ধুত্ব বৰ্তাই ৰাখিবলৈ অনুপ্ৰাণিত কৰিব।
**********
MJPS/SS/ST/DD
(रिलीज़ आईडी: 2273410)
आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam