প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ সমৃদ্ধিৰ বাবে নীলা অৰ্থনীতি কেনেদৰে কেন্দ্ৰীয় বিষয় সেই সম্পৰ্কীয় লেখা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 19 SEP 2025 1:59PM by PIB Guwahati

সমৃদ্ধি, বহনক্ষমতা আৰু জাতীয় শক্তিৰ সংমিশ্ৰণ ঘটাই ভাৰতৰ সমৃদ্ধিৰ বাবে নীলা অৰ্থনীতি কেন্দ্ৰীয় বিষয়, সেই বিষয়ক কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড জিতেন্দ্ৰ সিঙৰ এটা লেখা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে কয়, ‘তেওঁ সাগৰমালা, ডিপ অ'চেন মিছন আৰু হৰিৎ সাগৰ গাইডলাইনৰ দৰে পদক্ষেপৰ ওপৰত আলোকপাত কৰিছে, যাৰ জৰিয়তে বিভিন্ন সম্প্ৰদায়ৰ সবলীকৰণ, উদ্ভাৱনক আগুৱাই নিয়াৰ লগতে বিশ্ব সাগৰীয় প্ৰশাসনত ভাৰতৰ নেতৃত্ব শক্তিশালী হয়।’

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে এক্সত দিয়া এটা পোষ্টৰ সঁহাৰি দি শ্ৰী মোদীয়ে কয়ঃ

 ‘কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড জিতেন্দ্ৰ সিঙে লিখিছে যে নীলা অৰ্থনীতি ভাৰতৰ বৃদ্ধিৰ কেন্দ্ৰীয়, সমৃদ্ধি, বহনক্ষমতা আৰু জাতীয় শক্তিৰ সংমিশ্ৰণ। তেওঁ সাগৰমালা, ডিপ অ'চেন মিছন আৰু হৰিৎ সাগৰ গাইডলাইনৰ দৰে পদক্ষেপৰ ওপৰত আলোকপাত কৰে আৰু লগতে সম্প্ৰদায়সমূহক সবলীকৰণ, উদ্ভাৱনক আগুৱাই নিয়াৰ লগতে বিশ্ব সাগৰ শাসনত ভাৰতৰ নেতৃত্ব শক্তিশালী কৰে।’

***

MJPS/VJ/HS


(रिलीज़ आईडी: 2168492) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali-TR , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam